পিছদিনা অফিচ শেষ কৰি মই নিকটাস্থিত চিমেট্ৰিলৈ গলো। শতাব্দী গৰকা প্ৰাচীন এক বিশাল কবৰস্থল। হাজাৰ হাজাৰ মানুহৰ জীবনৰ কোলাহলৰ শেষত ইয়াতে প্ৰশান্তিৰ টোপনিত মগ্ন হৈ আছে। চিমেট্ৰিৰ দুৱাৰত আছে এটা পুলিশ বক্স। ভিতৰত সোমোৱাৰ সময়ত গেটৰ দুয়োফালে দুজন গাৰ্ডৰ ৰুক্ষ চেহেৰা দেখিবলৈ পালো। চিমেট্ৰিৰ প্ৰধান দুৱাৰ পৰা সিটো মূৰৰ দ্বিতীয় দুৱাৰখন পাৰ হলেই নতুন গিৰ্জাটো পায়। অবশ্যে চিমেট্ৰিৰ ভিতৰেৰে নগৈ হাইৱেৰ কাষৰ সৰু গলিটোৰেও গীৰ্জাটো উঠিব পাৰি। সিটো মূৰৰ দুৱাৰখনতো এজন গাৰ্ডক দেখা পালো। মই তেতিয়া হতাশাগ্ৰস্ত হৈ পৰিছো। উচ্চ দেৱালেৰে আবৰা এই চিমেট্ৰিৰ দুয়োফালে পহৰাদাৰৰ ব্যবস্থা কৰা হৈছে। সিহঁতৰ চকুত ধূলি মাৰি প্ৰিষ্টৰ কবৰ খন্দাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, যেনে কোৰ, হাতুৰী আদি ভিতৰলৈ নিব পৰা নাযাব। আৰু হতাশাজনক কথাটো হল গেটতেই যে পহৰাদাৰৰ আছে সেয়া নহয়। প্ৰায় আধাঘণ্টাৰ মুৰে মুৰে এজন গাৰ্ডে ভিতৰৰ কবৰবোৰ চাই ঘূৰি ফুৰি পহৰা দি আছে। কিবাকৈ যদি কবৰ খন্দা বস্তুবোৰ ভিতৰলৈ নিব পৰা সম্ভবো হয় তাৰ পিছতো এই ভিতৰৰ ঘূৰি ফুৰি থকা গাৰ্ডজনৰ চকুৰ পৰা সাৰি যোৱাটো সম্ভৱ নহব।
হঠাৎ গীৰ্জাৰ পিনে চকু পৰিল। মনত পৰিল এলেচৰ ডায়েৰীত তাই গীৰ্জাক সাক্ষাৎ নৰকৰ সৈতে তুলনা কৰিছিল। মনত পৰিল উপমহাদেশত বৃটিছ শাসনকালত দেশৰ দৰিদ্ৰ অন্য ধৰ্মাবলম্বী লোকসকলক গীৰ্জা লৈ আনি বলপুৰ্বক ভাবে ধৰ্মান্তৰিত কৰা হৈছিল। যিয়ে ধৰ্মান্তৰিত হবলৈ অস্বীকাৰ কৰে সিহঁতৰ সা সম্পত্তি জালিয়তি কৰি হস্তক্ষেপ কৰা হৈছিল। বৃটিছসকলৰ ভৰি চেলেকা ঐতিহাসিকবিদ সকলেও নীল কৰৰ বিৰুদ্ধে প্ৰচাৰ কৰিলেও এই গীৰ্জা বিষয়ে একেবাৰে নিশ্চুপ। তেতিয়া ব্ৰিটেইনৰ কাৰখানাত অপেক্ষাকৃতভাবে সস্তাত কৃত্ৰিম নীল প্ৰস্তত কৰা আৰম্ভ হৈ গৈছিল। কিন্তু এই কৃত্ৰিম নীলতকৈ উপমহাদেশত উৎপাদিত প্ৰাকৃতিক নীলহে বেছি সমাদৃত আছিল। ফলশ্ৰুতিত কৃত্ৰিম নীল কাৰখানাবোৰে ক্ৰমাগত লোকচানৰ ফালে ধাবমান হল। তেতিয়া বৃটিছ সকলে দেশৰ নব্য সভ্য শিক্ষিতসকলক ব্যৱহাৰ কৰিলে। সিহঁতে সিহঁতৰ শেঁতাংগ প্ৰভুৰ নিৰ্দেশতেই নীলকৰক লৈ কৰা অত্যাচাৰ সাহিত্যত ফুটাই তুলিলে। গোটেই উপমহাদেশৰ মানুহে গম পালে নীল কুঠৰিৰ অত্যাচাৰৰ কথা। তাৰ পিছতেই ঘটিল নীল বিদ্ৰোহ। মানবাধিকাৰৰ প্ৰশ্ন তুলি নীল খেতি বন্ধো কৰি দিয়া হয়। দোহাই তুলে নীল চাষ বন্ধ কৰে দেয়া হয়। তাৰ পিছত নীলবিদ্ৰোহৰ সফলতাৰ আনন্দত বিভোৰ ভাৰতীয় সকলে যেতিয়া আনন্দত মছগুল হৈ থাকিল তেতিয়া কৃত্ৰিম নীল বিক্ৰী কৰি পেৱা টকাৰে ইংৰাজসকলে আকৌ ব্যৱসায় উন্নতি কৰিলে। উপমহাদেশত তেতিয়া গীৰ্জাবোৰো এই নীলকুঠিত কৈ কোনো গুনেই কম নাছিল। কিন্তু ইংৰাজ প্ৰভুৰ অনুমতি নথকা বাবে গীৰ্জাৰ নিৰ্যাতনৰ দৃশ্য তৎকালীন সাহিত্যিকসকলে সম্পূৰ্ণভাবে এৰি চলিলে। জাতিৰ বিবেক তথা সাহিত্যিকসকলে তেতিয়া যদি প্ৰভুভক্তিতকৈ দেশপ্ৰেমক ডাঙৰ ভাবি গীৰ্জাৰ নিৰ্যাতনবোৰো সিহঁতে সাহিত্যত তুলি ধৰিলে আজি আমাৰ দেশত এটাও গীৰ্জাৰূপী নৰকৰ দুবাৰ নাথাকিলহেঁতেন। নীলকুঠিৰ দৰে সেয়াও বিলীন হলহেতেন।
গীৰ্জাৰ ছাদৰ ওপৰত এটা কাউৰীৰ কৰ্কশ চিঞৰে মোক ইতিহাসৰ পৰা বাস্তবলৈ ওভোটাই আনিলে। । গীৰ্জাৰ ছাদৰ পিনে চাই এনে লাগিল এই নৰকৰ দ্বাৰেই মোক চিমেট্ৰিৰ ভিতৰলৈ বস্তুবোৰ নিয়াত সহায় কৰিব। গীৰ্জাটো চিমেট্ৰিৰ একেবাৰে লগা লগিকৈ আছে। কোনো প্ৰকাৰে যদি মই গীৰ্জাৰ ছাদত হাতুৰি কোৰ ইত্যাদি তুলিবলৈ পাৰো তাৰ পৰা পেলাই দিলেই সেইবোৰ চিমেট্ৰিৰ দেৱালৰ ভিতৰত পৰিব। তাৰপিছত তললৈ গৈ চিমেট্ৰিত সোমাই এইবোৰ বিচাৰি ললেই হল। আৰু তাৰ এজন গাৰ্ডক মই সহজেই কাবু কৰিব পাৰিম। মাত্ৰ লক্ষ্য ৰাখিব লাগিব কামখিনি যাতে চুপচাপ হয়। আৰ্তনাদ কৰাৰ আগেই গাৰ্ডক মুখত সোপা দি মুৰত কোবাই অজ্ঞান কৰিব লাগিব। তাৰ পিছত হাতত ১ঘণ্টা সময় পোৱা যাব। এই এক ঘণ্টাৰ মাজতে মই কবৰ খান্দি প্ৰিষ্টৰ লাচটো উলিয়াই তাৰ হাতৰ পৰা আঙুঠিটো লৈ আকৌ আগৰ দৰে থব লাগিব। স্পষ্টভাবে বুজি পালো এই কাম দিনৰ পোহৰত অসম্ভব। ৰাতিৰ আন্ধাৰত গা লুকাই কামটো কৰিব লাগিব। কথাবোৰ ভাবি মোৰ গাৰ নোম শিয়ৰি উঠিল।
এবাৰ গীৰ্জাত সোমোৱা প্ৰয়োজন। তাৰ পৰা পহৰাৰ ব্যবস্থাটো এবাৰ চাব লাগিব। আশাকৰো ইমান কঠোৰ নিৰাপত্তা ব্যবস্থা নাথাকে। চিমেট্ৰিৰ পিছদুৱাৰেৰে গৈ গীৰ্জাৰ প্ৰাঙ্গণত ভৰি ৰাখিলো।
গীৰ্জাটো একেবাৰে খালী। ছাদত এটা বিশাল ক্ৰুছ থিয় হৈ আছে। তাৰ তলত এটা বিশাল পেণ্ডোলিয়াম ঘড়ী। বাহ। মোৰ কামৰ বাবে একেবাৰে সুবৰ্ণ সুযোগ। বস্তুবোৰ সকলো ক্ৰুছৰ তলত লুকাই থম আৰু ঘড়ীটোৱে যেতিয়া প্ৰতি ঘণ্টাৰ অন্তত ঢং ঢং কৈ বাজি উঠিব তেতিয়াই সেইবোৰ চাদৰ পৰা চিমেট্ৰিৰ ভিতৰত পেলাই দিম। ঘড়ীটোৰ শব্দ আৰু সেইবোৰ তলত পৰা শব্দ একেসময়তে হব বাবে তাত কোনো গাৰ্ডে গম নাপাব। পিচত ক্ৰুচৰ সৈতে ৰচি এডাল বান্ধি সেইডালেৰেই চিমেট্ৰিৰ ভিতৰলৈ মনে মনে সোমাব পাৰিম। মনটোক নিজে বা বা দিলো। মাজে মাজে নিজৰ বুদ্ধি দেখি নিজেই আবাক হও। হি হি হি। কিন্তু এতিয়াই এয়া নিশ্চিত হোৱা উচিত নহব। । গীৰ্জাৰ ভিতৰত সোমাই চাব লাগিব কোনোৱা আছেনে নাই। । ইয়াৰ খৃষ্টানসকল সাপ্তাহিক ধাৰ্মিক। গোটেই সপ্তাহ মদ গিলি ৰবিবাৰে গীৰ্জাত গৈ যিশুৰ ওচৰত ক্ষমা খুজিব। কি আজব চিষ্টেম সিহঁতৰ। আজি বুধবাৰ। সেয়ে সম্ভবত আজি গীৰ্জাটো নিতাল হৈ আছে। সাবধানীৰ মৰণ নাই। হঠাৎ এনে লাগিল এটা ছায়ামূৰ্তি মোৰ কিছু দুৰেৰে পাৰ হৈ গল। লগে লগে মই চাদৰ ক্ৰুচটোৰ দিশত চাই একাগ্ৰতাৰে বুকুত তিনিবাৰ ক্ৰুছ আকিলো। আশা কৰিছো অভিনয়টো নিখুঁত হৈছে। কোনোৱে যদি মোক অনুসৰণ কৰিও আছে তেও যেন বুজে মই এগৰাকী ধৰ্মপ্ৰাণ খৃষ্টান। ভাবলেশহীন চেহেৰাৰে স্থিৰ পদক্ষেপ দি আগুৱাই গলো গীৰ্জাৰ দুৱাৰৰ পিনে। দৰ্জা খুলি সোমাই পৰিলো সাক্ষাৎ নৰকৰ ভিতৰত। মতটো নৰ্মেল কৰি পলিচ ভাষাত সুধিলো, ভিতৰত কোনোবা আছেনে? প্ৰত্যুত্তৰত এটা এন্দুৰ মাজমজিয়াৰে দৌৰি গল। আকৌ এবাৰ মাতিলো কিন্তু কোনোৱে উত্তৰে নিদিলে। গীৰ্জাৰ প্ৰাৰ্থনা ঘৰ, কনফেশন ৰুম, বাথৰুম সকলোতে চালো। কোনো নাই। সাৰ সুৰে খোজ কাঢ়ি চিৰিৰে ওপৰলৈ উঠিবলৈ ধৰিলো। শূন্য গীৰ্জাটোত নিজকে অকলশৰীয়া যেন লাগি এটা অজানা ভয়ে মনত বাহ ললে। মই তেতিয়ালৈ গম পোৱা নাই। ওপৰৰ তলাত মোৰ বাবে যে এজনে অপেক্ষা কৰি আছে
(আগলৈ )
স্বপ্ননীল আকাশ
ভাবানুবাদ
Click here to read part 17