Best Assamese Beauty Tips | Assamese Health Tips ছালৰ উজ্জলতা

Assamese beauty tips, assamese health, Acharya Pankaj Pathk Tips,
Assamese Beauty Tips | Assamese Health Tips

কেনেকৈ ছালৰ উজ্জলতা বঢ়াব Assamese Beauty Tips | Assamese Health Tips

পূজাৰ বতৰ.. সকলোতে উচাহ উদ্দীপনা। মহানগৰীৰ শ্বপিং মলবোৰেই হওঁক নতুবা সৰু সৰু দোকানবোৰেই হওঁক সকলোতে চলিছে জোৰদাৰ জো যা। ব্যস্ত জীৱনৰ প্ৰতিটো মুহূৰ্ত মাজে মাজে আমি নিজকে আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে কি নকৰো। নহয়নে ? আহকচোন পুজাৰ বতৰত আমাৰ স্কীনখনৰো যতন লওঁ... তাৰ বাবে আচাৰ্য পংকজ পাঠকে আগবাঢ়োৱা কেইটামান টিপচ আপোনালৈ আগবঢ়ালো......

প্ৰাকৃতিক ভাৱে কেনেকৈ ছালৰ উজ্জলতা বঢ়াব । Assamese Tips For Girls Make Up

এটা সৰু আলু , 2-3 তা নাৰ্জিফুল , কমলা টেঙা এটাৰ এফাল আৰু ভাল মিহি বেচন যোগাৰ কৰি লব ।

আটাইবোৰ মিক্সিত দি পেষ্ট বনাই মুখত লগাব । 20 মিনিট থকাৰ পিছত হাতেৰে ঘঁহি ঘঁহি উলিয়াই দি কুহুমীয়া গৰম পানীত টাৱেল এখন তিয়াই চাফা কৰক ।

এনেকৈ 3 -4 দিন কৰিলে ছালৰ কলা দাগ , মৰা কোষ আদি নোহোৱা হব আৰু ছালৰ উজ্জলতা বাঢ়িব ।।

ৰদে পুৰা ছাল , মৰা কোষ , শালমন , আদিৰ দাগ নোহোৱা কেনেকৈ কৰিব ।

দুটা গেন্ধে মালতী (mariegold) ফুল লওঁক , এটা কমলা টেঙা , অলপ মান (100 গ্ৰাম) পকা অমিতা পাতলকৈ বাকলি পেলাই লব ।

গোটেই খিনি মিক্স কৰি মিক্সৰত পিছি লওক ।

এতিয়া 2 চামুচ ঘেঁহুৰ আতা , 2 চামুচ বেচন , 1 চামুচ হালধি , 1 চামুচ Oat লৈ মিক্স কৰক ।

এতিয়া প্ৰথমে বনোৱা চাটনি খিনি মুখত ঘঁহি লব । 30 ছেকেণ্ড ৰৈ powder খিনি scrubৰ নিচিনা চাটনি লগোৱা ঠাইত ঘঁহক ।

Also Read

ভালকৈ ঘঁহি লৈ এবাৰ আইনাত নিজকে চাওক । সচাকৈ আপুনি নিজকে বিশ্বাস কৰিব নোৱাৰিব ।

চাটনি বেছি হলে ফ্ৰীজত থৈ দিব পাৰে । 1 মাহলৈ ব্যৱহাৰ কৰিব পাৰিব ।

Powder খিনি টেমা এটাত ভৰাই থব ।

কেমিকেল যুক্ত facewash , lotion , fairness cream আদিৰ পৰা নিজকে বচাব পাৰিব ।

শালমইনাৰ দাগ , মৰা ছালৰ দাগ

শালমইনা কমাবলৈ পোন প্ৰথমে চাবোন বন্ধ কৰিব লাগিব ।।

চাবোন মানে যিকোনো চাবোন ।। dove , pears সকলো ।।

সকলো চাবোন আপোনাৰ ছালৰ শত্ৰু । ৰামদেৱে বনাওক বা HUL ৰ হওক ।

তাৰ পিছত ঠাণ্ডা বস্তুৰ লোভ এৰিব লাগিব । যেনে ice cream , cold drinks , ঠাণ্ডা পানী আদিকে ধৰি যিকোনো ঠাণ্ডা পানী বন্ধ কৰিব লাগিব ।।

মছলা যুক্ত খাদ্য বন্ধ কৰিব লাগিব ।

মাছ মাংস কমাই দিব ।

দৈনিক 3-4 লিটাৰ পানী খাব আৰু পানী খোৱাৰ নিয়মাৱলী মানি চলিব ।

ঔষধ :

  • 1. মহানিমুৰ পাতৰ ৰস উলিয়াই লব আধা কাপ , তাত আধা চামুচ গোল নেমুৰ ৰস মিহলাই হাতেৰে লগাওঁক । তাৰ পিছত শুকাব দিব ।
  • 2. শুকোৱাৰ পাছত কুহুমীয়া গৰম পানীৰে ধুব ।।
  • 3. 2 চামুচ আমলখিৰ শুকান গুড়ি লৈ তাত 1 চামুচ দৈ মিহলাই লগাওঁক । আধা ঘণ্টা থাকিব দি হাতেৰে মোহাৰি গুচাই দিব ।।
  • 4. তাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুব ।।।
  • 5. ওপৰৰ যিকোনো এটা সপ্তাহত 3 দিন কৰক ।।
  • 6. 2 মাহ কৰিব ।।

-পংকজ পাঠক

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog