100 assamese quotes for whatsapp status | Assamese sad And romantic quote collection


100 assamese quotes for whatsapp status | Assamese sad And romantic quote collection 

Assamese quotes by DrPranab Kumar Bhagabati


love assamese quote
assmaese quotes love

assamese satus for single boy




Assamese Love Quote






































Also Read আপোনাৰ ফ্রেণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা ফ্ৰেন্ড? Assamese Story book






♦️আমি আমাৰ স্বভাৱ, চৰিত্ৰ ঠিক কৰিব লাগে, যাতে আমাক দেখি ছোৱালী/নাৰীয়ে চুলি ঠিক ঠাক কৰাত লাগি যায়, দোপাট্টা নহয়। মৰ্দ হ‌ও মৰ্দ।

♦️ তুমি হাজাৰ বিচাৰিলেও মোক নোপোৱা...
চন্দ্ৰৰ পিছফালে থকা আন্ধাৰখিনি মোৰ পৃথিৱী।
তুমি চন্দ্ৰ হৈ থাকিলে কত পাবা?

♦️তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে...
আৰু বৰষুণক খবৰটো তেৱেই দিলে।

♦️মানুহে কেতিয়াও আইনা নাচালেহেতেন, যদিহে আইনাত প্ৰতিচ্ছবিৰ সলনি চৰিত্ৰ দেখা পোৱা গ'লহেতেন।



♦️ তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা...
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো।

♦️তোমাৰ কেমেৰাত ৰীল নাছিল...
আৰু মই হাঁহিয়েই থাকিলো।
(আমাৰ প্ৰেমৰ সময়ত dslr নাছিল)

♦️তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয়...
ৰাইজে সোধে "কোন ডক্তৰ, কি ঔষধ?"

♦️দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ...
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।

♦️যেতিয়ালৈ শিক্ষাৰ উদ্দেশ্যে চাকৰি পোৱা হব, তেতিয়ালৈ চাকৰৰেই জন্ম হব। মালিকৰ জন্ম কাহানিও নহব।

♦️বৰশীত উঠি অহা মাছটোক সোধক; ভয়, নিসংগতা আৰু যণ্ত্ৰনা কাক কয় আৰু বৰশী বোৱাজনক সোধক; ভাগ্য আৰু পৰিতৃপ্তি কি বস্তু?

♦️কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।

♦️ লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে....



♦️ বুকুৰ কেচা ঘাঁৰ নিজেই যতন লব। দুনীয়াক দেখুৱাই লাভ নাই। এইখন জলকীয়াৰ পৃথিৱী।

♦️কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।

♦️আমৃত্যু ভাল পোৱাৰ কথা আছিল।
বন্ধু, মই মৰিলে চিতাখন তেওঁৰ পদূলিত এবাৰ ৰখাবা...
সুধিলে কবা "কান্ধ সলনি কৰিছো"।

♦️যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন...
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।

♦️মোৰ চহৰত সাংঘাতিক নীৰৱতা...
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।

♦️দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম...
সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব

♦️ হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো...
চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে।
পামনে মই নে মই পাম তোমাক?

♦️বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে



♦️ ৰমজান চলিছে, মছজিদৰ কাষেদি নাযাবা তুমি...
কোনোবাই ঈদৰ চান্দ বুলি ৰোজা ভংগ কৰিব পাৰে।

♦️তেওঁ যাওঁতে কৈ গ'ল- "মই মাত্ৰ সপোনতহে দেখা দিম।"
মই কলো-"promiseতো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।

♦️মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি...
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।

♦️মোৰ কান্ধত তোমাৰ দুটোপাল চকুলো পৰিল কি নপৰিল...
মোৰ সস্তীয়া গেঞ্জীটো আজি ধনী হৈ গ'ল।

♦️সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।

♦️প্ৰেমত আমি দুয়ো প্ৰতাৰিত হলো।
মই তোমাক অইনতকৈ বেলেগ ভাবিলো আৰু তুমি মোক অইনৰ নিচিনা ভাবিলা।

♦️আৰু কি বৰ্বাদ কৰিব তেওঁ মোক...
ছাই হ‌ও মই, জ্বলালেও জ্বলি নাযাওঁ।

♦️কলিজাটো তোমাৰ ফালে সদায় হালে অলপ...
ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।

♦️তুমি জাকৈয়া গাভৰুৰ মোক খা মোক খা খিলখিল হাঁহি...
মই ঢিমিক ঢামাক নিৰ্জনতাৰ বাঁহী।

♦️প্ৰতিদিন প্ৰতিপল তোমাৰেই চিন্তা...
নাজানো, কি ঋণৰ কিস্তি পৰিশোধ কৰি আছো।

♦️মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা...
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।

♦️যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ...
ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।

♦️ মই শব্দৰ দৰে সীমিত
তুমি অৰ্থৰ দৰে বিস্তাৰিত.. .

♦️ তেওঁ এটা কাহিনী আছিল, চলি থাকিল....
মই মাজৰ এটা ঘটনা আছিলো, খতম হৈ গলো।

♦️নিশাৰ নিৰ্জনতা এনে লাগে যেন...
এইমাত্ৰ মোক কোনোবাই কবৰ দি আটায়ে ঘৰাঘৰি গুচি গ'ল।

♦️সৰাপাতে আমাক ইয়াকে শিকাইছে যে বোজা হৈ পৰিলে, আপোনজনেও সংগ এৰি দিয়ে।

♦️চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা...
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।

♦️জীৱন এক শূণ্যতাৰ ধেমালি
পেটত ভোক,মুখত ধূলি বালি

♦️তেওঁ সুধিছিল "প্ৰেমৰ বাট কোনফালে?"
মই চাৰ্টৰ বুটাম খুলি বুকুৰ বাওঁফাল দেখুৱালো।

♦️তেওঁ হাঁহি সুধিছিল "তুমি কি কৰা?"
মই উত্তৰ দিলো "দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।"

♦️যিয়ে সঘনাই কাপোৰ সলনি কৰাৰ হেপাঁহ ৰাখে, তেওঁ শেষ মুহূৰ্তত কবৰো সুযোগ নাপায় যে "কফনটো ঠিক নহল" হায় ৰে দুনীয়া।

♦️কোনে কয় মই মিছা কথা নক‌ও...
এবাৰ কেনে আছো সোধা, উত্তৰ পাবা।

♦️প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।

♦️ যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া "বিজয়" আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া "বুৰঞ্জী"

♦️তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম...
তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।
তিতা খৰিৰ দৰে আছিলো, তুমি প্ৰেমৰ দিয়াচলাই মাৰি জ্বলালা...
এতিয়া চাল্লা ভালদৰে জ্বলিব‌ও পৰা নাই, নুমাব‌ও পৰা নাই... ধ্যেই।



♦️কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক "মই অলপ বিপদত পৰিছো"। জবাব পাই যাব।

♦️আইনাই সচাঁ কথা কয়? কেনেকৈ? চাল্লা, সোফাল চাবলৈ গলে বাওঁফাল দেখুৱাই দিয়ে। আজৱ মানুহৰ ধাৰণা

♦️তুমি কিবা আকাশৰ জোনটোৰ দৰে হৈ পৰিছা....
সৌন্দৰ্য‌ও সিমান, অহংকাৰো সিমান, আৰু মোৰ পৰা দূৰত্বও সিমান।

♦️ছোৱালীক চন্দ্ৰৰ দৰে নবনাব, যত সৱে ৰ লাগি চায়, বৰং সূৰ্যৰ দৰে বনাওক,যাতে এবাৰ চায়েই মুৰ দোৱাবলগীয়া হয়। মই মোৰ ছোৱালীক সূৰ্য বনাম।

♦️জীৱনত সেইটো কাম কৰি আটাইতকৈ আনন্দ পোৱা, যাৰ বিষয়ে আনে কয় "এইটো কাম তোমাৰ দ্বাৰা নহব।"

♦️এওঁৰ লগত জীয়াই ধেমালি কৰিবৰ অকণটো সময় দে অ' ভগৱান....
পাপী নহলে মৃত্যুৰ পাছততো সদায় তোৰ লগতেই থাকিম।

♦️শিলত তোমাৰ চেহেৰা কাটোতে কাটোতে আঙুলি ভাগৰি গ'ল...
যেতিয়া তোমাৰ চেহেৰা বনি গ'ল, ক্ৰেতাৰ ভিৰ লাগি গ'ল।

