Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Top 5 Assamese Horror Story Based on Real Life Confession | Assamese Vutor Story

assamese vutor golpo, real horror story in assamese, assamese stroy for young people,Top 5 Assamese Horror Story Based on Real Life Confession | Assam
Ghost Story in Assamese | New Haunted Story

Top 5 Assamese Horror Story Based on Real Life Confession | Assamese Vutor Story

Horror Story In Assamese Language No 1

আজি ৰ পৰা 2 বছৰ আগৰ কথা । মোৰ মাৰ চেকাপৰ কাৰনে মা আৰু মই গুৱাহাটী ৰ এখন ব্যক্তিগত হস্পিতেল (নামতো কবলৈ বেযা হয় সেই কাৰণে কোৱা নাই) আছিলো । তাত আমি প্ৰায় 7 দিন মান আছিলো ।আমাৰ ৰুমৰ দৰ্জাৰ বহিৰতে নাৰ্চ ৰ ৰুমতো। হেই দিনটো আজি ও মোৰ ভালকৈ মনত আছে। অমি তাত থকা তৃতীয়দিন ৰ দিনা ৰাতিৰ সময় । তেতিয়া ৰাতি প্ৰায় 11 টা মান বজিছে , মাক চেলাইন দি থোৱা হৈছে। মা বেডত শুই আছে কিয়নো চেলাইনটো ৰতিপুৱাহে শেষ হব। মইও ৰুমটোত বহি বহি আমনি লগাত শুবলৈ বুলি মন কৰি  ৰুমৰ  লাইটটো তু অফ কৰি দিলো। বাহিৰৰ পৰা লাইটৰ পোহৰ আহি আছিল যিহেতু ৰুমটো সামন্য উজ্বল হৈয়েই আছিল। বাহিৰত নাৰ্চৰ ৰুমটোত  আছে । মই শুব লৈছিলোহে 2-3 মিনিটো হোৱা নাছিল, মই ৱাল ৰ ফালে মুৰ কৰোতেই মোৰ বাওঁফালে গালত কোনোবায়ে জোৰত চৰ শোধালে । মই লগেলগে ঘুৰি চালো কোনো নাই।  মাও কাষত বেডত শুই আছে ।মই লগেলগে উঠি  গৈ ৰুম ৰ লাইটটো জ্বলাই দি মাক জগাই দিলো চিঞৰ মাৰি। মায়ে উঠি দেখিলে যে মোৰ গালখনত ৰঙাকৈ আঙুলি চিন পৰি আছে। যেন কোনোবাই মোক অলপ আগেয়ে পূৰ্ণহতীয়া চৰ মাৰিলে। মায়ে কি হৈছে বুলি সোধাত মইসকলো সকলো। মায়ে কিবা বুজি পালে। (আগতেই ঘৰৰ পৰা যাওতে মায়ে সৰিয়ঁহ সৰু সৰু টোপোলা লৈ গৈছিল ) মায়ে মোক লগে লগে বেগৰ পৰা সৰিয়ঁহ টোপোলাটো উলিয়াই লবলৈ কলে , মইও ভয়তে 3 টা মান উলিয়াই দুটা হাতত আৰু এটা গাৰু তলত লৈ শুব চেষ্টা কৰিলো যদিও গোটেই ৰাতি শুব নোৱাৰিলো ভয়ত। পিছদিনা ৰাতিপুৱা মই নাৰ্চ আৰু তাৰ মানুহবোৰক কথাবোৰৰ বিষয়ে সোধাত এইটো বিষয়ে তেওঁলোকে একো কব নিবিচৰা যেন অনুভৱ হল।

কোনোবাই ভাবিব পাৰে চৰটো মোৰ মনৰ ধাৰনা কিন্তু মই গম পাওঁ মোৰ সৈতে কেনেকুৱা হৈছিল। মোৰ আজিও চৰটো কথা মনত পৰিলে হস্পিতেল যাব ভয় লাগে।

লিখিছে-Monjul Das

Also Read কুইন মেৰী;  অভিশপ্ত জাহাজখন Assamese Ghost Story

Assamese Horror Story No 2

১৯৯৯ চনৰ ঘটনা এটা কবলৈ ওলাইছো। আমি তেতিয়া ৰঙিয়াৰ ***** কলনিত আছিলো। আমাৰ ঘৰৰ ওচৰত এখন ডাঙৰ খেল পথাৰ আছিলে। মানুহৰ মুখত শুনা মতে বহু বছৰ আগতে খেল পথাৰখন পুতিবলৈ মানুহে বহুত চেষ্টা কৰি ব্যৰ্থ হোৱাৰ ফলত এহাল বুঢ়া বুঢ়ীক হেনু তাত বলি দিছিলে। এতিয়া মোৰ জীৱনত ঘটা এটা সচাঁ ঘটনা কবলৈ গৈ আছো। তেতিয়া মই এজন চাৰি বছৰীয়া শিশু। এদিন সন্ধিয়া ঘৰৰ ওচৰৰ এজন খুৰা আৰু তেওঁৰ লৰাজনৰ সৈতে সেইখন খেলপথাৰেৰে শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা চাবলৈ গৈছিলো, ঘূৰি আহোতে ৰাতি ৯ টা মান বাজিছিলে। সিদিনা ঘৰত কেৱল মোৰ মা আৰু পেহীহে আছিলে। আমি ভাত পানী খাই সোনকালে শুই গৈছিলো। গৰমৰ দিন আছিলে বাবে খিৰিকীবোৰ খোলা আছিলে। ৰাতি ২ টা মান বজাত মোৰ পানীৰ পিয়াহ লগাত মায়ে মোৰ বাবে পানী আনিবলৈ গৈছিলে। সেই মুহূৰ্তত মই খিৰিকীৰে যি দেখিছিলো সেইয়া চকুৰে নেদেখিলে কোনেওঁ বিশ্বাস নকৰিব। মই খিৰিকীৰে চোতালত দেখিছিলো এজন সম্পূৰ্ণ বগা বয়সীয়াল মানুহ, তেওঁ কলা চচমা এযোৰ পিন্ধি আছিলে। মানুহজনৰ দাড়ি, চুলি, গাৰ কাপোৰ সকলো বগা আছিলে আৰু মানুহজন লাইতৰ পোহৰৰ দৰে উজ্জ্বল আছিলে। মানুহজনে মোক হাতবাউল দি মাতি আছিলে।মই ভয়ত কান্দিছিলোঁ। পানীখিনি লৈ মা মোৰ ওচৰত আহিছিলে যদিও মই কান্দিয়েই আছিলো। মাৰ অলপ সন্দেহ হৈছিলে সেইবাবে ভগৱানৰ মন্ত্ৰবোৰ পঢ়িছিল। আধা ঘণ্টা মান পিছত মই কন্দা বন্ধ কৰিছিলো আৰু মাক মই সেইফালে দেখুৱাই দিছিলো।কিন্তু মায়ে একো দেখা নাছিলে আৰু তাৰ পিছত মানুহজন নোহোৱা হৈ গৈছিল। তাৰ পিছত মায়ে মোৰ পকেটত জালুক ভৰাই দিছিলে। বহুতে এই ঘটনাটো বিশ্বাস কৰিবলৈ টান পাব। বিশ্বাস নকৰিলেও মোৰ কব লগা একো নাই, যিটো মোৰ লগত ঘটিছিলে সেইটো মই বৰ্ণনা কৰিলো।
এই ঘটনাটো লিখি থকাৰ মুহূৰ্তত ও মোৰ গাৰ নোম শিয়ৰি উঠিছে।

উৎপল কলিতা

Assamese Horror Story No 3 

তেতিয়া 2017 চন আছিল আৰু মই মেট্ৰিক পৰীক্ষা দিছিলোঁ । আৰু পৰীক্ষাৰ আগৰ পৰাই পৰিকল্পনা কৰিছিলোঁ যে এইবাৰ সকলোতে বিহু ফাংচন চাই ফুৰিম ।।
‌সেইদিনা বহাগৰ প্ৰায় 11 ,12 তাৰিখ (ভালকৈ মনত নাই) আমাৰ গাওঁ ৰ পৰা অলপ দূৰত বিহু আছিল ,আমাৰ লগৰ কেইটাই দিনতে প্লেনিং কৰিছিলোঁ যদিও গধূলি বৰষুণ দিয়া কাৰণে বাকী কেইটামান নগল ,মই আৰু এজন আমি দুয়োটাই গ'লো । আৰু আমি তাত থাকোতেই 1.30 তা মানত কিনকিনিয়া বৰষুণ আহিব ধৰিছিল । আৰু অলপ কমাত আমি ঘৰত আহিছিলোঁ ।ঘৰত আহোতে মোতকৈ লগৰটোৰ ঘৰ আগতে পাই আৰু সি ঘৰত সোমাল । আমাৰ ঘৰৰ মাজতে এখন পুৰণি কাঠৰ দলং পাই (যত আমি আড্ডা দিও ) আৰু প্ৰায় কাষতে এডাল বগৰী গছ আছে । (তাতে বহুতে ভূত দেখাৰ কথা কয় যদিও ভয় নালাগিছিল কাৰণ দিনটোৰ বেছি ভাগ সময় দলংতেই কটাইছিলোঁ) আৰু চাৰিওফালে ঘিপ মৰা আন্ধাৰ হৈ আছিল মাত্ৰ মাজে মাজে ধেৰেকণি চিকমিকাই আছিল মই অকলে মোবাইলৰ ফ্লাচতো জ্বলাই দলং পাইছিলোঁ তাৰপৰাই মোৰ পিছে পিছে কোনোবা আহি থকা যেন লাগিছিল আৰু দুই তিনিবাৰ ঘূৰিও চাইছিলোঁ কিন্তু একো দেখা নাপালোঁ যেতিয়া মই বগৰিডালৰ তল পাইছিলোঁ তেতিয়া গাৰ কাষেৰে এজাক ইমান ঠাণ্ডা বতাহ পাৰ হৈ গৈছিল মই কঁপি উঠিছিলোঁ আৰু মোৰ গা তো বহুত গধুৰ গধুৰ লাগিছিল তেতিয়া মই একো ভাবিব নোৱাৰা হৈ গৈছিলোঁ আৰু অলপ সময় পিছতহে যেন মোৰ হুচ আহিছিল এনেকুৱা লাগিছিল আৰু মোৰ ভাৱ হৈছিল মই সেইখিনি ঠাইতে যেন বহুত সময় ৰখি আছিলোঁ । মোৰ ভয় লাগিছিল আৰু মই কোনফালে একো নাচাই ঘৰৰ ফালে দৌৰিছিলোঁ (তাৰ পৰা আমাৰ ঘৰ প্ৰায় 100,150 মিটাৰ মান দূৰত) তেতিয়া মই ঘমি গৈছিলোঁ তথাপিও ঘৰত আহিয়েই হাত ভৰি ধুই, মূৰে গাৱে কম্বল উৰি শুইছিলোঁ । মা গালি ও পাৰিছিল এই গৰমতো কম্বল উৰিছা জৰ উঠিলেহে দিম। বৰষুণত তিতি তিতি বিহু চাব যোৱা কিন্তু ঘটনাটো নকলো কাৰণ কলে আৰু পিছত বিহু চাব যাব নিদিব ।।
‌তাৰ পিছৰ দিনা গা তো ভাল ও নাছিল কিন্তু পিছত সকলো ঠিক হৈ গৈছিল ।।
‌সেইটো বাহিৰা শক্তি নে কি আছিল নাজানো আৰু মই বেছি লিখিব ও নাজানো ভুল হলে ক্ষমা কৰিব ।।
-লিখিছে - সৌৰভ নাথ (ছয়গাঁও)

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog