Daini Assamese Novel Part 41 : Assamese EBooks Download For Free
এলিছৰ অশৰিৰীৰ সৰ্বোচ্চ প্রভাবযুক্ত স্থান যেনেকৈ বেছমেণ্টৰ বন্দিশালা আছিল তেনেকৈ মাৰ্গাৰেটৰ অশৰিৰীৰ প্রভাবযুক্ত স্থান কুঁৱাৰ ভিতৰত আৰু চাৰিওফালে আছিল। শুকুৰবাৰে পুৱা মনিকা আৰু মই অফিচলৈ খোজ কাঢ়ি গৈ থাকোঁতে আমি কুঁৱাৰ ওচৰ পাওঁতে মাৰ্গাৰেটে মনিকাক আক্ৰমণ কৰিলে। হয়তো তেওঁ মনিকাক চিৰদিনৰ বাবে শেষ কৰিব বিচাৰিছিল। কিন্তু মই মনিকাক লৈ তাইৰ প্ৰভাৱৰ জ’নৰ পৰা ওলাই অহাৰ লগে লগে তাই সেইদিনা বাচিল। অৱশ্যে অলপ তেজ বমি হয়। এই ঘটনাৰ পিছত মাৰ্গাৰেট আৰু অধিক নিৰ্ভীক হৈ পৰিল । মনিকাৰ সান্নিধ্যতে মোক মাৰি পেলোৱাৰ সিদ্ধান্ত ল’লে।
শুকুৰবাৰে কৰ্মস্থলীৰ পৰা উভতি আহি আকৌ ইলেক্ট্ৰিচিটি ৰিছাৰ্জ কাৰ্ডখন আনিবলৈ যোৱাৰ সময়ত মাৰ্গাৰেটে প্ৰথম পদক্ষেপ ল’লে। গাড়ীখন কুঁৱাৰ ভিতৰলৈ পেলাই মোক ডুবাই মাৰিব বিচাৰিছিল। আইডিয়াটো ভাল আছিল। মোৰ ছিটবেল্টৰ বাবে গাড়ীখনে কুঁৱাৰ বেৰত খুন্দা মাৰিলেও মোৰ আভ্যন্তৰীণ আঘাত পোৱাৰ সম্ভাৱনা কম আছিল। আৰু যদিও মই ডুব গৈ মৰো তেন্তে মোৰ অন্তৰ্নিহিত অংগবোৰ অক্ষত অৱস্থাত থাকিব। তাৰ পাছত ৰাতিপুৱা মনিকাৰ দৰে মোকো বমি কৰি দি শৰীৰটো তাইৰ বাবে ব্যৱহাৰযোগ্য হৈ পৰিলহেঁতেন। কিন্তু গাড়ীখনৰ খিৰিকীৰে মই জপিয়াই ওলাই অহাৰ লগে লগে তেওঁৰ সুন্দৰ পৰিকল্পনা নষ্ট হৈ গ’ল।
তাৰ পিছত গা ধুবলৈ টাবত সোমাওঁতে মোক আকৌ মাৰিবলৈ চেষ্টা কৰিলে। আইনাখন ভাঙি যোৱাৰ শব্দ শুনাই প্ৰথমে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। তাৰ পিছত টাবত পেলাই হত্যা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু উপস্থিত বুদ্ধিমত্তা আৰু শাৰীৰিক শক্তিৰে টাবটো ভাঙি দি জীৱিত অৱস্থাতে তাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’লোঁ৷
কটেজটোৰ ভিতৰত বিশেষ একো সুবিধা কৰিব নোৱাৰি মাৰ্গাৰেটে মোক নিজৰ আটাইতকৈ প্ৰভাৱশালী ঠাই, কুঁৱাটোত ডুবাই মাৰিবলৈ চেষ্টা কৰিলে। যেতিয়া মই মনিকাক বিচাৰি কটিগৰ বাহিৰলৈ আহিলোঁ, তেতিয়া মাৰ্গাৰেটে মোৰ আগত মনিকাই কুঁৱাত জপিয়াই পৰাৰ ভুৱা নাটক এখন উপস্থাপন কৰিলে। মইও মনিকাক বচাবলৈ মূৰ্খৰ দৰে কুঁৱাৰ ওচৰলৈ দৌৰি আহিলোঁ। কিন্তু কোৱা বাহুল্য যে সেয়া মনিকা নাছিল। মনিকা বাথৰুমতে আছিল। মই তাইক বিচাৰি আছো বুলিও গম পোৱা নাছিল মনিকাই।