ডাইনী Daini Part 2 Assamese Books Online Free

ডাইনী Daini Part 2 Assamese Books Online Free

ডাইনী Daini Part 2 Assamese Books Online Free

CLICK HERE TO READ PART 1 

.. আজি হঠাৎ মোৰ চেলৰ দৰ্জা খুলি মোৰ সমবয়সীয়া এজনী নগ্ন ছোৱালীক মোৰ কোঠাটোলৈ সোমাই দিলে। ৰক্ষীজনে খঙাল ভাবত কলে, "দুই ডাইনী একেলগে মৰ ।" সিহতে যিমানেই মোক ডাইনী বুলি প্ৰতিপন্ন কৰিছে মইও উচ্চস্বৰক প্ৰতিবাদ কৰিছো। কিন্তু এইবাৰ মই নবাগত ছোৱালীজনীক দেখি কিছু সময়ৰ বাবে অভিভূত হৈ পৰিলো। ছোৱালীজনী এজনী অপৰূপা সুন্দৰী। বাওগালত চাবুকৰ দাগ, সৰ্বশৰীৰত নির্যাতনৰ চিহ্নই তাইৰ সৌন্দর্য্যক ম্লান কৰিব নোৱাৰিলে । তাই আঠুকাঢ়ি উঠিবলৈ চেষ্টা কৰোতেই আকৌ লেপেটা খাই পৰিল। মই তাইৰ কাষলৈ গৈ তাইক চাবলৈ ধৰিলো। তাইৰ অবস্থা মোতকৈও বেয়া। মুৰৰ পিছপিনে এটা গভীৰ ক্ষত যৰ পৰা তেজ বৈ আছিল। মই মোৰ কাপোৰৰ এফাল কামুৰি চিৰি লৈ তাইক বেণ্ডেজ কৰি দিলো। এই শীতত অসুস্থ ছোৱালীজনীক তিল তিলকৈ মৰা দেখি মোৰ হৃদয়খনে চিঞৰি উঠিল। চাবুকৰ আঘাতত মোৰ নিজৰেই কাপোৰ ফালি একাকাৰ। তাৰ পিছতো যিমান সম্ভৱ মই ছোৱালীজনীক মোৰ কোলাত লৈ গৰম কৰি ৰখাৰ চেষ্টা কৰিলো। । দেৱালত জ্বলি থকা এটা জোৰ এটা তাইৰ কাষত পুতি দিলো। তাইক কোলাত লৈয়েই কথাবোৰ লিখিছো। জোৰৰ পোহৰত তাইক আৰু অপূৰ্ব লাগিছে। মোক ক্ষমা কৰা ইশ্বৰ। মই তোমাৰ এই অপৰূপ সৃষ্টিৰ প্ৰেমত পৰি গৈছো । "

পৃষ্ঠাটো পঢ়ি বুজি উঠিলো এলিছৰ সহচার্যতাই এই নিদাৰুণ বন্দিত্বত থাকিও হৃদয়ত প্রেমৰ জোৱাৰ তুলিছে। হয়তো এলিচ সমকামী নাছিল কিন্তু পৰিস্থিতিয়ে তাইৰ মনত ক্ষণিকৰ মোহৰ সৃষ্টি কৰিলে । কিন্তু নতুন ছোৱালীজনীৰ নামটো কি আছিল? প্রশ্ন টোৱে মোৰ মুৰলৈ আহোতেই লাইব্ৰেৰীৰ দৰ্জাখন সশব্দে বন্ধ হৈ গল । ধুলিময় দৰ্জাৰ খিলিটোৰ তলত এলিচৰ সুস্পষ্ট হাতৰ আখৰত এটা নাম ফুটি উঠল, "মার্টিনী।" কিছু সময় পিছত আকৌ সেয়া ধূলিৰ লগত মিহলি হৈ গল।.....

এতিয়া কথাবোৰ বুজি পালো। এলিচ মৃত্যু হোৱাৰ পিচতো এই ঘৰটোত তাইৰ আত্মাটো বন্ধী হৈ আছে।আজিও লাইব্ৰেৰীত মোৰ সৈতে আছে। কিন্তু মই তাইক দেখা পোৱা নাই। কথাবোৰ ভাবি মোৰ গাৰ নোম শিয়ৰি উঠিল। প্ৰচণ্ড ভাবে ঘামিবলৈ ধৰিলো। ঠিক তেতিয়াই বন্ধ ঘৰৰ কোঠাতোত বতাহ আহি বাইবেলৰ পৃষ্ঠাটো ওলোটাই দিলে। বুজিলো এলিচে বিচাৰিছে মই তাইৰ লেখাবোৰ পঢ়ো। মোৰ এনে লাগিল তাই দৰ্জাবোৰ লক কৰি মোৰ পলোৱাৰ সকলো পথ ৰুদ্ধ কৰি দিছে। এতিয়া যদি মই তাইৰ ইংগিত নুশুনো তেতিয়া হয়তো এইটো ঘৰতে মোকো তাই মাৰি পেলাব। ভয়ে ভয়ে দৰ্জাৰ পিনে চালো। দৰ্জাত আকৌ এটা বাক্য "প্লিজ সহায় কৰা" তাৰ পিছত লাহেকৈ দৰ্জাখন খোল খালে।

দৰ্জা খুলি যোৱা দেখি মনটো অলপ সাহস পালো। এলিচে মোক আপোনৰ দৰে ব্যৱহাৰ কৰিছে। তাইক সহায়ৰ প্ৰয়োজন। কিন্তু কিয়। শেষত কি হৈছেনো তাইৰ ভাগ্যত। কৌতূহলে মোক পৰবৰ্তী পৃষ্ঠা পঢ়িবলৈ বাধ্য কৰিলে। তাত লিখা আছিল।।

"আজি ৰাতিপুৱা মোৰ কোলাতেই ছোৱালীজনীৰ জ্ঞান উভতি আহিল । মই তাইক গুড মৰ্ণিং কলো। কিন্তু তাই ভাবলেশহীন চকুৰে মোৰ মুখলৈ চাই থাকিল। তেতিয়া ৰক্ষীজন মোৰ ৰুমলৈ আহিল। তিনিদিনৰ মুৰত মোক সিহতে কিবা খাবলৈ দিলে। খোৱাৰ থালথনত আছিল চাৰি টুকুৰা বাহি পঁচা ৰুটি আৰু এগিলাছ পানী। এই তাৰে দুটুকুৰা সেই ছোৱালীজনীক দি দিলো। তাইও গোগ্ৰাসে গিলি দিলে। খোৱাৰ শেষত পানীখিনি দুয়ো ভাগ কৰি পিলো। স্রষ্টাক অসংখ্য ধন্যবাদ জনালো তেওঁ এই ভোকাতুৰক খাবলৈ দিছে, তৃষ্ণা দুৰ কৰিছে। মই এবাৰ ছোৱালীজনীৰ কাষলৈ গৈ তাইৰ মুৰৰ ক্ষত অংশটো চালো। শুকুৱাত বহুত দেৰি হব যেন লাগিছে। মন কৰিলো তাইৰ নগ্ন দেহে ঠাণ্ডাত কপি আছে। গোটেই ৰাতিটো জ্বলি জ্বলি জোৰডালো নুমাই গৈছে। ঠাণ্ডাত তাই মৰিবলৈ ওলাইছে। তাইক মোৰ কোলালৈ লৈ আনিলো। প্ৰথমে বাধা দিলেও তাই পিছত মোৰ কোলাত বহিল। মোৰ ফটা কাপোৰখিনি দুয়োজনৰ দেহৰ ওপৰেৰে মেৰিয়াই ললো। । । তাই মোৰ বুকুত মুৰটো থৈ অলপ সময় তেনেদৰে থাকিল। আৰু মই লাহে লাহে তাইৰ সৈতে কথা কবলৈ আৰম্ভ কৰিলো.।  তাই কলে তাইৰ নাম মার্টিনী গুয়েন্থাৰ । তাই গীৰ্জাৰ সিটোমুৰৰ পাহাৰৰ গাঁওখনত থাকে। দেউতাক এজন ভেষজ চিকিৎসক।দেউতাকক স্থানীয় গীর্জাৰ প্রিষ্টে হত্যা কৰিছে । তেওৰ অপৰাধ আছিলো তেওঁ এজন পানীত ডুবা ল'ৰাক জীৱনদান কৰিছে । লৰাটোৰ শ্বাস প্ৰশ্বাস বন্ধ হৈ গৈছিল। কিন্তু তাৰ পিছতো তাইৰ দেউতাকে লৰাটোৰ বুকুত হাত ৰাখি চাপ দি বচাই তুলিলে। । প্রিষ্টৰ মতে লৰাটোৰ মৃত্যু হৈছিল। কিন্তু তাইৰ দেউতাকে মৃত লৰাজনৰ ওপৰত কলা যাদু কৰি জীৱন ওভোতাই আনিছে। এই অপৰাধত প্রিষ্টে লৰাটো আৰু মার্টিনীৰ দেউতাকক মৃত্যু আদেশ দিলে। মার্টিনীক ডাইনী আখ্যা দি এৰাতি উলঙ্গ কৰি বৰফত বান্ধি ৰখা হ'ল। পিছদিনা তাইক ইয়ালৈ লৈ অনা হয়। ...... মার্টিনী আৰু কবলৈ নোৱাৰা হৈছে। তাই ফেপাই ফেপাই কান্দি ভাগি পৰিল। বুজি পালো প্রিষ্টে তাইক গোটেই দিনটো ভোগ কৰি ৰাতি মোৰ চেলত বন্দী কৰি থৈছে। মই মার্টিনীক আৰু জোৰকৈ সাবটি ধৰিলো। কিছুসময় পিছত তাই শুই পৰিল তাইক কোলাত লৈয়েই মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো "

পৃষ্ঠাটা ওলোটাই দি মন কৰিলো তাৰে বহুখিনি মোৰ চকুৰ পানীত তিতি গৈছে। মনৰ মাজত সেই ধৰ্ম ব্যৱসায়ী প্ৰিষ্ট বাপিষ্টৰ প্রতি তীব্র ঘৃনা জাগিল । তেতিয়া বেডৰুমত মোৰ ফোনটো বাজি উঠিল। মায়ে মোক ফোন কৰিছে। লাইব্ৰেৰীৰ পৰা ওলাই আহি ফোনটো ৰিচিভ কৰিলো আজি আকৌ মোক মায়ে কান্দি থকা দেখা পালে। মোক প্ৰশ্ন কৰিবলৈ ধৰিলে মোৰ বাগদত্তাৰ সৈতে সকলো থিকেই আছেনে! মই ছেগ বুজি কিবা কিবি অন্য কথা কৈ প্ৰসংগটো এৰি চলিলো। মাৰ সৈতে কথাৰ শেষত মুখ ধুবলৈ বাথৰুমলৈ আহিলো। বেচিনত মুৰ তলমুৱা কৰি চকুত পানীত মাৰিলো। যেতিয়া মুৰটো তুলিলো মোৰ বুকু কপি উঠিল। আইনাত মোৰ প্ৰতিবিম্ব নাই। এজনী অন্য ছোৱালী মোৰ চেহেৰাটো ঠাইত থিয় হৈ আছে। মই অনুভৱ কৰিলো তাইয়েই এলিচ। আইনাৰ সিটোমুৰৰ পৰা মোক চাই আছে। কপালেৰে তাইৰ তেজ বৈ আহি আছে। মই সহ্য কৰিবলৈ নোৱাৰিলো। চিৎকাৰ কৰি বাথৰুমত জ্ঞান হেৰুৱাই পৰি গলো....... ।

(আগলৈ )

ভাবানুবাদ স্বপ্ননীল আকাশ

CLICK HERE TO READ PART 3

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog