Axomiya Online Novel Daini Part 25

Axomiya Online Novel Daini Part 25

কামৰ শেষত চিৰজীৱনৰ বাবে  কফিনৰ ঢাকণিখন নমাই দিলো। সহস্ৰ বছৰ পিছত হয়তো কোনোৱে খুলি মোৰ দৰে বিষ্ময়ত নিৰ্বাক হৈ পৰিব  ! তেতিয়া সিহঁতে কল্পনাও কৰিব   নোৱাৰিব ৰাক্ষসটোক মাৰোতে মোৰ কিমান কষ্ট হৈছিল। এতিয়াই যিটো হাৰত  ডেভলপাৰ কোম্পানীবোৰে কাম আৰম্ভ কৰিছে তাত সহস্ৰ বছৰ বাদেই দুই মাহ পিছতেই ইয়াত এটা বিল্ডিং উঠি যাব পাৰে। 

ধেই । এই আজেবাজে ভাবনাত  সময় নষ্ট কৰাৰ ইচ্ছা নাই । সূৰ্যোদয় হৈছে । সোনকালে ইয়াৰপৰা পলাব লাগিব। নহলে গাৰ্ডবোৰে ধৰি পেলাব কৰে। এই অৰ্ধনগ্ন অবস্থাত  ধৰা পৰিলে মোৰ কব লগীয়া একোৱেই নাথকিব । হে ভগৱান ! মইতো  প্ৰায় পাহৰিয়েই গৈছিলো । এজন  গাৰ্ডক দেখোন কালি ৰাতিয়েই বেহুচ কৰি থৈছো। সি কি এতিয়াও বন্দী হৈ আছেনে, নে বান্ধ খুলি তাৰ সঙ্গী বৃন্দক লৈ আনিছে । এতিয়া এইবোৰ চোৱাৰ  সময় নাই । প্ৰিষ্টৰ কবৰত মাটি ভৰাব লাগিব । তাৰপৰা সকলোৰে চকুৰ পৰা সাৰি ইয়াৰ পৰা ওলাব লাগিব. কোৰখন হাতত লৈ কামত লাগি গলো। কোৰখনত বান্ধি দিয়া ব্ৰাটো ঘৰ্ষণত ছিগি গৈছে। নগ্ন হাতেৰে  ঘৰ্ষণত হোৱা বিষবোৰ দাত কামুৰি হজম কৰিলো । কবৰ খন্দাতকৈ কবৰত মাটি ভৰোৱা বহুত সহজ। খান্দোতে হোৱা মাটিখিনি বাহিৰফালে পেলাই দিয়াৰ ফলত হোৱা স্তুপটো টানি গাতত পেলাই দিলেই হল। যিটো কবৰ খান্দিবলৈ  ৰাতি দুই ঘন্টাৰো বেছি সময় লাগিছিল সেয়া আজি ৰাতিপুৱা মাত্ৰ দহ মিনিটত ভৰাই পেলালো । সমস্ত আহিলাবোৰ এপদ এপদকৈ বেগত ভৰাই ললো। ইয়াত কাম শেষ । এতিয়া যাব লাগে।যোৱাৰ আগতে কালি ৰাতিৰ সুখী গাৰ্ডজনক এবাৰ চাই যোৱা ভাল হব। দেখা পালে তেওৰ ওচৰত ক্ষমা বিচাৰিম। ক্ষমা কৰক বা নকৰক মোৰ ওপৰত কেচ নকৰিলেই ৰক্ষা। পোলেন্ডৰ আইন খুবেই কঠিন । ইয়াত চিকিউৰিটিৰ গাত  হাত তুলিলে সৰ্বনিম্ন ৫ ৰ পৰা  ২৫ বছৰৰ বাবে জেল হোৱাৰ  নিয়ম আছে । তেওঁক যিডাল গছৰ তলত বান্ধি থৈছিলো তাৰ কাষলৈ গৈয়েই মোৰ বুকু কপি উঠিল। তাত কোনো নাই। মাত্ৰ মোৰ চাৰ্ট আৰু পে ন্টিটো পৰি আছে। বহুত ডাঙৰ ভুল হৈ গল।  লগত  অন্তত এডাল ৰচী ৰখা  উচিত আছিল। একমাত্ৰ যিডাল ৰচী আনিছিলো সেইডাল এতিয়াও গীৰ্জাৰ চাদত ওলমি আছে । আৰু এডাল ৰচী থাকিলে  ইমান হাহাকাৰ নহলহেঁতেন। মোৰ চাৰ্টটোৰে নাবান্ধি তাৰ পেন্টটোৰে বান্ধিলে ভাল হল হেতেন। আচলতে ৰাতিৰ আন্ধাৰত তাৰ পেন্টৰ বেল খোলাৰ চিন্তা নকৰিলো। আনকি পুৰুষৰ বেল্ট খোলাত মোৰ একো অভিজ্ঞতা নাই। অভিৰ বেল্ট মই চকু মুদিয়েইতো খুলিব পাৰো। কিন্তু এজন গাৰ্ডৰ বেল্টপাত। 

পোলেণ্ডৰ চিকিউৰিটিৰ লোকসকলে আমাৰ পুলিচৰ দৰে ডাঙৰ ডাঙৰ ৱাকি টকি ব্যৱহাৰ নকৰে। সিহতৰ বেল্টত সৰু এটা ট্ৰান্সমিটাৰ লগোৱা থাকে।

আন্ধাৰে মুন্ধাৰে যদি বেল্ট খুলিবলৈ গৈ  ট্ৰান্সমিটাৰৰ বুটামত 

টিপি দিয়া য়ায় তেন্ত কথাই শেষ। যি হবলগীয়া আছিল ইতিমধ্যে হৈ গৈছে। এতিয়া ইয়াৰপৰা যোৱা ভাল। যেতিয়া উঠি যাবলৈ ধৰিলো তেতিয়া এজাক গাৰ্ডৰ হুইচেলৰ শব্দত মই চক খালো। গাৰ্ডকেইজন এইপিনেই আহিছে। চিমেট্ৰিৰ প্ৰধান দুৱাৰৰ কাষৰ সেই জোপোহা গছডাল। সেয়ে মোক দেখা পোৱাৰ বাবে ইমান কাষলৈও আহি পোৱা নাই। একে দৌৰে মই গছডালৰ তলৰ পৰা মোৰ ব্ৰা আৰু পে ন্টিটো লৈ ললো। মই কোনো চিন্হ ৰাখিব নিবিচাৰো। 

গাৰ্ডবোৰক দেখিছো, সিহতো এইপিনেই আহিছে। । চিমেট্ৰিৰ

প্ৰধান দুৱাৰৰ পৰা গছজোপা একেবাৰে ওচৰ বুলিব পাৰি। কিন্তু তথাপিও সিহতে মোক দেখা পাবৰ বাবেও ইমান ওচৰত নাই। 

একে দৌৰত মই  গছডালৰ তলৰ পৰা মোৰ ব্ৰা আৰু পে ন্টিটো লৈ আনিলো । মই  কোনো ক্লু এৰিব নিবিচাৰো। তাৰ পিছত একে দৌৰে কবৰৰ নাম ফলকৰ তলত লুকালো। গাৰ্ডকেইজনেও সেই গছডালৰ তলত জমা হল। সিহতে গমেই নাপালে মই সিহঁতৰ সেই গাফিলতিৰ সুযোগ লৈ তাৰ পৰা কেনকৈ ওলাব পাৰিলো। চিমেট্ৰিৰ পৰা ওলাইয়েই এক মাৰাত্মক সমস্যাৰ সন্মুখীন হলো। মোৰ গাড়ীখন চিমেট্ৰিৰ পিছৰ গেটত পাৰ্ক কৰিছিলো। কিন্তু বাহিৰ ওলাই আহিলো সমুখৰ গেটখনেৰে। তাৰমানে এই অৰ্ধ নগ্ন অৱস্থাৰে মই আধা পাক  ঘুৰি মোৰ গাড়ীখনৰ কাষলৈ যাব লাগিব। এই সময়ত ৰাষ্টাত কাকো দেখা নাই। মাজে মাজে দুই এখন গাড়ী সাউৎকৈ পাৰ হৈ গৈছে। হে ভগৱান অলপ সহায় কৰা । এবাৰ মাত্ৰ গাড়ীখনৰ কাষ পালেই হল। 

ড্ৰাইভ কৰি কটিগলৈ যাম। ইতস্তত ভাবে ফুটপাথেৰে আগবাঢ়িব ধৰিলো। আধামান গৈছো। গীৰ্জাৰ চাদখন দেখা গৈছে। ইচ্ছা গল দৌৰিয়েই যাম গাড়ীখনৰ কাষলৈ। আৰু দ্ৰুতগতিত খোজকাঢ়িবলৈ ললো। কিন্তু কৰ পৰা যে হঠাৎ চাইকেল চলাই আহি থকা ল'ৰা কেইজনমান আগত আহি গল। আৰু মোক আগচি ধৰিলে। এই বয়সক যৌনতা বাঢ়ি যায়। মই নিজেও এই বয়সটো পাৰ কৰি আহিছো।  ৰাস্তাত এজনী অৰ্ধনগ্ন ছোৱালীক দেখি সিহত আকৃষ্ট হোৱাটো অস্বাভাবিক নহয় । 

কিন্তু এই স্বাভাবিক আচৰণটোৱে  আজি মোৰ  কাল হবলৈ ধৰিছে ।ইহত কাৰো সৈতে সময় কটোৱাৰ ইচ্ছা আৰু ধৈৰ্য্য মোৰ নাই। এটা উজাগৰী ৰাতিৰ পিছত মই কিটিগলৈ গৈ ভালদৰে শুবলৈ লাগিব। সিহতে মোক লৈ ফুটপাথৰ চাৰিওফালে চক্ৰাকাৰে ঘুৰিবলৈ ধৰিছে আৰু মোক লৈ নানা মন্তব্য দিছে। 

সিহতৰ মাজৰ পৰা কোনোবা এজনক যদি পেলাই দিব পাৰো তেন্তে এটা ছিদ্ৰ সৃষ্টি হব আৰু সেই সুৰুঙাৰে মই গীৰ্জাৰ পিনে দৌৰিবলৈ পাৰিম। সেই সময়ত সিহত পৰি যোৱা বন্ধুজনৰ সৈতে ব্যস্ত থাকিব। সেই সুযোগ লৈয়েই মই গাড়ীৰ কাষলৈ গৈ পাম। এবাৰ গাড়ীখন ষ্টাৰ্ট কৰিব পাৰিলেই ৰক্ষা। 

সিহতৰ কাষেৰে বীৰৰ দৰে গুচি যাব পাৰিম। কথা ভাবিয়েই মই সিহতৰ মাজৰ এজন নীলা চাইকেল আৰোহীক টাৰ্গেট কৰিলো। বাকীবোৰৰ ভিতৰত তাক পেলাই দিবলৈ সহজ হব। সিহতে মোৰ চাৰিওফালে ঘুৰি ঘুৰি কাষলৈ আহিবলৈ ধৰিলে। মইও নীলা চালকজনৰ ওপৰত মন দিলো। হঠাৎ আগবাঢ়ি আহি তাৰ হেণ্ডেলত ধৰি দিলো এটান। আৰোহী মাটিত পৰি গল। মোৰ কপাল ভাল বুলিয়েই কব পাৰি। সি পৰি যোৱা চাইকেলত লাগি আৰু এজন পৰি গল। কিন্তু বাকী দুখন এতিয়াও মোৰ চাৰিওফালে ঘুৰি আছে। সিহঁতৰ লগৰ বন্ধুকেইজনৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই। 

কিন্তু সিহত দুজনৰ মাজত বেছ কিছু খালী ঠাই হৈছে। মই তাক লক্ষ্য কৰিলেই দিলো এজাপ। ৰাস্তাত হামখুৰি খাই পৰিব বাকী। ভৰিৰ কিছু অংশত চাল চিগিল। মই এইবোৰ উপেক্ষা কৰি আৰম্ভ কৰিলো দৌৰিবলৈ। মোৰ ধাৰণা ভুল আছিল। লৰাবোৰ সময় নষ্ট কৰাৰ সলনি গালি দি দি মোৰ পিছ ললে। মই ঘুৰি চোৱাৰ সলনি দৌৰিছো। আৰু দৌৰিছো। 

কিবাকৈ গীৰ্জাটো পালেই ৰক্ষা। 

Please Comment for Part 26

below you see facebook and whatsapp button , share with your friends