মই মনিকাৰ চিন্তাত উন্মাদ হৈ থাকোঁতে ইপিনে তাই বাথৰুমৰ পৰা ওলাই আহি ভিদিও চাবলৈ বহিছিল । এই সুযোগটো ল’ব বিচাৰিছিল মাৰ্গাৰেটে। বাৰে বাৰে মোক কুঁৱাটোৰ ভিতৰলৈ জপিয়াই দিবলৈ অনুৰোধ কৰিছিল। কিন্তু ভাষাৰ সমস্যাৰ বাবে মই ৰৈ গলো । ছুইডেনৰ ছোৱালী মনিকাই কেতিয়াও মাৰ্গাৰেটৰ দৰে পোলিচ ভাষা ক’ব পৰা নাছিল। আনহাতে মাৰ্গাৰেটে মনিকাৰ দৰে ইংৰাজী ক’ব পৰা নাছিল।
গতিকে মাৰ্গাৰেটে মোক পোলিছ ভাষাত মাতিবলৈ বাধ্য হ’ল। তেওঁ আশা কৰিছিল যে মই হয়তো তাইৰ ফান্দত পৰি মূৰ্খৰ দৰে কুঁৱাত জপিয়াই পৰিম। ভাষাৰ সমস্যাটোক মই আওকাণ কৰোঁ যদিও পাগলৰ দৰে কুঁৱাত জপিয়াই পৰাৰ পৰা বিৰত থাকোঁ। বৰঞ্চ মই ৰছী আৰু টৰ্চ আনিবলৈ কটিগলৈ উভতি আহিলোঁ। কিন্তু ভাগ্য ভাল যে মই মণিকাক কটিগৰ ভিতৰত দেখা পালোঁ। ফলস্বৰূপে সেইদিনা কুঁৱাটোত প্ৰৱেশ কৰা নহ’ল।
তাৰ পিছত সিদিনা ক্লান্ত হৈ শুই পৰিলোঁ। মই টোপনি যোৱাৰ লগে লগে মাৰ্গাৰেটে মোৰ ওপৰত আকৌ নিজৰ প্ৰভাৱ প্ৰয়োগ কৰিলে। সপোনত মোক কুঁৱাৰ ওচৰলৈ যাবলৈ ঈঙ্গিত দিলে। মইও মূৰ্খৰ দৰে ভাবিলোঁ যে কুঁৱাটোৱেই হৈছে সকলো ৰহস্যৰ চাবিকাঠি। তাৰ পিছত আকৌ মোক হত্যা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু এইবাৰ হেডফোনৰ তাঁৰডালেৰে ডিঙিত ফাচ লগাই । কিন্তু বুদ্ধিমত্তাৰ বলত মই বাচি থাকিলোঁ। হেয়াৰপিনৰ সঠিক ব্যৱহাৰে সেই নিশা মোৰ জীৱন ৰক্ষা কৰিলে।
ইয়াৰ সুবিধা ল’ব নোৱাৰি মাৰ্গাৰেটে মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। আজি ৰাতিপুৱা সাৰ পাই বাথৰুমলৈ যাবলৈ মন নগ'ল। যোৱা নিশা টাবৰ ঘটনাৰ পিছত বাথৰুমলৈ যোৱাৰ কোনো ইচ্ছা নাছিল। ৰাতিপুৱা সাত বজাত মাৰ লগত বিয়াৰ কথা পাতি থাকোঁতে মোৰ মূৰটো পাগল হৈ পৰিল। খঙত মই চিন্তা নকৰাকৈয়ে বাথৰুমত সোমালোঁ। মাৰ্গাৰেটে মোৰ এটা সাংঘাতিক স্বভাৱ আৱিষ্কাৰ কৰে। তেওঁ বুজি পায় যে খং উঠিলে মই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাওঁ। গতিকে খং উঠিলে মোৰ ওপৰত সহজেই নিয়ন্ত্ৰণ স্থাপন কৰিব পাৰিব। আৰু যদি মোক নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে তেওঁৰ সামান্য ইংগিতত মই অতি সহজে প্রাণ দি দিম।
তাৰ পাছত আইনাখনৰ প্রতিবিম্বত মোৰ কপালৰ দাগটো দেখুৱাই মোক আৰু বেছি খং উঠালে। মই খঙত চিঞৰি চিঞৰি আইনাখন ভাঙি পেলালোঁ। এই পদ্ধতিত প্ৰথম প্ৰয়াসতে সফলতা লাভ কৰে। বাথৰুমৰ শব্দ শুনি মনিকা আহিল কি হৈছে চাবলৈ। কিন্তু খঙত অন্ধ হৈ মই তাইৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। অলপ সময়ৰ পাছত তাইক কান্দি থকা দেখি মোৰ বৰ অনুশোচনা জাগিল। কিন্তু এই অনুশোচনাই মোক শান্ত কৰাৰ পৰিৱৰ্তে মোৰ খঙত ইন্ধনহে যোগাইছিল। তাৰ পিছত মাৰ্গাৰেটে মোৰ খংটো নিয়ন্ত্ৰণ কৰি মোক ভালদৰে নিজৰ ওচৰলৈ লৈ গ’ল। সেই মৃত্যুৰ গুহাত। তাতে তেওঁ মোক আকৌ ডুবাই মাৰিবলৈ চেষ্টা কৰিলে। কিন্তু আকৌ এবাৰ মই বুদ্ধিৰে গাড়ীৰ ট্রেছ বেলুনটোৰ সহায়ত পানীৰ ওপৰলৈ ভাহি আহিলোঁ। তাৰ পাছত বৰ কষ্টেৰে আমি কুঁৱাৰ বেৰখন খান্দি খাদ বনাই তাৰ দ্বাৰা ওলাই আহিলোঁ৷ বহু সময় কুঁৱাৰ ঠাণ্ডা পানীত থকাৰ বাবে মোৰ হাইপোথাৰ্মিয়া আৰু কনকাচন হৈছিল। কিন্তু হাইপোথাৰ্মিয়া হলে এক্সাইটেটৰী নিউৰোট্রান্সমিটাৰ যেনে এচিটাইলক’লিন, এপিনেফ্ৰিন আদিৰ কাৰ্য্যকলাপ হ্ৰাস কৰে।
ফলস্বৰূপে খং সহজে নুঠে। খং নুঠিলেতো মোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে মাৰ্গাৰেটে যাদুকৰীভাৱে মোৰ হাইপোথাৰ্মিয়াক মনিকা শৰীৰলৈ স্থানান্তৰিত কৰে। গতিকে কটিগলৈ উভতি আহি মই মনিকাক লাইব্ৰেৰীত ঠাণ্ডা দেহেৰে পৰি থকা দেখিলোঁ। তাৰ পিছত মোৰ মূৰটো অলপ ঠাণ্ডা হোৱাত লাইব্রেৰীৰ ৰহস্যটো ধৰিব পাৰি সেই কিতাপখন পঢ়িবলৈ আগ্ৰহী হৈ পৰো। কিন্তু মাৰ্গাৰেটে মোক বাধা দিবলৈ চেষ্টা কৰিলে। লাইব্রেৰীৰ দুৱাৰ লক কৰি দিলে। কিন্তু মোৰ হাতুৰীৰ আঘাতৰ আগত দুৱাৰখন হাৰি গল। এটা কোবতে শেষ হ’ল৷
তেতিয়া কিতাপখন পঢ়াৰ পিছত মোৰ সকলো কথা স্পষ্ট হৈ পৰিল। এতিয়া লাইব্ৰেৰীত বহি মই দুটা প্রতিজ্ঞা কৰিলো
১, খং সদায় দমন কৰি থাকিম। সেই যাদুকৰনীক মই কেতিয়াও মোক নিয়ন্ত্ৰণ কৰিবলৈ নিদিওঁ।
২, মই সদায় ছুৰীখন মোৰ লগত ৰাখিম। মাৰ্গাৰেটে মোক অনিবাৰ্য মৃত্যুৰ মুখত থেলি দিলেই মই নিজৰ ডিঙিটো এবাৰতে কাটি পেলাম। প্ৰয়োজন হ'লে মই নিজকে হত্যা কৰিম, কিন্তু মোৰ শৰীৰত আন কাকো সোমাবলৈ নিদিওঁ।
লাইব্ৰেৰীৰ চাৰিবেৰৰ পৰা আকৌ খিলখিল হাঁহি আৰম্ভ হ’ল৷ হাঁহি থাক , মাৰ্গাৰেট, হাঁহি থাক, মই মনতে ক’লোঁ। তোমাৰ সকলো প্লেন মোৰ সন্মুখত উন্মোচিত হৈছে। সোনকালে তোমাক ইয়াৰ পৰা বিদায় দিয়াৰ কোনো উপায় উলিয়াম। তোমাক প্রিষ্টৰ ওচৰলৈ উভতাই পঠিয়াই মই শেষ হাঁহিটো মাৰিম।
Post a Comment