Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

ইটালীৰ চিকিৎসক এজনৰ কথা

ইটালীৰ চিকিৎসক এজনৰ কথা 

আমাৰ দেশ বৰ্তমান এক ভয়াবহ সংকটৰ মাজেৰে অতিক্ৰম কৰিছে ৷৷ বৃদ্ধ ৰোগী সকলে চকুলো টুকি টুকি এই পৃথিবীৰ পৰা বিদায় লৈছে ৷৷ নিকট সম্পৰ্কীয়, আত্মীয় স্বজনক শেষবাৰৰ বাবে দেখা কৰি বিদায় লোৱাৰো সৌভাগ্য নঘটিল তেওঁলোকৰ ৷৷ তাৰ পৰিবৰ্তে তেওঁলোকে বিদায় সংবাদ এৰি গৈছে কেমেৰাৰ ভিডিঅ ফুটেজত ৷৷
তেওঁলোকে সজ্ঞানে, সমস্ত কষ্ট যন্ত্ৰণা সহ্য কৰি কৰি মৃত্যুক গ্ৰহন কৰিছে ৷৷ বেছি ভাগৰ ক্ষেত্ৰতে স্বামী স্ত্ৰী একেদিনাই মৃত্যু মুখত পৰিছে ৷৷ বৃদ্ধ ককা আইতা সকলে নাতি নাতিনীৰ মুখ শেষ বাৰৰ বাবে চোৱাৰ হেঁপাহকণৰ পৰাও বঞ্চিত ৰল ৷৷
বিভিন্ন ধৰণৰ বসন্ত ৰোগ বা ফ্লু বোৰতকৈ এই ৰোগ ভয়াবহ ৷৷ বিশ্বাস কৰক, ফ্লু' তকৈ অনেক পৃথক ধৰনৰ ৰোগ এইবিধ গতিকে ইয়াক ফ্লু'ৰ লগত মিলাই বা সেইধৰণেৰে চোৱা আৰু গ্ৰহন কৰাৰ পৰা বিৰত থাকক ৷৷
জ্বৰ অসম্ভৱ বেছি ৷৷ শ্বাস প্ৰশ্বাসত ৰোগীয়ে এনেকৈ হাঁহাকাৰ কৰে যেন গভীৰ পানীত ডুব গৈছে জীবন্ত মানুহ ৷৷ ৰোগী সকল চিকিৎসালয়লৈ আহিব নিবিচাৰে ৷৷ মাত্ৰ সমান্য অক্সিজেন পাবলৈকে হে তেওঁলোক চিকিৎসালয়ত ভৰ্তি হৈছে ৷৷
এই ৰোগৰ বিৰুদ্ধে খুউব কম ঔষধে হে কাৰ্য্য ক্ষমতা দেখুৱায় ৷৷ আমি মানব সেৱাৰ পৰিসীমাত যিমান পাৰিছো সকলো কৰি গৈছো ৷৷ কিন্তু এইৰোগৰ বিৰুদ্ধে যুঁজখনত সকলো খিনি নিৰ্ভৰ কৰে ৰোগীৰ শাৰিৰীক আৰু মানসিক অৱস্থাৰ ওপৰত ৷৷ বৃদ্ধ ৰোগী সকল এই ৰোগৰ লগত যুঁজিব পৰা নাই, আমি কান্দিছো আমাৰ নাৰ্চ সকলে কান্দিছে, শোকত দগ্ধ হৈছো ৷৷ সকলোকে সুস্থ কৰাৰ সামৰ্থ আমাৰ নাই ৷৷
চকুৰ সন্মূখত হৃদযন্ত্ৰৰ লগত সংলগ্ন মেচিনৰ পৰ্দাত জীৱন শেষ হৈ যোৱা দেখিছো ৷৷ প্ৰতিদিনে অগনন ৰোগী আহিয়েই আছে ৷৷ এই ৰোগ ইমান ক্ষীপ্ৰতাৰে বাঢ়িছে যে আমাৰ সিমান যাবতীয় বিচনা পত্ৰও নাই ৷৷ সকলোৰে এটাই সমস্যা, সাধাৰণ নিউমোনিয়া কিন্তু প্ৰচণ্ড শক্তিশালী নিউমোনিয়া ৷৷
মোক সোধক কোনোবা ফ্লু ৰোগে ইমান ভয়াবহ ট্ৰেজেদিৰ জন্ম দিয়ে নে?
অতি সংক্ৰামক এই ৰোগ ৷৷ এই ভাইৰাচ বিধ একেবাৰেই অন্য ধৰণৰ ৷৷
ব্যক্তি বিশেষৰ বাবে ই অতিশয় ভয়াবহ ৷৷ আমাৰ দেশত ৬৫ ৰ উৰ্ধ মানুহৰ বেছিভাগৰে ডায়েবেটিচ, উচ্চ ৰক্তচাপ অথবা বয়স অনুযায়ী স্বাভাবীক যথেষ্ট ৰোগ আছে ৷৷ কেবল বৃদ্ধ বুলিয়েই নহয় যুৱক যুৱতীৰ বাবেও ই ভয়াবহ ৰোগ ৷৷
আমাৰ দেশৰ এই ৰোগত আক্ৰান্ত তৰুণ তৰুণী সকলক দেখিলে কোনো যুৱক যুৱতীয়েই নিজকে নিৰাপদ অনুভৱ কৰিব নোৱাৰিব ৷৷ আমাৰ দেশৰ চিকিৎসালয়ত অন্য চিকিৎসা সদ্যহতে নাই হোৱা বুলিবই পাৰি ৷৷ শিশুৰ জন্ম, চকুৰ অপাৰেচন অথবা চালৰ ৰোগ একোৱেই গুৰুত্বপূৰ্ণ নহয় এতিয়া ইয়াত ৷৷ সমগ্ৰ দেশৰে অপাৰেচন ইউনিট বোৰ ইনটেনচিভ কেয়াৰ ইউনিটলৈ ৰূপান্তৰিত কৰা হৈছে ৷৷
সকলোৱে যুদ্ধ কৰি গৈছো কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে ৷৷ প্ৰতি ঘন্টাত বানপানী বঢ়া দি ৰোগীৰ সংখ্যা বাঢ়িছে ৷৷ এটাৰ পিছত এটাকৈ ৰিজাল্ট আহিছে ৰোগ নিশ্চিতি পৰীক্ষাৰ ৷৷ সকলো পজিটিভ ৷৷ পজিটিভ মাত্ৰ পজিটিভ !!
সকলো ৰোগীৰে একেই কমপ্লেইন: অসম্ভৱ জ্বৰ আৰু শ্বাস প্ৰশ্বাসৰ যন্ত্ৰণা ৷৷
কান্দিছো••••
গভীৰ পানীত ডুব যোৱাৰ দৰে অনুভৱ মাত্ৰ ৷৷
প্ৰায় সকলোকে ইনটেনচিভ কেয়াৰ ৰুমত চিকিৎসা প্ৰদান কৰা হৈছে ৷৷ বহুতে অক্সিজেন মাক্সৰ সহায়তো উশাহ লব পৰা নাই ৷৷ ইটালীত এতিয়া অক্সিজেন মেচিনৰ দাম সোণতকৈয়ো চৰা ৷৷ বিশ্বাস কৰিব পৰা নাই ইমান হঠাতে কেনেকৈ ঘটি গল এইবোৰ !! আমি সকলো ক্লান্ত পৰিশ্চান্ত ৷৷
কিন্তু কোনো ৰৈ যোৱা নাই ৷৷ সকলোৱে মাজৰাতি পৰ্য্যন্ত কাম কৰি গৈছো ৷৷ ডাক্তৰ নাৰ্চ বুলি একো নাই সকলোৱে কেবল কৰি গৈছে ৷৷ দুসপ্তাহ ধৰি ঘৰলৈ যোৱা নাই ৷৷ মোৰ পৰিয়ালৰ বয়স্ক সকলক লৈ মই শংকিত হৈ ৰৈছো মাত্ৰ ৷৷
মোৰ সন্তানৰ লগত ভিডিঅ কনফাৰেন্সিঙেৰে কথা পাতিছো, মাজে মাজে পত্নী আৰু সন্তানৰ ফটো চাই কান্দিছো ৷৷ আমাৰ কাৰো দোষ নাছিল, আমাৰ ভুল নাছিল একো ৷৷
যিসকলে কৈছিল এই ৰোগবিধ সিমান ভয়ংকৰ নহয়, আমাৰ আজিৰ দূৰবস্থাৰ বাবে দোষী সেই সকল ৷৷ সমস্ত দোষ তেওঁলোকৰ ৷৷ তেওঁলোকে কৈছিল এইটো এটা সাধাৰণ ফ্লু ৰোগ যাৰ বাবেই মানুহ সচেতন নহল আৰু একো ব্যৱস্থা নললে ৷৷ এতিয়া কিন্তু দেৰি হৈ গল বহুত••••
বিনয়েৰে কৈছো ঘৰৰ পৰা নোলাব ৷৷ আমাৰ কথা শুনক ৷৷ অতিশয় জৰুৰী নহলে ঘৰৰ পৰা বাহিৰ নহব ৷৷ সাধাৰণ মুখা (মাস্ক) বোৰ ব্যৱহাৰ কৰক ৷৷ প্ৰফেচনেল মুখাবোৰ চিকিৎসা কৰ্মীৰ বাবে ৰাখক, মুখাৰ অভাৱত চিকিৎসকো সংকটত পৰিছে ৷৷ বহু চিকিৎসক কৰ'ণাত আক্ৰান্ত হৈ পৰিছে ৷৷
চিকিৎসক সকলৰ পৰিয়ালৰো বহুতে জীৱন আৰু মৃত্যুৰ সন্ধিক্ষণত ৷৷ সেয়ে নিজকে বচাওক ৷৷ বয়স্ক সদস্য সকলক ঘৰৰ বাহিৰলৈ ওলাবই নিদিব ৷৷
আমাৰ পেচাগত দায়িত্বৰ বাবে আমি ঘৰত থকা নাই ৷৷ শেষ মূহুৰ্ত পৰ্য্যন্ত ৰোগী সকলক বচোৱাৰ অাপ্ৰাণ চেষ্টা কৰি গৈছো আমি ৷৷
দূৰ্ভাগ্যজনক ভাবে আমি নিজৰ শৰীৰত ৰোগ আৰু ভগ্ন হৃদয় লৈ ঘৰ উভতিছো ৷৷ যি সকলক বচাব নোৱাৰিলো অন্তত: মৃত্যুৰ যন্ত্ৰণা কম কৰিবলৈ চেষ্টা কৰিছো ৷৷ কাইলৈ সকলো ঠিক হৈ গলে সকলোৱে পাহৰি যাব আমাৰ কথা ৷৷ তথাপিও চিকিৎসক হিচাপে যিখিনি পাৰিছো কৰি গৈছো অবিৰত ৷৷
এই ৰোগ আপোনাৰ দেহলৈ নাহিলেও সাবধানে থাকক ৷৷ জনসমাগমৰ পৰা আতৰত থাকক ৷৷ চিনেমা, মিউজিয়াম, খেল পথাৰ সকলো ত্যাগ কৰক ৷৷
অনুগ্ৰহ কৰি বৃদ্ধ সকলৰ দুখ যন্ত্ৰণা অনুভৱ কৰিূলৈ চেষ্টা কৰক ৷৷ তেওঁলোকৰ জীৱন আপোনালোকৰ হাতত ৷৷ আপুনি ইচ্ছা কৰিলেই বহুত মানুহক ৰক্ষা কৰিবলৈ সক্ষম ৷৷ আপুনিয়েই তেওঁলোকক ৰক্ষা কৰিব পাৰিব ৷৷
শ্বেয়াৰ কৰক যাতে সমস্ত ইটালী বাসীয়ে এই চিঠিখন পঢ়ে সকলো শেষ হোৱাৰ আগতেই যেন পঢ়ে এবাৰ••••

লেখক: ডা: ডেনিয়েল মেককিনি, গাভাটেচনি হাস্পিতাল, ইটালি
অসমীয়া অনুবাদ - বাপুকণ চৌধুৰী।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment