Assamese Novel pdf Daini Part 33

Assamese Novel pdf Daini Part 33


From Part 32

মোৰ প্ৰায় মৃত্যু হোৱাৰ উপক্ৰম  হৈছিল। হঠাৎ এটা ধাৰণা মনলৈ আহিল। আগতে টাবৰ তলৰ ড্ৰেইন পাইপৰ প্লাগটো নিজৰ হাতেৰে  বন্ধ  কৰিছিলোঁ। এতিয়া যদি কেনেবাকৈ প্লাগটো খুলিব পাৰো তেন্তে পানী সোনকালে ওলাই যাব আৰু আজি জীৱন ৰক্ষা পৰিব। ভৰি দুখনেৰে প্লাগটো চেপি ধৰিলোঁ। তাৰ পিছত এটা টুইষ্টতে খুলি দিলোঁ। প্লাগটো খোলাৰ লগে লগে টাবটোৰ পানীবোৰ লৰালৰিকৈ ওলাই আহিবলৈ ধৰিলে। কিন্তু টাবৰ পানী ওলাই যোৱাতকৈও বেছি খৰকৈ মোৰ শৰীৰে অক্সিজেন  শেষ হবলৈ গৈ আছে। টাবটোৰ পানী ওলাই যোৱালৈ ৰৈ থাকিব নোৱাৰিলোঁ। তাৰ আগতেই উশাহ ল’ব লাগিব...... জীয়াই থাকিবলৈ.....। প্ৰথমে ভৰি দুখন ভাঁজ কৰি বুকুৰ ওচৰলৈ লৈ আহিলোঁ। মাকৰ গৰ্ভত থকা কেঁচুৱাৰ দৰেই। তাৰ পিছত শৰীৰৰ সকলো শক্তি একত্ৰিত কৰি টাবৰ বেৰত লাথ মাৰিলোঁ। হৈ গ’ল।

এটা ডাঙৰ শব্দ হৈ গোটেই টাবটো ভাঙি গ’ল। টাবটোৰ পানীয়ে বাথৰুমৰ মজিয়াখন বুৰাই পেলালে। পানী কমি অহাৰ লগে লগে মই হাঁ কৰি হাওঁফাওঁটো সক্ৰিয় কৰিলোঁ।  আজি কিবাকৈ মই বাচিলোঁ। কিয়নো নাবাচিম ? কিমান শক্তিশালী পুৰোহিতক প্ৰস্ৰাৱ খুৱাইছো। আৰু এই এলিছ। মই তাইক খেৰৰ পুতলাৰ দৰে উৰুৱাই দিম। দাঁত চেপি চেপি মই এলেছক  গালি পাৰিবলৈ ওলাইছিলো হে,,,,,,। কিন্তু তেতিয়াই বাথৰুমৰ দুৱাৰত টোকৰ পৰিল!..... কি কথা......কোনে টোকৰ মাৰিলে?

সিটোফালৰ পৰা  মণিকাৰ আতংকিত মাত শুনিবলৈ পালোঁ। 

"ডাৰ্লিং কিবা হৈছে নেকি। ভিতৰত কি শব্দ হৈছে?"

বাথটাব ভাঙি যোৱাৰ শব্দ শুনি মনিকা সাৰ পাইছিল। এতিয়া মই তাইক ভঙা টাবটোৰ বিষয়ে কাহিনী এটা কম ???? সত্যটো লুকুৱাই ৰখাটো প্ৰায় অসম্ভৱ। আজি বা কাইলৈ ​​সত্যটো এদিন নহয় এদিন প্ৰকাশ পাব। মনিকা ইয়াত থকাৰ পৰাই মই তাইক মিছা কথা কৈ আহিছো। লাইব্ৰেৰীৰ দুৱাৰত তলা লগোৱাৰ কথা মিছা, কুঁৱাৰ পৰা অহা অশৰীৰী মাতটোৰ কথা মিছা, গাড়ী দুৰ্ঘটনাৰ কথা মিছা।

এতিয়া এই টাবটো ফাটি যোৱাৰ এটা মিছা কথা ক’বলগীয়া আছে। মিছাৰ ৰেলগাড়ী এনেকৈ চলি থাকিলে মই অতি সোনকালে নেতা হব পাৰিম।

মনিকাই বাথৰুমৰ দুৱাৰত খুন্দা মৰাৰ শব্দই মোৰ চিন্তাত বাধা দিলে। মোৰ সঁহাৰি নাপাই মনিকাই এতিয়া দুৱাৰ ভাঙিবলৈ আৰম্ভ কৰিছে । তাইক সোনকালে ৰখাব লাগিব।  

মই  ছিঞৰি কলো , "মনিকা,, কি কৰি আছা? মই ভালেই আছো। মই মাত্ৰ পিছলি বাথৰুমত হে পৰিছো ।"

মনিকাই আকৌ সুধিলে, "তুমি সছাকৈ কৈছা নে যে তুমি ঠিকেই আছাটো ? কিবা সহায়ৰ প্ৰয়োজন হ'লে মোক নিঃসংকোচে জনাবা।"

তাইৰ মাত শুনি এনে লাগিল যেন মোৰ কথাবোৰত তাই একেবাৰেই পতিয়ন যোৱা নাই। বৰঞ্চ অধিক ভয় খাইছে। 

এতিয়া মই তাইক ধমকিৰ সুৰত ক'লোঁ, "উহ মনিকা। মই ভালেই আছো। অতিথিশালালৈ যোৱা । মই আহি আছো। " 

ক্ষন্তেক সময় মৌন হৈ থকাৰ পিছত লাহে লাহে তাই খোজ কাঢ়ি যোৱাৰ শব্দ শুনিলোঁ। তাই যোৱাৰ লগে লগে মই কাপোৰ পিন্ধি বাথৰুমৰ পৰা ওলাই আহিলোঁ। মই আকৌ মৃত্যুৰ দুৱাৰৰ পৰা উভতি আহিছো।

মই চাগে পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান মানুহ। নহ’লে মই ইমান সঘনাই, ইমান ওচৰৰ পৰা মৃত্যুক ঠগিব নোৱাৰিলোঁহেঁতেন। আলমাৰীৰ পৰা নতুন টাৱেল এখন উলিয়াই গাটো মচিলোঁ। সেই মুহূৰ্তত বাথৰুমৰ ৰেকত থোৱা দৈনিক ব্যৱহাৰৰ টাৱেলখন লৈ যাবলৈও মোৰ সাহস নাছিল। বিচনাত বহি সাজ-পোছাক পিন্ধিলো। বগা টি-চাৰ্ট আৰু বগা থ্ৰী কোৱাৰ্টাৰ। শুনিছোঁ বগা পদাৰ্থই অশুভ শক্তিক আঁতৰাই ৰখাত সহায় কৰে।  তাৰ পাছত মনিকাক লগ কৰিবলৈ গেষ্ট ৰুমৰ ফালে আগবাঢ়িলোঁ। কিন্তু অতিথিশালাত তাইক বিচাৰি নাপালোঁ। 

কি আচৰিত! ক’লৈ গ’ল ? 

লাইব্ৰেৰীলৈ গৈ সেই অদ্ভুত কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলে নেকি? মই দৌৰি আহিলোঁ পুনৰ লাইব্ৰেৰীলৈ। পুথিভঁৰালটোও খালী হৈ আছে। ছোৱালীজনী ক’লৈ গ’ল? হঠাৎ লক্ষ্য কৰিলোঁ কুঁৱাৰ কাষৰ পৰা অবিৰতভাৱে হৈ থকা মাতটো বন্ধ হৈ গৈছে।

এটা কথা মন কৰিলোঁ। আজি ৰাতিপুৱা কুঁৱাৰ পৰা যেতিয়া মনিকাক মাতিছিল, লগে লগে তাইৰ তেজ বমি হ’বলৈ ধৰিছিল। সন্ধা সময়ত মোৰ নামটো মাতিলে, আৰু কিছু মুহূৰ্তৰ ভিতৰতে মই বাথটাবৰ পানীত ডুব গৈলোঁ। সেই ভয়ংকৰ মাতটোৱে অৱশ্যে কিবা এটা অশুভ কথাৰ ইংগিত কঢ়িয়াই লৈ ফুৰে! আৰু  মাতটোৰ এটা বৈশিষ্ট্য হ’ল যাক মাতে তেওহে মাতটো  শুনিব পাৰে। মনিকা আৰু মই এই মাতটো শুনিছিলো কিন্তু কেতিয়াও একেলগে নাছিলো। হেৰা! এই কথাটো মোৰ মনলৈ অহা নাছিল! মনিকাই ৰাতিপুৱা মাতটো শুনিছিল যদিও মই শুনা নাছিলোঁ। সন্ধিয়া শুনিলোঁ কিন্তু মনিকাই শুনি পোৱা নাছিল। এতিয়া মই মাতটো শুনি পোৱা নাই। তাৰ মানে কি মনিকাই এতিয়া শুনি আছে ? হায় হায় ! কিন্তু তাই কি এই মৃত্যুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কুয়োটাৰ ফালে আগবাঢ়ি গৈ আছে?

মই দৌৰি ওলাই আহিলোঁ।

বাহিৰ পোৱাৰ আগে আগে সন্মুখৰ দুৱাৰখন খোলা দেখি মনিকা  যে এতিয়া কুঁৱাটোৰ ওচৰলৈ গৈ আছে তাত কোনো সন্দেহ নাছিল। ৰাতিৰ চন্দ্ৰৰ পোহৰত দেখিলোঁ কুঁৱাৰ ভঙা বেৰখনত হেলান দি থকা এগৰাকী নাৰী মূৰ্তি ।

হে ভগৱান! কুঁৱাটোত জপিয়াই দিব নেকি? "

নাই নাই মনিকা ৰ'বা। তাৰ পৰা গুছি আহা । প্লিজ। মোৰ কথা শুনা।" 

কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। মোৰ চকুৰ সন্মুখত থকা ছায়ামূর্তিটো কুঁৱাটোত জপিয়াই পৰিল।

Part 34

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog