ভূত মানে কি What Is Ghost In Assamese Language
Meaning of Ghost in assamese , Ghost In Assam | Bhuotr Kotha | Vut mane Ki
ভূত মানে কি What Is Ghost In Assamese Language
আমি সৰুৰ পৰাই পৰিচিত এই "ভূত" শব্দটোৰ সৈতে। আমাৰ মা, আইতাহঁতে বহুত ভূতৰ গল্পও কৈছিল । যি শুনি শুনি আমি নানান ৰকমৰ ভূতৰ কল্পনা কৰি ভয় খাইছিলো
কিন্তু সচাকৈ কি ভূত এনে ৰকমৰ নে ? যি আমাক কোৱা হৈছিল বা ভাবিবলৈ বাধ্য হৈছিলো ?
নহয় বন্ধু। এই ভুল ভাবনাবোৰৰ পৰা বাহিৰ ওলাই আহিব সময় হৈছে
বৈজ্ঞানিক প্ৰযুক্তি বা পদ্ধতিৰ দ্বাৰা আমি এটা সিদ্ধান্তত উপনীত হৈছেহি যে, "ভূত" আচলতে যিটো আমি ভাবো বা ভাবি আহিছো সেয়া মুঠেই নহয়।
ভূত কি সচাকৈয়ে ক্ষতিকৰ? What Is Spirit In Assamese Language
এতিয়া আমি জানিম "ভূত" আচলতে কি? কাল্পনিক নে সঁচা কিবা আছে?
তেন্তে শুনক , হয় কিবা এটা আছে। কিন্তু ইয়াক আমি কেতিয়াও "ভূত" বুলি নকওঁ ।কাৰণ, "ভূত" বুলি কোৱা মানেই হল, কুসংস্কাৰ বা অন্ধবিশ্বাসৰ মাজত নিজৰ সুমুৱাই দিয়া । সেয়ে ইয়াক আমি "ভূত" বুলি নকওঁ , আমি কব পাৰো "চেতনা" যি শৰীৰৰ বাহিৰত থাকে, সেয়ে ইয়াক "আত্মা" বুলি চিহ্নিত কৰাই ভাল। আত্মা হল চেতনা, যি আমাৰ শাৰীৰিক মৃত্যুৰ পিছতো বাচি থাকিবলৈ পাৰে । আমাৰ প্ৰত্যেকৰ মাজত , আমাৰ নিজৰ নিজস্ব আত্মা আছে, যিটো পৃথক।
কাৰো সৈতে কাৰোৰ মিল নাই এই পৃথিবীত। এইদৰেই পৃথক আমাৰো চেতনা, সেয়ে তোমাৰ, মোৰ বা আমাৰ সকলোৰে ভাবনা, চিন্তাও পৃথক ।
ভূত কেতিয়াও হলিউড বা বলিউড চিনেমাত দেখা ভূতৰ দৰে নহয় । ফিল্মবোৰ আমাৰ আমোদৰ উদ্দেশ্যে বনায় ৷ এই সকলো চিনেমাতে আত্মাক চয়তানৰ ৰুপ দিয়া হয়, যেনে সিহতে সদায় বগা শাৰী পিন্ধে , ৰক্ত পান কৰে ইত্যাদি, ৰাতি ওলায় ইত্যাদি ইত্যাদি.. যিবোৰ কেতিয়াও সঁচা নহয়।
-Written by Srija Das
(BPS)
Post a Comment