♦️ভুল কৰিছোঁ যদি অন্তৰেৰে মাফ কৰি দিবা,
কোৱা শুনিছোঁ, শোৱাৰ পাছত সকলোৰে ভাগ্যত ৰাতিপুৱা নাথাকে।

♦️জীৱনৰ হাত নাই সচাঁ। কিন্তু কেতিয়াবা ই এনে কাণতলীয়া সোধায়, যে গোটেই জীৱন মনত থাকি যায়।

♦️এজনে এবাৰ সুধিছিল "যণ্ত্ৰণাৰ মূল্য কিমান?"। মই কৈছিলো "নাজানো। কিছুমান আপোন মানুহে বিনা প‌ইচাত দি যায়"।

♦️কোনে দিব জীৱনজুৰি আশ্ৰয়? মৰাৰ পাছত মৰাশ কঢ়িওৱাতেও মানুহে কান্ধ সলায়।

♦️মোৰ চহৰত ভগৱানৰ অভাৱ নাই, কিন্তু মানুহৰ যথেষ্ট অভাৱ।
♦️সান্নিধ্যৰ সৰাপাত বুটলি বুলিলো আলিবাট...
উঁয়ে খোৱা পাতৰ মাজত নিজক পালো অকস্মাৎ

♦️প্ৰেম আৰু বিশ্বাস এহাল চৰাইৰ দৰে। এটা উৰি গলে, আনটোও পাছে পাছে উৰি যায়।

♦️গাঁৱত যিয়ে হাজাৰ গজ দীঘল এখন চালিৰ তলত যৌথ বাস কৰে, চহৰত তেৱে বাৰ ফুটৰ দুমহলীয়াত একক থাকি তাক নিজৰ উন্নতি ঘোষণা কৰে।

♦️মোক ভালপোৱাৰ নামত বহুলোকে মোক বহুত কন্দুৱালে...হে মৃত্যু, কচমসে ত‌ই মোৰ যিদিনা সংগ দিবি, তেওঁলোককো বহুত কন্দুৱাম। কথা দিলোঁ।

......

আলাপ - ড৹ প্ৰণৱ কুমাৰ ভাগৱতী

নলবাৰীৰ বাসিন্দা প্ৰয়াত ড৹ প্ৰণৱ কুমাৰ ভাগৱতী বিজনী কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল । লগতে তেঁও আছিল লেখক ,পক্ষীবিদ আৰু পখিলাবিদ গৱেষক। বিৰল প্ৰতিভাৰ অধিকাৰী আছিল তেখেত । কেমেৰাটো লৈ তেখেতে অসমৰ বিভিন্ন ঠাইলৈ চৰাই , পখিলা আৰু অচিন পতংগৰ সন্ধানত গৈছিল ।ছচিয়েল মিডিয়া facbook ৰ বহতেই হয়তো তেখেতক চিনি পাইছিল। আলাপ তেওঁৰেই সৃষ্টি। ভাৰ্ছুৱেল পৃথিৱীৰ অচিন মানুহজনেও তেওঁক সদায় মনত ৰাখিব। 


"আলাপ" ৰ মানুহ জন হেৰাই গ'ল । যাৰ লিখনিত সদায় নিজক বিচাৰি পাইছিলো..কেতিয়াবা মৃত্যুয়ে হঠাৎতে কাষলৈ নাহে। মৃত্যুয়েও পৰিকল্পনা কৰি ধীৰে ধীৰে আহে। আজি তেওঁ কোনো এখন নেদেখা ঠাইৰ বাসিন্দা। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ..লগতে তেখেতৰ স্মৃতিত আগবঢালো তেখেতৰ আলাপৰ কিছুমান ASSAMESE QUOTE..
সৃষ্টিয়ে মানু্হক জীয়াই ৰাখে.. স্মৃতি মাথো সোৱঁৰণি হৈ আহে। নিজানে নিতালে। 

4/Post a Comment/Comments

  1. হয়তো,শব্দবোৰৰ অৰ্থ খুওব সুন্দৰ কৈ বুজিব পাৰিছো,সেইকাৰণেই হয়তো তেঁওক আজীবনলৈ মনত ৰাখিম বুলি দৃঢ় সংকল্প লৈছো।

    ReplyDelete
  2. সচাই, কিবা এটা বুজাব নোৱাৰা অনুভৱে খুন্দিয়াই গ'ল বুকুখনিত।

    ReplyDelete

Post a Comment

Previous Post Next Post