Daini part 21 ডাইনী assamese novel
Click here to read daini part 20শব্দ নোহোৱাকৈ গাৰ্ডজনক বগৰাব পাৰি নিজৰ আত্মবিশ্বাস শীৰ্ষত উপনীত হল। হা হা। ইয়াকে কয় মিচেচ থৰ । গাৰ্ডজন পৰি যোৱাৰ লগে লগে তেওঁৰ শক্তিশালী টৰ্চটোও নুমাই গল । ভালেই হল।এতিয়া অন্ধকাৰেই মোৰ বেছি পচন্দকৰ লাগিছে । কিন্তু গাৰ্ডজন লৰচৰ কৰা নাই কিয়? মৰিলেই নেকি ? আঠুত ভৰ দি বহি তেওঁৰ মুৰত মোৰ পেন্সিল টৰ্চৰ পোহৰ পেলাই চালো । না। তেনেকুৱা একো হোৱা নাই । আনকি তোজো ওলোৱা নাই । মাত্ৰ মুৰৰ পিছফালে উখহি উঠিছে। আশা কৰিছো খুব শীঘ্ৰেই সেয়া সৰু সুৰা এটা ক্ৰিকেট বলৰ দৰে আকৃতি ধাৰণ কৰিব । তেওঁ অজ্ঞান থাকোতে তেওঁক বান্ধি লোৱাটো উচিত হব । সেয়ে তেওঁৰ চাৰ্টটো খুলি হাতেৰে ভৰি দুখন জোৰকৈ বান্ধিলো । ভাবিছিলো তেওঁৰ চাৰ্টটোৰে ভৰিখন বান্ধিম আৰু তাৰ তলৰ গেঞ্জি টোৰে হাতদুখনত । কিন্তু কি আশ্চৰ্য্য !মানুহজনে তলত গেঞ্জি পিন্ধা নাই ! এনেকুৱা কেবল পুৰুষ মানুহেই কৰিব পাৰে। মই বাজি লগাই কব পাৰো ডিউটিত যোৱা সময়ত ব্ৰা নিপিন্ধাকৈ যোৱা কোনো নাৰী এই পৃথিবীতে নাই । কিন্তু গেঞ্জি নিপিন্ধাকৈ বহুত পুৰুষে যায় । এইমাত্ৰ মই এনে এজনৰ সম্মুখীন হৈছো । কি ষ্টুপিড স্বভাৱ সিহঁতৰ !
অবশেষত বাধ্য হৈয়েই মোৰ চাৰ্টটোৰে তেঁওৰ হাতদুখন বান্ধিলো । জ্ঞান পাই উঠি যাতে চিঞৰিব নোৱাৰে তাৰ বাবে মোৰ পেন্টিটো খুলি তেঁওৰ মুখত সোপা দিলো । তেঁও এতিয়াও অজ্ঞান হৈ আছে। এইবাৰ তেঁওক জগোৱা হওঁক । মই নিশ্চিত হবলৈ খোজো যাতে জ্ঞান পোৱাৰ পিছতো যাতে মোৰ বান্ধোনত তেঁও অক্ষম হৈ পৰি থাকে । তেঁও যদি কোনোৰকমে খুলিব পাৰে তেন্তে মোৰ যি বিলৈ হব তাক নকলেও হব । হঠাৎ মোৰ নজৰ তেঁওৰ জ্বলন্ত চিগাৰেটৰ ওপৰত পৰিল । ইমান বৰষুণতো সেইটো জ্বলি আছে । এজন ধূম্ৰপায়ীৰ জ্ঞান ওভোটাই আনিবলৈ এটা জ্বলন্ত চিগাৰেটত কৈ কাৰ্যকৰ পদ্ধতি এতিয়াও আবিষ্কাৰ হোৱা নাই । চিগাৰেটটো তুলি লৈ তেওঁৰ নাকত লগাই দিলো । নাকত গৰম লাগিয়েই তেঁও চটফটাই উঠিল । মোৰ পিনে চকু পৰিলত মুখেৰে গো... গো.... কৰিবলৈ আৰম্ভ কৰিলে। বোকাময় মোৰ চেহেৰাটো দেখি মোক সম্ভবত শ্মশানৰ প্ৰেতনী বুলি ভাবিছে । মই আগুৱাই গৈ তেওঁৰ গালত ঠাচকৈ এটা চৰ শোধালো। আচম্বিত ঘটনা দেখি তেঁও একদম হতভম্ব হৈ গৈছে। মই স্পষ্ট পলিচ ভাষাত তেওঁ কাণে কাণে ফুচফুচাই কলো , "এই থাপৰটো হল কৰ্তব্যত ফাঁকি দি চিগাৰেট হুপাৰ বাবে ।" তেওঁ বুজিলে মই ভুতপ্ৰেত বা তেনে একো নহয় । তেওৰ দৰে এজন মানুহ । সেয়া বুজা মাত্ৰেই তেওঁ নিজৰ বান্ধোন খুলিবলৈ অপ্ৰাণ চেষ্টা কৰিলে । দেহটোক সংকুচিত কৰি ইফাল সিফালে বাগৰিবলৈ ধৰিলে । মই হাতুৰিটো হাতত লৈ সাজু হৈ থকিলো । যদি তেওঁ ওলাব পাৰে তেন্তে আকৌ এবাৰ হাতুৰীৰ কোব দিম । এইবাৰ হাতুৰীটো মুৰটোত বান্ধি লোৱাৰ বাবে মোৰ চাৰ্টটোও নাই । সেইটো ইতিমধ্যে তেওঁৰ হাতত বান্ধিবলৈ ব্যৱহাৰ কৰিছো । এইবাৰ যদি মাৰো তেন্তে একদম আচল হাতুৰিৰ কোবটোৱেই পৰিব । তেওঁ সিপুৰী পাব। কিন্তু গাৰ্ডজনৰ কপালৰ জোৰ বহুত বেছি । ইমান টনা আজুৰি থকাৰ পিছতো বান্ধোন খুলিব নোৱাৰিলে । এটা সময় ক্লান্ত হৈ আকৌ স্থিৰ হৈ পৰিল । যি হওঁক । বহুত হল । এতিয়া কাম কৰিব লাগে । ঘড়ীত প্ৰায় আঢ়ৈটা বাজিছে । আৰু কিছু ঘন্টা সময়ৰ পিছতেই সূৰ্যোদয় হব। এই এক ঘন্টাৰ মাজতেই মই সেই প্ৰিষ্টক ঠিকনা লগাব লাগিব । গাৰ্ডৰ নিতম্বৰ কাষত দুটা লাথ মাৰি উভতি আহিলো প্ৰিষ্টৰ কবৰলৈ । এইবাৰ আৰু কোৰৰ মুঠিত ব্ৰা টো মেৰিয়াবলৈ নাপাহৰিলো । গাৰ্ডক পিটি আত্মবিশ্বাস তুংগত তাৰোপৰি হাতৰ বিষো কমি আহিছে । সেয়ে কামটো বহুত সহজ হৈ গল । ১৫ মিনিটতে কবৰটো খান্দি প্ৰিষ্টৰ কফিনটো বাহিৰ কৰিলো । কিন্তু এয়া কি! কফিনটোৰ এয়া কি অবস্থা! এয়া কোনো সাধাৰণ কাঠৰ কফিন নহয়। লোৰে তৈয়াৰ কৰা মজবুত কফিন । আৰু সকলোতকৈ আশ্চৰ্যজনক কথটো হল কফিনৰ হুকটোত এটা বিশাল তলা ওলমি আছে ! কৰ্মকাণ্ড দেখি অনুমান কৰাত কষ্ট নহল । লোৰ কফিনত তলা লগাই কোনো লাচকেই কেতিয়াও পোতা নহয় । এই পদ্ধতিটো কেবল জীবন্তভাবে পোতাৰ ক্ষেত্ৰতেই প্ৰযোজ্য। তেন্তে কি এই চয়তানটোক জীৱন্তই পুতি পেলোৱা হৈছিল ? সঁচাকৈ যদি এনে হৈছিল তেন্তে বহুত অন্যায় কৰা হৈছে । এই চয়তানটোক কমপক্ষেও তিনিদিন তিনিৰাতি গণপ্ৰহাৰ কৰি , পিছদিনা ফাঁচীকাঠত ওলোমাই তাৰ পিছত হে কফিনত ভৰোৱাটো উচিত আছিল। কিন্তু এতিয়া এই তলাৰ চাবি কত পাম ? হঠাৎ মনত পৰিল বেগত এখন হেক্সো ব্লেড থকাৰ পিছত মই কিয় চাবি বিছাৰিব লাগে ? ব্লেডখনেৰে তলাটো কাটিলেই হল । বেগৰ পৰা ব্লেডখন উলিয়াই তলাটোত ঘহিবলৈ আৰম্ভ কৰিলো । তীক্ষ্ণ এটা কীচ কীচ শব্দ সৃষ্টি হৈ নিৰবতা ভঙ্গ হল । এটা সময়ত ঘটংকৈ তলাটো খুলি পৰিল । এগ্ৰাস ভয় আহি মোক গ্ৰাস কৰি পেলালে । কফিনৰ ভিতৰত জীৱন্ত কবৰ দিয়া চয়তানজন কি এতিয়াও বাচি আছে? যদি আছে তেন্তে মোক দেখি কি হব তেওঁৰ সম্ভাব্য প্ৰতিক্ৰিয়া। প্ৰচন্ড ইচ্ছা হৈছে এই সকলোবোৰ দলিয়াই দি পলাই যাম । কফিনটো নোখোলাই ভাল হব নেকি ? কফিনটো খুলিলে যদি মুক্ত হৈ যায় তেতিয়া কি হব? কিন্তু মই তাৰ শেষ নেদেখাকৈ এৰিব নোৱাৰো। আজি ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিহে যাম ।
বৰষুণ হঠাৎ বন্ধ হৈ গৈছে । চাৰিওফালে নিস্তব্ধ নিৰবতা। প্ৰকৃতিও যেন এক অজানা অঘটন ঘটোৱাৰ প্ৰতিক্ষাত। মোৰ কঁপি থকা হাত দুখন কফিনেৰ ঢাকনিখনত ৰাখিলো। তাৰপিছত এটা দীৰ্ঘ শ্বাস লৈ হঠাৎ একে উশাহে টানি খুলি দিলো ।
হে ভগবান , মই এইবোৰ কি দেখিছো !!! এয়া কেনেকৈ সম্ভব হব পাৰে !!! এই লাচটো তো একদমেই জীৱন্ত ,,
Click here to read daini part 22 assamese novel