যি সময়ত তুমি জোনাক বিচাৰি আহিছিলা Assamese Story Collection
assamese story books
assamese story telling
assamese story and poem
assamese folk stories
assamese moral stories
short story in assamese language
assamese short stories pdf
assamese fairy tales
যি সময়ত তুমি জোনাক বিচাৰি আহিছিলা Assamese Story Collection
HS
ফাৰ্ষ্ট ইয়েৰত থাকোতে এজনী ছোৱালীয়ে মোক প্ৰপোজ কৰিছল।মই হতভম্ব হৈ একো কব পৰা নাছিলো । তাৰ দুমাহমান পিছত ছোৱালীজনীয়ে এদিন ৰাতি মোক ফোন কৰি কলে, “ তুমি মোক বিয়া কৰিব পাৰিবানে ?” শুনিয়েই মই খুব হাঁহিছিলো । সিদিনা কিয় হাঁহিছিলো সেয়া নাজানো। কিন্তু সিটো মুৰত ছোৱালীজনীয়ে খুব কান্দিছিল ।.আজি ৰাতিপুৱা গাওঁৰ ষ্টেচনত দত্ত কাইৰ দোকানখনত চাহ খাবলৈ সোমাইছো। বিল দিয়াৰ সময়ত হঠাৎ চকুৰ আগত আহিল সেই ছোৱালীজনী। পাঁচ বছৰ পিছত তাইক দেখি চিনি পাবলৈ মোৰ অকনো কষ্ট নহল। তাইহে মোৰ পিনে একেৰাহে চাই জিজ্ঞাসা কৰি সুধিলে, “আপোনাক চিনি পোৱা নাই ?” মই সামান্য হাঁহি এটি মাৰি কৈ দিলো , “মোকতো তুমি ‘আপুনি ’ কৰি পেলোৱাৰ কথা কৈছিলা।” ছোৱালীজনীয়ে দ্বিধা ভাঙি কলে , “চিনি পাবলৈ কষ্ট হৈছিল। তুমি বহুত সলনি হৈ গৈছা আকাশ ।”
- কিয়?
- এই যে মুখত কি সুন্দৰ সৰু সৰু দাড়ি, গোফ, আগতকৈ স্বাস্থ্যবান ভাল অবস্থা, দেখিবলৈ স্মাৰ্ট। খবৰ কেনে ....!
তাইক সুধিছিলো , তুমি কি অবস্থাৰ কথা কৈছা ! তাই অলপ অসন্তুষ্ট হল। কিয় হল বুজিব নোৱাৰিলো। তাৰপিছত মই কলো, “আছো আৰু ....!”‘আছো আৰু ’ শব্দটোৰ শেষত এটা দীর্ঘশ্বাস। এই দীর্ঘশ্বাসৰ অর্থ হল জীৱনটো টানিটুনি চলিছো।.কিছুক্ষন পিছত কোলাত এটা মৰমলগা বাচ্ছাক লৈ এজন সুঠাম পুৰুষ উপস্থিত হল। তেঁও ছোৱালীজনীৰ নাম ধৰি মাতিলে ।
....“অনু টিকট কটা হৈ গৈছে। ৪ মিনিট পিছত ট্ৰেইন আহিব ।”
ছোৱালীজনীৰ নাম অনুৰাধা ।মানুহজনে তাইক অনু বুলি মাতিছে । যথেষ্ট ভালপোৱাