Assamese Gardening Tips | Flower Gardening In Assamese
জোতাত গছপুলি Assamese Gardening tips | flower gardening in Assamese| herbal garden in Assamese
Assamese Gardening tips | Flower Gardening in Assamese
সদায় নৱতম কিবা এটা কৰিবলৈ মানুহে সদায় প্ৰয়াস কৰি আহিছে ৷পুৰণিৰ ভেটিত নতুনৰ স্থাপন ৷এই পুৰণি কথা
ক’লে কিছুমান পুৰণি বস্তু কেনেকৈ নতুন ৰূপ দিব পাৰি কিছুলোকে তাৰ সুন্দৰ পদক্ষেপ লৈ কাম কৰি আহিছে এই ক্ষেত্ৰত সহজে পোৱা আমাৰ পুৰণা জোতাৰ পৰা কেনেকৈ সুন্দৰ সুন্দৰ কৈ সৰু সৰু গুল্ম জাতীয় গছ পুলি ৰুব পাৰি তাৰ বিষয়ে চমু বিবৰণ দাঙি ধৰিলোঁ ৷
জোতাত গছপুলি Herbal Garden in Assamese
আমি অকল জোতা পিন্ধা কৰ্মত সীমাবদ্ধ নাথাকি তাক কেনেকৈ সদ ব্যৱহাৰ কৰিব পাৰি তাৰ এটা দিশ জানো আহঁক ৷ আজিকালি মাটিৰ অভাৱ ৷অকনমান মাটিতেই ঘৰটো যেনেতেনে হয়হে আকৌ তাতেই বহুত বস্তু কৰিব থাকি যায় ৷ অসমীয়া মানুহৰ ফুলৰ প্ৰতি যি হেঁপাহ ভাৰতৰ আন জাতি-জনগোষ্ঠী মাজত বহুত কম দেখা পোৱা যায় ৷ঘৰ পদুলিত কমেও দুজোপা ফুলৰ গছ থাকিব লাগিব ৷মাটিত ৰুব নোৱাৰিলে টাবতে ৰুব৷টাব ক্ৰয় কৰি আনি গছপুলি লগাই৷ কিন্তু এই টাববিলাকো যিহে দাম ৷বেছি ভাগ মাটিত পৰিলেই ভাঙে ৷তেনেকৈ বহুত তাব নষ্ট হয় ৷ তেনেস্থলত আমি আমাৰ পুৰণি জোতা বিলাক কিমান যে কামত আহে ৷পুৰণি হব পাৰে অথচ বহুত বছৰলৈকে একো নহয় ৷ফুলৰ বাহিৰে আমি আন সৰু সৰু পাচলিও ৰুব পাৰো ৷জলকীয়া ৰুব পাৰি বিশেষকৈ বহুত জোতা গোটাই মাটি ভৰাই ভোট জলকীয়া খেতি কৰিব পাৰো ৷ভোট জলকীয়া অসমৰ ভৌগলিক নিজা সম্পদ ৷জলবায়ু উপযোগী ৷এক আচঁনি তৈয়াৰ কৰি ঘৰতে উপাৰ্জন পথ উলিয়াই লব পাৰো ৷কিয়নো এজোপা ভোট জলকীয়া গছ ভালকৈ যত্ন ল’লে বহুত জলকীয়া ওলাই ৷বজাত এই অৰ্থকাৰী জলকীয়া উচিত মূল্য পোৱা যায় ৷আজিওঁ গ্ৰাহক ভোট জলকীয়াৰ প্ৰতি আগ্ৰহী ৷
জোতাত ৰুৱা গছপুলিটোৰ সকলো অংশতে ৰ’দ পাই তাৰ প্ৰতি লক্ষ্য ৰাখিলে ভাল ৷অৱশ্যে বেছি ৰ’দ পোৱা হব নালাগে ৷তিনি বা চাৰি ঘন্টা পালেই হব ৷ঘৰৰ ভিতৰতো কেকটাছ জাতীয় ,কম পানী প্ৰয়োজন উদ্ভিদ লগাব জোতাত পাৰি ৷গৃহসজ্জাত ধুনীয়া ধুনীয়া জোতাত গছপুলি ৰুই মানসিক চাক্ষুক সৌন্দৰ্য উপভোগৰ আনন্দই বেলেগ ৷আলংকাৰিক গছপুলিটো জোতাত ৰুৱা কাৰণে আৰু ধুনীয়া লাগে ৷
জোতাৰ টাবৰ গছ পুলিবিলাকৰ কাৰণে ঘৰতে আমি সাৰ তৈয়াৰ কৰি লব পাৰোঁ ৷আমাৰ পেলনীয় পাচলি আৰু এক্সপায়াৰ(Expire)দৰৱৰ টেবলেট বা বটলবোৰ পেলাই নিদি এটা ডাষ্টবিনত জমা কৰিব লাগে ৷ডাষ্টবিনটো ভৰ্তি হৈ গ’লে এটুকুৰা পলিথিনত জাৱৰ বিলাক মেলি ৰ’দত শুকাবলৈ দিব লাগে ৷শুকাই গ’লে শুকান গোৱৰ আৰু মাটি মিহলাব লাগে (জলকীয়া কাৰণে বালিমাটি)আৰু সাৰ মিলোৱা গোৱৰমাটি খিনি জোতাত ভৰাই পুলিটো ৰুই দিব ৷মাজে মাজে পানী অলপ অলপ কৈ দি থাকিব ৷কেঁচু সাৰ আজি কালি বজাৰত পোৱা যায় ৷চাউল ধুৱা পানী, পাচলি ধুৱা পানী আৰু পেলনীয় চাহপাত আৰু কণীৰ চোকোৰাবোৰ গুৰি কৰি জোতা ৰুৱা গছপুলিটোত দিব পাৰে ৷এই বিলাক দিওঁতে যাতে পাতবিলাক লেতেৰা নহয় তাৰ প্ৰতি ধ্যান দিব লাগে আৰু ধুলি লাগি লেতেৰা হ’লে তিতা কপাহী কাপোৰ এখনেৰে পাতবোৰ মুচি দিব ৷পানী স্প্ৰেও ব্যৱহাৰ কৰিব লাগে ৷পৰিস্কাৰ হৈ পৰিব ৷জোতা কেইযোৰ ৰংটো উজ্জ্বল দেখাবলৈ নতুনকৈ ৰং কৰি ল’ব পাৰে ৷মাজে মাজে ৰং সলাই থাকিলে কিবা এটা পুৰণি মাজত নতুনত্ব বিচাৰি পাব ৷জোতাবিলাকেও আয়ুস পাই বহুত দিনলৈকে ঠিকে থাকিব আৰু এই নতুনত্বই আপোনাৰ মনটো সজীৱ কৰি ৰাখিব ৷
-মফিদা বেগম
Join the conversation