Asomiya Uponyakh Daini Part 26 | Assamese Free Novel Online Reading

Asomiya Uponyakh Daini Part 26 | Assamese Free Novel Online Reading

Asomiya Uponyakh Daini Part 26 | Assamese Free Novel Online Reading

From Part 25

ফোপাই ফোপাই গীর্জাৰ গেট খুলি ভিতৰত সোমাই গলো  । ইমান ডাঙৰ এটা চাইড বেগ লৈ দৌৰাতো কিমান যে কষ্টকৰ। মই ভিতৰত সোমোৱা দেখি লৰা দুজন বাহিৰত ৰৈ সমান্য অপ্ৰস্তুত হল। মই এই সুযোগতে গাড়ীৰ কাষলৈ গৈ পালো। কিচু সময় ৰৈ সিহতেও ভিতৰত সোমাই আহিল। 

হয়তো ভাবিলে বৃহস্পতিবাৰ বুলি গীৰ্জা বন্ধ থাকিব। আৰু এনে ঠাইত মোক ভোগ কৰিবলৈ পাৰিব। কিন্তু সিহঁতৰ সেই আশাতো পৰিল চেঁচাপানী। কাৰণ ইতিমধ্যে মই গাড়ীত বহিছোৱেই। গাড়ীখনক আৰু ইমান আপোন লগা মন নপৰে। পকেটৰ পৰা চাবিপাত উলিয়াই ইগনিশ্বনত সোমাই পকাই দিলো । 

গাড়ীখন ঘৰ ঘৰকৈ এবাৰ শব্দ কৰি আৰু বন্ধ হৈ গল।আকৌ চেষ্টা কৰিলো। এইবাৰো ষ্টাৰ্ট নহল। এইবোৰ কি হবলৈ পালে।মোৰ গাড়ীখনে কেতিয়াও মোৰ সৈতে এনে কৰা নাই। দুবছৰ ধৰি ব্যৱহাৰ কৰি আহিছো। প্ৰতিদিনে এবাৰতে ষ্টাৰ্ট হৈ যোৱা গাড়ী খনৰ আজি এই অৱস্থাটোৱে মোক চিন্তিত কৰিলে। আজি যাক মোৰ সকলোতকৈ বেছি প্ৰয়োজন সেয়াই ষ্টাৰ্ট ফেইল কৰিছে। 

লৰা দুজন গাড়ীখনৰ পৰা মাত্ৰ দহ ফুট ব্যৱধানত আছে। মই শেষ প্ৰচেষ্টা হিচাবে আকৌ চাবিপাত সোমাই পকালো। বহুদুৰ দৌৰি দৌৰি আহি মোৰ শৰীৰটো এতিয়াও কঁপি আছে। সেয়ে পকাই দিয়াৰ সময়তে চাবিপাত মোৰ হাতৰ পৰা ওলাই পৰি গল। মই খৰধৰকৈ চাবিপাত বিচাৰিবলৈ চেষ্টা কৰিলো। তেতিয়াই কিবা এক যাদুৰ দৰে হৈ নিজাকৈ গাড়ীখন ষ্টাৰ্ট হৈ গল। কথাবোৰ ভাবিবলৈ সময় নহল। মই সুখেৰে ষ্টিয়াৰিংত ধৰিলো। প্ৰথম গিয়াৰত লগাই এক্সিলেটৰ ডবাই দিলো। গাড়ীখন আগবাঢ়িল। গাড়ীৰ সমুখত খুন্দা খাই এজন আৰোহী পৰি গল। লগৰজনে ভয়ত ৰাস্তা এৰি দিবলৈ লওতেই সিও মুখ থেকেচা খাই পৰিল। নিজক তেতিয়া জেমচ বণ্ডৰ দৰে লাগিছিল। 

