আত্মা বহিৰ্গমন অথবা পৰিবৰ্তন ৰহস্যময় কথা কাহিনী
আত্মা বহিৰ্গমন অথবা পৰিবৰ্তন ৰহস্যময় কথা কাহিনী
Is it possible that soul gets into other person?
এজন মানুহৰ আত্মাক অন্য এজন মানুহৰ শৰীৰত প্ৰবেশ কৰোৱাটোক "আত্মা পৰিবৰ্ত্তন" বুলি কোৱা হয়। ৯০ দশকৰ জনপ্ৰিয় টিভি চিৰিয়েল শক্তিমানতো ইয়াক দেখুওৱা হৈছিল। মহাভাৰতৰ শান্তি পৰ্বত বৰ্ণণা কৰা হৈছে সুলভা নামৰ বিদুষী এজনে নিজক যোগবলৰ দ্বাৰা ৰজা জনকৰ শৰীৰত প্ৰৱেশ কৰি বিদ্বান পণ্ডিত সকলৰ সৈতে শাস্ত্ৰৰ যুক্তি তৰ্ক কৰিবলৈ ধৰিছিল। সেইসময়ত ৰজা জনকৰ ব্যৱহাৰো আনকি স্বাভাবিক নাছিল।
বহুতে কব খোজে এইবোৰ মাত্ৰ এটা কাহিনীৰ মাজতে সীমাবদ্ধ, কিন্তু কিছুমানৰ কয় এয়া সত্য আৰু এয়া সম্ভৱ। তলৰ লিখাবোৰ আপোনাক এটা গল্পৰ দৰেই পঢ়িবলৈ আগবঢ়ালো.
১৯৩৭ চনৰ জুন মাহৰ সময় । ভাৰতৰ স্বাধীনতা আন্দোলনে তেতিয়া ব্যাপক ৰূপ লৈছে। ফেৰেল নামৰ ব্ৰিটিছ অধিকাৰী এজনক অসম ম্যানমাৰ সীমান্ততো নিযুক্তি কৰা হল। সেইসময়ত তেওঁৰ সৈতে ঘটা এক আচৰিত অভিজ্ঞতাৰ কথা তেওঁ ব্ৰিটিছ কাকত এখনত বৰ্ণনা কৰিছিল। তেঁও লিখা মতে জুন মাহৰ সময়ত এদিন সীমান্তৰ নদীৰ পাৰত তেওঁ টহল দি আছিল। হঠাতে তেঁও নদীৰ তীৰত এজন বৃদ্ধ সন্ন্যাসী দেখা পালে যিজনে পানীত উটি অহা যুবকৰ মৃতদেহ এটা পাৰলৈ উঠাবলৈ যত্ন কৰি আছিল। তেওঁ সন্ন্যাসীজনৰ এই কাৰ্যৰ ওপৰত গোপনে দৃষ্টি দিবলৈ ধৰিলে।বহুসময় চেষ্টা কৰি কৰি মৃতদেহটো পানীৰ পৰা পাৰলৈ তুলি বৃদ্ধ সন্যাসী জন তাক গছৰ জোপোহাৰ মাজলৈ চোঁচোৰাই লৈ গল। কিছুসময় পিছতে ফেৰেলৰ উৎসুক কৰি গছৰ পিছফালৰ জোপোহাৰ পৰা এজন যুৱক ওলাই আহিল। ঠিক বৃদ্ধ সন্ন্যাসীজনৰ দৰেই পোছাক পৰিহিত কৰা যুৱকজনক দেখি তেও আচৰিত হৈ পৰিল । তেঁও লগেলগে কেইজনমান সৈনিকক সেই যুবকজনক ধৰিবলৈ কলে। সৈনিককেইজনে তেওঁ ধৰি কাষলৈ লৈ আনিলে।
..‘যদি মুক্তি বিচাৰিছা সঁচাকৈ কোৱা তুমি কোন, আৰু জোপোহাৰ পিছত লুকাই কি কৰি আছিলা। আৰু সেই বৃদ্ধ সন্যাসীজন ক'ত যিজনে মৃতদেহটো জোপোহাৰ মাজত লৈ গৈছিল?
