Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

5 Assamese Story That Change Your Mood | Story In Assamese Language

Today I am going to share 5 Assamese Story That Changes Your Mood. This  Story In Assamese are made you smile, happy and sometimes it makes you sad. These stories are basically related to the Assamese lifestyle, Assamese culture, and our daily life problems. Let's start with the most amazing story in the Assamese Language.

5 Assamese Story That Change Your Mood | Story In Assamese Language

Assamese Story That Change Your Mood | axomiya golpo kotha

Assamese Story For Couple | Assamese Story for Boyfriend And Girlfriend

এজনী ছোৱালী আৰু এজন লৰাই পৰস্পৰে পৰস্পৰক বহুত ভাল পাইছিল ৷ কিন্তু ভালপোৱাৰ কথা ঘৰত কৱ পৰা নাছিল ৷ কাৰণ ছোৱালীজনী হিন্দু আৰু লৰাজন মুচলমান আছিল ৷ সেয়েহে বিয়াৰ উপযুক্ত বয়সত ছোৱালীজনীয়ে লৰাজনৰ লগতে গোপনে পলাই আহিবলৈ সন্মত হ'ল ৷ যথা সময়ত ছোৱালীজনীয়ে ষ্টেচনলৈ আহিল ৷ তাই প্লেটফৰমত বহি আছিল ৷ হঠাৎতে এখন পোষ্টাৰত লিখা এষাৰি কথাই তাই সিদ্ধান্তই সলনি কৰিলে ৷ 

পোষ্টাৰখনত এজনী সৰুছোৱালীৰ ফটো আছিল ৷ যিখনত শেষ বাক্যষাৰি ৰঙা আখৰেৰে লিখা আছিল ৷"এনেবোৰ কাৰনতেই মাক দেউতাকে ছোৱালী সন্তান জন্ম দিবলৈ ভয় কৰে" ৷

সেই সাধাৰণ বাক্যষাৰিত অসাধাৰণ অৰথ লুকাই আছিল ৷ যিয়ে নেকি ছোৱালীজনীৰ বুকুত সাঁচ বহুৱালে ৷

এবাৰ ভাবকচোন সেইসকলৰ বিষয়ে যিসকলে আপোনাক জন্মৰ পৰাই লালন পালন কৰি ডাঙৰ কৰিছে ৷ যিজনে কষ্টকো নেওচি আপোনাক সৰুৰে পৰাই সুখী কৰি আহিছে ৷ তেওলোকৰ সন্মতি অবিহনে আপুনি কেইমাহমান আগত অথবা কেইবছৰমান আগত আপোনাৰ জীৱনলৈ অহা ব্যক্তিজনৰ বাবেই তেওলোকক হৃদয়ৰ পৰা বৰ্জন কৰিব নে ?

-স্বপ্ননীল আকাশ

Assamese Story No 2

এজনী অন্ধ ছোৱালী আছিল... অন্ধবাবেই তাইৰ বন্ধু নাছিল.. এজন লৰা , যি প্ৰতিমুহুৰতত তাইৰ লগতেই ব্যস্ত হৈ আছিল তাইক বহুত ভাল পাইছিল ৷ লৰাজনক তাই প্ৰায়ে কৈছিল তাইৰ যে পৃথিবীখন চাবলৈ বহুত হেপাঁহ ...লৰাজনে বহুতো বুজাইছিল ৷ এদিন লৰাজনে তাইক বিয়াৰ প্ৰস্তাব দিলে তেতিয়া তাই কান্দি কান্দি কলে "মোৰ তোমাক এবাৰ চাবলৈ মন আছে মই আনৰ দৰে হব বিচাৰো.. সাধাৰণ ছোৱালীবোৰৰ দৰে " 

লৰাজনে এইবাৰ মৌন হৈ ভাবত বিভোৰ হৈ আছিল ৷ কিচুদিন পিছত তাই খবৰ পালে এজন মানুহে তাইক চকুযুৰি দান কৰিছে তাই আনন্দত আত্মহাৰা হৈ পৰিছিল ৷ নিৰদিষ্ট সময়ত তাইৰ অপাৰেচন হ'ল .. তাই চকুৰে দেখা পাইয়েই বিচনাৰ কাষত এখন চিঠি দেখিলে চিঠিখন bf জনে লিখিছিল তাত লিখা আছিল মই ব্যস্ত বাবে তোমাক লগ কৰিব নোৱাৰিলো অনুগ্ৰহ কৰি মোৰ ঘৰলৈ আহিবা তাই তাৰ ঘৰলৈ গল লৰাজনে এখন চকীত পিছমুৱাকৈ বহিআছিল ৷ তাই অহা বুলি জানিয়েই লৰাজনে কলে মোক বিয়া কৰিবানে?

--কিয় নকৰিম?

তাই সাবটি ধৰিলে লগে লগে এৰি দিলে কলে

--" না না মই তোমাক বন্ধু বুলি ভাবো ৷ তুমি অন্ধ ৷ আমি ভাল বন্ধু৷ এতিয়া মই যাও "

তাই যাবলৈ সাজু হল লৰাজনে কলে -- মই তোমাক সুখী হোৱাটো বিচাৰো ৷ যোৱা ৷ তুমি সুখী হোৱা ৷ কিন্তু মোৰ চকুযুৰিক কান্দিবলৈ নিদিবা কাহানিও

Assamese sad Stroy | Assamese Story After Breakup

আকৌ এবাৰ সি ৰঙা হৈ পৰা চকুটো মোহাৰিলে ! আশাৰ মুখ বিচাৰি সি নিজেই আত্মহাৰা হৈ পৰিছে ! জানে তাই তাৰ নহয় কোনোদিনে " কিন্তু আশা - তাৰ তাইৰ সুখ !

অভিজত তোক মই ভাত খাৱ মাতি আছোঁ ! মাকে এইবাৰ খেদি আহিলে তাৰ ওচৰলৈ !

নিশব্দ হৈ সি শুই আছে বিচনাত ! আকৌ মাতিলে তাক অভি ? তোৰ হৈছে কি ? এনেকৈ থাকিলে আমি জানো সুখী হম ! ঘৰখনত মুথে আমি ছাৰি টা প্ৰানী তাতে তই এনেকৈ থকা ! আহছোন আজি ভাত মুঠি একেলগে খাওঁ !

আৰে মা মই গৈ আছোঁ ! মোৰ একো নাই হোৱা নাই তোমালোকে এনেই চিন্তা কৰি থকা ! ব'ল ব'ল আজি আমি একেলগেই খাম ! ভাত তাৰ পেটলৈ নাজায় ! পূৰবীক নোপোৱা বেদনাই তাৰ ভোক কেতিয়াবাই হেৰাই পেলাইছে !

একেখন কলেজত থাকি প্ৰেমত পৰা পুৰবী আজি আনৰ হৈ গ'ল ! সেয়া আছিল সময়ৰ দোষ ! সেই সময়ত অভিয়ে তাক বিবাহৰ প্ৰস্তাব দিৱ নোৱাৰে ! কাৰণ তাৰ তেতিয়া তাইক সুখী কৰিৱ পৰা কোনো এটা হাতত নাছিল ! দেউতাকে সিহঁতৰ ঘৰখনকে নিয়মিয়াকৈ চলাৱ পৰা নাই !

পূৰবীৰ কথা কৱ গলে তাই এই অভিজিতক প্ৰেমত পেলাই ছিল ! প্ৰেম কৰিৱ নজনা অভি আজি এক মহান প্ৰেমিক হৈ পৰিছে !

দৰিদ্ৰতাৰ অভাবত সি তাইক বিয়া কৰিৱ নাপালে ! তাই কিন্তু ৰাজি আছিল তাৰ তাত আহিবলৈ ! বিয়াৰ দিনাও তাই কান্দি কান্দি ফোন কৰিছিল অভিক ! সিও পাগল হৈ গৈছিল পাই হেৰুৱা বেদনাত ! কেনেকৈ তাইক সি নিজৰ কৰি আনিৱ ! এটাই ঘৰ সিহঁতৰ ! সিও ৰাতি ধুনীয়াকৈ আকাশৰ তৰা গনিৱ পাৰি ! পাগল হৈ সি তাইক সুখী হবা বুলি আশিৰ্বাদ দিছিল !!

Assamese Story 5

এজন লৰাই এজনী ছোৱালীক বহুত ভাল পাইছিল ৷ কলেজত সদায়ে তাইক দুৰে দুৰে চাইছিল ৷ তাইৰ নাম আছিল ৰুপালী বৰা ৷ প্ৰতি দিনেই এবাৰ হলেও সি ফেচবুকত তাইৰ নামটো search কৰে কিন্তু বিচাৰি নাপায় ৷ এদিন ছোৱালীজনীয়েও ফেচবুকলৈ আহিল ৷ তেতিয়া লৰাজনে তাই বন্ধু হৈ পৰিল ৷এদিন সি তাইক মনৰ কথাখিনি কলে ৷ কিন্তু ছোৱালীজনীয়ে তাক প্ৰত্যাখ্যান কৰি তাক ভালপাব নোৱাৰাৰ কেইবাটাও আজুহাত দেখুৱালে ৷ তাই শেষত লৰাজনক কলে 

"মই ফিল্মৰ হিৰোৰ দৰে লৰাবোৰক পচন্দ কৰো৷ ধুনীয়া চেহেৰা ৷ চলমানৰ দৰে চিক্সপেক ৷ "

লৰাজনে একো নকোৱাকৈ আতৰি গল ৷ ফেচবুক ডিলিট কৰিলে ৷ কেইমাহ মান পিছত সি আকৌ চোৱালীজনীৰ কাষলৈ আহিল ৷এইবাৰ সি দেখাত সুন্দৰ সুঠাম ৷ তাৰো চিক্সপেক ৷ সি আকৌ ছোৱালীজনী কলে

"এইবাৰ তুমি বিচৰা ধৰনৰ হৈ আহিলো ৷ এতিয়াতো থিকে আছেনে ৷ "

ছোৱালীজনীয়ে আকৌ কলে

"মই বিচাৰো মোৰ ভালপোৱাজন সকলোতকৈ 1ম হওক ৷ ক্লাছ তেই হওক বা অন্য দিশতেই হওক ৷ "

লৰাজনে আকৌ মন বেয়া কৰি আতৰি গল ৷ এইবাৰ সি দেহেকেহে পঢাত লাগিল ৷ আচৰিতভাবেই সি ক্লাছৰ সকলোতকৈ ভাল ছাৎৰ হৈ পৰিল ৷ শিক্ষকসকলৰো প্ৰিয় হৈ পৰিল ৷ এনেতে তাৰ ছোৱালীজনীলৈ বহুত মনত পৰিবলৈ ধৰিলে ৷ সি আকৌ এবাৰ ছোৱালীজনীৰ কাষলৈ গল ৷ সি সুখী আছিল বহুত ৷ এইবাৰো ছোৱালীজনীয়ে তাক আগৰ দৰেই তেনেকৈ কলে

"তোমাক সকলোতে 1ম হব কৈছিলো ৷ কিন্তু শৰীৰৰ প্ৰতি তুমি মনেই নকৰিলা ৷ আইনাখনত চাবাচোন ৷ কেনে হৈ গৈছা ৷ মই তোমাক ভাল পাৱ নোৱাৰো ৷

এইবাৰ আগৰকেইবাৰৰ দৰে তাই কোনো আজুহাত নেদেখুৱালে ৷ সি কান্দি উভতি আহিল ৷ পৰীক্ষালৈও বেছিদিন নাছিল ৷ আগৰকেইবাৰৰ দৰে এইবাৰ সি অকলশৰীয়া নাছিল ৷ সকলোতে উপযুক্তহোৱা বাবে সি বহুকেইজন বন্ধু বান্ধবীও পালে ৷ সকলোৱে তাক ভালপোৱা হল ৷ এনেকৈয়ে hs পাৰ হল ৷ সি entrance পৰীক্ষা ত সুখ্যাতিৰে উত্তীৰণ হ'ল ৷ আৰু এখন ডাঙৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সি ইন্জিনিয়াৰ হৈ ওলাই আহিল ৷ তাৰ এজনী বহুত মৰমলগা gf হ'ল …

কিচুদিন পিছত সি আৰু তাৰ gf জনীয়ে দোকানলৈ কাপোৰ কিনিব গল ৷ দোকানীজনী এজনী মহিলা আছিল ৷ দেখাত যেন চল্লিছবছৰ হোৱা ৷ মহিলাগৰাকীৰ শিৰত সেন্দুৰ নাছিল ৷ কাষত এজন সৰু লৰাই পেন পেনাই আছিল ৷ লৰা জনক দেখি মহিলাগৰাকী কিচু অপ্ৰস্তত হৈছিল ৷ তাৰো তাইক চিনি পোৱা যেন লাগিছিল ৷ কিন্তু সঠিককৈ মনত নপৰিলে ৷ যথাসময়ত সি ওলাই আহিল ৷ আকৌ এবাৰ চাও নাচাওকৈ মহিলা গৰাকীৰ পিনে চালে ৷ তাই আচলেৰে চকুকেইটা মোহাৰি আছিল ৷ হঠাৎতেই তাৰ চকু দোকানখনত আৰি থোৱা ফলকখনলৈ পৰিল ৷ তাত লিখা আছিল

"ৰুপালীম ক্লথ ষ্টোৰ "

-স্বপ্ননীল আকাশ 

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment