জোনাক ভালপোৱা ছোৱালীজনী Assamese Poem | Axomiya Kobita

Assamese poem Jonak Valpoa Soali, Axomiya kobita ,Poem In Assamese Language, Assamese New Poem

জোনাক ভালপোৱা ছোৱালীজনী

               (এক)
এদিন তাই আহিছিল
শুভ্র জোনাকৰ লগৰী হৈ
মোৰ জীৱনলৈ,
লগত আনিছিল এমুঠি মিঠা অনুভূতি
যত আছিল নিভাঁজ প্ৰেমৰ সুৱাস।
তাই মোক শিকাইছিল হাঁহিবলৈ
তাই শিকাইছিল কান্দিবলৈ
তাই মোক ভালপোৱা কি শিকাইছিল
আৰু এদিন..
বিষাদ সুৰৰ গান গাই
তাই গুচি গল অহা বাটেৰেই।

                (দুই)
সময় ঐ, তই আকৌ উভতি আহ
লগত লৈ আহিবি
জোনাক ভালপোৱা ছোৱালীজনীক,
আকৌ এবাৰ প্রেমত পৰিম তাইৰ
আকৌ একেলগে বহি চাম
জোনাকী নিশাটো
সপোনবোৰ নতুনকৈ জীয়াই তুলিম দুয়ো
জোনাক ভালপোৱা ছোৱালীজনী
আহিবানে তুমি?

 -জিন্টু বৰা