বিবাহবার্ষিকী'ত স্বামীক নিজৰ কিডনী দিলে স্ত্রীয়ে
বিবাহবার্ষিকী'ত স্বামীক নিজৰ কিডনী দিলে স্ত্রীয়ে
ভালপোৱাৰ উদাহৰণ হিচাপে আমি তাজমহলৰ নাম কৈ থাকো । কিন্তু সেয়াতো বহুত আগৰ কথা। বর্তমান যুগত আমাৰ আশেপাশেই কত বিস্ময়কৰ ভালপোৱা সৃষ্টি হৈ থাকে তাৰ বিষয়ে আমি অজ্ঞাত। এইবোৰ আমি কিমানে জানো.. এনে কিছুমান ভালপোৱা হয়তো তাজমহলতকৈও দামী । কিন্তু সেইবোৰ ঘটনা আমি বিশেষ জানিবলৈ নোৱাৰে কাৰণ, ভালপোৱাৰ প্রকাশ গোপনে থকাই ভাল
ইন্দোৰৰ ৰবিদত্ত চনি বহুদিন ধৰি ভুগিছিল কিডনিৰ সমস্যাত । চলিছিল নিয়মিত ডায়ালাইচিছ। ৰবিৰ স্ত্রী' প্রভা পৰিস্থিতি মোকাবিলা কৰি কৰি দেহেকেহে খাটিছিল কিন্তু কিছুদিন আগেই ৰবিৰ শৰীৰৰ চৰম অবনতি ঘটে। ইন্দোৰৰ হাস্পিটেলৰ ডাক্তৰে কলে এতিয়া ৰবিক কিডনিৰ প্ৰয়োজন। এই সময়ত তেঁওৰ মনত পৰিল সিহতৰ ১৭ তম বিবাহবার্ষিকীৰ কথা।
প্রভাই জানিবলৈ দিয়ে যে কিডনি নিজে দিব । আৰম্ভ হয় পৰীক্ষা আৰু তাৰপিছত অপাৰেশ্বন। ফুলেৰে পূৰ্ণ বা দামী পাৰফিউম নহয়, বিবাহবার্ষিকী'ত স্বামীক এটি কিডনি উপহাৰ দিলে প্রভাই। সুখবৰ এই যে ডাক্তৰে জানিবলৈ দিয়া মতে ৰবি এতিয়া আগতকৈ সুস্থ হৈছে । স্বাস্থ্যৰ দ্রুত উন্নতি ঘটিছে । ভালপোৱাৰ জোৰ আৰু কাক কম।
এইদৰে জয় হওঁক প্রতি ভালপোৱাৰ , বন্ধন থাকক অটুট মৰম।।
তথ্য: ডেইলি নিউজ।
1 comment