মিষ্ট্ৰিয়াচ নাইট ১-Assamese horror story

পৰীক্ষা দিবলৈ প্ৰথমবাৰ গুৱাহাটিলৈ আহিছো তাকো অকলে ।বন্ধু অৰুপলৈ ফোন কৰিবলৈ বিচাৰোতে দেখিলো ফোনটোৰচাৰ্জ শেষ । তাৰ ঘৰ কোনখিনিত নাজানো । অৱশেষতঠিৰাং কৰিলো যে আজি ৰাতিটো কোনোবা হোটেল এখনতথাকি পুৱা পৰীক্ষা দি বন্ধুৰ ঘৰ বিচাৰিম । এইবুলি ভাবি প্ৰায় পাঁচখনমান হোটেললৈ গ'লো । নাই, কতো খালী ৰূম নাই ।যি দেখিছো ৰাতিটো ফুটপাথতে কটাব লাগিব ভাবি ভাবি খোজকাঢ়ি গৈ আছিলো । তেনেতে এজন ৰিক্সাচালকে মোক ক'ত যায় সুধিলে । মই সকলো কথা বিৱৰি কলো । সি ক'লে যে সি মোক এখন হোটেললৈ লৈ যাব য'ত ভাৰাও কম আৰু নিৰাপদো । পানীত ডুবিবলৈ ধৰা মানুহে খেৰ কুটা এডালকে সাৰথী হিচাপে লোৱাৰ দৰে মইও বিনা দ্বিধাই সন্মত হ'লো । সি মোক এটা নিজান গলিয়েদি লৈ গৈ আছে । কিন্তু কিয় জানো এক অজান আশংকাত মোৰ বুকু কপি উঠিছিল । কোনোবাই যেন মোক কাণে কাণে কৈছে- তই মৃত্যুৰ মুখলৈ গৈ আছ । সোনকালে ৰিক্সাৰ পৰা নামি যা নামি যা....।
-: আৰু কিমান দূৰ আছে হে-- মই সুধিলো ।
-: এই পালোহিয়েই দাদা,--
এইবুলি সি ৰিক্সাখন ৰখাই এখন হোটেল দেখুৱালে । দেখিলো এখন দুমহলীয়া হোটেল । লিখা আছে 'হোটেল
মনালিচা' । ৰিক্সাখনৰ পৰা নামি অলপ হোটেলখন লক্ষ্য কৰিলো । পিছত মানিবেগৰ পৰা বিশ টকা এটা উলিয়াই ৰিক্সাচালকজনক দিবলৈ লৈ দেখো যে ৰিক্সাখন নাই । হয়টো ৰিক্সাচালকজনৰ দেৰি হোৱা বাবে নাইবা মোৰ অৱস্থালৈ দয়া ওপজা বাবে টকা নোলোৱাকৈ গুচি গ'ল । বিশেষ একো নাভাবি মই হোটেলখনলৈ গ'লো । গম পালো খালী ৰূম এটা আছে ওপৰ মহলাত । ৰূম নম্বৰ ১৩ । ভাৰা দুশ টকা । ধুনীয়া ৰিচেপচনিষ্ট গৰাকীয়েই মোক ৰূমটোলৈ লৈ গ'ল ।
ৰুমটোত সোমায়েই দেখিলো এখন বিচনা বগা বিচনা চাদৰেৰে পাৰি থোৱা । দিনটোৰ ভাগৰবোৰে যেন মোক এতিয়াহে হেচা মাৰি ধৰিলে । বিচনাখনত অলপ সময় বাগৰ দিলো । খন্তেকতে টোপনি গলো । কিমান সময় শুই আছিলো নাজানো, হঠাৎ কিছুমান শব্দত সাৰ পাই উঠিলো । ঘড়ীটোলৈ চাই দেখিলো সময় তেতিয়া ২ বাজি ৩০ মিনিট হৈছেহি । শব্দবোৰ কাষৰ ৰূমটোৰ পৰা অহা যেন
লাগিছে । অলপ সময় কাণপাতি শুনিলো । অনুমান হ'ল পতি-পত্নীৰ কাজিয়া । কিবা কথাত তেওঁলোকৰ মাজত কাজিয়া হৈছে ।অলপ পাছত বন্দুকৰ গুলিৰ শব্দৰ লগতে নাৰীকন্ঠৰ মৰণ কাতৰ চিঞৰ শুনা পালো । মোৰ সৰ্বশৰীৰ জ্বৰে ঘমা দি ঘামিব ধৰিলে । ওহো এনেকৈ থাকিলে নহ'ব । কথাটো তলত জনাব লাগিব বুলি ভাবি ৰূমৰ দুৱাৰ খুলি বাহিৰলৈ ওলালো । কৰিডৰ (Corridor) টোত কম ভল্টেজৰ নীলা বাল্ব দুটামান জ্বলি আছিল । দেখিলো এজন মানুহে উন্মাদৰ দৰে আন ৰূমবিলাকৰ দুৱাৰত গুৰিয়াই ভাঙি বন্দুকেৰে গুলিয়াই গৈছে । লগে লগে মৰণ কাতৰ চিঞৰ শুনা গৈছে । মই ভগৱানৰ নাম লৈ ফুলদানিটোৰ আৰঁত লুকালো । মানুহজনে মোক নেদেখিলে । মোৰ ৰুমটো সোমাই মানুহজনে সম্ভৱতঃ মোক বিচাৰিছিল । মোক বিচাৰি নাপাই খঙত ওলাই গৈ আনটো ৰুম গুৰিয়াই সোমাই গ'ল । কোনোবাই যেন মোৰ কাণে কাণে ক'লে- "পলা পলা যদি বাচি থাকিবলৈ মন আছে" । মই মাত্ৰ চেকুৰিছো চিৰিখনৰ ফালে । বাটতে আগতে লগ পোৱা ৰিচেপচনিষ্ট গৰাকীক লগ পালো । তাইৰ দেহো তেজেৰে ৰাঙলী । সেহাই সেহাই তাইক পুলিচক খবৰ
দিবলৈ ক'লো । কিন্তু মোক আচৰিত কৰি তাই এটা প্ৰকাণ্ড অট্টহাস্য কৰি ক'লে -
-: চাৰ, পুলিচক খবৰ দি কি লাভ হ'ব ? সি মোকো গুলিয়ালে ।

