বোমা বিস্ফোৰণত ফাটি যোৱা হিটলাৰৰ পেন্টটো
বোমা বিস্ফোৰণত ফাটি যোৱা হিটলাৰৰ পেন্টটো
1944 চনৰ 20 জুলাই তাৰিখে এডল্ফ Adolf Hitler ক হত্যা কৰাৰ উদ্দেশ্যৰে এক ভয়ানক আক্ৰমন চলোৱা হৈছিল ৷ জাৰ্মান সেনাৰ কৰ্ণেল Claus von Stauffenberg ৰ নেতৃত্বত হোৱা এই ঐতিহাসিক আক্ৰমন হৈছিল Wolf's Lair নামৰ সামৰিক মূখ্যালয়ত ৷ সেইদিনা Adolf Hitler ক লক্ষ্য কৰি কৰা বোমা বিষ্ফোৰণটোত তেওঁ দৈৱক্ৰমে বাচি গৈছিল ৷ সেয়া ইতিহাসৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা ৷ সেইদিনা কেইমিনিটমান বা কেই চেকেণ্ড মানৰ ইফাল সিফাল হোৱা হ'লে হয়তো আজি পৃথিৱীৰ ইতিহাস বহু বেলেগ হ'লহেতেন ৷ পিছে সেইদিনা অতি আচৰিত আৰু অবিস্বাস্য ভাৱে Adolf Hitler ৰ প্ৰাণৰক্ষা হৈছিল ৷
1944, 20 July ৰ সেই bomb blast ৰ সময়ত Adolf hitler এ পিন্ধি থকা পেন্টটোৰ ছবি এয়া ৷
-Alakesh Bhagawati
Join the conversation