-->

মোৰ শেষ পাঠ The last lesson in Assamese

Mor Hekh Path | The LAst lesson  in Assamese

মোৰ শেষ পাঠ The last lesson in Assamese 

সেইদিনা ৰাতিপুৱা মই স্কুললৈ বুলি বেছ দেৰীকৈয়ে ওলাইছিলো আৰু চাৰৰ গালি খোৱাৰ ভয়ে মোক বিতত কৰি তুলিছিল । কাৰণটো হ'ল আমাৰ শিক্ষক হেমেল চাৰে কৈছিল যে সেইদিনা মোক কালবোধক কৃদন্ত পদৰ বিষয়ে সুধিব আৰু এইবোৰৰ প্ৰথম আখৰটোও মই জনা নাছিলো ।

এবাৰ ভাবিলো, স্কুলৰ পৰা পলাই যাওঁ আৰু ক'ৰবাত ইফাল সিফাল কৰি ঘূৰি ফুৰি দিনটো পাৰ কৰি দিওঁ । বাহিৰত ইমান পোহৰ আৰু ইমান উমলগা দিনটো ! হাবিৰ কাষৰ গছবোৰত চৰাইবোৰে কিচিৰমিচিৰ শব্দ তুলি কথা পাতি আছে ,
আৰু কাঠমিলটোৰ পাচফালৰ পথাৰখনত প্ৰুচিয়ান সৈন্যবোৰে কুচকাৱাজ কৰি আছে । কৃদন্ত পদৰ নিয়মাৱলীতকৈ এই ঠাইখনৰ নিমন্ত্ৰণে মোক হাত বাউলি দি মাতিছে .... তথাপিও এই আকৰ্ষণৰ মোহ জাৰি জোকাৰি মই স্কুললৈ বেগেৰে খোজ ললোঁ । টাউন হলটো পাৰ হ'বৰ সময়ত তাৰ চৰকাৰী বিবৃতি ফলকখনৰ আগত এজাক মানুহ ৰৈ থকা দেখিলোঁ। যোৱা দুবছৰ ধৰি দেখিছোঁ, যতমানে বেয়া খবৰবোৰ এই ফলকখনৰ পৰাই আহে ..... যুদ্ধত হৰা খবৰ, সামৰিক বাহিনীত বাধ্যতামূলক যোগদানৰ খবৰ, কমাণ্ডিং অফিচাৰৰ আদেশ,..... গৈ থাকোতে মনে মনে ভাবিলোঁ, " এতিয়াবা আকৌ কি ওলাল !"

এতিয়া যিমান পাৰোঁ সিমান বেগাই গৈ থাকোতে ৱেখটাৰ নামৰ কমাৰটোৱে তাৰ সহায় কৰা ল'ৰাটোৰে সৈতে বিবৃতি পঢ়ি থকাৰ পৰা মোক মাতিলে, "হেৰ' বোপাই, বেগাই নগলেও হ'ব । স্কুলৰ বাবে এতিয়াও বহুত সময় আছে ।" মই ভাবিলোঁ, সি মোক ঠাট্টা কৰিছে । আৰু সেয়ে হেমেল চাৰৰ স্কুলৰ বাগিছাখনৰ ওচৰ একে উশাহে পালোগৈ ।

সাধাৰণতে স্কুল যেতিয়া আৰম্ভ হয়, বেচ লৰা ঢপৰা, চিঞৰ বাখৰ চলি থাকে আৰু শব্দবোৰ আলিবাট পায়গৈ । শব্দবোৰ যেনে, ডেস্ক খোলা/ বন্ধ কৰাৰ শব্দ, সমস্বৰে গোৱা পাঠ পঢ়াৰ শব্দ, কাণ দুখন হাতেৰে হেঁচি জোৰেৰে চিঞৰি বুজাৰ দৰে কৰা শব্দ , চাৰৰ ৰুলাৰদালৰ টেবুলৰ ওপৰত কৰা থক্ থক্ শব্দ । কিন্তু আজি দেখোন ইমান নিজান, ইমান নীৰৱ । কোনেও নেদেখাকে, চিঞৰবাখৰৰ ওপৰত নিৰ্ভৰ কৰি মোৰ ডেস্কৰ ওচৰ চাপিম বুলি ভাবিছিলো, কিন্তু নহ'ল …… যেন দেওবৰীয়া বন্ধবাৰৰ নিস্তব্ধতাই সকলোকে গ্ৰাস কৰিছিল । খিৰিকিৰে মই মোৰ ক্লাছৰ লগৰীয়াবোৰক দেখিছিলো চবেই নিজৰ নিজৰ ঠাইত বহি আছে আৰু হেমেল চাৰে তেওঁৰ ভয়ানক লোৰ ৰুলাৰডাল কাষলতি তলত ভৰাই পায়চাৰি কৰি আছে ।

ক্লাছৰ দৰজাখন খুলি লৈ মই সোমাব লগা হৈছিল আৰু সকলোৰে আগেদিয়েই যাব লগা হৈছিল । কল্পনা কৰাচোন কিদৰে মই ৰঙা পৰি গৈছিলো আৰু কিমান ভয়ত কঁপি আছিলো সেইসময়ত । কিন্তু একো নহ'ল । হেমেল চাৰে মোৰ ফালে চাইছিল আৰু বৰ মৰমেৰে কৈছিল, " হে'ৰা ফ্ৰাঞ্জ পোৱালি, যোৱা খৰধৰকৈ নিজৰ জেগাত বহা । তুমি নৌ আহোতেই আমি প্ৰায় আৰম্ভ কৰিছিলোৱেই !"
দৌৰি যোৱাৰ দৰে গৈ মই বেঞ্চ এখন জপিয়াই মোৰ ডেস্কখনত বহিলোগৈ ।
যেতিয়া মোৰ ভয় ভয় ভাবটো আঁতৰিছিল তেতিয়ালৈকে কিন্তু , লক্ষ্য কৰা নাছিলো যে আমাৰ চাৰে তেওঁৰ ধুনীয়া সেউজীয়া কোটটো পিন্ধিছে, লগত কোঁচ কোঁচ দিয়া শ্বাৰ্ট, তাতে চিল্কৰ সৰু টুপীটো, সকলোতে কাৰচুপি কৰা এই পোছাকটো তেওঁ পৰিদৰ্শনৰ দিনা বা পুৰষ্কাৰ বিতৰণৰ দিনৰ বাহিৰে কেতিয়াও নিপিন্ধে । তাৰোপৰি আজি সম্পূৰ্ণ নিস্তব্ধ, গুৰুগম্ভীৰ আৰু বিষন্ন হৈ আছে স্কুলখন ।

কিন্তু যিটো কথাই মোক আচৰিত কৰি তুলিছিল সেয়া হৈছে মই দেখিছিলো, পাচফালৰ বেঞ্চবোৰত, যিবোৰ অনবৰত খালি হৈ থাকে, গাঁৱৰ মানুহবোৰ আহি নীৰৱে আমি বহাদি বহি লৈছে । তিনিকোণীয়া টুপি পিন্ধা হাউচাৰ নামৰ বুঢ়াজন, আগতে কাৰ্য্যনিৰ্বাহ কৰা মেয়ৰজন, অৱসৰপ্ৰাপ্ত পোস্টমাষ্টৰজন আৰু তাৰোপৰি অন্য বহুলোক ।
প্ৰত্যেকজনকে কৰুণ আৰু শোকাৰ্ত দেখা গৈছিল । হাউচাৰে এখন পুৰণি, প্ৰথম মানৰ পাঠ্যপুথি লগত আনিছে আৰু কিতাপখন আঙুলিৰে চেঁপামাৰি লৈ আঁঠুৰ ওপৰত মেলি শকত চশমাখন পৃষ্ঠাবোৰৰ ওপৰতে ৰাখিছে । এই সকলোবোৰ কথা দেখি শুনি আচৰিত যেন লাগোতেই, শ্ৰদ্ধেয় হেমেল চাৰে তেওঁৰ চকীখনত বহিল আৰু মোক মতাৰ দৰে সেই একে গম্ভীৰ আৰু কোমল মাতেৰে কলে ;
"মোৰ মৰমৰ লৰাছোৱালীহঁত, তোমালোকক এতিয়া মই শেষ পাঠটো পঢ়াম । বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছে যে আলচেচ আৰু লৰেইনৰ স্কুলবিলাকত কেৱল জাৰ্মান ভাষা পঢ়াব লাগিব । নতুন শিক্ষকজন কালিলৈ আহি পাব । আজিৰ পাঠটোৱেই হব তোমালোকৰ ফৰাচী ভাষাৰ শেষ পাঠ । মই আশা কৰো তোমালোকে মনোযোগ দিবা ।"

অ'হ, এই শব্দকেইটা শব্দ নহৈ জানিবা মোৰ ওপৰত আকস্মিক বজ্ৰপাতহে আছিল !
অ'হ, সেই নৰাধমকেইটাই ইয়াকে টাউন হলৰ ফলকখনত লগাইছিল হবলা !! মোৰ শেষ ফৰাচী শিক্ষাৰ পাঠ । কিয়, মইতো এতিয়াও সম্পূৰ্ণৰূপে ফৰাচী লিখিব পৰা হোৱাই নাই ! এতিয়া মোৰ কোনোদিনে শিকাই নহ'ব ! মোৰ ইমানতে শিকা বন্ধ হৈ যাব ! মই নিজৰ পাঠ নিশিকি চৰাইৰ কণী বিচৰা আৰু সাগৰৰ ঢৌত পিছলাৰ খেল খেলাৰ বাবে অনুতপ্ত ।মোৰ কিতাপবোৰক অলপ দেৰীৰ আগলৈকে আপদ বুলি ভাবিছিলো, দাঙিবলৈ কষ্টকৰ যেন জ্ঞান কৰিছিলো, মোৰ ব্যাকৰণৰ কিতাপখন, মোৰ মণিষীসকলৰ বুৰঞ্জীৰ কিতাপখন মোৰ পুৰণি বন্ধুৰ দৰে যাক মই এৰি থাকিব নোৱাৰোঁ । আৰু শ্ৰদ্ধেয় হেমেল চাৰ, তেওঁ গুচি যাবগৈ, তেওঁক আৰু কোনোদিনে দেখা নাপাম, এনে কথাবোৰে তেওঁৰ ৰুলাৰ ডালৰ কথা আৰু কেনে খামখেয়ালী মানুহ আছিল, ইত্যাদি সকলো কথা পাহৰাই দিলে । বেচেৰা মানুহজন ! আজিৰ শেষ পাঠৰ বাবেই তেওঁ সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁৰ সবাতোকৈ সুন্দৰ সাজ পোছাকজোৰ পিন্ধি আহিছে । আৰু এতিয়াহে গম পালো কিয় গাঁৱৰ বুঢ়া মেথাসকল আহি ক্লাছৰ শেষৰ বেঞ্চবোৰত বহি লৈছেহি । কাৰণ তেওঁলোক বিষন্ন আছিল আৰু ভাবি পাইছিল যে কিয় তেওঁলোকে সৰহ দিন স্কুললৈ নগ'ল । সেয়ে এই সুযোগতে স্কুললৈ আহি শিক্ষকজনক ধন্যবাদ জনাবলৈ আহিছিল যে চল্লিশ বছৰে বিশ্বাসযোগ্যতাৰে এই লোকজনে সেৱা আগবঢ়াই গ'ল আৰু দেশখনকো কৃতজ্ঞতা জনালে যে এই দেশখন এতিয়াৰে পৰা আৰু তেওঁলোকৰ নহয় ।

যিসময়ত এই কথাবোৰ ভাবি আছিলো, ঠিক তেনে সময়তে মই মোৰ নামটো মতা শুনিলো । এইবাৰ মোৰ আবৃত্তি কৰাৰ পাল ।
কি হ'লহেতেন যদিহে মই এটাও ভুল নকৰাকৈ, স্পষ্ট আৰু সশব্দেৰে
কৃদন্ত পদৰ ভয়াবহ সম্পূৰ্ণ নিয়মাৱলী কব পাৰিলোহেতেন ?

কিন্তু প্ৰথম শব্দটোতেই মই খেলিমেলি কৰি ডেস্কখনত ধৰি ৰৈ থাকিলো, মোৰ বুকুৱে তেতিয়া ধান বাণিছিল আৰু কোনোপধ্যে ওপৰলৈ চকু মেলি চাব নোৱাৰিলো । মোক হেমেল চাৰে কলে,
" মই তোমাক গালি নাপাৰো, ফ্ৰাঞ্জ পোৱালী ; তুমি নিজেই যথেষ্ট দুখ পাইছা । চোৱা, কথাটো এনেকুৱা । প্ৰত্যেক দিনা আমি নিজেই নিজকে কওঁ, 'মোৰ হাতত বহুত সময় আছে । মই কালিলৈ শিকিলেও চলিব ।' আৰু এতিয়া দেখিলা আমি ক'ত ভৰি থলোহি ! সেই একেটাই সমস্যা হ'ল আলচেচৰ স'তেও । তেৱোঁ কালিলৈ শিকিম বুলি থৈ দিলে ।
এতিয়া সৌ বাহিৰা মানুহবোৰে তোমাক কবলৈ সাহস পাব : 'কেনেকৈ হ'ব পালে ? তোমালোকে ফ্ৰান্সৰ অধিবাসী বুলি ঢঙ দেখুওৱা, কিন্তু তোমালোকে নিজৰ ভাষাটো না লিখিব পাৰা না ক'ব পাৰা ।' কিন্তু তোমাক মই একেবাৰে বেয়া বুলি নকওঁ, বেচেৰা ফ্ৰাঞ্জ ! আচলতে আমি নিজকে নিজে তীব্ৰভাবে ভৎৰ্সনা কৰা উচিত । তোমাৰ দেউতা মাৰাৰ তোমাৰ শিক্ষাৰ প্ৰতি কোনো উদ্বেগ নাছিল । তেওঁলোকে তোমাক খেতি পথাৰত কাম কৰিবলৈ দিয়া বা কোনো মিলত চাকৰি কৰোৱাবলৈহে ভাল পালেহেতেন যাতে তুমি কেইপইচামান সৰহকৈ ধন ঘটিব পাৰা ।"

" আৰু মই ? মোকো দোষাৰোপ কৰিব লাগিব । মইও জানো তোমাক ফুলৰ বাগিচাত পানী দিবলৈ পঠিওৱা নাছিলো, যিসময়ত তুমি পাঠ পঢ়াত মনোযোগ দিব লাগিছিল ? যেতিয়া মই মাছ মাৰিবলৈ যাবলৈ লৈছিলো মই তোমালোকক ছুটী দি দিয়া নাছিলোনে ?"

তাৰপাচত, এটা বিষয়ৰ পৰা জপিয়াই গৈ হেমেল চাৰে কৈ গৈছিল ফ্ৰেন্স ভাষাটোৰ বিষয়ে, যে এই ভাষাটো হ'ল সমগ্ৰ পৃথিৱীৰ ভিতৰত এটা অতি ধুনীয়া ভাষা…… অতি পৰিষ্কাৰ আৰু অতি যুক্তিসঙ্গত ; আৰু সেয়ে ইয়াক আমি ভালদৰে ৰক্ষণাবেক্ষণ দিয়াটো দৰকাৰ আৰু ইয়াৰ লালিত্যক পাহৰি যাব নালাগে । কাৰণ, ধৰা, মানুহবোৰে কিবা কাৰণত বন্দীত্ব স্বীকাৰ কৰিবলগা হ'ল, ভাষাটো যেতিয়ালৈকে সকলোৱে একগোট হৈ সাৱটি ধৰি থাকিব, তেতিয়ালৈকে অনুভৱ কৰিব যে তেওঁলোকৰ বন্দীশালৰ তলাৰ চাবি তেওঁলোকৰ হাতৰ মুঠিৰ ভিতৰতে আছে ।

