Free Assamese Novel Daini Part 23 ডাইনী Assamese Novel Pdf Free
Free Assamese Novel Daini Part 23 ডাইনী Assamese Novel Pdf Free,Popular Assamese Novel
Free Assamese Novel Daini Part 23 ডাইনী Assamese Novel Pdf Free
Click Here to Read Daini Part 22মই জ্ঞানশূন্য হৈ পিঠিৰে কফিনৰ ঢাকনিখন ওপৰলৈ থেলিবলৈ ধৰিলো । কিন্তু সেয়া খোলা নাই । কৰবাত যেন ফচি গৈছে । এনে লাগিছিল যেন সকলো শেষ । মই আৰু ইয়াৰ পৰা ওলাব নোৱাৰিম । এলিচক ভুল বুজি মই নিজেই নিজৰ বিপদ মাতি আনিছো । এনেদৰে মৰিব লাগিব বুলি নিজৰ মাজতো কোনো অনুভুতি বা অনুশোচনা হোৱা নাই । মাত্ৰ মৰাৰ আগেয়ে এটা প্ৰশ্নৰ উত্তৰ জানিবলৈ ইচ্ছা গৈছে । মোৰ আত্মাটোৰ কি হব? মৃত্যুৰ পিছতো কি মই এই প্ৰিষ্টৰ কবলৰ পৰা মুক্তি পাম নে ? পৰিশ্ৰম আৰু উত্তেজনাৰ শেষ অৱসাদত দেহটো প্ৰিষ্টৰ দেহৰ ওপৰতে বন্দী হৈ গৈছে । মোৰ শৰীৰত তেওঁৰ দেহৰ পৰা আঠা লাগি বেয়া অৱস্থা হৈছে । মই আশা ত্যাগ কৰিছো । মাত্ৰ বিছাৰো মৃত্যু যেন দ্ৰুত আৰু বেদনাহীন ভাবে হয়।
মুৰটো ৰিমঝিম কৰিছে আৰু প্ৰচন্ড ভাৰী যেন হৈছে । অবশেষত নিৰুপায় হৈ প্ৰিষ্টৰ আঠাৰ বুকুত মূৰটো থৈ দিলো । ক্ষণিকৰ বাবে মোৰ বাগদত্তা অভিক খুব মনত পৰিল । শৈশৱকাল একেলগেই পাৰ কৰিছিলো আমি। কৈশোৰত আহি ৰঙিন ভালপোৱা । প্ৰায় দহটা বছৰ ধৰি লুকাই লুকাই প্ৰেম কৰিছিলো । কিন্তু মোৰ মাৰ সেয়া সহ্য নহল। বিয়াৰ আয়োজন কৰিলে । তেওঁৰ সেই চছমা পিন্ধা গোলাকাৰ মায়াবী চকু, আৰু বুকুখন । বহুত দিন হল তেঁওৰ বুকুত এনেদৰে মুৰটো থবলৈ পোৱা নাই !
অনুভৱ কৰিলো প্ৰিষ্টৰ হাত দুখন মোৰ ককালৰ পৰা নগ্ন পিঠিলৈ উঠি আহিছে । এনে লাগিছে যেন পিঠিত দুটা পৰুৱা কিলবিলাই আছে । ঠিক যেনেকৈ সপোনত দেখিছিলো। লাহে লাহে হাত দুখন মোৰ গলৰ পিনে আগুৱাবলৈ ধৰিলে । সম্ভৱত মোক গলত টিপি মাৰিব খুজিছে । বাধা দিয়াৰ শক্তি নাই । মই মাত্ৰ অধীৰ আগ্ৰহেৰে জীৱনৰ শেষ পৰিণতিৰ বাবে অপেক্ষা কৰিছো । হতাশাত চকু দুটি মুদ খাই আহিল।
তেতিয়া মই নিজকে কফিনত অকলশৰীয়াকৈ আবিষ্কাৰ কৰিলো । প্ৰিষ্টৰ দেহটো অদৃশ্য। উজ্জ্বল পৰিষ্কাৰ জোনাক ৰাতি। মই অকলশৰে শুই আছো এই লৌহ কফিনত । ঢাকণিখন উপৰত তোলা আছে। হঠাৎ কবৰৰ নামফলকৰ ওচৰত এজনী পৰম সুন্দৰী অপেশ্বৰীক দেখা পালো। বাথৰুমৰ আইনাত প্ৰথম দৰ্শনত এলিচে যি কাপোৰ পিন্ধিছিল , ঠিক তেনেকুৱা এখন কাপোৰ পৰিহিত সেই ছোৱালীজনী । মোৰ পিনে চাই হাঁহি মাৰি তাই কাৰোবাৰ হাত এখন উলিয়ালে মোৰ পিনে আগুৱাই দিলে কিন্তু পিছমুহূৰ্ততে আনখন হাতেৰে সেই হাতখনৰ মধ্যমা আঙুলিটো ছিঙি দিলে। কি ভয়ানক কাণ্ড। তাৰ পিছত এক ৰহস্যময় হাহি মাৰি তাই দৌৰি গল । তাই যোৱাৰ লগে লগে মেঘে আকৌ জোনটো ঢাকি পেলালে । চাৰিওফালে আকৌ অন্ধকাৰ হৈ আহিল ।মই অনুভব কৰিলো এই অন্ধকাৰত এযোৰ হাতে মোৰ গলটো টিপি ধৰিছে ।
নিজক আকৌ কফিনৰ ভিতৰতেই আবিষ্কাৰ কৰিলো। প্ৰিষ্টৰ সৈতে । মোৰ গলটো চেপি ধৰিছে । মোৰ মুৰত দ্ৰুত কিছু ভাবনা আহিল । এলিচৰ দৰে কাপোৰ পিন্ধা সুন্দৰী ছোৱালীজনী মাৰ্টিনীয়েই হব । সিহতে জীৱিত অৱস্থাত বন্দীশালত কাপোৰ শ্বেয়াৰ কৰিছিল। সেয়ে সিহত দুয়ো একে কাপোৰত আবিৰ্ভাব হয়। তাই মোক এক বাৰ্তা দি গৈছে । প্ৰিষ্টৰ বাও হাতৰ মধ্যমাত পিন্ধা আঙঠিটোই তাক আৰু বচাই তুলিছে । সেইটোৱেই তাক ইমান ক্ষমতাশালী কৰিছে । তেওঁৰ আঙঠি পিন্ধা মধ্যমা আঙুলিটো যদি ভাঙি দিব পাৰো তেতিয়া মোৰ প্ৰাণ বাচিব । ছোৱালীবোৰৰ আত্মাও মুক্তি পাব।
তাৰ হাতৰ আঙুলিৰে মোক চাপ প্ৰয়োগ কৰিব ধৰিছে । অন্ধকাৰত ঠিক বুজি পোৱা নাই সেই আঙঠি পিন্ধা হাত কোনখন । সেয়ে হাতেৰে অনুমান কৰাৰ চেষ্টা কৰিছো । হঠাৎ মোৰ আঙুলিয়ে সেই আঙঠিৰ থকা হাতখনৰ স্পৰ্শ পালে । চয়তানজন তলত শুই , দুয়ো হাতৰ আঙুলিৰে মোৰ টিপি ধৰিছে । বুঢ়া আঙুলি দুটাৰে মোৰ শ্বাসনালীৰ ওপৰত চাপ দিছে । মোৰ শ্বাস প্ৰশ্বাস প্ৰায় বন্ধ হোৱাৰ উপক্ৰম। হাওঁফাওঁটো বায়ুৰ অভাবত যিকোনো সময়ত ফাটি যাব । অক্সিজেনৰ অভাবত গোটেই শৰীৰটো উপলব্ধি কৰিছে । হাত ভৰিবোৰ কঁপিবলৈ ধৰিছে । এনে অবস্থাত , প্ৰিষ্টৰ আঙুলিটো মই কোনোপধ্যেই ভাঙিব নোৱাৰিম।
মুখৰ ভিতৰতে মই কবলৈ ধৰিলো "দুঃখিত মাৰ্টিনী, তোমাৰ বাৰ্তাটো মই কামত লগাব নোৱাৰিলো , বহুত দেৰি হৈ গৈছে।
Post a Comment