12 Real Facts Of Assamese Society : Assamese Article
আমাৰ সমাজৰ কিছু অপ্ৰিয় অথচ সঁচা কথা Some Real Facts Of Assamese Society
1/ যদি শাৰীৰিক সন্তুষ্টি পোৱা আশা থাকে ভালপোৱা সঁচা বুলি বিশ্বাস কৰি লয় আৰু যদি অস্বীকাৰ কৰে সেইয়া টাইম পাছ বুলি ধৰি লয়।
2/ নিজৰ ল'ৰা ছোৱালীয়ে নাম্বাৰ কম পালেও দুগুণ বেছিকৈ কৈ আনৰ ৰং চায় ।সেইবাবে সিহঁতেও শিকি লয় সমাজত ভদ্ৰতাৰ মুখা পিন্ধাৰ প্ৰয়োজনীয়তা।
3/ এজনী সাধাৰণ ঘৰৰ ছোৱালীয়ে যদি ছুটি কাপোৰ পিন্ধে তাই হৈ পৰে চৰিত্ৰহীন,অসভ্য ছোৱালী ।যদি সেই একেই কাপোৰ ক্ষমতাশালী এঘৰৰ ছোৱালীয়ে পিন্ধে তাই হৈ পৰে মডেল, বিউটিফুল ।(মই পিচে লজ্জা ধাকি কাপোৰ পিন্ধাবোৰৰ কথা হে কৈছোঁ যি লজ্জাক ফেশ্বনভাবে সেইয়া আধুনিকতা হ'ব পাৰে কিন্তু কাপোৰৰ মূল্য জীৱশ্ৰেষ্ঠ হিচাপে মানুহে বুজা উচিত ।)
4/ চিনেমা আদিত কাপোৰ খোলা এগৰাকী নাৰী চেলিব্ৰিটি হৈ পৰে ।।টকাৰ অভাৱত কাপোৰ খুলিলে বেশ্যা হৈ পৰে ।।তেনেকৈ বেশ্যা বৃত্তি চলি থকা আৰঁৰ পুৰুষজন সদায়ে সমাজত ভদ্ৰতাৰ মুখা পিন্ধি ঘূৰি ফুৰে।
5/বোৱাৰী শাহু এটা জটিল সমস্যা যদি মিলি থাকিব পাৰে সমস্যা ক'ত?বদনাম ওচৰ চুবুৰীয়াক যিমানে নকওঁক বিপদৰ সময়ত ঘৰৰ মানুহবোৰক হে পাই।আন্তৰিকতা মানবীয়তাই সমন্ধ জীয়াই ৰাখে।
6/চুবুৰীয়াৰ সৈতে আনৰ বদনাম পতাতকৈ ভাল কথা পাতি চাব বহুত ভাল লাগিব মন আৰু সহায় কৰি চাব যিমান পাৰে নিজতকৈ কোনোবাই আগবাঢ়িব বুলি লুকুৱাই লাভ নাই যিজন যোগ্য সেই স্থান পোৱা আপুনি নিবিছাৰিলেও তেওঁ পাবই।
7/কোনোবাই ভাল কাম কৰিলে ঢাকনা দি নিজৰ পাৰদৰ্শীতা প্ৰকাশৰ সুযোগ বিচৰা।
8/ এচাম ইমান অসভ্য থাকে আৰু সকলোকে নিজৰশাৰীত ৰাখি কথাপাতিব বিচাৰে।বুজি নাপাওঁ তাহাঁতৰ আত্মসন্মান নাই নে জন্মৰ পৰা নৈতিক শিক্ষাৰ লগত পৰিচয় নহ'ল ।
9/ এহাল ল'ৰা ছোৱালী একেলগে কৰবাত গ'ল লাগিলে ভায়েক বা ককায়েক বা বন্ধু হওঁক দৰকাৰ নাই তেওঁলোকে ভাবি ল'লে ।হৈ গ'ল আলোচনা আমুকৰ ল'ৰা Etc etc ....আমাৰ সমাজত এজনী ছোৱালী এটা ল'ৰাৰ বন্ধুত্ব সহজ এতিয়াও নহয় ।
