Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Some Facts About Indian Flag In Assamese | Independence Day In Assamese

some facts about Indian flag in Assamese independence day assamese Article About Indian flag
Some Facts About Indian Flag In Assamese

Some Facts About Indian Flag In Assamese আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে এইবোৰ কথা আপুনি জানিছিল নে

Independence Day Assamese Article About Indian Flag

বন্ধুসকল এখন  দেশৰ পতাকা খন সেই দেশৰ স্বাভিমান  অস্তিত্ব, চিন্হ বহন কৰে। আমাৰ দেশৰো পতাকা খনে একেদৰে আমাক  প্ৰতিনিধিত্ব কৰে। । কিন্তু আপুনি বাৰু জানেনে এই পতাকা খন ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব,এই বিষয়ে তলত লিখা হৈছে পঢ়ি চাওঁকচোন। লগতে আনকো শ্বেয়াৰ কৰক।

ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ Use Of Indian Flag Assamese

  1. ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কোনো ব্যাৱসয়িক কাৰণত কৰিব নোৱাৰিব 
  2. কোনো ব্যক্তি বা বস্তুক সন্মান (চালামী)জনাবৰ কাৰণে ৰাষ্ট্ৰীয় পতাকা নত কৰিব নোৱাৰিব ৷
  3. চৰকাৰী আদেশ অবিহনে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিব নোৱাৰিব ৷
  4. কোনো প্ৰকাৰৰ পোচাক, ইউনিফৰ্ম আদিৰ যিকোনো ভাগত বা ৰুমাল, নেপকিন, গাৰু গিলিপ আদিত ৰাষ্ট্ৰীয় পতাকা অংকিত বা ছপা কৰিব নোবাৰিব ৷
  5. ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত কোনো আখৰ লিখিব বা ছবি আঁকিব নোৱাৰিব ৷
  6. 6.গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আদিৰ ফুলৰ পাহি ৰখাৰ বাহিৰে ৰাষ্ট্ৰীয় পতাকাখন কোনো বস্তু গ্ৰহণ কৰা,দিয়া বা লৈ যোৱা আৰু বন্ধাৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব ৷
  7. কোনো অনুষ্ঠানত ৰক্তাৰ টেবুল ঢকাৰ কামত,মঞ্চ সজোৱাৰ কামত কোনো ভৱনত দুৱাৰ খিৰিকীৰ পৰ্দা হিচাপে বা কোনো বাহন,ৰে’ল ,উৰাজাহাজ,বৰটোপ আদিৰ যিকোনো অংশ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷
  8. কোনো প্ৰতিমা,প্ৰতিমূৰ্তি বা স্মাৰক উন্মোচনৰ পূৰ্বে ঢাকি ৰখা কামত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷
  9. ইচ্ছাকৃত ভাৱে ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ উত্তোলন কৰা বা ইয়াক মাটি বা পানীত পৰিবলৈ দিয়া কাৰ্য কৰিব নোৱাৰিব ৷
  10. ফটা-চিতা, সোঁতমোচ খোৱা বা লেতেৰা আৰু একেডাল দণ্ডতে বেলেগ পতাকাৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰিব ৷
  11. যিমান দূৰ সম্ভৱ ৰাষ্ট্ৰীয় পতাকাৰ জোখ বা আকাৰ পতাকা সংহিতা ২০০২ৰ প্ৰথম ভাগত উল্লেখ কৰা জোখৰ অনুৰূপ হোৱা উচিত আৰু যদি পতাকাখন দীঘলে প্ৰদৰ্শন কৰা হয় ,সেই ক্ষেত্ৰত গেৰুৱা ৰংটো পতাকাখনৰ সোঁফালে অৰ্থাৎ দৰ্শকৰ বাওঁফালে হ’ব লাগিব ৷
  12. বিভিন্ন মহত্ত্বপূৰ্ণৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু ক্ৰীড়া সমাৰোহত কাগজৰ পতাকা জনতা হাতত লৈ ব্যৱহাৰ কৰিব পাৰিব কিন্তু সেই সমাৰোহৰ অন্তত পতাকাবোৰ বিকৃত কৰা বা মাটিত পেলাই দিয়া অনুচিত ৷তেনে পতাকা বা ব্যৱহাৰৰ অনুপযোগী পতাকা নিৰলে জ্বলাই দিব লাগে বা মৰ্য্যদা সহকাৰে অন্য ধৰণে নষ্ট কৰি পেলাব লাগে ৷

যুগুতালেঃ মফিদা বেগম।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog