50+ Best Happy New Year 2021 Quotes In Assamese
সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো। ইয়াত আপুনি সহজে Happy New Year Assamese Image পাব আৰু ইয়াত উপলব্ধ হৈ আছে happy new year 2021 quotes in assamese।আপুনি সহজে এইবোৰ শেষত ডাউনলোড কৰিবলৈ পাৰিব। তলত দিয়া হৈছে assamese quotes download লিংক ।এই Assamese quote বোৰ popular Assamese Facebook page মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজৰ পৰা লোৱা হৈছে।
Happy New Year 2021 Wishes In Assamese, Happy New year 2021 Assamese Quotes, Happy New year Assamese SMS
মহামাৰীৰ পৰা হাত সাৰি সকলো কুশলে থাকক,
এই আহিবলগা বছৰটো সকলোৰে বাবে সুখৰ হৈ পৰক আৰু বেছি আনন্দময় হৈ পৰক
হেপ্পী নিউ ইয়েৰ 2021
২০২০ চনৰ পৰা এটাই শিক্ষা পালো
মানুহৰ ওচৰৰ পৰা যিমান দূৰত থাকিবা সিমান ভাল
নতুন বছৰটো নিজৰবাবে একো নহলেও মা দেউতাক যেন সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ ।
- উজ্জল দত্ত
পুৰণি বছৰৰ দুখ-কষ্ট পৰিহাৰ কৰি ন ৰঙেৰে উদ্ভাসিত হৈ উঠক আপোনাৰ জীৱন।
নতুন বছৰৰ নতুন কিৰণ। এই কিৰণৰ প্ৰতিটো স্পৰ্শই জী তোলক আপোনাৰ জীৱন। তাৰেই কামনাৰে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলো
গৰকি অহা বছৰকেইটাৰ পোৱা-নোপোৱাৰ হিচাপটো একাষৰীয়া কৰি ন-উদ্দ্যমেৰে উপভোগ কৰক এই নৱবৰ্ষ। তাৰেই কামনাৰে শুভ নৱবৰ্
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ এই নৱবৰ্ষই কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।
✍️ভনীতা শৰ্মা
সফলতা আৰু বিফলতা বুলি জীৱন পথৰ পাক্ লগা দুটি শব্দৰ পিছত ধৰি আগবাঢ়িবলৈ সকলোৱে বিচাৰে। কিন্তু, সফলতাৰ পিছত দৌৰি ভাগৰিছে যদিয়ো আপুনি কাহানিয়ো থমকিব খোজা নাই বাবে আজিয়ো যুঁজি আছে নহয়। তেনেকৈয়ে আপোনাৰ প্ৰতিটো পুৱা এখনি যুদ্ধৰে আৰম্ভ কৰিব। আৰু নিশাবোৰত সৰিবলৈ দিব ভুল-শুদ্ধৰ তুলাচনীত কেৱল ভুলবোৰক। তেতিয়াহে আপুনি হয়টো জয়ৰ মুখ দেখিব। এটা বছৰে বহু কথাই শিকাই গ'ল। আমি ভৱাৰ দৰে সকলো সময়তে সকলো নহ'বও পাৰে। তথাপিয়ো আমি সাহস হেৰুৱাব নালাগে। আগবাঢ়িবলৈ নতুন নতুন প্ৰস্তুতি চলাব লাগে। আহিবলগীয়া বছৰটো সুন্দৰ আৰু সুখেৰে পৰিপূৰ্ণ হওঁক প্ৰতিখন ঘৰ। এটি শুভকামনা সকলোলৈ। ২০২১ চিৰস্মৰণীয় হৈ ৰওঁক কেৱল আনন্দ আৰু সুখৰ নামেৰেই।
হেপ্পী নিউ ইয়েৰ ২০২১
-বৰ্ষা
এটি এটি বছৰে আমাক অভিজ্ঞ কৰি গৈ আছে আৰু এইবোৰে আমাৰ স্মৃতিত বিলীণ হৈছে। ২০২০ এ শিকোৱা মানুহৰ পৰা দূৰত্বৰ ধাৰণাটো ২০২১ ত সলনি হৈ সুখ,শান্তি,সবৃদ্ধি,মিলাপ্ৰিতিৰে আৰম্ভ হওঁক
নিউ ইয়েৰৰ অশেষ শুভকামনা
হেপ্পী নিউ ইয়েৰ ২০২১
Happy new year 2021 আগন্তক শুভেচ্ছা
Happy New year 2020: New year WhatsApp status Assamese
নতুন বছৰৰ প্ৰতিদিনে সুখ , আনন্দৰে ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি জীৱনটো ৰঙীন আৰু সুন্দৰ কৰি তোলক তাৰেই কামনাৰে নতুন বছৰৰ শুভেচ্ছা যাচিলো
মোৰ ফালৰ পৰা সকলোকে নতুন বছৰ ও আহি থকা ভোগালী বিহুৰ অভিনন্দন জনাই তোমাৰ লগতে সপৰিয়ালকে মোৰ ঘৰলৈ আহিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালো
happy new year 2020 new year wish Whatsapp status
happy new year 2020 new year wish Whatsapp status
এখন কিতাপ
১২ টা অধ্যায়
৩৬৫ টা পৃষ্ঠা
হৈ উঠক অসাধাৰণ
Happy New Year 2021
2020 Assamese Whatsapp status Assamese new year Whatsapp Status Video
মই নকও যে তুমি সফল হোৱা
মই নকও যে তুমি সুখী হোৱা
মই কৈছো যে নতুন বছৰত তোমাৰ যেন এটি সুন্দৰ চৰিত্ৰ গঠন হয়৷
যিজন চৰিত্ৰবান হয়
তেওৰ জীৱন সদায় সুখকৰ হয়৷
২০২১ ৰ বাবে সৰু এটা “ৰিমাইন্ডাৰ“
কেবল মাত্ৰ কেলেণ্ডাৰখনহে সলনি হৈছে৷
তোমাৰ কাম আৰু লক্ষ্যবোৰ একেই আছে
মই মনৰ পৰা প্ৰাৰ্থনা কৰিছো যে মোৰ সকলো বন্ধুৰ যেন এই নতুন বছৰটো খুব ভাল ভাবে পাৰ হয়৷
কিন্তু বন্ধুবোৰে মোকো যেন পাহৰি নাযায়৷
আপোনাৰ জীৱনটো হওঁক সূৰ্য্যৰ দৰে উজ্জ্বল পানীৰ দৰে শীতল মৌৰ দৰে মিঠা
আশাকৰো এই শুভ নৱবৰ্ষত আপোনাৰ সকলো ইচ্ছা যেন পূৰ্ণ হয়
Happy New Year 2021
মোৰ জীৱনৰ এটা শেষ ষ্টেটাছ। মোৰ শৰীৰ দিনে দিনে বেয়া হৈ আহিছে। ডাক্টৰে কৈছে মই আৰু মাত্ৰ কেইদিনমানৰ বাবেহে থাকিম। তাৰ পিছত মই অতীত হৈ যাম। তোমালোকে চিন্তা নকৰিবা। মোৰ উত্তৰপুৰুষ তোমালোকৰ লগত থাকিব আৰু তোমালোকক সুখ দিব। ইতি তোমালোকৰ ২০২০
কষ্ট দুখ ভয় এইবোৰ পাহৰি যোৱা। নতুন বছৰটোত প্ৰাণখুলি হাঁহা আনন্দৰে থাকা। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা ২০২১
কিছু দুখ কিছু সুখ ২০২০ ত আছিল। আজি সেয়া অতীত। তাৰ ঠাই পূৰাব আহিছে ২০২১। যিটো তোমাৰ পচন্দ তাক মন দি কৰা। খেয়াল ৰাখিবা যাতে তাত কাৰো ক্ষতি নহয়। মন দি কাম কৰি যোৱা তেতিয়া তোমাৰ সপোন তোমাৰ কাষলৈ নিজেই আহিব।
হেপ্পী নিউ ইয়েৰ ২০২১
জীৱনটো বাস্তৱতে খুৱেই সহজ। কিন্তু আমি নিজে ইচ্ছা কৰি আমাৰ কাম কাজবোৰৰ মাধ্যমেৰে তাক জটিল কৰি তোলো। আশা কৰো নতুন বছৰত তোমাৰ জীৱনটোও যেন শৈশৱকালৰ নিচিনা সহজ সৰল হৈ উঠে।
বিগত বছৰটোত কৰা ভূলবোৰ শুধৰণি কৰাৰ সময় আহিছে। আহিছে এটা নতুন বছৰ। গুচি যোৱা সময়ক কাহানিওঁ উভতাই আনিব নোৱাৰি। কিন্তু আহিবলগীয়া সময়খিনিত আমাৰ নতুন কৰ্মসূচী ঠিক কৰিব পাৰি।
নতুন বৰ্ষৰ শুভেচ্ছা জনালো। আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক।
নতুন বছৰ নতুন চিন্তাৰে নতুন উদ্যমেৰে সকলো বাধা নিউচি আগুৱাই যাওক সকলো। তাৰেই কামনা কৰি সকলোলৈ নৱ বৰ্ষৰ শুভেচ্ছা জনালোঁ।
সকলোলৈকে নতুন বছৰৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা থাকিল ,সকলোৰে আহিব লগীয়া দিনবোৰ যেন মধুময় হয় |
বিগত বৰ্ষৰ মধুৰ মূহুৰ্ত বোৰ স্মৃতিৰ মণিকুঠত ৰাখি নৱবৰ্ষত নতুন আশাৰে নতুন উদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা শুভ কামনা জনালোঁ।
নতুন বৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনালো। আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক আৰু সুখেৰে উপচি পৰক।।
আশা কৰোঁ আপোনাৰ পৰিয়ালৰ সকলোৰে হাঁহিৰে নতুন বৰ্ষটো আৰম্ভ হৈ আৰু হাঁহিৰে শেষ হওঁক। নৱবৰ্ষৰ শুভকামনা জনালোঁ।
নতুন বৰ্ষৰ নতুন সংকল্প মই লৈছোঁ। নতুন সংকল্প বোৰ পূৰণ কৰাত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম অত্যন্ত প্ৰয়োজন। Happy New Year 2020
2020 চনৰ কষ্টময় দিনবোৰ পুনৰায যাতে় ঘূৰি নাহক, তাৰে আশাৰে 2021 চনৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
নৱবৰ্ষৰ নৱ আলোকেৰে ন ৰূপত মানৱতাৰ সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হওঁক। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
নতুন বৰ্ষত নতুন উদ্যমেৰে নতুন জীৱনৰ কৰ্ম কৰি যাওঁ আহক। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
-অমৰজ্যোতি_বৰুৱা
ধেমাজি, অসম
পেষ্টটো ফেচবুকতো শ্বেয়াৰ কৰক আৰু সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাওক
Comments