Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Is It Illegal To Use Tik-Tok In India টিকটক সঁচাকৈয়ে বন্ধ হ’ল নেকি

Is It Illegal To Use Tik-Tok In India টিকটক সঁচাকৈয়ে বন্ধ হ’ল নেকি


✔️এইকেইদিন ‘Tik tok app 'ৰ নাম নুশুনা নেটিজেন নিশ্চয় এজনো নোলাব। Tik tok download কৰা, ডাউনলোড নকৰা সকলোৱে এই এপবিধৰ কথা কম-বেছি পৰিমাণে জানে। নিৰ্বাচনৰ এই ভৰপক সময়ত টিকটকৰ বিষয়ে আলোচনা কৰাৰ জানো প্ৰয়োজন আছে? দস্তুৰমত আছে। কিয়নো ৰাজনীতিৰ দৌৰত টিকটকো পিছপৰি থকা নাই।

✔️ফেচবুক, হোৱাটছএপ এদিন নুখুলিলেই মূৰ বিষোৱা এই দিনত কোনো স্মাৰ্টফোনৰ অধিকাৰীয়ে 'টিকটক’ক অৱজ্ঞা কৰা উচিত নহয়। এই এপবিধৰ সৈতে পোনপটীয়াকৈ নহ’লেও আওপকীয়াকৈ হ’লেও সম্পৰ্ক আছে আপোনাৰ ফেচবুক একাউণ্টৰ, সম্পৰ্ক আছে আপোনাৰ হোৱাটছএপৰ। কিন্তু কি এই সম্পৰ্ক?

✔️প্ৰায় ১৫০ খন দেশত ৭৫টাকৈ ভাষাত উপলব্ধ টিকটক ভাৰতত বন্ধ হ’ল। বনজুইৰ দৰে বিয়পিছে এই খবৰ। পিছে কিমান সত্য এই বাতৰি? সঁচাকৈয়ে টিকটক ভাৰতত বন্ধ হৈ পৰিল নেকি? ওহো। টিকটক বন্ধ হোৱা বাতৰিটো এই মুহূৰ্তত সম্পূৰ্ণৰূপে অসত্য। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বানহে জনাইছে। ইকনমিক টাইমছত প্ৰকাশিত বাতৰি অনুযায়ী তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ন্যায়ালয়ৰ ৰায়ৰ সবিশেষ চালি-জাৰি চাবলৈ আৰম্ভ কৰিছে। মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াই সদৰী কৰা মতে, ন্যায়ালয়ৰ আহ্বান অনুযায়ী তৎমুহূৰ্ততে এপবিধ বন্ধ কৰি দিয়াতো সম্ভৱ নহয়।

✔️ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ কেবাটাও উগ্ৰ সংগঠনৰ কেবাগৰাকী নেতাৰ লগতে দুই-এজন কট্টৰ ৰাজনৈতিক নেতা সৰৱ হৈ পৰিছিল টিকটকৰ বিৰুদ্ধে। তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে টিকটকে মুকলিকৈ যৌনতাৰ পোহাৰ মেলিছে আৰু দেশৰ উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। একেটা অভিযোগ লৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় মুথু কুমাৰ নামৰ এজন অধিবক্তা। ৰাজহুৱা স্বাৰ্থজনিত আবেদনত তেওঁ উল্লেখ কৰে যে টিকটকৰ ভিডিঅ’বোৰ পৰ্ণ’গ্ৰাফীৰ সদৃশ, এনে ভিডিঅ’ই ভাৰতীয় সংস্কৃতি ধ্বংস কৰিব। এপবিধৰ বাবে শিশুৰ ওপৰত যৌন নিৰ্যাতন বৃদ্ধি পোৱা আৰু বহু লোকে আত্মহত্যা কৰা বুলিও আবেদনখনৰ জৰিয়তে ন্যায়ালয়ক অৱগতে কৰে অধিবক্তাগৰাকীয়ে।

