Assamese Language And Its Importance In Assam
সাহিত্য পঁঢ়ো আহঁকAssamese Language And Its Importance In Assam
সাহিত্য এটি জাতিৰ দাপোন৷আমাৰ যি সাহিত্যত প্ৰাকৃতিক অৱস্থা ,ভৌগোলিক অৱস্থা ,সাহিত্যত প্ৰকাশ পায় ৷ সামাজিক আৰ্দশ, গতিবিধি জাতিটোৰ সাহিত্য সৃষ্টিত যি প্ৰকাশ পাই তাৰ প্ৰতিবিম্ব বিশ্বই দেখা পায় ৷আমাৰ সাহিত্য সৃষ্টিত উমান পাই অসমীয়া জাতিৰ দাপোণত ৷ জাতীয় সকলো অংগ সাহিত্যত দেখা পায় ৷
আমি জাতিটোৰ উন্নতি কৰিব বিচাৰিলে আমাৰ কিছুমানৰ পুৰণি কুসংস্কাৰ বিলাক এৰিব লাগিব ৷আজি বিজ্ঞানৰ যুগত আমি আমাৰ কিছুমান অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ অসমীয়া জাতিটো ধ্বংসলৈ মাতি আনিছো ৷আমি জনা বহুত প্ৰয়োজন যে আমি এখন উন্নতশীল দেশত বাস কৰোঁ।আগশাৰীৰ দেশলৈ উপনীত হ’বলৈ হ’লে আন উন্নত দেশৰ বুৰঞ্জী আৰু সাহিত্য জানিব লাগিব ৷ইয়ে আমাৰ দেশখনক উন্নত দেশলৈ ৰূপান্তৰিত কৰাত সহায় হব আৰু তাৰ বাবে আমি সেই দেশসমূহৰ সাহিত্য পঢ়িব লাগিব ৷তেতিয়া আমাৰ দেশৰ লগতে ভাষা সাহিত্য উন্নত হব৷কিন্তু এই খিনিতে আমাৰ সাহিত্যত যি নিজস্বতা আছে তাৰ কোনো যাতে ক্ষতি নহয়, সেই কথা লক্ষ্য ৰাখিব লাগিব ৷আমি বিদেশী বা আনৰ সাহিত্য যাতে চুৰ কৰি সানমিহলি কৰি সংযোগ কৰি নিদিওঁ তাৰ বাবে সদায় বিবেক জাগ্ৰত ৰাখিব লাগে। ইয়াৰ লগে লগে আমাৰ সমাজ ব্যৱস্থাত বহু কলংকিত অন্ধবিশ্বাস আছে ৷ এটা জাতিৰ বিষয়ে সাহিত্যই যেতিয়া কয়, গতিকে আমাৰ বিষয়ে বেয়া ভাল সকলো সাহিত্যৰ যোগেদি সমগ্ৰ বিশ্বয়েই গম পায় ৷আমি যদি নিকা নহওঁ আৰু কিছুমান কুনীতি ,অন্ধবিশ্বাস নিৰ্মূল নকৰোঁ তেতিয়া হ’লে আমাৰ জাতিটো আনৰ ঘৃণা পাত্ৰ হৈ থাকিম ৷
Also Read
সৰ্বশেষত কওঁ ভাষা জননীক উন্নত কৰিবলৈ হ’লে আমি আমাৰ সাহিত্য চহকী কৰাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সমাজৰ কিছুমান কু নীতি-নিয়ম এৰিব লাগিব ৷বাহিৰৰ উন্নত দেশ সমূহৰ বিষয়ে জানিবলৈ কিতাপ পঢ়ি জ্ঞান অাহৰণ কৰিব লাগিব আৰু সেই শিক্ষাক নিজস্ব ৰূপ দি জাতিৰ উন্নতিত প্ৰয়োগ কৰিব লাগিব ৷তেতিয়া দেশ তথা অসমীয়া জাতি সৰ্বাংগসুন্দৰ হব ৷
Join the conversation