43 Daini Assamese Novel: Assamese Novel Books Free

Assamese Novel Part 43 Daini | Assamese Free EBooks Download

From Part 42

প্ৰাণপণে কুঁৱাৰ দাঁতিত ধৰি ওলমি থাকিলোঁ। মোৰ বাবে মাৰ্গাৰেটে তলত অপেক্ষা কৰি আছে। যিকোনো প্ৰকাৰে হাতখন পিছলি কুৱাৰ ভিতৰলৈ পৰিলে মৃত্যু নিশ্চিত। দুহাতেৰে শৰীৰটো ওপৰলৈ টানিবলৈ অশেষ চেষ্টা কৰিলো। হঠাৎ খামুচি ধৰি থকা হাতখনৰ আঙুলিটোত প্ৰচণ্ড চাপ এটা অনুভৱ কৰিলোঁ। এনে লাগিল যেন কোনোবাই ভৰি দিছে। মই দাঁত চেপি বিষটো সহ্য কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু চাপৰ ফলত আঙুলিবোৰ অসাৰ হ’বলৈ ধৰিলে। মই বুজিলোঁ মাৰ্গাৰেটে মোক তললৈ নমাই আনিবলৈ চেষ্টা কৰিছে। ঠিক তেতিয়াই তেওঁৰ মনত পৰিল দুষ্ট আত্মাক খেদি পঠিয়াবলৈ কিতাপখনৰ পৰা মুখস্থ কৰি লোৱা মন্ত্ৰটো। কেইবাৰ মান আওৰাই থকাৰ পিছত হাতখনৰ ওপৰত থকা প্ৰচণ্ড চাপটো আঁতৰি গ’ল। এই সুযোগতে মৃত্যুৰ সীমাৰ পৰা ওপৰলৈ উঠি আহিলো। মই এক মুহূৰ্তৰ বাবেও তাত থিয় হৈ নাথাকিলোঁ। পোনে পোনে মূল গেটৰ পৰা ওলাই আহিলোঁ। এই মানসিক খেলখনত মই পৰাস্ত হৈয়েই থাকোঁ। 

মোৰ খঙৰ সুযোগ লৈ মাৰ্গাৰেটে সদায় মোক নিয়ন্ত্ৰণ কৰি আহিছে। কথাটো বৰ নিৰাশাজনক যেন লাগিছে। কিন্তু সেই কটিগটোৰ পৰা ওলাই অহাৰ পিছত মোৰ বহুত ভাল লাগিল। মুকলি আকাশৰ তলত ৰাস্তাৰে খোজ কাঢ়ি গৈ আকাংক্ষিত ফাষ্টফুডৰ দোকানখন পালোঁহি। সোমাই গৈ দেখিলো আদিনে টেবুল এখন বুকিং কৰি মোৰ বাবে অপেক্ষা কৰি আছে। মই হাঁহি মুখেৰে আগবাঢ়ি গলোঁ আৰু কলো, “ক্ষমা কৰিবা। বহুত দেৰি হ’ল।” 

এই কথাত আদিনে যেন একেবাৰেই সন্তুষ্ট নাছিল। কোনো অতিৰিক্ত কথা নোকোৱাকৈ তেও ক’লে, “ এতিয়া মোক সকলো কোৱা। তাত কি ঠিক হৈছে।” 

মই আৰম্ভণিৰে পৰা এটা এটাকৈ সকলো কথা ক’লোঁ। লাইব্ৰেৰীত এলিছৰ ডায়েৰী বিচাৰি পোৱা, তাইৰ পৰা প্ৰিষ্টৰ কথা গম পোৱা, তাৰ পিছত প্ৰিষ্টৰ পৰা ছোৱালীকেইজনীক মুক্ত কৰা, তাৰ পিছত মাৰ্গাৰেটৰ প্ৰাদুৰ্ভাৱ। মই কেৱল কোৱা নাছিলো যে মোৰ হাতত আঙুঠিটো পিন্ধি থকা বাবে মাৰ্গাৰেট সকলো সময়তে মোৰ লগত থাকে। কিয় জানো মোৰ এনে লাগিছিল যে মই যদি এই কথা কওঁ তেন্তে তেওঁ হয়তো মোৰ লগত মুক্তভাৱে কথা পাতিব নিবিচাৰিব।

এই সকলোবোৰ শুনি তেওঁ ক’লে “ তুমি প্ৰিষ্টৰ পৰা ছোৱালী কেইজনীক সহায় কৰি দুঃসাহসিক কাম কৰিলা। ইমান আচৰিত কামৰ বাবে মই শলাগ লৈছো।” 


কিন্তু সেই নিশা সেই ছোৱালীকেইজনীৰ আত্মাৰ লগত তুমি প্ৰিষ্টতকৈও বেয়া এটা আত্মা মুকলি কৰি দিলা। ইয়াৰ বাবে তুমি হয়তো যথেষ্ট মূল্য দিব লাগিব। তেওঁ বাৰে বাৰে তোমাক হত্যা কৰিবলৈ চেষ্টা কৰে আৰু তুমি প্ৰায় প্ৰতিবাৰেই নিজৰ ভাগ্য আৰু বুদ্ধিমত্তাৰ দ্বাৰা বাচি যোৱা। ভাগ্যই যদি এবাৰ হাত এৰি দিয়ে তেন্তে কি হ’ব? কাইলৈ যদি তুমি খঙত অন্ধ হৈ নিজৰ বুদ্ধি শেষ কৰি পেলোৱা তেন্তে কি হ’ব। বুজিবা বুলি আশা কৰিলো। মানে, যদি এনেকৈ চলি থাকে, তেন্তে তুমি অতি সোনকালে বা পিছত তেওঁৰ চিকাৰ হ’ব লাগিব।” 

এটা উশাহতে ইমানবোৰ কথা কোৱাৰ পিছত সি হুলস্থূলীয়াকৈ পানী গিলিবলৈ ধৰিলে। তেও মোৰ প্ৰকৃত অৱস্থা বুজি পাইছিল। মই যিমানেই যি নকৰো কিয়, মই এবাৰ বা দুবাৰ মাৰ্গাৰেটৰ চিকাৰ হ’বলগীয়া হৈছিল। মই দুখী মাতেৰে ক’লোঁ, “আদীন। এইবোৰৰ পৰা মুক্তি পাবলৈ আন কোনো উপায় নাই নেকি?” 

আদিনে হতাশ হৈ ক’লে, “মই সঠিককৈ নাজানো। কিন্তু মই জানিবলৈ চেষ্টা কৰিম। সেইবাবেই মই আকৌ তোমাৰ কটিগলৈ যাব লাগিব।” 

মই চিঞৰিলোঁ, “নেভাৰৰৰৰৰ। ইতিমধ্যে তুমি মোৰ কটিগত আহি এবাৰ প্ৰাণ হেৰুৱাব ওলাইছিলা। মই তোমাৰ জীৱনটো আকৌ বিপদত পেলাব নিবিচাৰো। 

তদুপৰি তোমাৰ সেই ফ’ ট্ৰিকবোৰে এলিছৰ ওপৰত কাম কৰা নাছিল। মাৰ্গাৰেট এলিছতকৈও ভয়ংকৰ। মাৰ্গাৰেটে একো গুৰুত্ব নিদিব। মাত্ৰ এটা টিপতে তোমাক মাৰি পেলাব।” 

তেওঁ মৃদু হাঁহি এটা মাৰি ক’লে, “মোক মাৰিলে মাৰিব। তোমাৰ কি হব? মোৰ প্ৰতি কেতিয়াৱা কোনো কৰুণা জাগিছিল নেকি?” 

মই: “চোৱা আদিন। মই ধেমালি কৰা নাই। কটিগটো ভয়ংকৰ। মই তোমাক কেতিয়াও তালৈ যাবলৈ নিদিও।” 

আদিন: “কিন্তু মই ধেমালি কৰিছো নেকি? মোক নিনিলে মই সেই কটিগটোত চোৰৰ দৰে সোমাম।” 

মই: “মই তোমাক পুলিচক দিম চয়তান।” 

আদিন: “ইউ ফাকিং বিচ, আই ড’ট কেয়াৰ।” 

মই: “ইউ মাদাৰ ফাকাৰ।” 

এই সকলোবোৰ আজে বাজে কথা কৈ মই সঁচাকৈয়ে উত্তেজিত হৈ পৰিলোঁ। খঙত কপি কপি মই বুজিব পৰা নাছিলো যে মোৰ আঙুঠিযুক্ত সোঁহাতখনে টেবুলৰ পৰা কাঁটাচামুচ এখন তুলি লৈছিল! তাৰ পাছত এজন অদৃশ্য ব্যক্তিৰ আদেশত হাতখন আগবাঢ়ি গ’ল আদিনৰ ডিঙিৰ ফালে..... চামুচখন সুমুৱাবলৈ। 

Upcoming 44