Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

বন্ধ হব windows 7 কম্পিটাৰবোৰ । সোনকালে কৰক এইকেইটা কাম

বন্ধ হব windows 7 কম্পিটাৰবোৰ । সোনকালে কৰক এইকেইটা কাম।

আপুনি আপোনাৰ কম্পিউটাৰত windows 7 অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰি আছে নেকি। তেন্তে আপোনাৰ বাবে এটা দুখবৰ । অতি শীঘ্ৰে বন্ধ হব windows 7 চাপোৰ্ট চিষ্টেম । Microsoft windows ৰ জনপ্ৰিয় অপাৰেটিং চিষ্টেম windows 7 ১৪ জানুৱাৰী ২০২০ ৰ পৰা আপডেট  নহোৱা হব বুলি প্ৰকাশ কৰিছে Microsoft এ। windows 7  ৰ দহবছৰীয়া এই পৰিক্ৰমাত ব্যৱহাৰ কাৰী সকলক তেওঁলোকৰ সুবিধা সমুহ অক্ষুন্ন ৰাখিবলৈ সোনকালেই Microsoft windows 10 লৈ  upgrade কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে স্বয়ং মাইক্ৰচফ্টৰ পৰা ।

Windows 7 বন্ধ হলে আপুনি কি কৰিব।

Windows 7 ৰ নতুন আপডেট বন্ধ হোৱাৰ আগেয়ে আপোনাৰ লেপটপ কাৰ্য সঠিক ৰাখিবলৈ windows 10 লৈ upgrade কৰি লব পাৰে। নতুবা windows 8 ব্যৱহাৰ কৰিব পাৰে। ১৪ জানুৱাৰী ২০২০ ফ পিছত আপোনাৰ লেপটপ অন হৈ থাকিব যদিও নতুন সংযোজন নহব।

Windows 7 বন্ধ হলে কি কি অসুবিধাত পৰিব আপুনি।

তলত windows 7 বন্ধৰ ফলত আপোনাৰ লেপটপত পোৱা অসুবিধাবোৰ উল্লেখ কৰা হৈছে।

১ আপোনাৰ লেপটপটোৱে কোনো প্ৰকাৰৰ windows update গ্ৰহণ কৰিব নোৱাৰা হব।
২ আপোনাৰ software updates ও পোৱা নাযাব।
৩ windows security updates পৰা  আপোনাৰ লেপটপ বঞ্চিত হব। তাৰ বাবে আপোনাৰ লেপটপ নিৰাপদ হৈ নাথাকিব।
৪ জানুৱাৰী ১৪ ৰ পিছত যদি কিবা আপোনাৰ windows error হয় সেয়া কেতিয়াও ভাল কৰিব পৰা নাযাব।
৫ আটাইতকৈ ডাঙৰ সমস্যা হৈছে ১৪ জানুৱাৰীৰ পিছত আপোনাৰ windows 7 ইমান চিকিউৰ হৈ নাথকিব যিমানে এতিয়া আপুনি উপভোগ কৰি আছে। অৰ্থাৎ আপোনাৰ ডাটা বা লেপটপ হেক হোৱাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে.।

Windows 10 অপাৰেটিং চিষ্টেম windows 7 ত কৈ বেষ্ট নে?

হয়। windows 10 operating system উইণ্ডজ ৭ তকৈ বেছি নিৰাপদ। আৰু এতিয়া  সময় থাকোতেই আপুনি windows 10 লৈ upgrade কৰি আপোনাৰ ডাটা নিৰাপদ ৰাখক।


বাৰ্তাটো আপোনাৰ সকলো windows 7 অপাৰেটিং চিষ্টেম ব্যৱহাৰকাৰী সকলক Share কৰক। আৰু তেঁওলোককো সজাগ কৰক।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment