Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Oscar In Assamese - An Assamese Article About Oscar Award

Oscar In Assamese, Article In Assamese , Assamese post for oscar
Oscar Award In Assamese | Assamese Article About Oscar Award

Oscar In Assamese - An Assamese Article About Oscar Award

অস্কাৰ বটাৰ আৰম্ভণি ১৯২৭ চন মানৰ পৰা হৈছিল। চলচ্চিত্ৰৰ বিভিন্ন শিতানত এই বটা সমূহ দিয়া হৈছিল যদিও বিদেশী ভাষাৰ চলচ্চিত্ৰত ১৯৫৭ মানৰ পৰাহে বটা দিয়াৰ আৰম্ভ হৈছিল। অস্কাৰ কমিটিৰ সকলো শাখাৰ পৰা কিছু নিৰ্বাচিত সদস্যই শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ নমিনেচন ও ‌শ্ৰেষ্ঠ চলচিত্ৰখন নিৰ্বাচন কৰে। ২০০৬ ৰ পৰা অস্কাৰ কমিটিয়ে কিছু সংশোধনৰ জৰিয়তে দুটা পৰ্যায়ত বিদেশী ভাষাৰ ছবিবোৰ নিৰ্বাচন কৰে। প্রি নমিনেচন ষ্টেজত প্ৰায় এশৰ পৰা দেৰশ বিভিন্ন দেশৰ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ মাজৰ পৰা অস্কাৰ কমিটিয়ে প্রথম পৰ্যায়ত ন' খন মানহে চৰ্টলিষ্ট নিৰ্বাচন কৰি উলিয়াই ফাইনেল নমিনেচনৰ নাম ঘোষণা কৰাৰ এসপ্তাহৰ পূৰ্বে। এই দেৰশ-দুশৰ পৰা চৰ্টলিষ্টত হোৱাটোও কিন্তু বৰ সহজ নহয়। তাৰপাছত আকৌ প্ৰায় ত্রিশজনীয়া সদস্যই তিনিদিনৰ ভিতৰত পাঁচখন মানহে বিদেশী ভাষাৰ চলচ্চিত্ৰ মুল পৰ্বলৈ নিৰ্বাচন কৰে। প্রি নমিনেচন পৰ্বত নিৰ্বাচিত হোৱা চলচিত্ৰৰ প্ৰযোজকে অস্কাৰ কমিটিক নিৰ্বাচিত চিনেমাখন চোৱাৰ সুবিধা কৰি দিব লাগিব। এইটো নহয়যে নিৰ্বাচিত চিনেমা খন অস্কাৰ কমিটিৰ সদস্যসকলে দৌৰি আহি চাব। তেওঁলোকক চোৱাৰ সুবিধা কৰি দিব লাগিব চিনেমাৰ প্ৰযোজকে ।ডিভিডি বা তেনে কোনো মাধ্যমেৰে ব্যক্তিগত ভাবেও দিব পাৰে । কিন্তু কমিটিৰ সদস্যই আকৌ কেৱল ডিভিডিত চায় চিনেমাখনৰ পক্ষে ভোট দিলেও নহব অস্কাৰ কমিটিয়ে আয়োজন কৰা প্রমচনত সদস্য জন উপস্থিত থাকিব লাগিব। তেহে ভোটৰ বাবে তেওঁ বেলট পেপাৰ লাভ কৰিব।

এই প্র'মৰ বাবে চিনেমাৰ প্রযোজকে অস্কাৰ কমিটিক সহায় কৰিব লাগিব। আৰু লক্ষ্য ৰাখিব লাগিব যে সকলো সদস্য উপস্থিত হৈছেনে নাই। এই পৰ্য্যায়ত পযোজকক কিছু অৰ্থৰ প্ৰয়োজন হয়। এইখিনি হল প্ৰাক প্ৰাথমিক প্রি নমিনেচন পৰ্ব। প্রি নমিনেচন পৰ্বত অস্কাৰ কমিটিৰ প্ৰায় সকলো শাখাৰ পৰা নিৰ্বাচন কৰা কেইজন মান সদস্যইহে নমিনেচনৰ কাৰণে ভোট দিব পাৰে বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত । শ্ৰেষ্ঠ ছবি খনক বাদ দি বাকীবোৰ শাখাটো সেই সমূহৰ বাবে থকা সদস্যসমূহে নমিনেচনৰ বাবে ভোট দি নিৰ্বাচন কৰে যেনে--শ্রেষ্ঠ পৰিচালকৰ বাবে পৰিচালক সদস্যই, শ্ৰেষ্ঠ অভিনেতাৰ বাবে অভিনেতা সদস্যই, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে চিত্ৰনাট্যৰ সদস্যই নমিনেচন কৰে কিন্তু মুল পৰ্বত সকলোবোৰ সদস্যই ভোট দি শ্ৰেষ্ঠ জন নিৰ্বাচন কৰে।

