সুস্থ থাকিব বিচাৰিলে সোনকালে বিয়া পাতক

why should marry early in Assam | Assamese Marriage Tips

সুস্থ থাকিব বিচাৰিলে সোনকালে বিয়া পাতক

বিয়া হল এটি সামাজিক বন্ধন বা বৈধ চুক্তি যাৰ মাধ্যমত দুজন মানুহৰ মাজত দাম্পত্য সম্পর্ক  হয়।এয়া এনে  অনুষ্ঠান যাৰ মাধ্যমত দুজন মানুহৰ মাজত ঘনিষ্ঠ আৰু  যৌন সম্পর্কই সামাজিক স্বীকৃতি লাভ কৰে ।

বিয়াৰ ফলত দুজন  মানুহৰ  মনৰ  আদান প্রদান হয়। যাৰ ফলত  দুজন মানুহে নিজৰ চিন্তা চেতনাক নিজৰ মাজত ভাগ কৰিব পাৰে । যাৰ ফলত নিসংগ মনোভাব, হতাশা, ক্লান্তি সকলো  দূৰ কৰা সম্ভৱ। সেয়ে মানসিক সুস্থতাৰ বাবেও এক প্ৰকাৰে  বিয়াৰ প্ৰয়োজন ।

সম্প্রতি স্বাস্থ্যবিষয়ক এটি ৱেবচাইটৰ প্রতিবেদনত প্রকাশ কৰা হৈছে  কিছু তথ্য । বিয়া আৰু  স্বাস্থ্য ইয়াক লৈ কি কোৱা হৈছে তাক জানো আহক -

ৰোগ প্রতিৰোধ ক্ষমতা: বিয়াৰ পিছত স্বামী-স্ত্রী মাজত নিয়মিত শাৰীৰিক সম্পর্ক স্থাপিত হয়। যাৰ ফলত দম্পতিৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে।

নাৰীৰ মূত্রাশয় নিয়ন্ত্রণ: স্বাভাবিক যৌনজীৱনে নাৰীৰ  মূত্রাশয়ৰ মাংসপেশীক সক্রিয় ৰাখে । বিশেষ কৈ  ‘অৰ্গেজমৰ’ সময়ত ‘পেলভিক ফ্লোৰৰ’ মাংসপেশী সংকুচিত হয়, যি এটি ভালো ব্যায়াম হয় । কাৰণ প্রায় ৩০ শতাংশ নাৰীৰ কোনো কোনো সময়ত মূত্রাশয়ৰ ওপৰত নিয়ন্ত্রণ ৰখা কঠিন হৈ পঢ়ে।

ৰক্তচাপ কমায়: নিয়মিত শাৰীৰিক সম্পর্ক স্থাপিত হলে ৰক্তচাপ কমে বুলি কয়  গবেষক জোচেফ জে. পিনচনে। গবেষণাত কৈছে , শাৰীৰিক সম্পৰ্কই ৰক্তচাপ কমায়।

ব্যায়াম: নিয়মিত শাৰীৰিক  সম্পর্কত প্রতি মিনিটত পাঁচ কেলৰি খৰচ হয়। গবেষকে কৈছে  , শাৰীৰিক মিলনত দুই প্ৰকাৰৰ উপকাৰ হয় । এক. হৃদকম্পনৰ গতি বাঢ়ে, দুই. একেলগে বহু মাংসপেশীক সক্রিয় কৰি তোলে ।

হার্ট এটাক্টৰ আশংকা : শাৰীৰিক সম্পৰ্ক হৃৎপিণ্ডৰ বাবে   উপকাৰী। ই হার্ট ৰেট ভালে ৰখাৰ লগতে  ‘এস্ট্রোজেন’ আৰু ‘টেস্টোস্টেৰনৰ’ মাত্রা নিয়ন্ত্রণ কৰে। গবেষকে কয় , যিসকলে সপ্তাহত অন্ততঃ দুদিন শাৰীৰিক সম্পৰ্কত  লিপ্ত হয় সিহতৰ হার্ট এটেক্টত মৃত্যুৰ আশঙ্কা ক'ম।

বিষ কমায়: বিষ কমাবলৈ  ‘অৰ্গেজম ’ বেছি কার্যকৰী। অধ্যাপক বেৰী আৰ. কমিচাৰুই জানিবলৈ দিয়ে , অৰ্গেজমে বেদনা হ্ৰাস কৰিব পাৰে । কাৰণ ইয়াত যি  হৰমোন নিঃসৃত হয়, সেয়া  শৰীৰৰ বেদনা বা ব্যথা প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

টোপনি : শাৰীৰিক সম্পর্কৰ শেষত টোপনি গভীৰ হয় । কাৰণ অৰ্গেজমৰ সময়ত যি হৰমণ নিঃসৃত হয়, সেই হৰমণে দেহক শিথিল কৰি টোপনি যোৱাত সহায় কৰে ।

মানসিক চাপ: যৌন সম্পৰ্কই সঙ্গীৰ ঘনিষ্ঠতা মানসিক চাপ বা উদ্বেগ কমাবলৈ পাৰে । গবেষকে জানিবলৈ দিয়ে , সুস্থ জীৱনৰ বাবে শাৰীৰিক ঘনিষ্ঠতা অত্যন্ত জৰুৰী ।