10/ দোষ থাকক বা নাথাকক বাইক দূৰ্ঘটনা হ'লেই ল'ৰা হয় উৎপাতীয়া মদাহী ।(কিছুমান হয় কিন্তু সকলো নহয় )
11/ এচাম নাৰীয়ে সুবিধা লৈছে ধৰ্ষণ কৰাৰ মিছা অভিযোগ তুলি যাৰবাবে আমি লজ্জিত ।সচাঁকৈ আমি একবিংশ শতিকাৰ জীৱশ্ৰেষ্ঠ কাৰণ ভয়,লাজ এইবিলাক আধুনিক সমাজত অপৰিচিত শব্দ।এচামে সংসাৰ এখন গঢ়া পাছতো অনৈতিক কামেৰে সততাবোৰ শেষ কৰি দিছে তেনেকৈ দুই এক পুৰুষে অন্যান্য যুৱতীক প্ৰলোভন দি স্বাৰ্থপূৰণৰ শেষত ঘৰৰ সন্মতিত ভদ্ৰ ল'ৰাৰ নমুনা হৈ আনৰ লগত সম্পৰ্ক গঢ়ে ।।।কিমান যে নিৰ্লজ আমাৰ এচাম।
12/বিবাহৰ সময়ত ছোৱালী হ'লে চৰিত্ৰ , পঢ়া 'শুনা ,ব্যৱহাৰ তথা আভ্যন্তৰীণ গুণ আদিতকৈ বাহ্যিক সৌন্দৰ্য্যত গুৰুত্ব দিয়া হয়।ঠিক তেনেকৈ ল'ৰাৰ চৰকাৰী তথা ভাল পদবীত জড়িত হ'লেই বিচাৰ কৰি ছোৱা নহয় প্ৰকৃত তে ল'ৰা জন সৎ নে??এই ছোৱালী হ'লে ধুনীয়া আৰু ল'ৰাৰ চাকৰিক গুৰুত্ব দিয়াবাবে পাছত বহু সমন্ধ লৈ সংকট আহে।কাৰণ এনেকুৱা মানসিকতাৰ মানুহৰ ধুনীয়া আৰু চাকৰি ওপৰত গৰ্ব্ব গতিকে ইচ্ছা মতে চয়জ কৰিব ঠগিবলৈ কুন্ঠাবোধ নকৰে।সেইবাবে সমন্ধ ক অকল টকা অথবা সৌন্দৰ্য্য ৰে নুজুখিব।কিয়নো সততা,বিশ্বাস, শ্ৰদ্ধা ,আন্তৰিকতাৰে হে সমন্ধ যুগমীয়া হয়।গতিকে কিছুমান গুণৰ অধিকাৰী হোৱা প্ৰয়োজন ।(সকলো একেই নহয় যাৰ মানসিকতা এনেকুৱা সলনি কৰক) মদ আদি বেয়া জানিওঁ বহুতে খাই ।।।।তেনেকৈ আনৰ বেয়া চিন্তা কৰা বেয়া জানিও বেছিভাগেই বেয়া চিন্তাই কৰে তাতে প্ৰতিশোধৰ চিন্তাটো থাকেই আৰু বহুত ক'ব পাৰি শেষ নহ'ব ।
Also Read
শেষত এইটোৱে কওঁ কোনো কথা শুদ্ধকৈ নজনাকৈ কথা নক'ব। টকা পইছা যিমানে হওঁক মৃত্যু নিশ্চিত গতিকে অহংকাৰ নকৰি মিলি থাকক আনৰো শান্তি আপোনাৰো।কাৰোবাৰ ভুল দেখিলে শুদ্ধৰাই দিব সমালোচনা কৰি কষ্ট নিদিব।জীৱন এবাৰেই ভালেৰে মিলি থাকি চাওঁক ভাল লাগিব। সমালোচনা কৰক যদি মিছা বুলি প্ৰমাণ দিব পাৰে।
The Facts Of Assamese Society Is written by
- ময়ুৰী গোস্বামী যোৰহাট