Story of Dilip Kumar and JRD TATA in Assamese

This is a story of Jehangir Ratanji Dadabhoy Tata, Chairman of TATA Group and actror Dilip Kumar
Dilip Kumar and ratan Tata Story In Assamese (1)

Story of Legendary Actor Dilip Kumar and JRD Tata In Assamese

অভিনেতা দিলীপ কুমাৰে তেওঁৰ আত্মজীবনীত লিখিছে

মই তেতিয়া কেৰিয়াৰৰ শিখৰত । এদিন প্লেনত এঠাইলৈ যাব লগা হৈছিল । খুব সাধাৰণ চার্ট আৰু পেন্ট পৰিহিত এজন ভদ্ৰলোক মোৰ কাষৰ চিটত বহিছিল। দেখাত তেওঁ এজন শিক্ষিত আৰু মার্জিত মধ্যবিত্ত মানুহ । অন্য সকলো সহযাত্রীবোৰে মোক চিনি পাই খুব উৎসাহিত হৈ মোৰ কাষত অটোগ্রাফ লৈ আছে । কিন্তু কাষত বহি থকা ভদ্রলোকজনক লক্ষ্য কৰিলো তেঁওৰ মোৰ প্ৰতি কোনো ভ্রুক্ষেপ নাই ।

তেওঁ একান্তমনে এখন বাতৰি কাকত পঢ়ি আছিল আৰু মাজে মাজে খিৰিকীৰে চাই কিবা যেন ভাবি আছিল । চাহ পৰিবেশন কৰা হল, থেংকছ কলে। মোক পাত্তা দিয়া নাই ।

তেঁওৰ প্ৰতি মোৰ কৌতূহল বাঢ়ি গৈ আছিল। সেয়ে তেওঁৰ সৈতে কথা পাতিবৰ বাবে তেওঁৰ পিনে চাই হাহি মাৰিলো। তেৱো এক সৌজন্যতাৰ হাঁহি দিলে আৰু কলে ......'হেল্ল ' .....অলপ সৌজন্যমূলক কথোপকথন আৰম্ভ হ'ল।

মই নিজেই চিনেমাৰ প্রসঙ্গটো উত্থাপন কৰিলো ।
মই সুধিলো :' আপুনি চিনেমা চায়নে ?'

তেওঁ কলে 'কেতিয়াবা কেতিয়াবা '।
শেষ যিখন চিনেমা চাইছিলো সেয়া চোৱাও এবছৰৰ বেছি হৈ গৈছে।'

মই কলো ' মইও ফিল্ম ইণ্ডাষ্ট্ৰিত আছো ।'
তেওঁ উৎসাহিত হৈ কলে ' একেবাৰে বঢ়িয়া !
আপুনি কি কৰে ?'

মই কলো , ' মই এজন অভিনেতা ।'
প্ৰত্যুত্তৰত কলে 'বঢ়িয়া ! '

মাত্ৰ সেই খিনিয়েই .
প্লেনখন লেন্ড কৰাৰ সময়ত মই ভদ্ৰলোকজনক কৰমর্দনৰ বাবে হাতখন আগবঢ়াই দি কলো 
'মোৰ নাম দিলীপ কুমাৰ '

তেওঁ মুৰ দুপিয়াই মোকো হেণ্ডচেক কৰি কলে," আপোনাৰ সৈতে পৰিচয় হৈ বহুত ভাল লাগিল।মোৰ নাম জে.আৰ.ডি. টাটা .. (Jehangir Ratanji Dadabhoy Tata, Chairman of TATA Group)

আচৰিত হৈ পৰিলো মই। 

সেইদিনাৰ ঘটনাটোৰ পৰা মই এটা কথা শিকিলো :

"মানুহ যিমানেই ডাঙৰ নহওক কিয়, তেওঁতকৈয়ো ডাঙৰ কোনোবা আছে। আমি বিনম্ৰ হোৱা উচিত !"