Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

মহাকাশ আৱৰ্জনা Space is Full of Garbage

মহাকাশ আৱৰ্জনা Space is Full of Garbage

মহাকাশ আৱৰ্জনা Space is Full of Garbage

এই ছবিকেইখন আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASA ই প্ৰকাশ কৰা ৷ ছবিকেইখনৰ যোগেদি পৃথিৱীৰ চৌদিশে মহাকাশত মানৱ নিৰ্মিত কিমান বস্তু ওপঙি আছে তাকেই বুজাবলৈ যত্ন কৰা হৈছে ৷ ছবিকেইখনত দেখুওৱা সৰু সৰু বিন্দুবোৰ হ'ল কোনো এক কৃত্ৰিম উপগ্ৰহ নতুবা কৃত্ৰিম উপগ্ৰহৰ ভগ্নাৱশেষ ৷ বৰ্তমানলৈ মহাকাশৰ বুকুলৈ সহস্ৰাধিক কৃত্ৰিম উপগ্ৰহ পঠোৱা হৈছে ৷ ইয়াৰ বহুতো কাৰ্য্যক্ষম হৈ আছে যদিও বহুতো বৰ্তমান অকামিলা হৈ গৈছে ৷ এনে অকামিলা উপগ্ৰহবোৰ কেনেকৈ প্ৰশান্ত মহাসাগৰৰ বুকুত আৰু মহাকাশত সমাধি দিয়া হয় সেই বিষয়ে আগতে এবাৰ লিখা হৈছে ৷ মুঠতে ভাল আৰু বেয়া মিলি অজস্ৰ কৃত্ৰিম উপগ্ৰহ মহাকাশত বৰ্তমান ওপঙি আছে ৷ পৃথিৱীৰ পৰা নতুন কোনো কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ পঠাবলৈ হ'লে মহাকাশত আগৰে পৰাই থকা উপগ্ৰহবোৰৰ সঠিক অৱস্থান জানি লোৱা অতি প্ৰয়োজনীয় ৷ নহ'লে ইয়াৰ ফলত ডাঙৰ দুৰ্ঘটনা হব পাৰে ৷ বিজ্ঞানী সকলে সেয়েহে এনে উপগ্ৰহবোৰৰ সকলো শেহতীয়া তথ্য নিজৰ হাতত মজুত ৰাখে ৷ মহাকাষৰ বুকুত থকা কৃত্ৰিম উপগ্ৰহবোৰ বৰ্তমানলৈ বিজ্ঞানী সকলৰ বাবে বৰ বিশেষ চিন্তাৰ কাৰণ হৈ উঠা নাই ৷ কিন্তু তেওঁলোকৰ নিদ্ৰা হৰণ কৰিছে আন এটা বৰ ডাঙৰ সমস্যাইহে ৷ কৃত্ৰিম উপগ্ৰহবোৰৰ উপৰিও মহাশূন্যত লাখ লাখ এনে বস্তু উৰি আছে যিবোৰ মানৱ নিৰ্মিত ৷ এই বস্তুবোৰে কোনো এখন মহাকাশযানক খুন্দা মাৰিব পাৰে বুলি বিজ্ঞানী সকল সৰ্বক্ষণে চিন্তিত হৈ থাকে আৰু তাক ৰোধ কৰাৰ বাবে নানা উপায় অৱলম্বন কৰে যিবোৰ উপায় অতিশয় ব্যয়বহুল ৷ মহাকাশত ওপঙি থকা এই কোটি কোটি মানৱ নিৰ্মিত বস্তুবোৰে ঘন্টাত 28 হাজাৰ কিলোমিটাৰতকৈও বেছি বেগত পৃথিৱীক প্ৰদক্ষিন কৰি থাকে ৷ গতিকে এই অকল্পনীয় বেগত যদি এটা অতি সৰু বস্তুইও মহাকাশযান এখনক খুন্দা মাৰে তেন্তে তাৰ ফলত অতিশয় বৃহৎ দুৰ্ঘটনা হোৱাটো নিশ্চিত ৷ যদিহে দহ চেন্টিমিটাৰ বা তাতকৈ ডাঙৰ বস্তু এটাই কোনো এখন মহাকাশযানক খুন্দা মাৰে তেন্তে যানখন নিমিষতে চূৰ্ণ বিচূৰ্ণ হৈ যাব ৷ যদিহে এক চেন্টিমিন্টাৰ ডাঙৰ বস্তু এটাই যানখনক খুন্দা মাৰে তেন্তে যানখন অকামিলা হৈ পৰিব আৰু যদিহে মাত্ৰ এক মিলিমিটাৰ ডাঙৰ বস্তু এটাইও যানখনক খুন্দা মাৰে তেন্তে যানখনৰ এটা অংশ অকামিলা হৈ যাব ৷ আন নালাগে, বেলেগ কৃত্ৰিম উপগ্ৰহৰ পৰা এৰুৱাই অহা কাগজতকৈও পাতল ক্ষুদ্ৰ ৰঙৰ টুকুৰা এটাইও খুন্দা মৰাৰ ফলত মহাকাশ যানবোৰৰ খিৰিকি সলনি কৰিব লগীয়া পৰিস্থিতি আগতে একাধিকবাৰ হৈছে ৷ গতিকে মহাকাশত এনেদৰে উৰি থকা ক্ষুদ্ৰ টুকুৰা এটাও বিজ্ঞানী সকলৰ বাবে অতি ডাঙৰ সমস্যা ৷ ঘন্টাত 28 হাজাৰতকৈও বেছি বেগত ঘুৰি থকা এনে কোটি কোটি টুকুৰাৰ মাজত মহাকাশ যান এখন দুৰ্ঘটনা নোহোৱাকৈ সুৰক্ষিত কৰি ৰখাটো কিমান বেছি কঠিন কাম হব পাৰে সেয়া সহজেই অনুমেয় ৷ মহাকাশ গৱেষণা প্ৰতিষ্ঠান সমূহে তুলনামূলকভাৱে কিছু ডাঙৰ 20,000 ৰতকৈ অধিক বস্তুৰ কক্ষপথ সেয়েহে অহৰ্ণিশে নিৰীক্ষণ কৰি থাকে ৷ কিন্তু কোটি কোটি বস্তুৰ মাজত মাত্ৰ 20/30 বা 40 হাজাৰ বস্তুৰ কক্ষপথ নিৰীক্ষণ কৰিলেই সাম্ভাৱ্য বিপদবোৰ একেবাৰে নোহোৱা হৈ নাযায় ৷ গতিকে এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰি আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ বা আন তেনে উপগ্ৰহবোৰক ৰক্ষা কৰিবলৈ বিজ্ঞানী সকলে বেলেগ উপায়ো অৱলম্বন কৰে ৷ সেই বিষয়ে পিছত বহলাই লিখা হব ৷ পিছে ডাঙৰ প্ৰশ্নটো হ'ল মহাকাশত ইমান কোটি কোটি মানৱ নিৰ্মিত বস্তু ঘুৰিবলৈ পালে কেনেকৈ ? মহাকাশ যুগৰ আৰম্ভনিৰ পৰা আজিলৈ মহাকাশলৈ মাত্ৰ কেইহাজাৰমানহে কৃত্ৰিম উপগ্ৰহ উৰোৱা হৈছে ৷ গতিকে এই কোটি কোটি টুকুৰাৰ মাজৰ অতিশয় ক্ষুদ্ৰ অংশহে কৃত্ৰিম উপগ্ৰহ ৷ বাকীবোৰ হ'ল মহাকাশৰ আৱৰ্জনা ৷ এই আৱৰ্জনাৰ এটা অংশ হ'ল মহাকাশযানবোৰৰ পৰা পূৰ্ব পৰিকল্পনা অনুসৰি এৰাই যোৱা একো একোটা অংগ আৰু মহাকাশচাৰী সকলে মহাকাশত খোজ কঢ়াৰ সময়ত পেলাই দিয়া বা ভুলতে হাতৰ পৰা পৰি যোৱা কিছু বস্তু ৷ এই অংশটোও মহাকাশ আৱৰ্জনাৰ এক ক্ষুদ্ৰ অংশহে ৷ মহাকাশ আৱৰ্জনাৰ আটাইতকৈ বৃহৎ অংশটো হ'ল মহাকাশত হোৱা দুৰ্ঘটনাৰ ফলত কৃত্ৰিম উপগ্ৰহবোৰ ভাঙি গৈ লক্ষ লক্ষ টুকুৰা হৈ যোৱাৰ ফলত সৃষ্টি হোৱা আৱৰ্জনা ৷ শীতল যুদ্ধৰ সময়ত আমেৰিকা আৰু ৰাছিয়াই ৰণোম্মাদ হৈ কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰিব পৰা বহুতো মিছাইলৰ পৰীক্ষা কৰিছিল ৷ এই মিছাইলবোৰে নিৰ্দিষ্ট উপগ্ৰহবোৰক খুন্দা মৰাৰ ফলত এইবোৰ ভাঙি সৰু সৰু লক্ষাধিক টুকুৰা হৈ পৰিছিল ৷ শেহতীয়াকৈ 2007 চনত চীনেও এনে ধৰণৰ অস্ত্ৰ পৰীক্ষা কৰিবলৈ এটা উপগ্ৰহ খুন্দা মাৰি সহস্ৰাধিক টুকুৰা কৰি দিছে ৷ আশীৰ দশকত এখন ফৰাছী ৰকেট মহাকাশত দুৰ্ঘটনা হৈ চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল ৷ সেই টুকুৰাবোৰো মহাকাশত ঘুৰি আছে ৷ তাৰেই এটা টুকুৰাই 1996 চনত আন এক ফৰাচী উপগ্ৰহৰ খুন্দা মৰাত সেইটোও টুকুৰা হৈ গৈছে ৷ 2009 চনৰ 10 ফেব্ৰুৱাৰিৰ দিনা ৰাছিয়াৰ এক অকামিলা উপগ্ৰহই আমেৰিকাৰ ইৰিডিয়াম নামৰ কৃত্ৰিম উপগ্ৰহ এটাক খুন্দা মৰাৰ ফলত দুয়োটা উপগ্ৰহ ভাঙি হাজাৰ হাজাৰ টুকুৰা হৈ গৈছে ৷ ইযাৰোপৰি শীতল যুদ্ধৰ সময়ত যোগাযোগ ব্যৱস্থাক উন্নত কৰিবলৈ আমেৰিকাই এক ইঞ্চিতকৈ সৰু প্ৰায় 48 কোটি তামৰ বেজী মহাকাশলৈ পঠাইছিল ( পিছলৈ বহলাই লিখা হব ) ৷ এই বেজীবোৰৰো কিছু বেজী এতিয়াও মহাকাশত উৰি আছে ৷ এইবোৰৰ উপৰি উল্কাপিণ্ড আদিৰ পৰা চিটিকি অহা অজস্ৰ টুকুৰা আদিও আছে ৷ 

European Space Agency য়ে প্ৰকাশ কৰা মতে বৰ্তমান মহাকাশত 29,000 তকৈও বেছি এনে বস্তু আছে যিবোৰ দহ চেন্টিমিটাৰতকৈ ডাঙৰ ৷ এক চেন্টিমিটাৰতকৈ ডাঙৰ বস্তুৰ সংখ্যা 670,000 তকৈও বেছি ৷ আনহাতে 1 চেন্টিমিটাৰতকৈ সৰু মহাকাশ আৱৰ্জনাৰ সংখ্যা 17 কোটিতকৈও বেছি ৷ গতিকে এই কোটি কোটি আৱৰ্জনাৰ ফলত ভৱিষ্যতে কোনো বৃহৎ মহাকাশ দুৰ্ঘটনা হোৱাৰ আশংকা সৰ্বক্ষণেই বিৰাজমান হৈ আছে ৷ বিজ্ঞানী সকলে এনে দুৰ্ঘটনা ৰোধৰ বাবে নানা উপায় হাতত লৈছে যদিও একমাত্ৰ সময়েহে কব পাৰিব সেইবোৰ দৰাচলতে কিমান ফলপ্ৰসূ ..

-Alakesh Bhagawati

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment