10 Assamese Ghost Stories Based On Real Life Experience | Assamese Horror Story
Horror Story In Assamese Language 1 অসমৰ অইলৰ কোৱাৰ্টাৰটো
এটা বিশেষ কামত মই এবাৰ উজনি অসমৰ ঠাই এটুকুৰাৰ এটা অইলৰ কোৱাৰ্টাৰ ত থাকিব লগীয়া হৈছিল ।(অইল ক’লনীখনৰ নামটো উল্লেখ নকৰো)।যিটো কামৰ বাবে মই গৈছিলো সেই কামটো আছিল তিনিদিনৰ ।মোৰ লগত আছিল মোৰ পত্নী ৰেখা ।সেই কোৱাৰ্টাৰ টোৰ কাষৰ কোৱাৰ্টাৰ কেইটাও সেই সময়ত খালী পৰি আছিল ।গুৱাহাটীৰ পৰা গৈ মই উপস্থিত হওঁতে মোৰ প্ৰায় সন্ধিয়া চাৰে সাত মান বাজিছিল ।অইল ক’লনীৰ গোটেই কেম্পাছটো লাইটৰ পোহৰেৰে মুখৰিত হৈ আছিল ।গৈ পোৱাৰ লগে লগে চকীদাৰ যেন লগা এজনে আহি আমাক তলা খুলি দিলে ।মই মানুহজনক সুধিলো "আপুনি ইয়াতে থাকে নেকি?"
তেখেতে ক’লে —নাই ,মোৰ ডিউটি বেলেগত আপোনালোক আহিব বুলি মনোৰম চাৰে মোক আজি চাফ–চিকুনকৈ ৰাখিব কৈছিল । (মই যিটো কামৰ বাবে গৈছিলো সেই অনুস্থানটোৰে এজন বিষয়া আছিল মনোৰম )।
মানুহজনে ক’লে —তেওঁ হেনো নিশাৰ আহাৰ ৰেডি কৰি ৰাখিছে ।খাই বৈ সোনকালে জিৰণি লবলৈ কৈ আমাৰ পৰা বিদায় ল’লে ।আহিবৰ পৰত মানুহজনে মোক অকলে বাহিৰলৈ মাতি আনি ৰেখাই নুশুনাকৈ ফোচফোচাই ক’লে —ৰাতি বাহিৰত কিবা শব্দ শুনিলে উলাই নাহিব ।ক’লনীত কিছুমান ল’ৰাই অলপ চলপ নিছা কৰাত লাগিছে আজিকালি ।নতুন মানুহ থকা বুলি জানিলে ৰাতি ভয় খোৱাবও পাৰে ।কথাখিনি কৈ তেওঁ গ’লগৈ ।
এইখিনিতে আপোনালোকক কৈ লওঁ মোৰ পত্নী ৰেখা সেইটো সময়ত প্ৰেগনেন্সিৰ প্ৰথম অৱস্থাত সোমাইছিল ।নিশাৰ আহাৰ গ্ৰহণ কৰা সময়তে মোৰ এজন সম্পৰ্কীয় অনুপম দাই ফোন কৰি ক’ত আছো ,কেইটাত পালোহি খা –খবৰবোৰ ল’লে ।অনুপম দাৰ ঘৰ সেই অইল ক’লনীৰ পৰা ১৫–২০ কিলোমিটাৰ আঁতৰত মেইন টাউনখনত আছিল ।প্ৰথম অৱস্থাত মোৰ তেওঁৰ ঘৰত থকাৰ কথাই আছিল যদিও কিবা কাৰণত হৈ নুঠিল ।কিন্তু পিছদিনাখন দুপৰীয়াৰ ভাতসাঁজ তেওঁৰ ঘৰতে গ্ৰহন কৰিবলৈ মোক আমন্ত্ৰণ কৰিলে।কথাৰ মাজতে তেওঁ মোক সুধিলে —তুমি কিমান নম্বৰ কোৱাৰ্টাৰত আছা অ’ ।মই ক’লো—দাদা ,সোমাওঁতে মন নকৰিলোৱে নহয়।মৰ্নিং চাই জনাম দিয়ক ।তেওঁ হ’ব বুলি কৈ ফোন ৰাখিলে । আহাৰ শেষ কৰি আমি বেডৰুমৰ লাইটো অফ কৰি বিছনাত পৰিলো ।অহাৰ পৰা মই মিহি মিহিকৈ অদ্ভুত বেয়া গোন্ধ এটা পাই আছিলো ।কিন্তু ৰেখাক তাইয়ো পাইছে নেকি বুলি সোধা নাছিলো ।বিছনাত পৰাৰ পিছত ৰেখাই মোক সুধিলে —কিবা বেয়া গোন্ধ পোৱা নাইনে ?মই ক’লো পাইছো মইয়ো,হয়তো চিলিংত কিবা চিকা –টিকা মৰিবও পাৰে ।মানুহ দুনুহ নাথাকে যেতিয়া ।মোৰ ৰূম স্প্ৰে টো গাড়ীতে আছিল ।মই ৰেখাক বিছনাতে এৰি স্প্ৰে টো নিবলৈ দুৱাৰ খুলি বাহিৰলৈ আহিলো ।
ৰেখা মই দুয়ো বাথৰুমৰ ভিতৰত আছিলো ।কিন্তু বাথৰুমৰ বাহিৰত মই কাৰোবাৰ উপস্থিতি অনুভৱ কৰিলো ।স্পষ্ট ৰূপত শুনিছিলো মই বাথৰুমৰ বাহিৰত এগৰাকী মহিলাৰ মাত —ঐ ,আহ বাহিৰলৈ ।শিলিখাজোপাৰ তললৈ ।কিমান ভাল লাগিব আহচোন ।।ৰচি আছে আহ মোৰ লগত ।মোৰ মানি পাৰ্চত নাৰায়ন কবচ এখন থাকে ।বাথৰূমৰ পৰা ৰেখাক লগত লৈ সাহসেৰে ৰেখাক শুব দি তাইৰ কাষত বহি মই কাহিলী পোহৰ হোৱালৈকে নাৰায়ণ কবছ পঢ়িলো ।অকনমান পোহৰ হোৱাৰ লগে লগে ৰেখা টোপনি গ’ল ।মই সেই সময়তে অনুপম দালৈ ফোন কৰি কথাবোৰ বিৱৰি ক’লো ।মোৰ ফোনটো থৈয়েই তেওঁ ঘৰৰ পৰা ওলালে ।অনুপম দা অহাৰ কিছু সময়ৰ পিছতে চকীদাৰ জনো আহি ওলাল।ফোন কৰি মনোৰম দাকো মতাই আনিলো ।অকনমান তৰ্ক বিতৰ্কও হ’ল এইটো কাৰণতে যে এনেকুৱা কোঠা এটাত মোক কিয় ৰাখিলে ।মনোৰম দাই ক’লে যে মইয়ো শুনো কিছুমান কথা ।কিন্তু বিশ্বাস কেনেকৈ কৰো কোৱাচোন আৰু তোমাকটো মই আগৰ পৰা জানো ন যে তুমিও এইবোৰ বিশ্বাস নকৰা ।হয়,সিদিনাৰ ঘটনাটোৰ আগমুহুৰ্তলৈকে মই এইবোৰত অলপো বিশ্বাস ৰখা নাছিলো ।সিদিনাই তাৰ পৰা বিদায় লৈ ৰেখাক লগত লৈ মই অনুপম দাৰ ঘৰত এসপ্তাহ কটালো ।তিনিদিনৰ বাবে গৈ এসপ্তাহ কটাবলগীয়া হ’ল কাৰণ ৰেখাৰ মনত বৰ বেয়াকৈ ৰৈ গৈছিল কথাবোৰ ।জ্বৰত পৰিছিল তাই ।অহাৰ আগদিনা অনুপম দাই মোক সুধিলে —মই যে তোক সুধিছিলো কিমান নম্বৰ কোৱাৰ্টাৰত আছ’—মনত আছেনে কথাটো। মোৰ মনত পৰিল ।
Assamese Ghost Story 1 গৰ্ভস্খলন