এইয়া চাওঁক মোৰ হাওঁফাওঁৰ মাজেৰে গুলি পাৰ হৈ গৈছে - এইবুলি তাই হাতেৰে বুকুত সুমুৱাই হাওঁফাওঁটো টানি উলিয়াই আনিলে । দেখিলো সেইটো এতিয়াও ঢিপ ঢিপ কৰি আছে । বুজি পালো মই এটা অভিশপ্ত ঘৰত আহি বন্দী হলোহি । মই মাত্ৰ চেকুৰিছো চিৰিখনৰ ফালে । অৱশেষত চিৰিখন পালোহি । তললৈ নামিবলৈ লৈ দেখো যে চিৰিখন তলৰ পৰা ক্ৰমান্বয়ে নোহোৱা হৈ আহিছে । পিছলৈ ঘুৰি চাই দেখিলো ৰিচেপচনিষ্ট গৰাকী আৰু বন্দুক লোৱা মানুহজন ক্ৰমান্বয়ে মোৰ ফালে আগুবাই আহি আছে । দুয়োৰে ভয়ংকৰ (কৃন্তক) দাঁতবোৰ বাহিৰলৈ ওলাই আহিছে । কোনো চিন্তা নকৰি চিৰিখনৰ ফালে জাপ মাৰি দিলো, তাৰ পাছত মোৰ একো মনত নাই । কাৰোবাৰ গুণগুণনি শুনি চকু মেলি চাই দেখিলো মোক আৱৰি মোৰ বন্ধু অৰূপ, তাৰ পৰিবাৰ, এজন তান্ত্ৰিক আদি কৰি প্ৰায় ১০ জনমান মানুহে উৎকন্ঠাৰে চাই আছে । গম পালো মই হেনো সম্পূৰ্ণ ২৪ ঘন্টাৰ পাছতহে জ্ঞান ঘুৰাই পাইছো । সকলোৱে মোৰ কি হৈছিল জানিব বিচাৰিলে । সকলো বিৱৰি কলো । তেওঁলোকে কলে অৰূপে হেনো মোক আনিবলৈ ৫.৩০ ৰ পৰা ৰৈ ৰৈ মই নহা দেখি গুচি আহিছিল । মোলৈ ফোন কৰি Switch Off পালে । অলপ বজাৰ সমাৰ কৰি ঘুৰি আহোতে হেনো ৰাতি প্ৰায় ১১ মান বাজিছিল । নিজৰ বাইক আছিল বাবে চিন্তা নাছিল । আহোতে কিছুমান মানুহৰ জুম দেখি সোমাই যাওতে মোক সেই অভিশপ্ত হোটেলখনৰ আগৰ ৰাস্তাত পৰি থকা দেখি ৰূমলৈ লৈ আনি তান্ত্ৰিকৰ হতুৱাই জৰা ফুকা কৰাই মোক ভাল কৰালে । সেই হোটেলখনত হেনো প্ৰায় এবছৰমান আগতে এটা ৰূম এহাল দম্পতীয়ে ভাৰালৈ লৈছিল এৰাতিৰ বাবে । কিন্তু কিবা কথাত দম্পতীহালৰ মাজত কাজিয়া হোৱাত স্বামীজনে পত্নীক তেওঁৰ পিষ্টলেৰে গুলিয়াই হত্যা কৰিলে । শব্দ
শুনি ৰিচেপচনিষ্টকে আদি কৰি কাষৰ ভাৰাতীয়া সকলে তেওঁক বাধা দিবলৈ যাওঁতে তেওঁলোককো গুলিয়াই হত্যা কৰি অৱশেষত নিজেও মূৰত গুলিয়াই আত্মহত্যা কৰিলে । তেতিয়াৰ পৰাই সেই হোটেলখন বন্ধ হৈ আছিল । সেইফালে মানুহ দিনতে যাবলৈ ভয় কৰে । ৰাতি হ'লে হেনু তাৰ পৰা নাৰীকন্ঠৰ চিঞৰৰ লগতে বন্দুকৰ শব্দ শুনা যায় । কাৰোবাৰ দিন বাৰ বেয়া হ'লে হেনো এজন ৰিক্সাচালকে তালৈ ফুচুলাই আনি শেষত হত্যা কৰে । এতিয়ালৈ মুঠতে হেনো তিনি জনক হত্যা কৰা হৈছে । মোৰ ইষ্ট দেৱতা ভাল থকা বাবেহে হেনু ৰক্ষা পৰিলো । কথাবোৰ শুনি পুনৰ মোৰ মূৰ ঘুৰাবলৈ ধৰিলে । পুনৰ মই অজ্ঞান হৈ পৰিলো ।

-সঞ্জীব দাস

Previous Post Next Post