-"সেই বুঢ়া সন্যাসীজন ময়েই" যুবকজনে উত্তৰ দিলে
মোৰ বৃদ্ধ শৰীৰটো এতিয়াও গছডালৰ সিটোমূৰত পৰি আছে। মই নিজৰ যোগবলৰ দ্বাৰা মই মোৰ আত্মাক এই যুবকজনৰ শৰীৰত সংস্থাপিত কৰিছো ।কিয়নো মোৰ বৃদ্ধ শৰীৰটো বহুত দুৰ্বল আৰু ৰোগী হৈছিল। সেই শৰীৰটোৱেৰে মই মোৰ কোনো কাম কৰিবলৈ সক্ষম হৈ থকা নাছিলো ।
Also read সনাতন ধৰ্মমতে মৃত্যুৰ পিছত কি হয় আপুনি বাৰু আগতে জানিছিল নে
কলকাতাৰ পৰা এহাল বয়স্ক দম্পতী মিষ্টাৰ আৰু মিচেচ বেনাৰ্জী কামাখ্যালৈ আহিছে। তেওঁলোকে ইয়াত এক সন্যাসী লগ পালে। যিয়ে অদ্ভুত কৌশল দেখুৱাইছিল। কথাৰ মাজতে এনেধৰনৰ বিশ্বাস অবিশ্বাসৰ কথা কবলৈ ধৰিলে। কিছুসময় পিছত অন্য লগৰ কেইজনমানৰ সৈতে যুক্তি চলিল। মিষ্টাৰ বেনাৰ্জী নিজৰ শৰীৰত সেয়া প্ৰদৰ্শন চাবলৈ ৰাজি হ'ল। সন্ন্যাসীজনে কিছু পানী বেনাৰ্জী গাত ছটিয়াই দিলে যাৰ ফলত বেনাৰ্জী মূৰ্চিত হল । তাত থকা ডাক্তৰজনে পৰীক্ষা কৰি মৃত্যু হোৱা বুলি সিদ্ধান্ত ললে। তাৰ পিছত সন্যাসীজনে কিছুদুৰলৈ গৈ বহিল। কমেও ৩০ মিনিটমান পিছত মৃত মিষ্টাৰ বেনাৰ্জী শয্যাৰ পৰা উঠি বহিল আৰু তেওঁ পত্নীৰ সৈতে পুনৰ কলিকতালৈ গুচি গল। এই সকলো দেখি সকলো হতভম্ব হল। সিহত গুচি যোৱা পিছত তান্ত্ৰিক সন্ন্যাসীজনে যুবক জনক কলে, যিজন মানুহ জীৱিত হৈ গুচি গৈছে সেয়া মিষ্টাৰ বেনাৰ্জী নহয়। তেওঁলোক আৰু আহিব। ৩-৪ দিন পিছত বেনাৰ্জী দম্পতি আকৌ ঘুৰি আহিল, মিচেছ বেনাৰ্জী কবলৈ ধৰিলে যে মিষ্টাৰ বেনাৰ্জী সলনি হৈ গৈছে। তেওঁ সংসাৰিক হৈ থকা নাই। তেওঁক আগৰ অবস্থালৈ আনি দিয়ক। ইয়াৰ পিছত সন্ন্যাসীজনে যুবকজনক ব্ৰহ্মপুত্ৰৰ পাৰৰ এটি বিশেষ স্থানলৈ পঠিয়ালে। যুবকজনে দেখিলে তাত এজন মৃত সন্যাসীৰ গেলি যোৱা দেহ পৰি আছে। যিজনৰ মৃত্যুৰ তিনি চাৰিদিন আগত হৈছে।বেনাৰ্জীৰ পত্নীৰ অলেখ কথাত সন্যাসীজনে আকৌ আগৰদৰে মিষ্টাৰ বেনাৰ্জীক অচেতন কৰি আকৌ সুস্থ কৰি তুলিলে। মিষ্টাৰ বেনাৰ্জী আগৰ দৰে সুস্থ হৈ উঠিল।
অন্যৰ শৰীৰত প্ৰবেশ কৰিব পৰা এনে দোমোজাৰ কাহিনীবোৰ বিশ্বাস অন্ধবিশ্বাসৰ মাজত ওলমি থাকে। নহয়নে?
আমি সৰুতেই শুনিছিলো শংকৰদেৱও যোগবলৰ দ্বাৰা দেহ ত্যাগ কৰিছিল। স্বামী বিবেকানন্দও তাৰ মাজৰ এজন। এইবিষয়ে আকৌ এটা পোষ্ট লিখিব পাৰি।
আপুনি বাৰু ভাবেনে এয়া সম্ভৱ নে?
Join the conversation