Assamese Novel Daini Part 34 | Book In Assamese Pdf 2023
মই চিঞৰি চিঞৰি কুৱাটোলৈ দৌৰি আহিলোঁ, "মনিকা, মনিকা। কি কৰিছা"
এটা সময়ত মই কুঁৱাৰ ওচৰ পালোঁগৈ। কুঁৱাৰ ৱালৰ ভিতৰলৈ হালি চিঞৰি মাতিলো । "মনিকা ক'ত আছা? মনিকা উত্তৰ দিয়া।"
কুঁৱাৰ ভিতৰৰ পৰা মনিকাৰ কান্দোনৰ মাত ভাহি আহিল।
"ইয়াত মই । ইয়াত মই ওলমি আছে। সোনকালে মোক ওপৰলৈ টানি আনা ।"
কিন্তু তাইৰ আজি এই কথাখিনি কোৱাৰ ভাষা আছিল পোলিছ। আচৰিত ! মনিকা এগৰাকী ছুইডেনৰ ছোৱালী। তেওঁ ভঙা ভঙাকৈ পোলিছ ভাষা ক’ব পাৰিছিল। কিন্তু চলিব পৰাকৈ এইখিনি ভঙা ভঙাকৈ পোলিছ ভাষা যথেষ্ট নাছিল। গতিকে আমি কথা-বতৰাত ইংৰাজী ব্যৱহাৰ কৰিছিলোঁ। কিন্তু আজি এই ভয়াৱহ পৰিস্থিতিত তাই শুদ্ধকৈ পোলেণ্ডৰ ভাষা কৈ দিছে ,,,,,,,,,,, সেয়া কেনেকৈ সম্ভৱ?
কিন্তু তেতিয়া ইমানখিনি কথা ভাবিবলৈ সময় নাছিল। মনিকা বিপদত পৰিছে। তাইক সহায় কৰিব লাগিব। কেৱল এই চিন্তাটোৱেই মনত আছিল। মই ইংৰাজীত ক'লোঁ,
“ মনিকা, হ্যাং দেয়াৰ ফৰ আ হোৱাইল। আই উইল বি ৰাইট বেক উইথ ৰোপ এন এ টর্চ লাইট, ইন নো টাইম।"
মনিকাই আকৌ পোলিছ ভাষাত চিঞৰিলে, "হা হা। সোমাই আহা। এইটো একেবাৰে গভীৰ নহয়। মই তোমাৰ বাবে ৰৈ আছো।"
হয়তো ভয়ত এই ছোৱালীজনীয়ে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। মই কলো ৰ’বা, টৰ্চ আৰু ৰছী আনিব যাও। কিন্তু তাই কয় সোমাই আহা, কুঁৱাটো দ নহয়।
আৰে,,, ছোৱালীজনীৰ কি হ’ল?
মই ইংৰাজীত উত্তৰত চিঞৰিলোঁ, "মনিকা ডাৰ্লিং। আৰ ইউ অকে?"
তাই পোলিছ ভাষাত উত্তৰত চিঞৰিলে, "হয়, মই তোমাক দেখি আছো। এতিয়া নামি আহা তুমি ।"
মই বুজি পালো যে তাইৰ মূৰটোৱে সম্পূৰ্ণ কাম নকৰা হৈ গৈছে। ইয়াত থিয় হৈ তাইৰ লগত তৰ্ক কৰাটো কেৱল সময়ৰ অপচয়হে হ’ব। প্ৰয়োজন হ’লে কটিগলৈ উভতি গৈ ষ্ট’ৰৰুমৰ পৰা ৰছী আৰু টৰ্চটো আনিব লাগিব।
মই দৌৰি আহি কটিগলৈ উভতি আহিলোঁ। কটিগত সোমাই মই আচৰিত হ’লোঁ! মনিকা ড্ৰয়িং ৰুমত বহি চিনেমা চাই আছে।
"আৰে ,,,,,,, মনিকা!,,,,,,,,,,,, তুমি ইয়ালৈ কেনেকৈ আহিলা ?"
তাই ইংৰাজীতে ক'লে, "ইয়ালৈ আহলো কেনেকৈ? মই দেখোন ইয়াতে আছিলো। মাত্ৰ তোমাক বিচাৰি আছিলো । এতিয়া তুমি আহিলা। পিছে তোমাৰ হ'ল কি? বৰ উদ্বিগ্ন যেন লাগিছে।"
মই তাইৰ কথাক আওকাণ কৰি ক'লোঁ, "তুমি অলপ আগতে ক'ত আছিলা? মই তোমাক গোটেই কটিগটোতে বিচাৰি আছো। তোমাক ক'তো বিচাৰি পোৱা নাই।"
তাই কথাত জোৰ দি ক'লে, "কিয়? মইতো মোৰ কোঠাতে আছিলো। তোমাৰ চকুৰ সমস্যা হৈছে । ডেকা ল'ৰালৈ চাই চাই তোমাৰ চকুৱে আৰু ছোৱালীক দেখা নোপোৱা হৈছে। কিন্তু মই ভাবো তুমিও চকুৰ ৰুচি সলনি কৰি ছোৱালীৰ ফালেও চোৱা উচিত।" "
মোৰ কোানো আগ্ৰহ নাই। মই মাত্ৰ জানিব বিচাৰো, যদি তাই ইয়াত আছে, তেন্তে সেই কুঁৱাটোত কোন আছে?
"চোৱা , মই অলপ আগতে সকলো ৰুম চেক কৰিলোঁ। আনকি তোমাৰ গেষ্ট ৰুমও। তুমি ক'তো নাছিলা।"- মই ক'লোঁ।
মনিকাই সংবেদনশীল মাতেৰে ক'লে, "তুমি মোৰ বেডৰুমত সোমাই গ'লা। তেনেহ'লে তুমি মোৰ বাথৰুমত অলপ বেছি কষ্টেৰে কিয় সোমাব নোৱাৰা? মই বাথৰুমত আছিলোঁ। তুমি সোমাই আহিলে আমি দুয়ো একেলগে গা ধুলোহেতেন । তাৰ পিছত তাত পৰি যোৱাৰো কোনো ভয় নাথাকে।"
অহ শ্বীট,,,,,, তাইৰ গেষ্ট ৰুমটো চেক কৰিলোঁ কিন্তু বাথৰুমটো নহয়। তাই হয়তো বাথৰুমতে আছিল। গতিকে বিচাৰি নাপালোঁ। কিন্তু কুঁৱাৰ ভিতৰত কোন আবদ্ধ হৈ আছে? জানিবলৈ একমাত্ৰ উপায় হ’ল মই তাৰ ভিতৰত সোমাই গৈ চোৱাটো। আজি যেতিয়া মণিকাৰ শুই যোৱাৰ পিছত মই তালৈ যাম। ভিতৰত যি আছে হয় সদায়ৰ বাবে গুচি যাব , নহয় মই তেওঁলোকক বিদায় দিম। ঠিক যেনেকৈ মই প্ৰিষ্টক পঠিয়াই দিলোঁ।
এইবোৰ কথা ভাবি মই হঠাৎ টিভিটোলৈ চালোঁ। চিনেমাখনত এটা প্ৰাপ্তবয়স্কৰ দৃশ্য চলি আছে। এইবোৰ মোৰ বৰ ভাল নালাগে। কিন্তু মনিকা এইবোৰত অন্ধ অনুৰাগী। তাই মোক পোনপটীয়াকৈ কলে "ডাৰ্লিং, ৬৯ পজিচনটো ভাল লাগিছেনে? ট্ৰাই কৰোঁ আহা।"
মই জানো মই মোৰ মনৰ কথা কলে, তাই বৰ হতাশ হ’ব। কিন্তু সঁচাকৈয়ে এতিয়া মোৰ মন যোৱা নাই। ইপিনে ভূতৰ কান্দ কাৰখানা দেখি মই ভাগৰি পৰিছো । মই বৰ বিৰক্ত হৈছোঁ। গতিকে মই ক'লোঁ, "এইবোৰ কি মনিকা ? ৰাতি প্ৰায় দুটা বাজিছে। এতিয়া তুমিও শুব লাগে। ৰাতি সাৰে থাকিলে গাটো বেয়া লাগিব।"
উত্তৰত তাই কামুক মাতেৰে ক'লে, "এই চিনেমাখনে মোক তিয়াই পেলাইছে। ইয়াৰ শেষ নোচোৱালৈকে মই শুব নাযাওঁ। মোৰ লগত আহানা। মই অকলে এই উত্তেজক চিনেমাখন চাই মজা পোৱা নাই।" ."
ইয়াৰ পৰা আৰু পৰিত্ৰান নহব। আজি ৰাতি মানে তাইৰ শুৱাৰ ধান্দা নাই। বাকী ৰাতিটো হয়তো এই আজেবাজে চিনেমাবোৰ চাই পাৰ কৰিব। মোৰ কুৱা অভিযান আজি ইয়াতেই শেষ হ’ল ৷ মনিকা সাৰ পাই থকালৈকে মই কুঁৱাৰ ভিতৰলৈ যাব নোৱাৰিম ।
কেনেবাকৈ তাই মোৰ অভিযান গম পালে শেষ আৰু ,,,,, । তাৰোপৰি আজি বৰ ভাগৰুৱা অনুভৱ হৈছে।মই সিদ্ধান্ত ললো আজি ৰাতি শুই কাইলৈ দিনত কুঁৱাত সোমাম। ৰাতি তাত প্ৰৱেশ কৰাতকৈ দিনৰ পোহৰত প্ৰৱেশ কৰাটো বহুত সহজ হ’ব।
মোক ভেবা লাগি থকাৰ দৰে থিয় হৈ থকা দেখি মণিকাই বিৰক্তিৰে চিঞৰি উঠিল, "কি হল । কেৱল থিয় হৈ চাই থাকিবনে? কাষত আহি মোক আদৰ নকৰা নে ?"
মই তাইক বুজাই কলোঁ, "চোৱা মনিকা। মই বৰ ভাগৰি পৰিছো। তাৰাপৰি সেই গাড়ী দুৰ্ঘটনাটোৰ পৰা গাটো বেয়া হৈ আছে । আজি ৰাতি জিৰণি ল'ব লাগিব। আই এম ছৰি । আই এম এক্সত্ৰিমলি ছৰি "
এইবুলি কৈ মই ড্ৰয়িং ৰুমৰ পৰা ওলাই পোনে পোনে মোৰ শোৱা কোঠালৈ আগবাঢ়িলোঁ। মোৰ পিছফালে মনিকাৰ হুমুনিয়াহ এটা শুনিলোঁ। কিন্তু মই পিছলৈ ঘূৰি নাছালো ।
শোৱনি কোঠালৈ উভতি আহি নিজৰ দেহটো বিচনাত পেলাই দিলোঁ। অহ কি শান্তি। হেডফোনটো লগাই টেবলেটত গান এটা বজালোঁ। এটি অসমীয়া গীত।
“সাগৰ সংগমত কতনা সাঁতুৰিলো
তথাপিটো হোৱা নাই ক্লান্ত,
তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালাই অশান্ত।“
গান শুনি কেতিয়া যে টোপনি আহি গল গমেই নাপালো । সপোনত মই নিজকে কুঁৱাৰ সৰু বেৰখনত ওপৰত থিয় হৈ থকা দেখিলোঁ। কুঁৱাৰ ভিতৰৰ পৰা তেতিয়াও আহি আছিল এটা খিলখিল দুষ্ট হাঁহি। মই তাৰ পৰা গুছি আহিব বিছাৰিলো ।
কিন্তু ......
হঠাতে ধুমুহা বতাহৰ দৰে কিবা এটাই মোক পিছপিনৰ পৰা ঠেলি কুৱাৰ ভিতৰলৈ পেলাই দিলে। মই তলত পৰি গৈ আছো।গৈ আছো ৷ গৈ আছো৷ যেন এই পতনৰ কোনো অন্ত নাই। এনেতে হঠাৎ মই পানীত আছাৰ খাাই পৰি গলোঁ।
হাত-ভৰি মাৰি নিজকে যিমান পাৰি পানীত ওপঙি থাকিবলৈ চেষ্টা কৰিলো। বুজি পালো যে মই এই গভীৰ কুঁৱাৰ পৰা অকলে ওলাই আহিব নোৱাৰিম । গতিকে মই সহায় বিচাৰি চিঞৰিলোঁ, "মনিকা, মনিকা, মই ডুব গৈছো। প্লিজ মোক বচোৱা।"
মোৰ মাতটো শুনি হয়তো মণিকাই মোক সহায় কৰিবলৈ আহিব বুলি ক্ষীণ আশা এটা আছিল। কিন্তু তাৰ পৰিৱৰ্তে কুঁৱাৰ মুকলি মুখত অদ্ভুত মুখৰ এগৰাকী আদবয়সীয়া মহিলাক দেখিলোঁ। কপালত এটা প্ৰকাণ্ড দাগ। মোৰ অসহায় অবস্থাটোক দেখি তাই খিলখিলাই হাঁহিবলৈ ধৰিলে ।
গাড়ী এক্সিডেন্টৰ সময়ত শুনা সেই অশুভ হাঁহিটো । তেনেতে মহিলাগৰাকীও কুঁৱাটোত জপিয়াই পৰিল। কাষৰ পানীত ছিটিকি পৰাৰ শব্দ শুনিলোঁ। কুঁৱাৰ পানীত এটা প্ৰকাণ্ড ঢৌ উঠিল। কুঁৱাৰ তীব্ৰ আন্ধাৰত তাইক দেখা নাপালোঁ। মাত্ৰ উপস্থিতি অনুভৱ কৰিলোঁ। হঠাৎ ক’লা হাত দুখন আহি মোৰ ডিঙিত ছেপি ধৰিলে।
ইতিমধ্যে মই বন্ধ পানীত ওপঙি আছিলো। মহিলাগৰাকীয়ে মোক এই বিপদৰ পৰা ক’ত উদ্ধাৰ কৰিব। এতিয়া মোক মাৰিবলৈহে আহিছে।
এই বুৰী কি পাইছা? মই মূৰটো তললৈ নমাই তাইৰ হাতখনত প্ৰচণ্ড কামোৰ এটা মাৰিলোঁ। লগে লগে সপোনটো ভাঙিল। উহহ। কিবাকৈ বাচিছোঁ। কিন্তু লাহে লাহে মই এইবোৰত অভ্যস্ত হৈ পৰিছো। কটিগলৈ অহাৰ পিছৰ পৰা প্ৰায় প্ৰতিটো নিশাই মই কিবা নহয় কিবা দুঃস্বপ্ন দেখা পাও। এতিয়া এইবোৰলৈ মোৰ ইমান ভয় নাই।
কিন্তু এয়া ! মোৰ সপোনটো ভাঙি গৈছে। কিন্তু মই উশাহ ল’বলৈ কিয় পৰা নাই? ডিঙিত কিবা এটা যেন আবদ্ধ হৈ আছে। আৰু মোক এটিয়াও চেপিয়েই আছে ৷ মই মন কৰিলোঁ যে সেইটো মোৰ হেডফোনৰ কেবলডাল । ডিঙিত আবদ্ধ হৈ গৈছে ! কিন্তু মোৰ স্পষ্টকৈ মনত আছে যে হেডফোনৰ কেবলডাল মোৰ ডিঙিত নহয়, শুই থকাৰ সময়ত কাণতহে আছিল! হয়তো সপোন দেখি থাকোঁতে থাকোঁতে ডিঙিত পেচ খাই গ’ল।
খৰধৰকৈ ডিঙিৰ পৰা কেবলডাল টানি উলিয়াই আনিবলৈ চেষ্টা কৰিলোঁ। কিন্তু টানি নিয়াৰ লগে লগে সেইদাল আকৌ ডিঙিত টানকৈহে আবদ্ধ হৈ পৰিল। এতিয়া মোৰ শ্বাস প্রশ্বাস বন্ধ হোৱাৰ উপক্রম হৈছে। মোৰ গোটেই শৰীৰটো চটফট কৰিবলৈ ধৰিল । মোৰ চকু দুটা ম্লান হৈ আহিছে। হঠাতে বেডৰুমৰ মাজত ওলমি থকা চেণ্ডেলিয়াৰ পিনে মোৰ ম্লান চকু দুটাৰ দৃষ্টি গল। শোৱনি কোঠাৰ ম্লান পোহৰত দেখিলোঁ সপোনত দেখা মহিলাগৰাকীয়ে ডিঙিত ফাঁচি লৈ চেণ্ডেলিয়াৰত ওলমি আছে।
Join the conversation