তাৰপাচত তেওঁ ব্যাকৰণৰ কিতাপখন উলিয়াই ললে আৰু আমাৰ পাঠটি পঢ়ি দিলে । মই আচৰিত হলো এইবাবেই যে সকলোবোৰ মই দেখোন সুন্দৰকৈ বুজি পাইছো । তেওঁ যিয়েই কৈছে সকলোবোৰ মোৰ বুজাত সহজ সহজ যেন লাগিছে । মই এতিয়া ভাবি পাইছো যে মই আগতে মনোযোগ দি শুনা নাছিলো আৰু তেওঁ আমাক এনে ধৈৰ্য্যৰে বুজোৱা নাছিল । মোৰ এনেহে লাগিছিল যেন বেচেৰা শিক্ষকজনে গুচি যোৱাৰ আগে আগে আমাক যেন সকলোবোৰ উজাৰ কৰি দি যাব বিচাৰিছে , পোনছাটেই যেন সকলোবোৰ আমাৰ মগজুত সোমাই পৰে !

ব্যাকৰণৰ পাচতে আমাৰ পাঠ আছিল হস্তলিপিৰ ।

সেইদিনাখন হেমেল চাৰে আমাৰ বাবে এজাপ নতুন বহী লৈ আহিছিল আৰু সুন্দৰ হাতৰ আখৰেৰে সেইবিলাকৰ ওপৰত লেখা আছিল: ফ্ৰান্স, আলচেচ,
ফ্ৰান্স, আলচেচ । সেইবোৰ যেন এজাক সৰু সৰু পতাকাহে স্কুলৰ কোঠালিৰ চাৰিওফালে উৰি ফুৰিছে, সেইবোৰ ডেস্কৰ ওপৰত থকা ৰদবোৰৰ পৰা তললৈ ওলোমাই ৰাখিছে । তুমি দেখিব লাগিছিল কেনেকৈ প্ৰত্যেকেই কামত মগ্ন কিন্তু প্ৰত্যেকেই আচ্ছন্ন নীৰবতাত । কেৱল মাত্ৰ এটাই শব্দ : লিখি থকা কলম আৰু কাগজৰ ওপৰৰ খচখচনি । কেতিয়াবা কেইটামান ভোমোৰা উৰি আহিছে কিন্তু কোনেও সেইফালে গুৰুত্ব নিদিলে । আনকি শ্ৰেণীৰ আটাইতকৈ কম বয়সীয়াকেইটাইও ঘূৰিকে নাচালে , কাৰণ সিহঁতে বৰশীৰ কাঁইটৰ ছবি আঁকি আছিল, যেন সিহঁতে ফ্ৰেন্সহে লিখিছে । ঘৰৰ চালত খুব কম শব্দেৰে পাৰকেইটাই ৰুণ দিছিল, মই মনে মনে ভাবিছিলো, " সিহঁতকো জাৰ্মান ভাষাত ৰুণ দিবলৈ শিকাবনেকি, এই পাৰকেইটাকো !!"

যেতিয়াই মই লিখি থকাৰ পৰা মুৰ তুলি হেমেল চাৰলৈ চাইছিলো, তেওঁ অলৰ অচৰকৈ চকীখনত বহি আছিল, থৰ লাগি এটা বস্তুলৈ চাইছিল, তাৰ পাচত আন এটালৈ, যেন তেওঁ মনটো স্থিৰ কৰিব বিচাৰিছে যে সৰু স্কুলৰ কোঠালীটোত বস্তুবোৰৰ ওপৰত । খেয়ালী । চল্লিশ বছৰ জুৰি তেওঁ সেই একে ঠাইতে আছে, খিৰিকিৰ সিপাৰে বাগিছাখন আৰু শ্ৰেণীটো তেওঁৰ সমুখত, সেই একেধৰণেৰেই । মাত্ৰ ডেস্ক বেঞ্চবোৰ সময়ৰ লগে লগে মিহি হৈ পৰিছে, বাগিছাৰ আখৰোটৰ গছবোৰ ওখ হৈ পৰিছে, আৰু তেওঁ ৰোৱা আঙুৰজোপাই খিৰিকিয়েদি বগাই এতিয়া ঘৰৰ চাল স্পৰ্শ কৰিছেগৈ । এই সকলোবোৰ এৰি গুচি যোৱাৰ চিন্তাত আৰু ভিতৰত ভনীয়েকে লাম লাকটু বোৰ সামৰাৰ শব্দই বেচেৰা মানুহটোৰ অন্তৰখন মুচৰি পেলোৱা যেন লাগিছে । কাৰণ কালিলৈৰ ভিতৰত এইখন দেশ এৰি তেওঁ যাবই লাগিব । কিন্তু তেওঁৰ ভিতৰত এইকণ সাহ আছে যে আজিৰ প্ৰতিটো পাঠ শুনাৰ পাচতহে তেওঁ স্থান পৰিত্যাগ কৰিব ।

হস্তলিপিৰ কাম শেষ হ'লত, আমাৰ বুৰঞ্জীৰ পাঠ আছিল, আৰু কেচুৱাবোৰে মুখেৰে বা, বে, বি, ব', বু শব্দ কৰি গাবলৈ ধৰিছিল । ক্লাছৰুমটোৰ পাচফালে নামনিত, হাউচাৰ বুঢ়াই চশমাখন পিন্ধি দুহাতেৰে সিহঁতৰ লগতেই তেওঁৰ প্ৰথম মানৰ পুৰণি পাঠ্যপুথিখন লৈ শব্দবোৰ বানান কৰিবলৈ আৰম্ভ কৰিলে । ভালদৰে মন কৰাহলে দেখিলাহেতেন তেওঁ কান্দিব ধৰিছে , আবেগৰ ভৰত মাতটো কঁপি উঠিছে কিন্তু উচ্চাৰণত এক হাঁহি উঠা ধৰণৰ পৰিবেশ সৃষ্টি হৈছে, আৰু আমি সকলোৱে হাঁহি আৰু কান্দোনেৰে সঁহাৰি দিম যেন অনুভৱ হৈছে ।

মোৰ সুন্দৰভাবে মনত আছে সেই শেষ পাঠৰ মুহুৰ্ত ! হঠাতে একেলগে গীৰ্জাৰ ঘড়ীত বাৰ বজাৰ ঘণ্টাধ্বনি বাজি উঠিল । তাৰ পাচত এঞ্জেলাছৰ ধ্বনি । ঠিক একে ক্ষণতে বাজি উঠিল প্ৰুচিয়ানবোৰৰ ৰণভেৰী, কুচকাৱাজৰ অন্তত, আমাৰ খিৰিকিৰ ঠিক তলৰ কোনো ঠাইৰ পৰা ।
হেমেল চাৰ উঠি থিয় হ'ল, তেওঁৰ মুখখন শেঁতা পৰিছিল । মই কেতিয়াও তেওঁক ইমান ওখ দেখা নাছিলো ।
" মোৰ মৰমৰ বন্ধুসকল, " তেওঁ কষ্টেৰে উচ্চাৰণ কৰিলে……" মই -- মই -- " কিবা এটাই যেন তেওঁৰ ডিঙিত সোপা মাৰি ধৰিলে। তেওঁ একো কথা কব নোৱাৰিলে । তাৰপাচত ওচৰতে থকা ব্লেকব'ৰ্ডখনৰ ওচৰলৈ গ'ল, হাতেৰে এটুকুৰা চকমাটি ললে, আৰু, গাৰ সম্পূৰ্ণ জোৰেৰে হেঁচা মাৰি, যিমান ডাঙৰকৈ পাৰে লিখিলে,
" ফ্ৰান্স দীৰ্ঘজীৱি হোৱা "

তাৰপাচত তেওঁ ৰ'ল আৰু বেৰখনত মুৰটো হেলান দিলে আৰু একো নোকোৱাকৈ আমাৰ ফালে চাই হাতৰ ঠাঁৰে চিঁয়াৰে বুজাই দিলে :
"স্কুল ছুটী হ'ল… তোমালোক যাব পাৰা ।"

মূল ৰচনা: আলফনচ' ডুডে 
অনুবাদ : অৱনী বুঢ়াগোহাঁই

Also Read

Post a Comment