Assamese popular novel Daini part 22 ডাইনী assamese pdf novel
Assamese popular novel Daini part 22 ডাইনী assamese pdf novel
Click here to read daini part 21 axomiya novelকফিনটো খুলি একদম বিশ্বাস কৰিব পৰা নাই । মধ্যযুগত কবৰ দিয়া কাৰোবাৰ লাচ ইমান জীৱন্ত হৈ থাকিব পাৰে। এনে লাগিছে যেন সদ্যমৃত বা শুই থকা এটা জীৱন্ত দেহ! মুখৰ অৱয়ব, মুখভংগী, উন্নত নসিকা, থিয় কাণ! তেন্তে কি মই ভুল কবৰ খান্দিলো নেকি ? কিন্তু তেতিয়া হলে কত যাম ? কফিনটো এটা মধ্যযুগীয় লোৰ কফিন। এতিয়াৰ কফিনবোৰ সাধাৰণতে উন্নত প্লাষ্টিক বা কাঠৰ দ্বাৰা তৈয়াৰী । তাৰোপৰি তলাটো মই নিজৰ হাতেৰে খুলিছো। কোনোৱে যে মোৰ আগেয়ে লাচটো সলনি কৰিব তাৰ সম্ভাবনাও নাই । সকলোতকৈ ডাঙৰ কথা হল লাচটোৰ হাতত এতিয়াও সেই আঙঠিটো জিলিকি আছে ! কিন্তু লাচটো একদমেই অক্ষত । মই স্তম্ভিত হৈ ভাবিছিলো এই লাচটোৱে কি ভাম্পায়াৰৰ দৰে ৰাতি সাৰ পাই উঠি জীৱন্ত মানুহৰ ৰক্ত পান কৰে ? সেয়েই হয়তো এতিয়ালৈ পচিবলৈ ধৰা নাই । এতিয়াও ক্ষুধাৰ্ত হৈ আছে নেকি! এইবাৰ কি মোক খাবলৈ আহিব ?
আৰে ধেৎ। মই ইয়াত লাচক লৈ গবেষণা কৰিবলৈ অহা নাই । হয়তো প্ৰিষ্ট ইমান ডাঙৰ চয়তান হৈ গৈছিল যে শৱখোৱা পোকবোৰেও তেওঁক খাবলৈ ইচ্ছা নকৰিলে । সেয়া যিয়েই নহওঁক । তাক লৈ মোৰ কোনো কাম নাই। মাত্ৰ আঙঠিটো মোৰ প্ৰয়োজন। আঙঠিটো তেওঁৰ হাতৰ পৰা ভালে ভালে খুলি নিব পাৰিলেই , হল। কিন্তু তাতো যদি বাধা দিয়ে ? হাতুৰীটো তো আছেই। মাৰি শেষ কৰি দিম । এখন হাতত হাতুৰীটো লৈ আনখন হাতেৰে প্ৰিষ্টৰ আঙঠি পিন্ধা হাতখনত ধৰিলো । ঠাণ্ডা আঠাজাতীয় কিবা চুৱা যেন অনুভৱ হল । লাচ ঠাণ্ডা হবই কিন্তু আঠা কিয় ? হাতখন তুলি পিছুৱাই আহিলো । মন কৰিলো হাতত কিবা আঠাজাতীয় পদাৰ্থ লাগি আছে! এইবোৰ চাই ঘিণ লাগিল আৰু মোৰ বমি বমি ভাব আহিল । সম্ভৱত তেওঁৰ পঁচা গেলা চাল আঠা হৈ মোৰ হাতত উঠি আহিছে । অলপ ইতস্তত বোধেৰে হাতখন নাকৰ ওচৰলৈ নিলো । মই মধ্যযুগীয় এটা মৃতদেহৰ পঁচা দেহজ তৰলৰ এটা উৎকট দুৰ্গন্ধ আশা কৰিছিলো । কিন্তু তাৰ সলনি পাইন গছৰ আঠাৰ দৰে গন্ধ পালো । আশ্চৰ্য! কথাটো নিশ্চিত হবলৈ পেন্সিল টৰ্চটো জ্বলাই মোৰ হাতখন পৰীক্ষা কৰিলো । আৰে! এয়া পাইন গছৰেই আঠা । মই লাচটোৰ মুখত পোহৰ পেলাই ভালদৰে চালো। এইবাৰ মই প্ৰিষ্টৰ জীৱন্ত লাচৰ ৰহস্য উন্মোচিত কৰাত সক্ষম হলো।
প্ৰাচীন মিছৰীয় ফাৰাওসকলে নিজৰ দেহক মমি হিচাপে সংৰক্ষিত কৰিছিল । সিহঁতৰ বিশ্বাস আছিল মৃত্যুৰ পিছত সিহঁতৰ আত্মা সেই দেহত আকৌ উভতি আহিব । এই চয়তানজনেও সেই বিশ্বাস ধাৰণ কৰি নিজৰ দেহক সংৰক্ষণ কৰিছিল । কিন্তু মিচৰৰ দৰে তৎকালীন ইউৰোপত মমি বনোৱাৰ বাবে মমৰ অভাব আছিল । সম্ভৱত সেইবাবেই দেহটোক পাইন গছৰ আঠাৰ দ্বাৰা মমি কৰা হৈছিল । মমি কৰা দেহত যিকোনো সময়তে আত্মা উভতি আহিব পাৰে। প্ৰিষ্ট যিকোনো সময়তে কবৰৰ পৰা জাগি উঠি তাৰ পৰা ওলাই অহাৰ চেষ্টা কৰিব পাৰে, এনে বিশ্বাস লৈ তেওঁৰ দেহটোক লোৰ কফিনত তলা মাৰি দিয়া হৈছিল । প্ৰিষ্টৰ সময়ৰ মানুহসকলে হয়তো ভবাই নাছিল সহস্ৰাব্দ পিছত এজনী ছোৱালী আহি সেই তলাটো ভাঙিব । নহলে হয়তো আৰু শক্তিশালীকৈ বন্ধ কৰিলেহেতেন । সেই মুৰ্খ মানুহবোৰৰ কথা ভাবি বেচ হাহি উঠিল ।
বচ । এইবাৰ তেওৰ আঙঠিটো উলিয়াই অনা হওক । কঁপা কঁপা হাতেৰে তেওঁৰ বাওঁহাতৰ মধ্যমা আঙুলিত পিন্ধা আঙঠিটোত ধৰি টানিলো । উহঃ। খোলা নাই । সম্ভৱত পাইনৰ আঠাত ভালদৰে ফচি গৈছে । আনখন হাতত থকা হাতুৰীটো পেলাই দি এইবাৰ দুহাতেৰে আঙঠিটো খোলাৰ চেষ্টা কৰিলো । তাৰ পিছতো ওলাই নাহিল। এখন হাতেৰে প্ৰিষ্টৰ কান্ধত হেচি ধৰি আনখন হাতেৰে আঙঠিটো সৰ্বশক্তি প্ৰয়োগ কৰি টানি আছো। আঙঠিটোক লৈ ব্যস্ত থকাৰ সময়ত কেতিয়া যে প্ৰিষ্টৰ মুৰটো ঘুৰি মোৰ পিনে স্থিৰ হৈছিল মই তাক খেয়ালেই কৰা নাছিলো।
হঠাৎ তেওঁৰ আঙঠি পিন্ধা হাতখনেৰে মোৰ হাতখন সজোৰে চেপি ধৰিলে। হে ভগবান । মোৰ হৃদপিণ্ডটা বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে । মুৰটো আচন্দ্ৰাই ধৰিবলৈ আৰম্ভ কৰিছে । এয়া কি হৈছে মোৰ সৈতে ! মই আকৌ কোনো সপোন দেখা নাইতো । মই বাও হাতেৰে হাতুৰিটো বিচাৰিবলৈ ধৰিলো । কিন্তু মই ইতিমধ্যেই সেইটো পেলাই দিছিলো । এতিয়া সেইটো দেখিছো যদিও মোৰ হাতেৰে ঢুকি পোৱা দূৰত্বৰ বাহিৰত!
প্ৰিষ্টৰ লাচটোৱে মোৰ সো হাতখন জোৰে চেপি ধৰি আছে। মোক তাৰ পিনে টানিও নিয়া নাই আৰু এৰিও দিয়া নাই । মই যিমানেই এৰুৱাবলৈ চেষ্টা কৰিছো সিমানেই জোৰকৈ চেপি ধৰিছে । তেতিয়াই হঠাৎ মনত পৰিল যোৱাৰাতি বেচমেন্টত দেখা সপোনৰ কথা। তাত টলবলাই থকা পোকবোৰৰ জৰিয়তে এলিচে মোক বুজাব খুজিছিল প্ৰিষ্টৰ দেহটো এতিয়াও জীৱন্ত হৈ আছে । আৰু মই সেয়া ঘৃণাৰ বহিঃপ্ৰকাশ ভাবি ভুল কৰিলো। সপোনত মই যেতিয়াই পোকৰ কবৰত জপিয়াই দিছিলো তেতিয়াই হঠাৎ মোৰ টোপনি ভাঙিছিল । যদিও তেতিয়া ৰাতিপুৱাবলৈ বহু সময় বাকী আছিল। বাকী সময়ত মই কোনো সপোন দেখা নাই । এয়া এক সুস্পষ্ট সতৰ্কবাৰ্তা আছিল। এলিচে কব বিছাৰিছিল যে, যিয়েই নহওঁক কিয় , কেতিয়াও প্ৰিষ্টৰ কবৰত নামিব নালাগে। মই সেই সতৰ্কবাৰ্তাটোও সম্পূৰ্ণভাবে উপেক্ষা কৰিছো । এনে কিবা যে হব পাৰে সেয়া মই কল্পনাও কৰা নাছিলো ।
মই যেতিয়া মোৰ অমাৰ্জনীয় ভুলৰ বাবে অনুতাপ কৰি আছিলো ঠিক তেতিয়াই চয়তানটোৱে মোক হঠাৎ হাতখনত ধৰি টানি নিলে। মই চম্ভালিব নোৱাৰি পৰিলো , কফিনৰ মাজত , তাৰ লাচৰ ওপৰত। প্ৰিষ্টৰ মুখখন মই খুব কাষৰ পৰা দেখিবলৈ পাইছো । এক আকৰ্ণ বিস্তৃত, বিকৃত হাহি বিৰিঙি আছে । চকু দুটা চকমকাই উঠিছে । ভয়ত মোৰ গল শুকাই গল । চেষ্টা কৰিও মুখেৰে কোনো চিৎকাৰ উলিয়াব নোৱাৰিলো । প্ৰিষ্টৰ আঙঠি পিন্ধা হাতখনে এইবাৰ মোৰ হাতখনক এৰি দি মোৰ কঁকালত ধৰিলে আৰু আনখন হাতেৰে কফিনৰ ওপৰৰ ঢাকণিখন বন্ধ কৰি দিলে। ঠিক তেতিয়াই মই চিঞৰি উঠিলো । কিন্তু তেতিয়ালৈ মোৰ এই চিৎকাৰ নিষ্ফল হৈ গৈছে । এতিয়া বন্ধ কফিনৰ ভিতৰৰ পৰা মোৰ চিৎকাৰ কেতিয়াও বাহিৰৰ গাৰ্ডসকলে শুনা নাপাব ।
হে প্ৰভু ! এয়া কি হল! কবৰৰ মাজত মই বন্দী হৈ পৰিছো এক অৰ্ধমৃত মধ্যযুগীয় ৰেপিষ্টৰ কফিনত । মনৰ মাজত এটাই প্ৰশ্নই আমনি কৰি আছে । এতিয়া সি যদি মোক মাৰি পেলায় তেতিয়া মোৰ আত্মাটো কি বাকী সময়ৰ বাবে প্ৰিষ্টৰ যৌনদাসী হৈ থাকিব ? প্ৰশ্নটো মনত আহোতেই কফিনৰ ভিতৰৰ চাৰিওঁফালৰ পৰা অসংখ্য নাৰীকণ্ঠৰ আৰ্তনাদ, বিলাপ, আৰু কান্দোন আহিব ধৰিলে। উহঃ। কি অসহ্য। কাণ ফাটি যাব মোৰ ।
1 comment