কুইন মেৰী; অভিশপ্ত জাহাজখন Assamese Ghost Story
কুইন মেৰী; অভিশপ্ত জাহাজখন Assamese Ghost Story
কেলিফ'নিয়াৰ ল'গ বীচ হাৰৰ্বৰত ৰৈ থকা এখন জাহাজ *কুইন মেৰী* দেখাত সুবিশাল এই জাহাজ খনক এখন অভিশপ্ত জাহাজ হিচাপে জনা যায়।কিয়নো এই জাহাজ খনৰ কৱলত আজি পৰ্যন্ত বহুত লোকৰ মৃত্যু ঘটিছে। এই জাহাজ খনৰ নাম কুইন মেৰী কিং জৰ্জৰ পঞ্চম পত্নী মেৰী অফ টেকৰ নামত ৰখা হৈছিল। এই জাহাজ খনৰ ৰোমাঞ্চকৰ ইতিহাসৰ লগতে এটা সুন্দৰ বৰ্তমান আছে। আজিও মানুহে এই জাহাজ খনত এক অশৰীৰী এক শক্তিক অনুভৱ কৰে।
কুইন মেৰী এখন ডান্স আটলাণ্টিক সামুদ্ৰিক লাইনৰ হয়। এই জাহাজ খন ১৯৩৪ চনত নিৰ্মান কৰি উলিওৱা হৈছিল। এই জাহাজ খন নিৰ্মান কৰিবলৈ সম্পূৰ্ণ ৩বছৰৰ সময় লাগিছিল,১৯৩১ ৰ পৰা এই জাহাজৰ নিৰ্মানৰ কাম আৰম্ভ হৈছিল আৰু ১৯৩৪ চনত জাহাজ নিৰ্মানৰ সকলো কাম শেষ হৈছিল আৰু তৈয়াৰ হৈছিল এখন সুবিশাল জাহাজ কুইন মেৰী।কুইন মেৰী নিৰ্মানে ইতিহাসত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিলে কিয়নো ১,০০০ ফুট দীঘল এই জাহাজ খন ইতিহাস প্ৰসিদ্ধ টাইটানিকতকৈও বিশাল আছিল। শক্তিশালী যন্ত্ৰৰ ব্যবহাৰেৰে নিৰ্মান কৰি উলিওৱা এই জাহাজ খনে সকলোৱে মাজত এক আলোড়ন সৃষ্টি কৰিলে।এই জাহাজ খনক ২৭ মাৰ্চ ১৯৩৬ চনত প্ৰথম পৰীক্ষণৰ বাবে সাগৰৰ পানীত মেলি দিয়া হয়।আৰু ইয়াৰ লগে লগে কুইন মেৰীৰ সমুদ্ৰ যাত্ৰাৰ আৰম্ভণি হয় আৰু আটলাণ্টিক সাগৰৰ বুকুত খলকনি তোলে। ৫,০০০ত কৈ বেছি যাত্ৰী বহিব পৰা এই জাহাজ খনে সকলোতকৈ কম সময়তে আটলান্টিক সাগৰ পাৰ কৰি আৰু এক ইতিহাসৰ ৰচনা কৰে।তদুপৰি এই কুইন মেৰিয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত মিত্ৰ দেশ সমূহক বহুতো সহায় কৰিছিল।কুইন মেৰীৰ সময়ত মানুহে সমুদ্ৰ যাত্রা কৰি ভাল পাইছিল আৰু সময়ে সময়ে কুইন মেৰীয়েও বহুতো যাত্ৰীক এক ৰোমাঞ্চকৰ যাত্ৰাৰ আমোদ প্ৰদান কৰিছিল। কিন্তু এই যাত্ৰাত কুইন মেৰিয়ে বহুতো দুৰ্ঘটনাৰ সন্মুখীন হব লগা হৈছিল আৰু সি দুর্ঘইটনাত পতিত বহুতো যাত্ৰীৰ মৃত্যু হৈছিল।আৰু বিশ্বাস কৰা হয় যে সেই দুর্ঘইটনাত নিহত সেই নিৰ্দোষী লোক সকলৰ আত্মাই আজিও চাই জাহাজখনত বাস কৰি আছে। আৰু সেই অশৰীৰী শক্তিক জাহাজ খনৰ ভিতৰত আজিও অনুভৱ কৰা যায়। কুইন মেৰী অভিশপ্ত হোৱা সেই কাহিনী সমূহ হৈছে
হঠাতে এদিন যাত্ৰাৰ পথত কুইন মেৰিয়ে নিজৰ যাত্ৰা পথ হেৰুৱাই পেলাইছিল আৰু সেই সময়তে কিছু অসৱধানতা বশতঃ জাহাজৰ লাইনবোৰ সাল সলনি কৰোঁতে জাহাজৰ তলৰ ইঞ্জিনৰ অংশত থকা জাহাজৰ বহুতো কৰ্মচাৰীৰ মৃত্যু হৈছিল আৰু তাৰ পাছত জাহাজৰ সেই অংশত আজিও সেই কৰ্মচাৰী সকলৰ প্ৰাণকাতৰ চিঞৰে মানুহক মৃত্যুৰ আভাস দি যায়। চাই দুর্ঘইটনাৰ পাছৰ পৰাই জাহাজ খনত বহুতো অস্বাভাৱিক ঘটনা ঘটিবলৈ ল'লে যেনে কেতিয়াবা কেতিয়াবা কেতিয়াবা জাহাজ খনৰ মেচিন বোৰ নিজেই নিজেই চলি যায় আৰু কেতিয়াবা বহুতো অস্বাভাৱিক শব্দ শুনিবলৈ পোৱা যায়। অনাবোৰ কাৰণতে জাহাজ খনৰ তলৰ অংশৰ বহুতো কোঠা বন্ধও কৰি দিয়া হৈছিল।
ইয়াৰ উপৰিও বহুতৰ মতে এই জাহাজ খনত এগৰাকী বগা সাজ পৰিহিতা এগৰাকীৰ মহিলাৰ আত্মাক কোনো কোনোয়ে প্রত্যক্ষ কৰে। কথিত আছে যে এগৰাকী মহিলাই জাহাজত অকলে সদায় আহিছিল আৰু অকলেই যাত্ৰা কৰিছিল তেওঁ প্ৰতিদিনে বগা কাপোৰ
সাজেই পিন্ধি আহিছিল আৰু সুমধুৰ গীতৰ তালত অকলেই নৃত্য কৰিছিল। কিন্তু হঠাতে এদিন সেই মহিলা গৰাকীৰ মৃতদেহ জাহাজৰ ছুইমিং পুলৰ পাৰত পোৱা গ'ল,আৰু তাৰ পাছৰ পৰাই মানুহে সেই বগা সাজ পৰিহিতা মহিলা গৰাকীক জাহাজৰ দৰ্জাৰ একোনত অকলশৰে নৃত্য কৰা দেখা যায় আৰু সেই মহিলা গৰাকীৰ চেহেৰা ইমানেই ভয়ানক আছিল যে সকলোয়ে ভয় কৰিছিল।ইয়াৰ পাছতেই চুইমিং পুলত পৰি দুজনী ছোৱালীৰ মৃত্যু হৈছিল আৰু তাৰ পাছৰে পৰা জাহাজৰ চুইমিং পুলত কোনোবা পৰা যাত্ৰী সকলে অনুভব কৰিব লৈছিল । আৰু তেতিয়াই জাহাজৰ চুমিং পুল বন্ধ কৰি দিয়া হৈছিল।
আন এক কথা মতে এবাৰ জাহাজতে এগৰাকী গৰ্ভৱতী মহিলাই এটা ল'ৰাক জন্ম দিছিল আৰু তেওঁ প্ৰায়ে সেই লৰাটোক লৈ জাহাজৰ কৰ্মচাৰী সকলৰ লৰা ছোৱালীয়ে খেলা ঘৰটোত লৈ গৈ খেলাইছিল কিন্তু কিবা কাৰণত সেই মহিলা গৰাকীৰ লৰা জন ঢুকাই থাকিল আৰু তেতিয়াৰ পৰাই জাহাজৰ খেলা ঘৰৰ লৰা ছোৱালী বোৰৰ মনবোৰ স্বভাৱৰ পৰিৱৰ্তন আহিল এবাৰ ৯বছৰীয়া ছোৱালী এজনীয়ে নিজৰ লগৰ এজনক পেটত চুৰি ভৰাই দিছিল আৰু লৰা জনৰ মৃত্যু হৈছিল। আৰু আজিও সেই ৰুমটোত শিশুৰ কান্দোনৰ শব্দ শুনা যায়।
তাৰ উপৰিওজাহাজ খনৰ শেষ জন নাবিক কেপ্টেইন ট্ৰিজৰ জে্ঞ্চৰ মৃত্যুও এক ৰহস্যৰ বিষয় আছিল যাৰ মৃত্যু জাহাজতেই হৈছিল কিটো কেনেকৈ বা কি হৈছিল আজিও কোনেও ইয়াৰ ৰহস্যৰ উদ্ ঘাটন কৰিব নোৱাৰিলে। শুনা মতে মৃত্যুৰ কেইদিন মানৰ আগলৈকে ট্ৰিজাৰৰ স্বভাৱৰ কিছু পৰিৱৰ্তন দেখা গৈছিল তেওঁ অকলশৰে কথা পাতি থকা দেখা গৈছিল আৰু অকলশৰে প্ৰায় সময় কটোৱা দেখা গৈছিল। কেপ্তেইনৰ চিগাৰেট খোৱাৰ অভ্যাস আছিল আৰু তেওঁৰ মৃত্যুৰ পাছত প্ৰায়ে জহাজত চিগাৰেটৰ গোন্ধ পোৱা গৈছিল।
বহুতোবাৰ হোৱা এনে ঘটনাৰ ফলত মানুহে জাহাজ খনৰক অভিশপ্ত জাহাজ বুলি কব ধৰিল আৰু জাহাজ খনত যাত্ৰা কৰা কমাই দিলে। আৰু এনে বোৰ কাৰণতেই ১৬ ছেপ্টেম্বৰ ১৯৬৭ কুইন মেৰীক কেৰলিফ'নিয়াত বিক্ৰী কৰি দিয়া হ'ল আৰু বৰ্তমান কুইন মেৰী সমুদ্ৰৰ বুকুত থকা এখন সুন্দৰ হোটেলৰ ৰূপে পালে। আৰু ১৯৭১ চনত ইয়াক সকলোৰে বাবে পুনৰ মুকলি কৰা হয় ।
কুইন মেৰী যদিও এতিয়া সেই পুৰণি জাহাজ হৈ থকা নাই তথাপিও আজিও তাত অশৰীৰী শক্তিৰ অনুভৱ কৰা যায়। বিশেষকৈ সেই বগা সাজ পৰিহিতা মহিলা গৰাকী আজিও মানুহৰ দৃষ্টিগোচৰ হয়।
যুগুতালে : সাগৰিকা গোস্বামী
Post a Comment