মোৰ বয়স ২৫ বছৰ। বিয়া হোৱা ডেৰ বছৰ হৈছে। ইয়াত মই নিজৰ জীৱনৰ এনেকুৱা এটা ঘটনা লিখিব লৈছোঁ যিটো মোৰ নিজৰে চিন্তা চৰ্চাৰ বাহিৰৰ । এতিয়া আহো ঘটনা লৈ। কিছু দিন আগৰ ঘটনা মই প্ৰথম বাৰ বাবে মাক হব ওলাইছিলো। মোৰ ডেৰ মাহ চলি আছিল ।আমি ডক্টৰক দেখা শুনা কৰাই আছিলোঁ সব ভালে চলি আছিল। মই প্ৰাই আমাৰ দোকান খনলৈ আহিব লগা হৈছিল।মোৰ মানুহ জনেও নিজৰ চাকৰি কাৰণে দেৰি কৈ আহে।তেওঁ অহা লৈ মই ঘৰত অকলে থাকিব লগা হয় ।মই যিটো ভাৰা ঘৰত আছোঁ সাইটো এটা পুল ৰ কাষৰ ঘৰ তাৰ কাষত ঘৰ নাই এফালে হে ঘৰ আছে ইটো মূৰে পুল আছে আৰু মানুহে কই পুল টো বোলে বেয়া কিন্তু আমাৰ নতুন ঘৰটো বনাই থকা বাবে উপাই নাপাই ভাৰা ৰূমটো লব লগা হল আৰু আমাৰ ইয়াত ভাৰা ৰোম সহজে নাপাই গাঁও ঠাই হোৱা বাবে ।ঘৰটো মই নিজেও অনুভৱ কৰোঁ অলপ ভয় লাগে ।অকলে থাকিলেও কোনোবা থকা যেন লাগে হলেও মই এনে কথা বোৰত বিশ্বাস নকৰিছিলো সেইবাৱে মনৰ ভাৰ্ম বুলিয়ে ভাবো। সব ঠিকে চলি আছিল কিন্তু এদিন ৰাতি মই সপোনত দেখো মোৰ স্বামী যে মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰা । মই কেতিয়াও সপোন নেদেখোঁ আৰু যি তি কথা বিশ্বাস ও নকৰোঁ । মোৰ মানুহজনে ও এনে কথা নামানে । মই কথাটো কাকো নকলো। ইয়াৰ প্ৰায় ৫ দিন মান পাছত আকৌ সপোন দেখিলোঁ কিন্তু এইবাৰ মই বেলেগ কাৰোবাক দেখিলোঁ আৰু দেখো যে বস্তু টোৱে মোৰ গা পৰা কিবা হালধীয়া ৰঙৰ বস্তু উলিয়াই খাই আছে ।মই বৰ ভয় খালো ৰাতিপুৱা মা লৈ ফোন কৰিলোঁ মা এই আকৌ সপোনত মোৰ গৰ্ভত থকা সন্তান টো নষ্ট হোৱা দেখিলে একে ৰাতিয়ে। ৰাতিপুৱা লৈ মোৰ ব্লিডিং আৰম্ভ হৈ গল । ডক্টৰ তাত গৈ গম পালোঁ যে মোৰ baby নষ্ট হৈ গল দুমাহৰ এটা সপোন আশা পানী হৈ গল। মই নাজানো কিমান দুৰ সঁচা আৰু কিমান দূৰ মিছা । হয়টো বহুতে ইয়াত বেলেগ বেলেগ কমেন্ত দিব কিন্তু যদি কোনোবাই এই সন্দৰ্ভত কিবা জনে অনুগ্ৰহ কৰে জনাব। গৰ্ভ ত নষ্ট হোৱাটো ডাঙৰ ঘটনা নহয় কিন্তু সপোনত দেখা ঘটনা টোৱে হে মোক ভাবিব বাধ্য কৰাইছে ৰাতি দেখা পাছত এই ৰাতিপুৱা লৈ কেনেকৈ ব্লীডিং হৈছিল আৰু একে ৰাতি মোৰ মায়ে কিয় সপোন দেখিছিল। আৰু যেতিয়া লৈ গৰ্ভত আছিল তেতিয়া লৈ এনে লাগিছিল যেন ঘৰত মোৰ বাহিৰেও কোনোবা থাকিছিল। আৰু বেয়া হোৱা পাছত আৰু এনে সপোন দেখা নাই। এনেকুৱা কিয় হৈছিল আজিলৈ ও ভাবি নাপালোঁ।
লিখক নাম প্ৰকাশত অনিশ্চুক
Assamese Vutor Golpo 3 ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিবলৈ যোৱা
১৯৬৯ চনৰ মাৰ্চ মাহৰ কথা। মই তেতিয়া নৱমমান শ্ৰেণীৰ ছাত্ৰ। মোৰ ঘৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত সোনালী সুতাৰ দেশ, বস্ত্ৰ নগৰী শুৱালকুচিৰ ******। অসম ৰাজ্যৰ কামৰূপ জিলাৰ এখন প্ৰসিদ্ধ গা।ওঁ।
সেইদিনাখন আছিল কৃষ্ণপক্ষৰ কোনোবা এটা শণিবাৰ। আমাৰ ঘৰৰ নিচেই ওচৰৰে মোৰ সমবয়সীয়া বন্ধু কণক কলিতা( তেওঁ বৰ্তমান ইহসংসাৰত নাই) আৰু তেওঁৰ ভাগিন প্ৰায় আমাৰ সম বয়সৰ শ্ৰী দূৰ্গেশ্বৰ কলিতা তিনিওজনে মিলি ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিবলৈ যোৱাৰ সিদ্ধান্ত কৰিলোঁ। সেই সময়ত হেনো নদীত মিছামাছ পোৱা যায়।
আমি তিনিও জনে মাছ ধৰাৰ যা-যোগাৰ কৰিবলৈ ধৰিলোঁ। তাৰবাবে চাউলৰ ভূচি আৰু গৰুৰ গোবৰ যোগাৰ কৰি লো। দুয়োবিধ মিলাই কিছুমান লাৰু বনালো। শুনিবলৈ পোৱা মতে পানীত অলপ আতৰে আতৰে লাৰু বোৰ দি কিছু সময় পিছত খেৱালি জাল মাৰিলে হেনো বহত মাছ পোৱা যায়।
মোৰ মা-দেউতাই যাবলৈ বাধ্য দিছিলে। কিন্তু বাধা নামানি যাবলৈ ওলালোঁ। মই এটা টৰ্চলাইট আৰু এখন খেৱালি জাল ললোঁ। তেওঁলোক দুজনে এটা হাতলেম্প, এটা খালৈ আৰু বনাই থোৱা লাৰু খিনি। তেতিয়া সময় প্ৰায় দুই বাজিছে। তিনিওজন ওলাই গলো। নদলৈ আমাৰ ঘৰৰ পৰা প্ৰায় আধা মাইল হব। গৈ গৈ নদীৰ পাৰ পালোঁ গৈ। অ পাহৰিছিলোৱেই।আমি প্ৰায় ২০/২৫ডাল মান দুইফুট মান দীঘল বাহৰ শলাও লৈছিলোঁ আমি মাছ ধৰা কাম আৰম্ভ কৰিবলৈ ওলালোঁ। পানী যুৱলিৰ পৰা অলপমান দলৈকে এঠাইত এটাকৈ লাৰু দি চিন স্বৰূপে এটাকৈ বাহৰ শলা পুতি থলো। এইদৰে কিছু আতৰে আতৰে লাৰু দি একোটাকৈ খুটি পুতিলো। তাৰপিছত প্ৰথমে লাৰু দিয়া ঠাইৰ পৰা একাদিক্ৰমে খেৱালি জালেৰে মাছ ধৰিবলৈ আৰম্ভ কৰিলোঁ। জালত মাছ অহাৰ উমান পোৱা যায়। কিন্তু জালখন পাৰলৈ উঠাই আনি চালে দুটা-তিনিটা মানহে মাছ পোৱা যায়।
এইদৰে মাছধৰি থাকোতে ঠাইখিনিৰ পৰিস্থিতি আৰু পৰিৱেশ অস্বাভাৱিক অনুভৱ হল। তাতে আকৌ ঘোৰ অন্ধকাৰ। আমাৰ ওচৰে পাজৰে কিছুমান অস্বাভাৱিক শব্দ শুনিবলৈ পালোঁ। আমাৰ মনত ভয় ভাৱ উপজিল। আমি মাছ ধৰা কাম সামৰিলো। মাছ বৰ বেছি নাপালোঁ। পৰিৱেশ জয়াল হৈ আহিছিল। হঠাতে আমাৰ পৰা কিছু দুৰত নদীৰ পাৰত থকা ঝাও বনৰ মাজেৰে এটা পোহৰ আমাৰ ফালে আহি থকা দেখিলোঁ। আমাৰ বৰ ভয় লাগিবলৈ ধৰিলে। কাৰণ বহুত দিন আগৰপৰাই শুনিবলৈ পাইছিলোঁ যে নিশা হলে ব্ৰহ্মপুত্ৰৰ পাৰত হেনো দেও- ভূতে বিচৰন কৰে। কোনোবা কোনোবাজনক হেনো ভূতে লম্ভিছিলেও। শিয়ালৰ ৰাউচি, নিশাচৰ চৰাইৰ মাত,ঝিলিৰ ৰিংৰিঙনী আৰু জোনাকী পৰুৱাৰ তিৰবিৰনীয়ে পৰিৱেশ আৰু বেছি জয়াল কৰি তুলিছিল। ভয়তে আমি ঘামিবলৈ ধৰিলোঁ। গাত কপিবলৈ ধৰিলে। ভয়ত অণ্ঠ-কণ্ঠ শুকাই যোৱাৰ উপক্ৰম হল। হাত লেম্পৰ পোহৰ কমি আহিছিল।
নদীৰ পাৰত মৃতদেহ সৎকাৰ কৰা শ্মশান। মোৰ হাতত জালখন আৰু টৰ্চলাইটটো। মা-দেউতাহতে কোৱা শুনিছিলোঁ হাতত জাল থাকিলে হেনো দেও-ভূতে লম্ভিব নোৱাৰে। সেয়ে অলপ সাহস পাইছিলোঁ। আমি দেখাপোৱা পোহৰটৌ কোনো মানুহৰ হাতত থকা পোহৰ নাছিলে। আমি ওচৰলৈ গৈ আমাৰ হাতত থকা টৰ্চলাইটৰ পোহৰেৰে চাৰিওকাষে চাইছিলো। কিন্তু কোনো মানুহ- দুনুহ দেখিবলৈ নাপালোঁ। ইতিমধ্যে পোহৰটোও নাইকিয়া হৈ গল।ভয়তে কম্পমান হৈ আমি ঘৰ অভিমুখে দৌৰিবলৈ ধৰিলোঁ। যিমানে দৌৰিছো সিমানেই অনুভৱ হৈছিল যেন আমাৰ পিছে পিছে কোনোবা আহি আছে। লগৰ দুজন উজুটিত পৰি গল। মই দৌৰিয়েই থাকিলোঁ। সিহত দুইটাইয়ো পৰাৰ পৰা উঠি মোৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। এডোখৰ অহাৰ পিছত হঠাতে টৰ্চলাইটৰ পোহৰত দেখিবলৈ পালোঁ যে এজোপা গছৰ তলত এখন সৰু নাওঁ। নাওঁখনৰ ওপৰত এজন বুঢ়া মানুহ উদং গাৰে এখন বগা চুৰিয়া পিন্ধি গালত এখন হাত থৈ বহি আছে। মই টৰ্চলাইটটো মাৰি দি যি দেখিলো ভয় লাগি গল। কাৰণ সেই মানুহজন আমাৰ শুৱালকুচিৰেই ******* নামৰ চুবুৰীটোৰ। দুমাহমান আগতে তেখেতৰ মৃত্যু হৈছিল।
তিনিওজনে প্ৰাণটাকি দৌৰিবলৈ ধৰিলোঁ। মোৰ লগৰ দুয়োজন আকৌ এবাৰ উজুতি খাই পৰি গল। তেওঁলোকে কোৱা মতে কোনোবাই হেনো পিছফালৰ পৰা ঠেলি দিছে। পৰাৰ পৰা উঠি তেওলোকো দৌৰিবলৈ ধৰিলে। আহি আহি আমি আমাৰ ঘৰলৈ যোৱাৰ ৰাস্তা পালোহি। তেতিয়া মনত অলপ সাহস পালোঁ। আমি গৃহাভিমুখে যাবলৈ ধৰিলোঁ। অলপ দুৰ যোৱাৰ পিছত কেইজনমান চিনাকি মানুহ লগ পালোঁ। তেওলোকে আমাক কলৈ গৈছিলোঁ, কৰপৰা আহিলোঁ ইত্যাদি প্ৰশ্ন কৰিলে। আমি তেওঁলোকক সকলো কথা বিবৰি কলো। তেতিয়া তেওঁলোকে কলে যে আমি ভালেহে ৰক্ষা পৰিলো। নিশা হেনো নদীৰ চাপৰিত ভূত-প্ৰেতৰ উপদ্ৰৱ হয়। বহুতকে হেনো ভূতে লম্ভিছিলেও। আকৌ আমি দেখা পোহৰটৌ আচলতে এটা ভূতহে। সেইটো ভূতটোক কবন্ধ বুলি কোৱ হয়। ভূতটোৰ মূৰ নাথাকে। চাপৰ আৰু বুকুত চকু লগা।কথা খিনি শুনি আমাৰ বৰ ভয় লাগিল। আমি ঘৰলৈ বুলি খোজ ললোঁ। আমাৰ ঘৰলৈ যোৱা ৰাস্তা পলোহি। প্ৰধান আলিৰ পৰা এটা গলিৰে সোমাই যাব লাগে। প্ৰথমতে লগৰ দুজনৰ ঘৰ।তেওলোক ঘৰত সোমাল। মাজত দুঘৰ এৰি আমাৰ ঘৰ। ভয় ভয়কৈ আগবঢ়িছো। পিছে পিছে যেন কোনোবা আহি আছে। ভয়তে গাত কপনি উঠিছে। হাতৰ পৰা জালখন পৰিবলৈ দিয়া নাই। ঘৰৰ দৱাৰমুখ পাই দুৱাৰত ঢকিয়াই মাক চিঞৰি চিঞৰি মাতিলো। মায়ে তৎক্ষণাত দুৱাৰ খুলি দিলে। তেনেকুৱাতে আমাৰ ঘৰৰ বিপৰীত ফালে থকা মানুহ ঘৰৰ বাৰীৰ জাতিবাহ জোপাত কিহবাই ঠাক ঠাককৈ কেইবা বাৰো কোবাঈছে। বাহজোপা থুব জোৰেৰে জোকাৰি দিছে।
মায়ে মোৰ অৱস্থা বুজি পাৰি পিঠিত ঢকিয়াই থু-থুৱাই দিলে। নিশা অলপো টোপনি নহল। গোটেই নিশা মাৰ লগতে থাকিলো। পিছদিনাখন মায়ে বেজ মাতি কিবা কিবি কৰিলে। বেজে কৈছিলে মই হেনো জালখন হাতত থকা গুণেহে বাচিলো। তেওঁ মোক জাৰ-ফুক কৰি এটা তাবিজ দিলে। সেই তাবিজটো আজিও বাকচত ভৰাই থোৱা আছে।মই শইত খালো আৰু কেতিয়াও তেনেকুৱা কাম কৰিবলৈ নাযাওঁ। ঘটনাটো ৰোমন্থন কৰিলে আজিও ভয় লাগে।
বন্ধু-বান্ধৱী সকল মই আজি মোৰ জীৱনত সংঘটিত হোৱা এটা সচা কাহিনী আপোনালোকৰ আগত বৰ্ণনা কৰিলো। যিটো কথা মনত পৰিলে আজিও মোৰ গাৰ নোম থিয় দি উঠে। ভয়তে মন কপি উঠে।