Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

বিচ্ছেদৰ ৭২ বছৰ অন্তত স্ত্রীক যেতিয়া ১মবাৰৰ বাবে দেখা পালে ৯০ বছৰীয়া নাৰায়ণনে

বিচ্ছেদৰ ৭২ বছৰ অন্তত স্ত্রীক যেতিয়া ১মবাৰৰ বাবে দেখা পালে  ৯০ বছৰীয়া নাৰায়ণনে

দীর্ঘ ৭২ বছৰ জুৰি কোনো কাৰো মুখ পর্যন্ত দেখা নাছিল । উপায়তো নাছিল । আৰু এতিয়া দেখা হল যেতিয়া , এতিয়া সিহঁতৰ নতুন কৈ সকলো আৰম্ভণি কৰাৰ সময় নাছিল। 


৭২ বছৰ পাৰ হৈ গৈছিল ,  ১৯৪৬ ৰ  ডিচেম্বৰৰ পৰা  ২০১৮ ৰ  ডিচেম্বৰলৈ  । স্বাধীনতাৰ আগত সিহত একেলগে আছিল, সেয়াও মাত্ৰ আঠ মাহৰ বাবে । তাৰপিছত এৰাএৰি , দীর্ঘ ৭২ বছৰলৈ কোনোৱে কাকো দেখা নাপালে।

নাৰয়ণন আৰু সাৰদা, সিহতৰ এই প্রেম গল্পযেন লাগিলেও  সঁচা ঘটনা । ১৯৪৬-ত সিহঁতৰ যেতিয়া বিয়া হয় এজনৰ বয়স আছিল ১৮ বছৰ , আনজনৰ  ১৩ বছৰ । সাতটা দশক পাৰ হৈ  আজি নাৰায়ণন নামবিয়াৰ  ৯০-বছৰ হৈছে । আৰু  তেওঁৰ প্রথমা স্ত্রীৰ ৮৬ বছৰ। দুজনেই যৌবন কাহানিবা হেৰুৱাই পেলাইছে। পকা চুলি ,   মুখত বৃদ্ধ বটবৃক্ষৰ শিপাৰ দৰে  অজস্র ৰেখা। দৃষ্টিশক্তিও বিশেষ নাই । তাৰপিছতো যেতিয়া প্রেয়সীৰ সৈতে  দেখা হল, নাৰায়ণন নামবিয়াই একপলকত চিনি পালে সাৰদা দেবীক। দুজনৰ কথাও হল। যোৱাৰ আগত সাৰদাক নাৰায়ণনে কলে , “আজি মই যাওঁ ”। প্রত্যুত্তৰত নিস্পৃহ সাৰদাই মাত্ৰ চাই ৰল । ইয়াতেই গল্পটো শেষ!

অতীতটো দেখিবলৈ  উভতি যাব লাগিব  প্রাক স্বাধীনতা পূৰ্বলৈ । ব্রিটিছ শাসনাধীন ভাৰতত নাৰায়ণন আছিল এজন বিপ্লবী। তেওঁ কেৰেলাৰ কাভুম্বাইয়ে কৃষক আন্দোলনৰ অন্যতম সেনানী আছিল । সেই সময়ত  সিহঁতৰ জেহাদ আছিল মূলত সামন্তবাদীসকলৰ বিৰুদ্ধে। সেইসময়ৰ অর্থনৈতিক, ৰাজনৈতিক বিষয় লৈ যি ধৰণৰ প্রতিবাদ আন্দোলনৰ প্রয়োজন আছিল, সেই তাগিদাতে বিপ্লবী হৈ উঠিছিল  নাৰায়ণন। ভূমিদস্যুসকলৰ অকথ্য অত্যাচাৰ আৰু পুলিচৰ বর্বৰতাৰ বিৰুদ্ধে সংগঠিত হৈ তেওঁ আন্দোলন কৰিলে । সেই সময়তে মালাবাৰ স্পেচিয়েল পুলিচৰ হাতত গ্রেপ্তাৰ হল তেওঁ । তাৰ পিছত দীর্ঘ ৮ বছৰ ধৰি  কেন্দ্রীয় সংশোধনাগাৰতেই বন্দী  আছিল তেওঁ । অবশেষত ১৯৫৪  চনত তেও মুক্তি পালে।

বন্দীত্বৰ পৰা মুক্ত হৈ ঘৰ  আহি দেখিলে তেওঁৰ পত্নী অন্য এজনৰ সৈতে বিয়া হৈ গৈছে। তাৰ পিছত বিৰহত তেওঁ দ্বিতীয় বিবাহ কৰালে। একেদৰে  ৭টা সন্তানো জন্ম হ'ল।

নাৰায়ণন আৰু  সাৰদাৰ  দ্বিতীয় পক্ষৰ সন্তানবোৰে মূলত নিজৰ  মাজত  আলোচনা কৰি দুয়োজনৰ সাক্ষাতৰ বন্দবস্ত কৰিলে।২০১৮ ৰ  ডিচেম্বৰত কন্নুৰ জিলাৰ  ভার্গাবন চহৰত সাৰদাৰ  ঘৰলৈ আহি দেখা দিয়ে নাৰায়ণনে। এই গোটেইতো গল্পই চিত্রনাট্য কৰি তুলি ধৰিছে নাৰায়ণনৰ নাতিয়েক  সান্তাই। কাকাকৰ জীবনৰ ওপৰত  এখন   তেওঁ উপন্যাসো লিখিছে । সিহতৰ চকুত  এই দুয়োজনৰ ‘মিলন’ এক  সুখস্মৃতি হৈয়েই ৰব।

সিহঁতৰ নতুন কৈ সকলো আৰম্ভণি কৰাৰ সময় নাছিল অথচ স্মৃতিৰ এক বিশাল সমুদ্ৰ ভৰপুৰ আছিল। 

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment