Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Daini Assamese Novel 44 : Assamese Novel Books Free

Assamese Novel Books Free | Free best assamese books on amazon | Best flipkart assamese books

From Part 43

মোৰ হাতখনৰ যেন নিজস্ব জীৱন আছে। ই নিজে নিজে কাম কৰে। কপালখন ভাল।  আদিনে ঠিক সময়ত হাতখন ধৰিলে, নহ’লে আজি কি হলহেতেন। মোৰ হাতখন ধৰি তেওঁ পৰীক্ষা কৰিবলৈ ধৰিলে। তাৰ পাছত হাতখন জোকাৰি এৰি দিলে আৰু আচৰিত হৈ মোৰ ফালে চাই সুধিলে, “তুমি কোন?” 

”আই এম ছৰি আদিন। মোৰ কটেজ খালী হোৱাৰ লগে লগে তোমাক আহিবলৈ ক’ম। মাত্ৰ আলহীজনক যাবলৈ দিয়া।” 

তেওৰ মুখত এটা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল। সি ক’লে, “ এতিয়াহে তুমি ভাল কথা কৈছা।” 

মই: “ঠিক আছে আদিন, এতিয়া যাও। মোৰ বহুত কাম আছে। আপত্তি নকৰাতো। ?” 

আদীনে ৰহস্যময় হাঁহি এটা মাৰি মোৰ ফালে চাই ক’লে, “এতিয়ই যাবা নে? তুমি একো খুৱাই নাই। কিয় ইমান খৰখেদা?” 

”ক্ষমা কৰিবা, মোৰ কাম এটা কৰিবলগীয়া আছে।” 

এইদৰে কৈ মই উঠি আহিলো। আদীনৰ ফালে পিছলৈ মই ঘূৰি চোৱা নাই। ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ লগে লগে মনত পৰিল যে মই মণিকাক কটেজত অকলে এৰি থৈ আহিছো। প্ৰতিবাৰেই তেওঁক অকলে এৰি থৈ যোৱাৰ সময়ত তেওঁ সমস্যাৰ সন্মুখীন হৈছিল। এইবোৰ কথা ভাবি মই খৰধৰকৈ খোজ দিলোঁ। কটেজত সোমাই মূল গেটৰ সন্মুখত ৰৈ দিলোঁ। মোৰ আগত আছে অভিশপ্ত কুঁৱাটো। দীঘলকৈ উশাহ এটা ল’লোঁ। তাৰ পাছত দৌৰি কুঁৱাটাক অভাৰটেক কৰি মই সকাহৰ উশাহ এটা ল’লোঁ। তাৰ পাছত স্বাভাৱিকতে খোজ কাঢ়ি গৈ কটেজৰ সন্মুখৰ দুৱাৰখন পালোঁগৈ। দুৱাৰৰ ঘণ্টাটো বজোৱাৰ লগে লগে মনিকাই দুৱাৰখন খুলি মোক সাৱটি ধৰিলে। তেওঁৰ উষ্ণ আলিংগনে অনুভৱ কৰালে, তেওঁৰ শৰীৰটো কঁপি আছে! “কি হৈছে মনিকা? কি সমস্যা হৈছে।” 

তাই থতমত খাই ক’লে, “তোমাৰ বেছমেণ্টৰ পৰা যেন কোনোবাই মোৰ নাম লৈ মাতিছিুল। এতিয়া মোৰ বৰ ভয় লাগি আছে।” 

বেছমেণ্টৰ পৰা! বেছমেণ্টটোৱেইতো হৈছে এলেচৰ আত্মগোপনস্থলী! কিন্তু এলেচ এতিয়াও যোৱা নাই নেকি? কিন্তু মাৰ্গাৰেটৰ সৈতে তাইৰ কি মিত্ৰতা! যদি এলেচ এতিয়াও তাত আছে তেন্তে তাই হয়তো মোক সহায় কৰিব পাৰিব। নাজানো কিয় মই ভাবিলো যে এলেচেই মোক মাৰ্গাৰেটৰ হাতৰ পৰা উলিয়াই আনিব। আজি ৰাতি মই বেছমেণ্টত শুবলৈ সিদ্ধান্ত ললোঁ। জীৱনৰ শেষ দুঃস্বপ্নটো দেখাৰ আশাত। 

এই সকলোবোৰ ভাবি মই মনিকাক পিঠিত চুমা খাই তাইক সান্ত্বনা দিলোঁ, “একো নহয় ডাৰ্লিং। তুমি অকলে থকাৰ বাবেই ভ্ৰম হৈছে। মই আহিছোতো। এতিয়া সকলো ঠিক হ’ব।” 

মনিকা আজি অলপ সোনকালে টোপনি গ’ল। ফ্ৰীজৰ পৰা পিজ্জাৰ দুটা টুকুৰা খাই বেডৰুমলৈ উভতি আহিলোঁ। প্ৰায় গোটেই দিনটো বাথৰুমলৈ যোৱা নাছিলো। কিন্তু এতিয়াটো যাব লাগিব। এইটো মোৰ কটেজ, মাৰ্গাৰেট ইয়াত থাকিব লাগিলে মোৰ ভয়ত হে থাকিব লাগে। মই তেওঁক কিয় ভয় কৰিব লাগে? এইবোৰ কথা কৈ মই মোৰ মনটো ডাঠ কৰিলোঁ। 

বাথৰুমত সোমাই দেখিলো আইনাখন থিকে আছে। মই এপলক চাই তাৰ পৰা চকুটো আঁতৰাই দিলো। অৱশ্যে বাথৰুমত বিশেষ সমস্যা হোৱা নাছিল। বাথৰুমৰ পৰা ওলাই অহাৰ লগে লগে নিজৰ হেৰুওৱা আত্মবিশ্বাস ঘূৰি আহিল। গাৰু আৰু বিছনা চাদৰখন লৈ মই বেছমেণ্টলৈ আগবাঢ়ি গ’লোঁ। আজি ৰাতি তাতেই শুম। 

বেছমেণ্টৰ দুৱাৰখন খুলি দিওঁতে মৃদু চিঞৰ এটা শুনা গ’ল। কোনোৱাই বিলাপ কৰি কান্দি আছে। কিন্তু মই যেতিয়া চিৰিৰ পৰা নামিবলৈ আৰম্ভ কৰিলো, লগে লগে কান্দোন বন্ধ হৈ গ’ল। বেছমেণ্টত থকা এলেচৰ কাৰাগাৰত সোমাই বিছনা থিক কৰি লৈ শুই পৰিলোঁ। মাত্ৰ মনতে এলেচক মাতিছো। তাৰ পিছত মই পোলিছ ভাষাত চিঞৰিলোঁ, “চোৱা এলেচ। তোমাৰ বাবে মই বহুত কষ্ট পাইছো। বিনিময়ত তুমি মোক মাৰ্গাৰেটক খেদিবলৈ সহায় কৰা। প্লিজ। মই আৰু সহ্য় কৰিব নোৱাৰো।” 

আন্ধাৰত পৰি থাকোঁতে মোৰ টোপনি আহিল। কিন্তু বিষ্ময়কৰ হ’লেও সঁচা, ৰাতি মই কোনো সপোন দেখা নাছিলো। ৰাতিপুৱা বহুত দেৰিকৈ সাৰ পাই উঠিলোঁ। প্ৰায় দহ বাজিছে। ইমান সময় শুই নিজে আচৰিত হৈছোঁ! ইতিমধ্যে মণিকাই হয়তো সাৰ পাই মোক বিচাৰিবলৈ আৰম্ভ কৰিছে। খৰখেদাকৈ উঠি বেছমেণ্টৰ পৰা ওলাই আহিলোঁ। মনিকা গম নোপোৱাকৈ মই মোৰ শোৱনি কোঠালৈ উভতি আহিলোঁ। তাৰ পিছত বাথৰুমলৈ গৈ হাত ধুই সতেজ হৈ পৰিলোঁ। আইনাখন চাবলৈ পাহৰা নাছিলো। তাৰ পিছত বাথৰুমৰ পৰা ওলাই ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ গ’লোঁ। তেনেতে মনিকা আহি মোৰ পিছফালে থিয় হ’ল। “কি কথা ডাৰ্লিং। আজি ইমান দেৰিকৈ উঠিলা যে।” 

মই: “আৰে নক’বা ডাৰ্লিং, উইকেণ্ডত মেজাজ বেয়া হৈ যায়। মনতো এলেহুৱা হৈ যায়। একেবাৰেই সাৰ পাব নিবিচাৰে।” 

কথা কোৱাৰ লগে লগে মন কৰিলো, মনিকাই তেওঁ ধুনীয়াকৈ সাজি কাচি ওলাইছে। এটা হট ৰঙা ৰঙৰ পোছাক লগত মেচিং লিপষ্টিক, নেইল পলিচ আৰু তাৰ সৈতে কিমান যে কি। 

মই: “বাহ। মনিকা। আজি তোমাক অসাধাৰণ যেন লাগিছে।” 

মনিকা: “অৱশেষত তোমাৰ চকুত ধৰা পৰিল। হেহেহেহেহে। থ্যাংকচ হনি।” 

মই: “মোষ্ট ৱেলকাম।  বাহিৰলৈ ওলাই যাবা নেকি?” 

মনিকা: “আজি দেওবাৰ নহয়নে? আজি মই গীৰ্জালৈ যাব লাগিব যীচুক প্ৰাৰ্থনা কৰিবলৈ।” 

প্ৰাৰ্থনা কৰিবলৈ গ’লেও ইমান সাজ-পোছাক পিন্ধিব লাগে নে! দেখাত তেওঁ প্ৰাৰ্থনা কৰিবলৈ নহয়, কাৰোবাৰ লগত ডেটলৈ হে যাব যেন লাগিছে। কি অদ্ভুত ভক্তি! 

আমাৰ দেশতো এনে অদ্ভুত ছোৱালী আছে। শৰীৰত ৰঙীন ডিজাইনৰ টাইট ড্ৰেছ, মুখত কেইকিলোমান আটাৰ পেষ্ট, ওঁঠত তেজ ৰঙা লিপষ্টিক। পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শৰীৰত তীব্ৰ সুগন্ধি। তেওঁলোকৰ ধৰ্মপৰায়ণতা ভগৱানৰ সন্তুষ্টিৰ বাবে নে মানুহৰ সন্তুষ্টিৰ বাবে সেয়া মোৰ বাবে এতিয়াও এক অভেদ্য ৰহস্য। 

অলপ সময় চিন্তা কৰি মই ক’লোঁ, “ঠিক আছে মনিকা। কিন্তু তুমি ব্ৰেকফাষ্ট কৰিলা নেকি।” 

মনিকা: “ছৰি ডাৰ্লিং। তুমি শুই থাকোঁতে মই ব্ৰেকফাষ্ট শেষ কৰিলোঁ। তোমাৰ টোপনিটো মই বিঘ্নিত কৰিব বিচৰা নাছিলো।” 

মই: “অ’ ভাল। ভাল কৰিলা। বলা তোমাক অলপ আগবঢ়াই থৈ আহো “

মনিকা: “তুমি কিয় আহিব লাগে? মই শিশু নেকি?” 

মই: “নাই নাই। মই তেনেকৈ কোৱা নাই। মোৰ গাড়ী নাই। গতিকে মই তোমাক মেইন গেটত টেক্সি এখনত উঠাই দিম। ইয়াৰ টেক্সি চালকসকলে ইংৰাজী নাজানে। পিছত দেখা গ’ল যে তুমি ড্ৰাইভাৰক গীৰ্জাৰ কথা কৈছা আৰু তেওঁ তোমাক নাইটক্লাবলৈ লৈ গ’ল।” 

মনিকা: “হেহেহেহেহে। আহা।” 

আচলতে মই বিচাৰিছিলো মনিকাক কুঁৱাটো পাৰ কৰাই দি মই গুছি আহিম। সেইদিনাৰ দৰে কিবা সমস্যা হ’লে যাতে মই তাইক সহায় কৰিব পাৰো। মণিকাইও মান্তি হ’ল। ভালে হৈছে। 

ব্ৰেকফাষ্ট কৰি মই কোনো অসুবিধা নোহোৱাকৈ মনিকাক কটেজৰ বাহিৰলৈ লৈ গৈ টেক্সি এখনত উঠাই দিলোঁ। কিন্তু মই আকৌ অকলে কটেজত সোমাবলৈ সাহস কৰা নাছিলো। মাৰ্গাৰেটে সেইটোৱেই বিচাৰিছিল। কটেজত মোক অকলে পাই মাৰি পেলাব। ভয়ৰ শীতল শিহৰণ এটা তেওঁৰ মেৰুদণ্ডেৰে তলৰ পৰা ওপৰলৈ উঠি আহিল। মই ভয়ত নিথৰ হৈ পৰিছো। হঠাতে মূৰত এটা ধাৰণা খেলিল! ইয়েছ! কটেজতো এতিয়া খালী হৈ পৰিছে। এই সুযোগতে আদীনক মাতিলে কেনেকুৱা হ’ব! হয়তো তেও আকৌ ভূত খেদি পঠিয়াবলৈ ব্যৰ্থ হ’ব, কিন্তু তেওঁৰ সান্নিধ্যত মোৰ ভয় কিছু কমি যাব। 

কিছু সময় দ্বিধাবোধ কৰি অৱশেষত আদিনক ফোন কৰিলোঁ! 

Read Part 45

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment