আপোনাৰ ফ্রেণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা ফ্ৰেন্ড? Assamese Story book

আপোনাৰ ফ্রেণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা ফ্ৰেন্ড? Assamese Story book 

কৰবীয়ে ঘৰত যোৰ দি আছে তাই গুৱাহাটীত আহে । বাবু দা- মোনা বৌৱেকৰ কেচুৱা হোৱাৰ সময় হৈছে আৰু এইখিনি সময়ত তাই সিহঁতৰ ওচৰত থাকিব বিচাৰে। যোৰহাটীয়া ছোৱালী কৰবীয়ে ফেচবুকতে চিনাকি ধ্রুৱজ্যোতি বড়ো ওর্ফ বাবুক ককায়েক বনাইছে । ইমান দিনে ককায়েকৰ মৰম নোপোৱা কৰবীয়ে বাবুদাৰ পৰা পাইছে মৰম, প্রেৰণা, এক নির্ভৰতা । আৰু কিমান ফুর্টিৰ কথা যে ককায়েকৰ লগত মৰমীয়াল বৌৱেক এজনী পাইছে আৰু ভতিজাও পাব । ফেচবুকত এইবোৰ কথাকলৈ বিভিন্ন পোষ্ট দি বাবু দাৰ লগত ধেমালি কৰি থাকে তাই । কেচুৱা হোৱাৰ এক সপ্তাহৰ আগতেই বাবুদায়ে তাইক গুৱাহাটীলৈ অহাৰ কথা ক'লে । তাইৰও যাব মন । পিছে কি হ'ব, ঘৰৰ মানুহেই নুশুনেই তাইৰ কথা । যোৱাৰ কোনো আশা নেদেখি কৰবীয়ে এখন টাৱেল কুৰিয়াৰ কৰি বাবুদালৈ পঠাই দিলে । আৰু ক'লে যে তাইৰ ভতিজাক প্রথম এই টাৱেলখনেৰেহে কোচত লয় । লগতে টেৱেলখনত তাইৰ নামটো লিখি দিব নাপাহৰিলে...
Also Read
তাই গুৱাহাটী নোযোৱা বাবে বাবুদাই খং কৰিলে । ইফালে তাইও ঘৰত খং কৰি ৰাতি ভাত নাখাই এনেই টিভিৰ সন্মুখত বহি কথাবোৰ ভাবিব ধৰিলে । এটাৰ পিছত এটা টিভিৰ চেনেল চেঞ্জ কৰি যাওঁতেই তাই NEWS LIVEঅত দি থকা BREKING NEWSঅত ৰৈ দিলে । ডাঙৰ ডাঙৰ আখৰেৰে টিভিৰ পর্দাত লিখি দি আছে "গুৱাহাটীত নাৰীদেহ সৰবাহীক আটক" "ফেচবুকৰ জড়িয়তে যুৱতীক প্রলোভন" ... । মুখত টাৱেলেৰ ঢাকি ৰখা এই আটক হোৱা ব্যক্তিজনক যেতিয়া টিভিৰ পর্দাত দেখালে , তেতিয়া কৰবীয়ে চকু ডাঙৰ কৰি দিলে । এই টাৱেলখন তাই বাবু দাদাকলৈ পঠাইছিল, য'ত লিখাই আছে তাইৰ নামটোও.....! তাইৰ যেন সকলোবোৰ ওলট পালট লাগি গ'ল । মোবাইলটো চুব মন নহোৱা হৈ গ'ল । মনৰ ভিতৰতে মাক দেউতাকক ধন্যবাদ দিলে, গুৱাহাটীলৈ যাব যে নিদিলে তাইক....
(আপোনাৰ ফ্রণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা 'বাবু দা' । সাৱধান । )
-B.n.Rupam


( বিঃদ্ৰঃ - তলৰ হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক

Previous Post Next Post