Emotional Assamese Love Story : Assamese Story For Facebook

Emotional Assamese Love Story : Assamese Story For Facebook

Emotional Assamese Love Story : Assamese Story For Facebook

এটি আবেগিক গল্প

কেনচাৰ আক্রান্ত 'ছোৱালীজনীয়ে ' তাইৰ প্রেমিকক কৈছিল "মইতো মৰি যাম কিন্তু, তোমাক ভালপাব কোনে ?

কোনে তোমাৰ কেয়াৰ কৰিব ,??।।কোনে তোমাক শাসন কৰিব ,,??।। কাজিয়া কৰিবা তুমি কাৰ সৈতে ?।।তোমাৰ তো আছে ৰাতি সাৰে থকাৰ স্বভাব, নোখোৱাকৈ থকাৰ বদ অভ্যাস। কোনে তোমাক বাৰ বাৰ কৈ কৈ খুৱাব ,,কাৰ গান শুনি তুমি শুই পৰিবা। প্লিজ, তুমি বিয়া কৰোৱা। মোৰ মৃত্যুৰ আগেয়ে। তোমাক অন্তত চাব খোজো। তুমি ভালে থাকা । মই নাথাকিলেও। "

লৰাটোৱে ফেকুৰি উঠে। ছোৱালীজনীক সাবটি সি কয়

"চুপ একদম চুপ।তোমাৰ একো নহয়। তোমাক এৰি মই কাৰো হব নোৱাৰো। নহওঁ কোনোদিনে। মই যে তোমাক ভালপাওঁ। তোমাৰ একো নহয়। ভগবানে এনে নকৰে :-( ।"

ছোৱালীজনীৰ চকুলো বৈ আহে :'( । বুকুৰ কষ্টবোৰ জমা হৈ উত্তপ্ত তীখাৰ দৰে তীব্ৰ হৈ উঠে। তাই ভাবে এই ভালপোৱাক এদিন এৰিব লাগিব। তাই জানে যে পৃথিৱীত আজি ভগবানো অসহায় তাইৰ বাবে। তাই নিৰুপায়।😊

তাৰ পিছতো লৰাজনৰ মূৰত হাত বুলাই কয় "-জানা, মোৰ অন্ধকাৰক খুব 'ভয় লাগে। অথচ চোৱা কেইদিনমান পিছত

চিৰস্থায়ী অন্ধকাৰত থাকিব লাগিব। কোৱানা কি কৰি থাকিম।

খুব ইচ্ছা হৈছে তোমাৰ বুকুত মূৰটো এনেদৰে আজীৱন ৰাখিবলৈ"

লৰাটোৰ চকুয়ে মুখে 'চকুপানী ভৰি পৰে। দুয়োজনে দুয়োকে সাবটি কান্দে নীৰৱে।

এই ঘটনাৰ কিছুদিন পিছত এদিন ছোৱালীজনীৰ মৃত্যু হয়। লৰাটোৱে প্ৰতিটো ৰাতি ছোৱালীজনীৰ কবৰৰ কাষত বহি থাকে।এডাল এডালকৈ প্ৰতিতো নিশা মমবাতি জ্বলাই ছোৱালীজনীৰ কবৰ আলোকিত কৰে । ৰাতি সিও নুশুৱে এইবাবেই যে ছোৱালীজনীয়ে অলপো অন্ধকাৰ সহ্য কৰিব নোৱাৰে।

আজি কিছুদিন ধৰি সিও খুব টেনচনত আছে । কেইদিনমান আগতে ডাক্টৰে তাৰো কেন্সাৰ ধৰা পেলাইছে ।তাৰ মৃত্যুৰ চিন্তা নহয়। একমাত্ৰ চিন্তা,

তাৰো যদি মৃত্যু হয় ছোৱালীজনীৰ কবৰত কোনে ৰাতি ৰাতি মমবাতি জ্বলাব। কোনে বুজিব ছোৱালীজনীয়ে যে অন্ধকাৰ খুব ভয় কৰে। বহুত।

-ভাবানুবাদ