জীৱন যুদ্ধত ভাগৰিছে নেকি, তেন্তে এই গল্পটো পঢ়ক
এটা সৰু ল'ৰাই কাষতে বহি তাৰ আইতাকে চিঠি লিখা চাই আছিল। অকস্মাতে সি আইতাকক সুধিলে-'আমি কি কি কাম কৰিলোঁ তুমি সেই বিষয়েই লিখি আছা নেকি?
নে তুমি মোৰ বিষয়ে লিখি আছা?'
.
আইতাকে লিখিবলৈ বন্ধ কৰি নাতিয়েকক উদ্দেশ্যি ক'লে- 'ওঁ মই তোমাৰ কথাকে লিখি আছোঁ। কিন্তু মই লিখি থকা কথাখিনিতকৈ গুৰত্বপূর্ণ কথাটো হ'ল মই লিখিবলৈ ব্যৱহাৰ কৰি থকা এই পেঞ্চিলডালহে। মই আশাকৰোঁ তুমি ডাঙৰ হৈ এই পেঞ্চিলডালক ভাল পাবলৈ শিকিবা, পেঞ্চিলডালৰ দৰেই হ'বা।
সৰু ল'ৰাজনে আচৰিত হৈ, পেঞ্চিলডালক কিছুদেৰি নিৰীক্ষণ কৰি একো বিশেষত্ব দেখা নাপায় আইতাকক ক'লে-
'পেঞ্চিলডালচোন মই দেখা আন সাধাৰণ পেঞ্চিলবোৰৰ দৰেই!'
.
আইতাকে তেতিয়া ক'লে-
তুমি এতিয়াও বুজি উঠা নাই, এই পেঞ্চিলডালৰ পাঁচটা গুণ আছে।
এদিন এই গুণবোৰক আয়ত্ত্ব কৰি ল'ব পাৰিলেই তুমি পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি হৈ পৰিবা আৰু জীৱনৰ প্রত্যেক ক্ষণেই তোমাৰ বাবে শান্তিময় হৈ পৰিব।'
আইতাকে উচ্ছাসেৰে কৈ গ'ল-
পেঞ্চিলডালৰ প্রথম গুণঃ
যিকোনো মহৎ কাম কৰাৰ সামর্থ্য তোমাৰ আছে। কিন্তু জীৱনৰ প্রতিটো খোজতেই তুমি মনত ৰাখিব লাগিব যে তোমাৰ প্রত্যেকটো কাম-কাজ এখন অদৃশ্য হাতে নিয়ন্ত্রণ কৰি থাকে। যিদৰে আমি এই পেঞ্চিলডালক নিয়ন্ত্রণ কৰোঁ।
.
দ্বিতীয় গুণঃ
মাজে মাজে মই লিখিবলৈ বন্ধ কৰি পেঞ্চিলডালৰ আগটো জোঙা কৰিব লাগে। জোঙা কৰাৰ ফলত পেঞ্চিলডালে কিছু কষ্ট পায় সঁচা কিন্তু পৰবর্ত্তী সময়ত পেঞ্চিলডাল আৰু বেছি তীক্ষ্ন হৈ পৰে। সেয়ে তুমিও পেঞ্চিলডালৰ দৰে দুখ-কষ্ট সহ্য কৰিবলৈ শিকিব লাগিব আৰু সিয়েই তোমাক এজন নিপুন আৰু ভাল মানুহৰূপে গঢ় দিব।
.
তৃতীয় গুণঃ
লিখি থাকোঁতে আমি কৰা কিছুমান ভুল ৰবৰেৰে মোহাৰি শুদ্ধ কৰি ল'বলৈ পেঞ্চিলডালে আমাক সুবিধা দিয়ে। ইয়াৰ অর্থ এইটোৱেই যে আমি জীৱনত কৰা ভুলৰ শুধৰণি কৰাটো একো বেয়া কথা নহয়। ই আমাক ভাল আৰু সৎ পথত চলাত সহায় কৰে।
.
চতুর্থ গুণঃ
পেঞ্চিলডালৰ বাহিৰৰ কাঠৰ খোলাটোত বিশেষ গুৰুত্ব দিয়াৰ প্রয়োজন নাই, তাৰ ভিতৰত থকা ক'লা গ্রেফাইটখিনিহে আচল। গতিকে নিজৰ আত্মাত কি ঘটি আছে তাতহে সদায় চকু দিব লাগে। এখন নিকা হৃদয় গঢ়াতহে মনোনিৱেশ কৰিব লাগে।
.
শেষত, পেঞ্চিলডালৰ পঞ্চম গুণটোঃ
এখন উকা কাগজত পেঞ্চিলডালে সদায় নিজৰ চিহ্ন ৰাখি থৈ যায়। একেদৰে তুমিও জনাটো উচিত যে জীৱনত তুমি কৰা প্রত্যেকটো কামেই সময়ৰ বুকুত একোটা চিহ্ন খোদিত কৰি থৈ যায়। গতিকে তুমি কৰা প্রতিটো কামতেই বিশেষভাৱে সচেতন হ'বলৈ যত্নপৰ হ'ব লাগে।
.
[গল্পটোৰ মূল লেখক পাউলো কোৱেলহো। উক্ত গল্পটো তেওঁৰ চুটি ৰচনাৰ সংকলন 'Like the flowing river' ৰ 'A story of a pencil' নামৰ চুটিগল্পটোৰ অনুবাদ]
-ৰাজকমল