ভাৰতৰ ৭০% নাৰীয়ে ঠগায় 70 Percent Indian Wives Cheat on Their Husbands
7 out of 10 women cheat on spouses in India,Why is cheating in a relationship common in the metro cities
ভাৰতৰ ৭০% নাৰীয়ে ঠগায় 70 Percent Indian Wives Cheat on Their Husbands
প্রতি ১০ জনী নাৰীৰ ভিতৰত সাতজনী অর্থাৎ ৭০ শতাংশ নাৰীয়ে পুৰুষক ঠগ প্ৰৱঞ্চনা কৰে বুলি দাবী কৰা হৈছে এক গবেষনাত । গ্লিডেন নামৰ এটা এক্সট্রা মেৰিটেল এপে কৰা জৰিপত এই তথ্য পোহৰলৈ আহিছে বুলি জনাইছে প্রতিষ্ঠানটোৱে।
‘নাৰীসকলে কিয় ব্যভিচাৰত লিপ্ত হৈছে ’ শিৰোনামাৰে জৰীপটো পৰিচালনা কৰা হয়। বাংঙ্গালুৰু , মুম্বাই, কলকতাৰ দৰে চহৰৰ নাৰীসকল সকলোতকৈ বেছি পৰকীয়া প্ৰেমত লিপ্ত হয় বুলি জৰীপত স্পষ্ট হৈছে । নাৰী পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰ আৰত স্বামীৰ সৈতে বৈবাহিক জীৱনত অসুখী, অৱজ্ঞা, গৃহ কামত স্বামীৰ অসহযোগিতাক যুক্তি হিচাপে দিয়া হৈছে ।
জৰীপকাৰী প্রতিষ্ঠান গ্লিডেনৰ এজন Marketing Specialist চোলেন পাইলেটে কলে , ‘জৰীপত অংশ লোৱা প্রতি ১০ জনী নাৰীৰ চাৰিজনীয়ে জনাইছে , অপৰিচিতৰ সৈতে পৰকীয়াত লিপ্ত হোৱা পিছত স্বামীৰ সৈতে সিহতৰ ঘনিষ্ঠতা বাঢ়িছে ।’
সম্পর্কত লিপ্ত হোৱা এনে নাৰীক টার্গেট কৰি ২০০৯ চনত গ্লিডেন এপৰ যাত্রা আৰম্ভ হয় ফ্রান্সত । ৮ বছৰ পিছত ২০১৭ বৰ্ষত ভাৰতত আহে । এখন ফৰাচী এই অনলাইন প্লেটফর্মৰ মুঠ ব্যবহাৰকাৰীৰ ৩০ শতাংশই ভাৰতীয় বিবাহিত নাৰী। যিসকলৰ বয়স ৩৪ পৰা ৪৯ বছৰৰ ভিতৰত ।
ব্যবহাৰকীৰ ২০ শতাংশ পুৰুষ আৰু ১৩ শতাংশ নাৰী সিহতৰ স্ত্রী বা স্বামীক প্ৰৱঞ্চনা কৰি পৰকীয়া প্ৰেম কৰিছে বুলি স্বীকাৰ কৰিছে । স্বামীক ঠগাই পৰকীয়া কৰা এনে ৭৭ শতাংশ ভাৰতীয় নাৰীয়ে কৈছে , সিহতৰ বিবাহিত জীৱন একঘেয়ামী হৈ পৰিছে । সেয়ে বিয়াৰ পিছটো এজন সঙ্গী বিচাৰি লৈছে । নিজৰ স্বামীৰ বাহিৰে এজন সঙ্গী বিচাৰি পোৱাত সিহতে ভিন্ন ধৰণৰ উত্তেজনা অনুভৱ কৰে ।
ভাৰতৰ প্রায় ৪৮ শতাংশ নাৰীয়ে বিচাৰে বিবাহবহির্ভূত সম্পর্ক থকা উচিত; জৰীপত এনে তথ্য আহি পৰিছে ।
Join the conversation