গীৰ্জাৰ গেটৰ কাষলৈ আহি লৰা দুজনক চালো। এজন চিৎ হৈ শুই আছে, সম্ভৱত অজ্ঞান। এজন উঠি বহিছে আৰু খঙেৰে মোৰ পিনে চাই আছে। মই চিয়ৰি সিহতক কলো "ফা-- ক ইয়ো বেবিজ" 

 সিহত পলিচ হলেও এই ইংৰাজী শব্দ কেইটা বুজি পাব। আপোনমনে হাহি মাৰি গাড়ী চলাবলৈ ললো। হঠাৎ চকু গল মোৰ মুৰৰ ওপৰত থকা আইনাখনলৈ। আইনাত দেখিলো মোৰ পিছৰ চিটত এজনী বয়স্ক মহিলা বহি আছে। তাইৰ কপালত এটা বিশাল পোৰা দাগ। হঠাৎ মহিলাগৰাকী অদৃশ্য হৈ গল। এয়া সম্পূৰ্ণৰূপে মোৰ কল্পনা হব পাৰে। প্ৰিষ্ট এতিয়া সঁচাকৈয়ে মৃত। আৰু কপালত আঙুঠিৰ দাগ দিয়া সকলো ছোৱালী মুক্ত। 

কালি ৰাতিৰ অদ্ভুত বজ্রপাতৰ  সৈতে মই সিহতক গুচি যোৱা দেখা পাইছো। সেয়ে পিছৰ চিটত কোনো ছোৱালীৰ আত্মা থকাটো একেবাৰেই অযুক্তিকৰ। মই অতিশীঘ্ৰে কটিগলৈ অহাৰ প্ৰয়োজন। বিশ্ৰামহীন বাবে যি টি দেখা পাইছো। এনেকৈ গাড়ী চলালে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা ৯৯ শতাংশ হব পাৰে। হঠাৎ মন কৰিলো ষ্টিয়াৰিং চকাটো নিজে নিজে ঘুৰিবলৈ আৰম্ভ কৰিছে। মই নাজানো এয়া কিহৰ প্ৰভাব। কিন্তু নিৰ্ভৰযোগ্য এজন ড্ৰাইভাৰ পাই মই গাড়ী চলোৱাত গাফিলতি কৰিবলৈ আৰম্ভ কৰিলো। গোটই ৰাতিটো পৰিশ্ৰমৰ শেষত কটিগলৈ আহি নোপোৱা যেন হৈছিলো। সেয়ে চলন্ত গাড়ীৰ ষ্টিয়াৰিং চকাতেই মুৰটো পেলাই শুই পৰিলো। 

যেতিয়া মই চকু মেলিলো দেখিলো মোৰ গাড়ীখন কটিগৰ সমুখত ৰৈ আছে। এনে লাগিছে যেন বিশ্বজয় কৰি আহিছো। গেট খুলি ভিতৰত সোমাই গেৰেজত গাড়ীখন থলো।

তাৰ পৰা কুৱাঁটোৰ কাষলৈ আহি কুৱাঁটোৰ ভিতৰলৈ চাই কবলৈ ধৰিলো "এলিচ মই আহি পালো। তুমি শুনা পাইছা নে? এতিয়াও কি ইয়াতে আছা" একেটা কথাকে বাৰে বাৰে মই  লাইব্ৰেৰী , বেডৰুম, আৰু বেচমেন্টলৈ গৈয়ো কলো । 

কিন্তু কোনো উত্তৰ নাহিল । বাথৰুমৰ আয়নাখন খালি। কটিগত এক অনাকাংক্ষিত শূন্যতা। হয়তো গুচি গৈছে উভতি নহাৰ দেশত। ছোৱালীবোৰ স্বাৰ্থপৰ। কিন্তু হল বুলি এনেকুৱা যে হব আশা কৰা নাছিলো। মই নহা পৰ্যন্ত অপেক্ষা কৰাত ক্ষতি কি? এলিচে মোক বিদায় দিয়াৰ সুযোগকনো নিদিলে। ভাবি চকুৰে অশ্ৰু নিগৰি আহিল।

Continue Part 27