Chanakya best Quotes in assamese আচাৰ্য চাণক্যৰ কেইটামান সৰ্বশ্ৰেষ্ঠ নীতি assamese quotes
Chanakya best Quotes in assamese আচাৰ্য চাণক্যৰ কেইটামান সৰ্বশ্ৰেষ্ঠ নীতি assamese quotes
Assamese motivational quotes
১ পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে
জাৰৰ দিনত যিটো সূৰুযৰ অপেক্ষা কৰা হয়
গৰমৰ দিনত সেইটো সুৰুযকে অপমান কৰা হয়। মানুহে আপোনাৰ মূল্য তেতিয়া বুজিব যেতিয়া আপোনাৰ প্ৰয়োজন হব ।
২ সফল হবলৈ ভাল বন্ধু আৰু বহুত বেছি সফল হবলৈ ভাল শত্ৰুৰ প্ৰয়োজন ।
৩ যিকোনো এটা কাম কৰিব যোৱাৰ আগতে তিনিটা প্ৰশ্ন নিজকে কৰি লোৱা ভাল
- মই এইটো কিয় কৰিব গৈ আছো?
- - ইয়াৰ ফলাফল কি হ'ব?
- মই সফল হ'ব পাৰিমনে।
-
৪ হাৰ মানি লোৱাটোৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া আপোন মানুহৰ লগত হয় আৰু জয়ৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া নিজৰ লগত হয় ।
৫ যিজনে আনৰ ভালৰ বাবে নিজক ত্যাগ কৰে
তেওঁ হে প্ৰকৃত পুৰুষ।
৬ কেতিয়াও কাৰো আগত নিজৰ ৰহস্য প্ৰকাশ নকৰিবা
যদি তুমি নিজেই নিজৰ ৰহস্য লুকুৱাই ৰাখিব নোৱাৰা আনে কিয় ইয়াক লুকুৱাই ৰাখিব ।
এই ধাৰণাই আমাক ধ্বংস কৰে ।
৭ যিয়ে তুমি কথা কোৱাৰ সময়ত অন্যমনস্ক হৈ থাকে তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা ।
৮ মানুহে নিজেই নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখক আমন্ত্ৰণ কৰে ।
৯ ভাগ্যই তেওঁক হে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়।
১০ ভগৱান মূৰ্তিত বাস নকৰে
আচলতে আমাৰ অনুভুতিয়ে আমাৰ ইশ্বৰ
আৰু আমাৰ আত্মাই হৈছে মন্দিৰ ।
১১ মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল। কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজৰ সময় নষ্ট কৰা।
১২ প্ৰতিটো সম্পৰ্কৰ আৰত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে।
এনেকুৱা কোনো সম্পৰ্ক নাই য'ত স্বাৰ্থ জড়িত নাই।
অপ্ৰিয় হ লেও ই সত্য।
১৩ দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিবা। তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্ৰপ কৰা বন্ধ নকৰে।
তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক
যুগুতালে-TRIPTI DEKA
Comments