বিদেশী ভাষাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰতো নমিনেচন হোৱাৰ পিছত সকলো সদস্যই শ্ৰেষ্ঠ ছবিখনৰ বাবে ভোট দিয়ে। সেয়ে প্ৰযোজকে প্ৰায় ৬০০০ সদস্যৰ বাবে প্রমচন কৰিব লগা হয় আৰু সকলো সদস্যই ছবিখন চাইচেনে নাই বা চাবলৈ পাইছেনে নাই সেইয়াও লক্ষ্য ৰাখিব লগা হয়। ই এটা ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ ওপৰতেই ছবি খনৰ সফলতা নিৰ্ভৰ কৰে। এইখিনিৰ বাবেই প্ৰচুৰ অৰ্থৰ প্ৰয়োজন হয়। কিয়নো ৬০০০ সদস্যই ছবিখন চাব পৰাকৈ উন্নত মানদণ্ডৰ প্রমচন কৰিব লগা হয়। যিটো মুখৰ কথা নহয়। লগানৰ ক্ষেত্ৰত আমিৰ খানে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। কিন্তু তথাপিও সেইবাৰ অতি কম বাজেটৰ ছবি য়োগোশ্লাভিয়াৰ 'ন মেনচ লেন্দ' য়ে লাভ কৰিছিল শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ সন্মান।

আনহাতে শ্ৰেষ্ঠ বিবেচিত হোৱা বিদেশী ভাষাৰ চলচিত্ৰ খনৰ বটা সেই ছবিৰ প্ৰযোজক বা পৰিচালকৰ হাতত দিয়া হয় যদিও ই কিন্তু প্ৰকৃততে এই বটা কোনো ব্যক্তিবিশেষক অস্কাৰ সন্মান দিয়াটো নুবুজাই প্ৰকৃততে যিখন দেশৰ পৰা ছবিখন প্ৰতিনিধিত্ব কৰা হয় সেইখন দেশকহে সন্মান বা বটা দিয়াটো বুজায়। এইখিনি অকমান দকৈ চিন্তা কৰিলেই বুজি পাব।

Also Read

সত্যজিৎ ৰায়ে জীৱনযোৰা সাধনাৰ বাবে অস্কাৰ পাইছিল কিন্তু এই বটা তেওঁক ব্যক্তিগত ভাৱে সন্মান জনাইহে দিয়া হৈছিল । অৱশ্যে ইয়াৰ বাবে সকলো ভাৰত বাসিয়েই গৌৰৱান্বিত । কিন্তু সত্যজিৎ ৰায়ৰ চলচিত্ৰ তিনিবাৰ ভাৰতৰ ফিল্ম ফেডাৰেচনে অস্কাৰৰ বাবে পঠিয়াইছিল । কিন্তু নমিনেচন পোৱা নাছিল। ইটালীৰ ফ্রেদেৰিক ফেলিনিৰ ছবিয়ে সৰ্বাধিক চাৰিবাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শিতানত অস্কাৰ লাভ কৰিছিল যদিওঁ অস্কাৰ ইতিহাসত ফেলিনিৰ পৰিবৰ্তে তেওঁৰ দেশ ইটালীৰ নামহে লিপিৱদ্ধ হৈ আছে। কিন্তু অস্কাৰ কমিটিয়ে এবাৰ জীৱন যোৰা সাধনাৰ বটা যুটীয়াভাৱে ফেলিনিক আগবঢ়াইছিল তেওঁৰ সন্মানাৰ্থে। সেয়াহে ব্যক্তিবিশেষে ফেলিনিক দিয়া সন্মান আছিল।

ইটালীয়েই সৰ্বাধিক বিদেশী ভাষাৰ শিতানত অস্কাৰ বিজেটা একমাত্ৰ দেশ। আৰু ফ্ৰান্স হল সৰ্বাধিক নমিনেচন লাভ কৰা দেশ। সৰ্বাধিক নমিনেচন কিন্তু এবাৰো বটা পাবলৈ সক্ষম নোহোৱা দেশ হল ইজৰাইল। আৰু সৰ্বাধিক সংখ্যক আগভাগ লোৱা কিন্তু এবাৰো নমিনেচন নোপোৱা দেশৰ তালিকাত আছে পৰ্টুগাল।

-Rajiv Kumar Bordoloi
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment