মৃত্যুৰ পিছত কি হয় What happen After death In Assamese

What happen After death In Assamese | সনাতন ধৰ্মমতে মৃত্যুৰ পিছত কি হয় ? After Death What Happen In Hindu Mythology, Sanatan Dharma In Assamese
Sanatan Dharma In Assamese

What happen After death In Assamese | সনাতন ধৰ্মমতে মৃত্যুৰ পিছত কি হয় ?

ভাৰতবৰ্ষৰ পুৰণি সনাতন ধৰ্মমতে মৃত্যুৰ পিছত স্থূল শৰীৰ এৰি জীবাত্মা নিজৰ অন্য শৰীৰলৈ ওলাই যায়। মৃত্যুৰ সময়ত ঘটিত হোৱা প্ৰতিটো গতিবিধি দেখা পায়, শুনে, বুজি পায়। প্ৰথমে কিছু সময়লৈ তেওঁৰ বিশ্বাসেই নহয় যে তেওঁৰ মৃত্যু হৈছে, কিন্তু আত্মীয় কুটুমৰ আৰু বাকী মানুহবোৰৰ দুখ আৰু নিজৰ নিৰ্জীৱ শৰীৰটো দেখি নিজেই আচৰিত হৈ পৰে, শৰীৰ অবিহনেও যে তেওঁ জীৱিত হৈ আছে। এয়া গম পাই আত্মীয় সকলক কব খোজে যে দুখ কৰিছা কিয়, মই জীয়াই আছো। এয়া হে নহয় মই আগতকৈ অধিক পাতল, স্বত্বন্ত্ৰ আৰু শক্তিশালী হৈ গৈছো। আত্মীয় সকলে যাতে তেওঁৰ মৃত্যুত দুখ নকৰে। যেতিয়াই তেওঁ আত্মীয় সকলৰ সৈতে সম্পৰ্ক কৰিব খোজে, অসমৰ্থ হৈ যায়। কবলৈ খোজে, শুনাবলৈ খোজে কিন্তু স্থূল জগতখন আৰু তেওঁৰ মাজত কোনো অদৃশ্য দেৱাল আহি পৰে আৰু তেনে কৰাত বাধা দিয়ে। তাৰ পিছত জীবাত্মা নিজৰ ডেডবডীটোৰ সৈতে শ্মশানলৈ যায় আৰু দাহ ক্ৰিয়াত নিজৰ শৰীৰটো জ্বলা দেখি বহুত কষ্ট পায়। মৃতকৰ গোটেই কাৰ্য সম্পন্ন হোৱালৈ অৰ্থাৎ মৃত্যু ভোজলৈ তেওঁ ৰৈ থাকে। তেওঁৰ স্থান হয় শ্মশান। পিণ্ডদান সঠিক ধৰণে নহলে মৃতকৰ নামত দিয়া পিণ্ড তেওঁৰ প্ৰাপ্ত নহয়। আৰু তেওঁৰ ভোকাতুৰ হৈ ঘূৰি ফুৰে। সেই পিণ্ড পিছত শ্মশানৰ প্ৰাণী ভূত প্ৰেত, আত্মাই নিজৰ অধিকাৰ কৰি লয়। পিছত শ্মশানৰ প্ৰাণী নিজৰ সৈতে এই মৃতাত্মাক যোগ কৰাৰ প্ৰয়াস কৰে। তেতিয়ায়াই যমদুত তালৈ আহে। তেওৰ সৈতে মৃতকৰ পুৰ্বৰ পিতৃও থাকে যাতে যমদুতক দেখি তেওঁ ভয় নাখায়। এতিয়া তেওঁৰ অন্তিম যাত্ৰা আৰম্ভ হয়। যমলোক পোৱাৰ পিছত নিজৰ সময় অহাৰ পিছত তেওঁক যমৰাজৰ ওচৰত লৈ যোৱা হয়। 
Also read আত্মা বহিৰ্গমন অথবা পৰিবৰ্তন ৰহস্যময় কথা কাহিনী!!

তেওঁৰ জীৱনৰ কৰ্মৰ লেখ জোখৰ ওপৰত আধাৰিত কৰি যমৰাজে নিৰ্ণয় কৰে আৰু তেওঁক অন্য এখন দুৱাৰেৰে উলিয়াই অনা হয়। ওলাই ওহাৰ পিছতে তেওঁৰ ৰং ৰূপৰ পৰিবৰ্তন হয়। ইয়াৰ অৰ্থ তেওঁৰ কৰ্মফল নিৰ্ণয় হৈ গৈছে আৰু নতুন জন্মৰ প্ৰাপ্তি হোৱালৈ সূক্ষ্ম শৰীৰ উপলব্ধ নহব। প্ৰেত শৰীৰত হে প্ৰেতলোকত থাকি নিজৰ কৰ্মভোগ ভোগ কৰিব লাগিব। যেতিয়া তেওঁৰ বাসনা বেগ ক্ষীণ হব তেতিয়া সূক্ষ্ম শৰীৰ প্ৰাপ্ত হব আৰু তেওঁ পুনৰ্জ্জন্মৰ বাবে অধিকাৰী হৈ পৰিব। সেই সময় কেইবা মাহৰ পৰা কেইবা বছৰলৈও হব পাৰে। বহুত সময়লৈ প্ৰেতলোকত বাস কৰা আত্মাবোৰক অলপ উচ্চীকৃত কৰি পিতৃলোকলৈ পঠিয়াই দিয়া হয় যিটো প্ৰেতলোকৰেইএটা ভাগ। পিতৃলোকৰ পৰা মুক্তি পাবলৈ আমাৰ ধৰ্মত সেয়ে মৃতকৰ শ্ৰাদ্ধ পতা হয়। 

আপুনি বাৰু আগতে জানিছিল নে। এতিয়া আনকো শুনোৱাওক সনাতন ধৰ্মৰ এই বিশেষ কথাখিনি।  তলৰ হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক। আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক। কিয়নো শিকিবলৈ পোৱা কোনো জ্ঞানেই অদৰকাৰী নহয়।