UFO দেখা অসমীয়া মহিলাগৰাকী UFO Sightings In Assam
Sunday, January 03, 2021
4
UFO দেখা অসমীয়া মহিলাগৰাকী UFO Sightings In Assam -The Story Of An Assamese Lady
সৌৰজগতৰ অনেক ৰসহ্য আজিও মানুহে উদঘাটন কৰিবলৈ আছে ৷ অতীজৰেপৰা মানুহে সৌৰজগতৰ বিষয়ে কিছুমান আলৌকিক কথা কৈ হাঁহিয়াতৰ পাত্ৰ হৈছিল কিন্তু সময়ৰ লগে লগে তেনে বহু কথা বিজ্ঞানেে প্ৰমাণ কৰিছে ৷ কেৱল সেয়ে নহয় আমি সাধাৰণ লোকে কোৱা কিছুমান এনে কথাত মানুহে হাঁহে অথচ তাকে যদি কোনো বিজ্ঞানী বা ডাক্তৰে কয় সেই কথা মানি লয় আৰু প্ৰচাৰো কৰে ৷ যোৱা কেইমাহমানৰ আগত নিউজত এটা বাতৰি প্ৰচাৰ হৈছিল যে উজনি অসমৰ কোনো ঠাইত এলিয়েন মানে বহিজগতৰ যান মানে UFO দেখা গৈছে ( ufo sighting over assam ) ৷
৷ যোৰহাটৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে এই কথা মিডিয়াক জানিব দিয়ে ৷
ঘটনাটো ঘটিছিল আমাৰ ঘৰৰ পাছফালে ৷ সেইদিনা ৰাতি প্ৰায় ১১ মান বজাত
মই সকলোৰে ভাত খোৱা হলত বাহিৰত থকা ডাষ্টবিনটোত জাবৰ পেলাব গৈছো ৷
ৰাষ্টাতে এডাল তাঁৰ থকাত অলপ হাউলি যাব লগা হল ৷ ওপৰলৈ উঠোতে আকাশৰ ফালে
কিবা জিলিকি থকা যেন পালো ৷মনযোগেৰে চাবলৈ ধৰিলো। প্ৰায়ে টিভিত মাজে মাজে
সম্প্ৰচাৰ কৰা ufo বিষক ডকুমেন্টেৰী বোৰত দেখুওৱা ধৰণ এটা বস্ত। মানে মোৰ মতে
এলিয়েন ষ্পেচচিপ ৷
মই লগে লগে চিঞৰি চিঞৰি মোৰ মানুহজনক মাতিলো ৷ তেখেতে মোক বিশ্বাস নকৰি
কলে এইবোৰ এনেই পোহৰ তুমি তিলকে তালটো দেখা ৷ একেঠাইতে ৰৈ লাইটোবোৰে জ্বলোৱা
নমোৱা হোৱাত মই যেতিয়া সকলোকে মাতিলো প্ৰায় ৫ মিনিট সময় সকলোৱে দেখিলে ৷
চিঞৰ বাখৰ
বেছি হোৱাত স্পেচচিপখনৰ লাইটবোৰ অফ হৈ গল ৷ সকলোৱে মোক বিশ্বাস কৰি শলাগিছে।
হঠাৎ তীব্ৰ বেগেৰে আকাশৰ ফালে একোৰা জুই গুচি যোৱা সকলোৱে দেখিলে
৷ মই লগে লগে মোৰ কেইজনমান মিডিয়াৰ লগত জড়িত দাদালৈ ফোন লগালো ৷ ৰাতি বহুত
হৈছিল কোনো ফোন ৰিচিভ নকৰিলে ৷আকৌ কাক জনাও কাক নজনাও ভাবি মোৰ ফেচবুক ফ্ৰেণ্ড
ড° প্ৰনবজ্যোতিলৈ মেচেজ কৰিলো ৷
তেখেত যোৰহাত বিজ্ঞানাগাাৰৰ বিজ্ঞানী ৷ মোৰ এক্সাইটমেন্টত ইয়াৰ ফটো লোৱা
নহল ৷ মানুহজনে বহু ৰাতিলৈকে মোবাইল লৈ বহি থাকিল ৷ ২য়বাৰলৈ একো দেখা নাপালো।
একো নেদেখি শেষত শুই পৰিলো। পিছদিনা ৰাতিপুৱা মেচেজত চাৰৰ নঃ টো দিলে ৷ লগালগ
মই ফোন কৰি সবিশেষ কলো ৷ চাৰে জানিব দিলে যে ৰাতি ১১:৪৫ মানত
তেওঁলোকৰ ঘৰৰ ওপৰেৰে কিবা বিকৎ শব্দ কৰি কিবা এটা পাৰ হোৱা গম পাই
বাহিৰলৈ আহিও একো দেখা নাপালে ৷ মই কলো যে আমি দেখোঁতে কোনো শব্দ শুনা
নাছিলো যিদও দুৰৈত যেন বিমান গৈ আছে তেনে শব্দ শুনিছিলো৷ ৰাতি দিয়া আপডেট আৰু
পুৱা সবিশেষ এফ বিত দিয়াত হাজাৰজনৰ হাজাৰটা কথা ৷ অৱশ্যে মোৰ দৰে আন বহুতে
বিভিন্ন ঠাইত সেইদিনা আৰু দেখা পোৱা খবৰ পাওঁ৷ দুদিনমান পিছত নিউজত চাৰৰ আৰু আন
দুজন ব্যক্তিৰ সাক্ষাৎকাৰ লয় লগতে চাৰে মোৰ নাম উল্লেখ কৰি সকলো কয় ৷
মিডিয়াত চৰ্চাত আহিম বুলি বহুতে মন্তব্য কৰি মোক উপলুঙাও কৰিলে ৷
কিন্তু যিয়েই যি নকওঁঁক মই নিজকে ভাগ্যৱান বুলি ভাবো আৰু এলিয়েনক লৈ যি কথা
কোৱা হয় তাক মই বিশ্বাস কৰোঁ ৷ মোক মানুহে হাঁহে কিন্তু ষ্টিফেন হকিন্সৰ
থিঅ’ৰি মানুহে নুই কৰিব নিবিছাৰে৷ কোনো কোনোৱে কব খোজে সেইখন
এৰোপ্লেন বুলি ৷ কোনোবাই গছৰ গাতে লাগি যদি ৰৈ থকা এৰোপ্লেন দেখিছে তেন্তে
মোৰেই ভূল হল ৷ আনকি যোৱা সপ্তাহ সেই গছজোপা ক্ৰমে মৰিবলৈ ধৰাত কাটি পেলোৱা হল
৷ যদি মোৰ দৰে যোৱা এপ্ৰিল মাহত এই ঘটনা প্ৰত্যক্ষ কৰা কোনোবা আছে জনাব ৷
আন্জুম আৰা খাতুন
তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক
তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক