Real Assamese Love Story দীপৰ লাভ ষ্টৰি
Assamese Love Confession | Real Love Story In Assamese
দীপৰ লাভ ষ্টৰি কিছু সজীৱ স্মৃতি New Assamese Love Story
২০০৪ চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত তেওঁকপ্ৰথম দেখিছিলো। মই তেতিয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আৰু তেওঁ নৱম শ্ৰেণীৰ ছাত্ৰী। প্ৰথম দেখিয়েই কিবা এটা ভাল লাগিছিল। তেওঁ বিহু নাচি ভাল পাইছিল। মোৰ লগৰ এজনৰ গাঁৱতেই তেওঁৰ ঘৰ আছিল। লগৰজনক তেওঁৰ কথা কোৱাত এদিন তেওঁলোকৰ ঘৰলৈ লৈ গ'ল আৰু চিনাকী কৰি দিলে।
লাহে লাহে এনে দৰেই আমি দুয়ো কাষ চাপি আহিলো। বৰ মৰমলগা, শান্ত আছিল তেওঁ। দিন যোৱাৰ লগে লগে আমাৰ প্ৰেমৰ সম্পৰ্কই পূৰ্ণতা লাভ কৰিলে। তেওঁক লগ পোৱাৰ আগতে মই অলপ বেপৰুৱা স্বভাৱৰ আছিলো, সৰু সৰু কথাতে খং কৰিছিলো, কাকো কোনোধৰণৰ কথা কবলৈ ভয় কৰা নাছিলো আৰু বহু ধৰণৰ বেয়া অভ্যাস আছিল। অৱশ্যে তেওঁৰ ওপৰত কোনোদিনে খং বা কাজিয়া কৰা নাছিলো।
তেওঁৰ মৰমৰ বুজনিত লাহে লাহে মই নিজকে বুজিবলৈ ধৰিলো আৰু নিজকে সলনি কৰিলো। কেতিয়াবা ফুৰিবলৈ যাও সোৱণশিৰীৰ পাৰলৈ তেওঁৰ লগত, নদীৰ পাৰত বহি হিয়া উজাৰি কথা পাতো আৰু কিমান যে ভৱিষ্যতৰ সপোন ৰচিছিলো দুয়ো দুয়োকে লৈ। হাতত হাত থৈ কথা দিছিলো দুয়ো আজীৱন একেলগে থকাৰ।
আমাৰ প্ৰেমত কোনো অশ্লীলতা নাছিল। আমাৰ দুয়োখন ঘৰেই আমাৰ সম্পৰ্কক স্বীকৃতি দিছিল। মই উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হলো। তাৰ পাচতে আই টি আইৰ এটা তিনিবছৰীয়া আৰু কম্পিউটাৰ ছফটৱেৰ দুবছৰীয়া ডিগ্ৰী ললো, তেওঁ সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত, উচ্চ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ স্নাতক মহলাত নাম ভৰ্ত্তি কৰিলে।
এই দৰেই সময়বোৰ বাগৰি গৈ আছিল। ময়ো এটা ব্যক্তিগত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কৰ্মত যোগদান কৰিলো। তেওঁ স্নাতক সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। আমাৰ ঘৰত আমাৰ সম্পৰ্ক স্থায়িত্ব দিয়াৰ যো-জা চলিছিল।
তেনেতে আহিল সেই কাল দিনটো (২০১৫ চনৰ), যিদিনা সকলো শেষ হৈ গ'ল মোৰ। তাই সেইদিনা সম্পৰ্কীয় বায়েক এগৰাকীৰ ঘৰৰ পৰা স্কুটিৰে আহি থাকোতে এক দুৰ্ঘটনাত পতিত হ'ল। দেহৰ বহু ঠাইত গুৰুতৰ আঘাত।
খবৰতো পাই মই দিকবিদিক হেৰুৱাই পেলালো। তেওঁৰ ঘৰৰ মানুহে ডাক্তৰৰ পৰামৰ্শত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিলে। লগত ময়ো আছিলো চিকিৎসাধীন অৱস্থাত দুদিনৰ পিচত তেওঁ শেষনিশ্বাস ত্যাগ কৰিলে।
চিকিৎসাধীন অৱস্থাতেই তেওঁ মোক মাত্ৰ কৈছিল "মোক ক্ষমা কৰি দিয়া, মই মোৰ কথা ৰাখিব নোৱাৰিলো."
তেওঁ আজি মোৰ লগত নাই কিন্তু তেওঁৰ লগত কটোৱা প্ৰতিটো স্মৃতি সযতনে ৰাখিছো বুকুৰ মাজত। মোৰ মাজতে তেওঁ সদায় জীয়াই থাকিব। এয়াই মোৰ জীৱন
কথা দিছো তোমাক তোমাৰ স্মৃতিক সাৱটি পাৰ কৰিম জীৱন। তুমি যতেই আছা শান্তিত থাকা।
Deep |
Join the conversation