✔️মুথু কুমাৰৰ উক্ত আবেদনৰ ওপৰত ভিত্তি কৰিয়েই মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এপবিধৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। এই আহ্বানৰ পিছতে সমগ্ৰ বিষয়টোক লৈ দুটা ভাগত বিভক্ত হৈ পৰিছে নেটিজেনসকল। এপবিধ চীনা এপ হোৱা বাবে আদালতৰ এই নিৰ্দেশৰ পিছতে উৎফুল্লিত হৈ পৰিছে উগ্ৰ দেশপ্ৰেমৰ কথা কৈ অহা কেবাটাও হিন্দুত্ববাদী সংগঠন। বিপৰীতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতলৈ যাবলৈ সাজু হৈছে Internet Freedom Foundation চমুকৈ আইএফএফ।

✔️টিকটকৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰা অধিবক্তাজনক তামিলনাডু চৰকাৰে সহযোগিতা আগবঢ়াইছে বুলি উল্লেখ কৰি আইএফএফে কৈছে যে এয়া হৈছে চৰকাৰী 'মৰেল পুলিচিং’। সংগঠনটোৱে দাবী কৰা মতে ফেব্ৰুৱাৰী মাহত তামিলনাডুত টিকটকত এজন ইউজাৰে আপলোড কৰা এটা ভিডিঅ’ৰ বাবে কাজিয়াৰ সূত্ৰপাত হৈ এজন  লোক মৃত্যুমুখত পৰাৰ পিছতে ৰাজ্যখনৰ চৰকাৰে নিজৰ দোষ ঢাকিবলৈ এপবিধক জগৰীয়া কৰিবলৈ উঠি-পৰি লাগিছে। ৰাজ্যখনৰ তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী এম মনিকণ্ডনে টিকটক বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচৰাটোৱে মন্ত্ৰীগৰাকীৰ তথ্য-প্ৰযুক্তি বিষয়ক জ্ঞানৰ স্বৰূপ উদঙাই দিছে বুলিও সদৰী কৰে আইএফএফে।

✔️সমাজত হৈ থকা অনৈতিক কাম-কাজ, হত্যা-হিংসাৰ বাবে যি চৰকাৰে নাগৰিকৰ ইণ্টাৰনেটৰ স্বাধীনতাত আঘাত হানে সেই চৰকাৰ তথা শাসন ব্যৱস্থাক একপ্ৰকাৰ ফেচীবাদী শাসন ব্যৱস্থা আখ্যা দিছে Internet Freedom Foundation-এ। কেবল এবিধ এপকহে কিয় টাৰ্গেট কৰা হৈছে বুলিও প্ৰশ্ন তুলিছে সংস্থাটোৱে। আই টি এক্টৰ ধাৰা ৭৯ আৰু ২০১৫ চনৰ উচ্চতম ন্যায়ালয়ৰ এটি ৰায়দানলৈকো আঙুলিয়াই দিছে আইএফএফে।

✔️ভাৰতৰ আই টি এক্টৰ ধাৰা ৭৯-এ অনলাইন মাধ্যম আৰু প্লেটফৰ্মসমূহক মানহানি আৰু আইনী মেৰপেছৰ পৰা সুৰক্ষা প্ৰদান কৰে। এই ধাৰাৰ বাবে ফেচবুক আৰু হোৱাটছএপত শ্বেয়াৰ কৰা বা পোষ্ট কৰা কোনো  লেখা, ফটো, অডিঅ’ বা ভিডিঅ’ৰ বাবে ফেচবুক, হোৱাটছএপৰ মালিক নতুবা মেনেজাৰ তথা অন্যান্য দায়িত্ববাহী বিষয়াক গ্ৰেপ্তাৰ কৰিব পৰা নাযায়। একেটা যুক্তিতে টিকটকত কোনো লোকে শ্বেয়াৰ কৰা কন্টেন্টৰ বাবে অনলাইন প্লেটফৰ্ম টিকটক বন্ধ কৰি দিবলৈ ওলোৱাতো ভাৰতীয় আইটি আইনৰ পৰিপন্থী বুলি দাবী কৰিছে আইএফএফে।

✔️এইবাৰ আহিছো ২০১৫ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ। সেই বৰ্ষত ন্যায়াধীশ জে চেলামেশ্বৰ আৰু আৰ এফ নৰিমনৰ খণ্ড বিচাৰপীঠে আইটি এক্টৰ ধাৰা ৬৬এ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি সেয়া প্ৰত্যাহাৰ কৰিছিল। এই ধাৰা অনুযায়ী অনলাইন প্লেটফৰ্মত আপত্তিজনক কোনো কথা কোৱা যেন লাগিলেই সেই লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। খণ্ড বিচাৰপীঠখনে এই ধাৰা বাক স্বাধীনতাৰ পৰিপন্থী বুলি স্পষ্ট কৰি দি সেয়া প্ৰত্যাহাৰ কৰা বুলি ৰায়দান কৰে।

✔️আইনখন প্ৰত্যাহাৰ কৰি বিচাৰপীঠখনে কয়, 'আপোনাৰ বাবে যিটো অত্যন্ত আপত্তিজনক, মোৰ বাবে সেইটো মুঠেই আপত্তিজনক নহ’ব পাৰে। এয়া হৈছে এক প্ৰকাৰ অস্পষ্ট ধাৰণা। যিটো সকলোৰে বাবে আপত্তিজনক আৰু বিপদজনক তেনে ক্ষেত্ৰতহে আইন কঠোৰ হোৱা উচিত।’

✔️আইএফএফৰ মতে টিকটক নামৰ এপবিধে ইউজাৰসকলক ভিডিঅ’, lip-syncing আৰু অভিনয়ৰ জৰিয়তে নিজক প্ৰকাশ কৰাৰ সুযোগ দিছে। এপবিধত শ্বেয়াৰ কৰা ভিডিঅ’সমূহক আধুনিক কলা হিচাপেও  আখ্যা দিছে ইণ্টাৰনেটৰ স্বাধীনতাৰ পক্ষে মাত মাতি অহা সংস্থাটোৱে। এনে এক আশ্চৰ্যজনক প্লেটফৰ্মক কোনো কাৰণতে একপক্ষীয়ভাৱে নিষিদ্ধ ঘোষণা কৰা উচিত নহয় বুলিও স্পষ্টকৈ কৈছে আইএফএফে।

✔️উল্লেখ্য যে ফেচবুক, ইউটিউবৰ দৰেকৈ একাধিক লোকে টিকটককো জনপ্ৰিয়তা লাভৰ লগতে জীৱিকাৰ উৎস হিচাপেও গ্ৰহণ কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ উক্ত ৰায়দানৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ ওলাইছে সংস্থাটো। ইফালে আদালতৰ এই ৰায়দানক লৈ টিকটক কৰ্তৃপক্ষয়ো নিজৰ মন্তব্য জনাইছে। এক বিবৃতিত টিকটক কৰ্তৃপক্ষই জনাইছে যে তেওঁলোকে প্ৰতিখন দেশতে স্থানীয় আইন মানি চলি সেৱা আগবঢ়াই গৈছে। আদালতৰ নিৰ্দেশ অধ্যায়ন কৰি সেইদৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলিও সদৰী কৰিছে এপবিধৰ হৰ্তা-কৰ্তাসকলে।

✔️বিশ্বজুৰি ৫০ কোটিৰো অধিক ইউজাৰ থকা টিকটকৰ বিৰুদ্ধে কেৱল ভাৰততে এনে প্ৰতিবাদৰ ঢৌ উঠিছেনে? ওহো, মুঠেই নহয়। আমেৰিকাতো টিকটকত শিশু-কিশোৰসকলে একাউণ্ট খুলি বিষয়টো অভিভাৱকসকলৰ বাবে জটিল কৰি তুলিছিল। লগে লগে মাৰ্কিন ফেডাৰেল ট্ৰেড কমিছনৰ সৈতে টিকটক আলোচনাত মিলিত হয় আৰু কিছুদিন পিছতে শিশু-কিশোৰসকলৰ বাবে উপযোগী 'টিকটক কিডছ’ নামেৰে  কিডছ সংস্কৰণ মুকলি কৰে। 'টিকটক কিডছ’ শিশুসকলৰ মগজু আৰু চিন্তা শক্তি বিকাশৰ একাধিক উপাদান সংযোজন কৰা হৈছে। ফলত এই নতুন এপবিধক লৈ এতিয়া আমেৰিকাৰ প্ৰতিগৰাকী শিশুৰ লগতে অভিভাৱকসকলো সুখী। হয়তো সেয়ে কোৱা হয়, 'য’তেই চিন্তা ত’তেই বাট’।

✔️আমেৰিকাৰ লগতে ইণ্ডোনেছিয়াতো চৰকাৰ তথা ইছলামিক মৌলবাদীৰ ৰোষত পৰিছিল টিকটক। আনকি ২০১৮ চনৰ জুলাই মাহত ইণ্ডোনেছিয়া চৰকাৰে এপবিধ নিষিদ্ধ ঘোষণা কৰে। কিন্তু নতুন ছিকিউৰিটি ফিচাৰ্ছ সংযোজনৰ পিছতে পুনৰ টিকটকৰ বিৰুদ্ধে জাৰি কৰা সেই নিষেধাজ্ঞা উঠাই লয় ইণ্ডোনেছিয়া চৰকাৰে।

✔️আজিৰ তাৰিখত টিকটক নিষিদ্ধ ঘোষণা কৰা একমাত্ৰ দেশখন হৈছে চুবুৰীয়া বাংলাদেশ। বাংলাদেশে যোৱা ফেব্ৰুৱাৰী মাহত কেবাটাও গোড়া ইছলামিক সংগঠনৰ দাবীলৈ চাই ২০ হাজাৰৰো অধিক পৰ্ণ ৱেবছাইটৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণ কৰে। পৰ্ণ ৱেবছাইটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে অশ্লীলতাৰ অভিযোগত টিকটককো একেটা শাৰীতে ৰাখে বাংলাদেশ চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে।

✔️পিছে ৱেবছাইট বা এপ ইমান সহজতে নিষিদ্ধ কৰিব পাৰি জানো? ওহো মুঠেই নোৱাৰি? পৰ্ণ ৱেবছাইট নিষিদ্ধ কৰিলেও বাংলাদেশত এতিয়াও পূৰ্বৰ দৰেকৈ পৰ্ণ ৱেবছাইট মানুহে চায়েই আছে। আনকি নতুন উপায়েৰে টিকটকো ব্যৱহাৰ কৰি আছে। ভাৰততো কিছুদিন পূৰ্বে পৰ্ণ ৱেবছাইটসমূহ নিষিদ্ধ কৰিবলৈ আদালতে নিৰ্দেশ দিছিল। লগে লগে জিঅ’ই তেনে  ছাইটসমূহৰ একচেছ বন্ধ কৰি দিয়ে। কিন্তু তাৰ লগে লগে পুনৰ প্ৰক্সি ডমেইনৰ জৰিয়তে সক্ৰিয় হৈ পৰে সেই ৱেবছাইটসমূহ। টিকটকৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিলেও সেই একেটা কথাই আহি পৰিব।

✔️শেহতীয়া বাতৰি অনুযায়ী টিকটক কৰ্তৃপক্ষৰ সৈতে বাংলাদেশ চৰকাৰেও আলোচনাত মিলিত হৈছে। হয়তো অতি শীঘ্ৰে বাংলাদেশেও পুনৰ নিষেধাজ্ঞা উঠাই ল’বলৈ বাধ্য হৈ পৰিব। সি যি নহওক মুথু কুমাৰ নামৰ অধিবক্তাজনৰ নিজা চিন্তাধাৰাৰ বাবে এতিয়া টিকটকৰ ক্ষেত্ৰত ভাৰতো বাংলাদেশৰ দৰে হৈ পৰিবলৈ কিমান দিনৰ প্ৰয়োজন হয় সেয়া সময়েহে ক’ব। এই মুহূৰ্তত ইয়াকে ক’ব পাৰি যে সকলোৱে কৈ থকাৰ দৰে ভাৰতত 'টিকটক’ বন্ধ বা নিষিদ্ধ হোৱা নাই।

-Dhrubajyoti Dhanantari
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment