Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

3 Assamese Love Stories That Make You Fall In Love | Most Popular Assamese Love Story

Assamese Love Story, Premor Golpo Assamese, Assamese Story, Story In Assamese

Assamese Love Story | Assamese Love stories

3 Assamese Love Stories That Make You Fall In Love | Most Popular Assamese Love Story

--খাবা নেকি?
--না নাখাও
--এহ লাজ কৰিব নালাগে লোৱা৷
চিপচৰ পেকেটো তাইলৈ আগবঢাই দিছিলো ৷ 1ম বাৰৰ বাবে তাইৰ চকুত চকু থৈ সুধিছিলো
--কত যাবা
--গুৱাহাটী ৷ তুমি?
--ময়ো ৷ এইখন ৰেলত আহিবই নালাগে ইমান
ৰৈ ৰৈ গৈ থাকে ৷
-- ও ৷ খডিকীখন বন্ধ কৰি দিয়াচোন বেয়া নপোৱা যদি ৷ঠণ্ডা বতাহ বলিছে ৷
--ৰবা ৷

মই বন্ধ কৰি আগৰ ঠাইত বহিছিলো ৷ এয়াই ১ ম আৰম্ভনি ৷১ ম বাৰ্তালাপ ৷ বতাহ ইমানো ঠাণ্ডা নাছিল৷তাই হয়তো অপ্ৰস্তত হৈছিল৷ অপ্ৰস্তত হৈছিল বতাহে চুলিখিনি অবিৰত মোৰ কান্ধত লগাই থকাত ৷সেই খন্তেকৰ বাবে তাইৰ চকুলৈ ছাইছিলো ৷কোমল তাইৰ চকজুৰি মিঠা মাতটো ৷মোক ভাবিব বাধ্যকৰি তুলিছিল তাইৰ বিষয়ে ৷ মনত বলা বতাহজাকে মোৰ হৃদয় উন্মাদ কৰি তুলিছিল৷হেডফোনত বাজি আছিল মন মোৰ উৰি গছি যায় ৷উৰি গৈছিলো মই ভাবনাত ৷পোৱা নপোৱাৰ কত আশা লৈ সুধিছিলো নাম…

মৌচুমী কাশ্যপ ৷ ৷এয়াই আছিল ১ ম আলাপ ৷
গুৱাহটী আহি তাইক ফেচবুকত বিচাৰি বিচাৰি পাইছিলো ৷সকলো ঠিকেই আছিল মাঠো in a complicated relationship আছিল ৷ মুহ্ৰতৰ বাবে লাগিছিল বেয়া ৷তথাপিও তাইক msg কৰিলো ৷ কথা পাতিলো ৷জুমি চালো ভিতৰৰ মৌচুমী জনীক ৷সুখী নাছিল তাই ৷মই হে আছিলো সুখী তাইক পাই ৷তাই ফোন নং লৈ ফোন কৰিছিলো ৷তাই বহুদিন কান্দিছিল ৷

মই ভাষা হেৰুবাইছিলো ৷ তাই কান্দিলে যে মোৰ বেয়া লাগে বহুত৷ এদিন নজনাকৈযে প্ৰেমত পৰি গৈছিলো তাইৰ ৷ ৷ মই বিচৰি ফুৰিব লৈছিলো তাইৰ মাজত নিজকেই ৷হয়তো তাইও আগুৱাই আহিছিল লাহে লাহে ৷লাহে লাহে মোৰ হৃদয়লৈ ....মনত আছে সেই দিনটো 27 জানুৱাৰী ৷ তাই দিনটো কান্দি আছিল ৷ সকলো সপোন ভাগিছিল হয়তো ৷ডেউকা ভগা পখীৰ দৰে ৷ হয়তো ভাগিপৰিছিল আশাবোৰ ৷দেখিছিলো মই ৷ বুজিছিলো ৷গধুলি তাইক শান্তনা দিবলৈ ফোন কৰিছিলো ৷

সময়
5.35 pm

-হেল্ল মৌ ৷ এতিয়াও কান্দি আছা
--নাই ৷
--হুমম ৷ কি কৰিছা ৷ ফেচবুক কি হল আজি৷
--মই আজি ভাত খোৱা ্ নাই মৰি যাম এনেকে ৷
নোৱাৰো মই ৷ নোৱাৰো ৷
--মই তোমাক ভল পাও ৷

ত়াই উচুপিব লৈছিল আৰু মোৰ হঠাতেই ওলাই গৈছিল মুখেৰে ৷সহ্য নহয় দুখ তাইৰ ৷ইতিমধ্যে তাই মাক ৰুমত অহাবুলি ফোনটো কাটিছিল ৷মই আচৰিত হৈছিলো ৷ 10 মিনিট পাছত মেছজত কৈছিলতাই ৷ "ময়ো ৷ "বিশ্বাস কৰা সেই 10 মিনিট মোৰ 10 বছৰ যেন লাগিছিল ৷তাই মোৰ হৈ গৈছিল সিদিনাৰ পৰা ৷ সেই মুহুৰ্ত সেই সময় এতিয়াও আছে মনত ৷ সকলো দেখা পাও চকু মুদিলেই ৷ দেখা পাও তাইক ৷ মই সেউজীয়া ৰঙৰ চিপচৰ পেকেট আগবঢাই দিয়া ছোৱালীজনীক কেতিয়াবা ভাবিলে এনে লাগে যেন সেই চিফুং ৰেলগাডী আৰু মোৰ হৃদয়ৰ গাডী খনৰ গতি একেই আছিল ৷মাঠো সেইখন ৰৈছিল বহু ষ্টেচনত আৰু মোৰ খনে বিছাৰি ফুৰিছিল ষ্টেচন এটা ৷ৰৈ গৈছিল এটাই ষ্টেচনত ৷ সেয়াই তাইৰ হৃদয় ৷৷ সেই চিফুং ৰেলগাডীখন ৷ সেই মুহুৰতটো , বতাহজাক ,চিপচৰ পেকেটটো সকলোখিনিয়ে যেন মোৰ জীবন সলাই দিছিল ৷মই তাইৰ হৈ গৈছিলো এদিন ৷

সচা অৰ্থত মোৰ বাবে তাইয়েই হৈ পৰিছিল স্বপ্ননীল আকাশৰ জোনাক ৷ 

-স্বপ্ননীল আকাশ

Assamese Love Story no 2 | Love Story In Assamese

--"না নামাতিবা মোক ৷ মেছেজ ফোন একোৱেই নকৰিবা ৷ নাপাও মই তোমাক ভাল " 

কথাখিনি কৈয়েই তৰালীয়ে ফোনটো কাটি দিলে ৷ তাই খংঙত চিটিকি পৰিছে ৷ কি যে লৰাটো পালো কেৱল কাজিয়া কেৱল খং ৷ মোৰ একো কথাই নুশুনে ৷ ময়ো নুশুনো ৷ নকৰো আজিৰ পৰা ফোন মেছেজ ৷ সব খতম ৷ হুহহ

কথাবোৰ ভাবি তাই বিচনাত শুই পৰিল ৷ 

তৰালী hs 2য় বাৰষিকৰ ছাৎৰী ৷ কলেজৰ 1 ম দিনতেই লগ পাইছিল অনুৰাগক ৷ এদিন সিহত ভাল বন্ধু হৈছিল আৰু লাহে লাহে তাই তাৰ হৃদয়ৰ একমাৎৰ ছোৱালীজনী হৈ পৰিছিল ৷ এই সময়লৈ সিহতৰ সম্বন্ধ এবছৰ পাৰ হৈ গৈছিল ৷ আজি মনটো ভাল নহয় ৷ প্ৰায়ে সৰু সৰু কথাত কাজিয়া লাগে ৷ বেলেগৰ bf দেখি তাইৰ খংঙো নুঠা নহয় ৷ কথাবোৰ ভাবি ভাবি তাই শুই আছে ৷ 20 মিনিট কেনৈকে যে পাৰ হৈ গল গমেই নাপালে ৷ মাজে মোৱাইল স্ক্ৰীন খনো ছাই আছে ৷ কিজানি সি sorry কয় য়েই ৷ ৰুমতো নিশব্দতাত ডুবি আছে ঘডীটোৰ টিক্ টিক্ শব্দটোৰ সৈতে মনৰ উৎকন্ঠাও বাঢিবলৈ ধৰিলে ৷ সচাকৈয়ে বেয়া পালে নে অনু ই ৷ এহ না নাপায় বেয়া ৷ দিবই অলপ পিছত হলেও মেছেজ ৷ চাওতে চাওতে তাইৰ টোপনি আহি গল …

গধুলিৰ সময় …সাৰ পাইয়েই আকৌ মোৱাইলটো চালে ৷ নাই একো নাই ৷ তাইৰ সচাকৈয়ে বেয়া লাগিব ধৰিলে ৷ সচাকৈয়ে অনুই দুখ পালে নে ৷ তাই ৰব নোৱাৰি দিলেই মেছেজ

--মই এতিয়াও তোমাক বেয়া পাই আছো ৷ (প্লিজ ভগবান ৰিপ্লাই দিয়ে যেন প্লিজজজজ)
--হুমম!
--কি হুমম সচাকৈয়ে পাইছো ৷
--ময়ো
--কিয় ?
--এনেয়ে
--মই ভাল নাপাও বুলি কোৱাই ন ৷ প্লিজ trust me অনু তোমাক বহুত ভাল পাও ও ৷
--হুমম ৷

--কি হুমমম ও কোৱা না কিবা

ৰিপ্লাইলৈ বাট নাছাই তাই ফোন কৰিলে ৷

--কি হল ফোন কৰিলা যে
--তোমাক এৰি থাকিব নোৱাৰো ও ৷ উচুপি উঠিল তাই
--পাগলী কান্দিছ কিয় ৷
-- (মৌন)
--ঐ কি হল ও ৷ প্লিজ প্লিজ মোৰ শপত নাকান্দিবা ও ৷
--(মৌন)
--মই কি কৰিছো কোৱা না৷ হুহ (হুমুনিয়াহ কাঢি সি কলে৷ তাৰ মাতটো কন্দাৰ আগ মুহুৰৰদৰে হৈ পৰিল )

--একো কৰা নাই তুমি ৷ মইহে… আজিৰপৰা কেতিয়াও তোমাক দুখ নিদিও শপত শপত শপত ৷ যি কোৱা সকলো শুনিম ৷ প্লিজ তুমি তেনেকৈ থাকিলে মোৰ বেয়া লাগে অ' ৷
--মোৰ বেয়া নালাগে নেকি তুমি কান্দিলে? মইও তোমাক ভাল পাও পোৱালি ৷ i lov u তৰা ৷ মই আজিৰ দিনটো একোতেই মন বহা নাই জানানে তুমি সুখী হলেই মই বুহত সুখী হৈ পৰো মনত দুখ থাকিলেও ৷তুমি তেনেকৈ থাকিলে কেনেকৈ সুখী হও কোৱানা ৷
--জানো মই তুমি যে মোক বহুত ভালপোৱা ৷ বহুত বহুত মৰম কৰা ৷ খং উঠিলে যে কৈ দিও কিবা কিবি ৷
--ময়ো ভালপাও তোমাক ৷ i lovvv u so much ...
এতিয়া মই কৰবাত যাও পিছত কথা পাতিম
--উমম সোনকালে আহিবা নহলে মই বেয়া পাম ৷
--বেয়া পাবা
--he he নাপাও কাৰন তুমি সোনকালেই আহিবা কাৰন তোমাৰ তৰাজনীয়ে তোমালৈ ৰৈ থাকিব ৷
--আহিম দিয়া সোনকালে ৷ byy.
--by

এফালে বেলিটোৱে জোনাক নমাৰ ইংগিত দিলে ৷ আনফালে তাইৰ ওঠত হাহি বিৰিঙি উঠিল ৷ কাষৰ ৰুমটোত চলি থকা টিভিটোত বাজি উঠিল

"Hum tere bin ab reh nahi sakte
Tere bina kya wajood mera "

(শ্বেয়াৰ কৰিব পাৰে)

-স্বপ্ননীল আকাশ

(বিঃদ্ৰঃ -- অধিকাংশ সম্বন্ধ ভাগি যায় কিয়নো উভয় পক্ষই মনতে ভাবি থাকে মই ভুল কৰা নাই মইনো কিয় সৰু হ'ম )

Assamese Love Story No 3 | Best Assamese Love Story

ইশান্ত আৰু জুৰি পাৰকত বহি আছে ৷ 

-- ইশান, তুমি মোক ভাল নোপোৱা ন ' 

--একেটা প্ৰশ্নই কিমানবাৰ সুধি থাকা :-\ 

--মোৰ তেনে ভাব হয় ৷ 
--ভাল কথা 
--বেয়া পাইছা ইশান 
--হুমম ৷ 
--ভাল লাগে যে তুমি ভাল পাও বুলি কলে ৷ সেয়েহে সোধো মই ৷ 

জুৰিয়ে তাইৰ হাতখন ইশান্তৰ হাতৰ ওপৰত থলে ৷ 
জুৰিৰ মৰমৰ মাতত ইশান্তৰ উঠি অহা খং খিনি কৰবাত লুকাই গল ৷ ইশান্তই পকেটত হাত ভৰালে ৷ আৰু এটকীয়া মুদ্ৰা এটা উলিয়াই কলে 

এতিয়াই পৰীক্ষা কৰা যাওক কোনে কাক ভাল পায় ৷ 

জুৰিয়ে ভয় খাই কলে যদিহে ওলোটা হয় তেতিয়া 
--তেনে কেতিয়াও নহয় 
মুদ্ৰাটো বেন্সখনত ঘুৰাই ইশান্তই জু ৰ মুখলৈ চালে আৰু মিচিকি হাহি মাৰিলে 

--জু যদি head পৰে মই তোমাৰ আৰু tail পৰিলে তুমি মোৰ ৷ 

জুৰিৰ ম্লান পৰা মুখত আকৌ হাহি বিৰিঙি উঠিল ৷ মুদ্ৰাটো বেন্সত চক চক চক ঘুৰি থাকিল

-স্বপ্ননীল আকাশ

(শ্বেয়াৰ কৰিব পাৰে)
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment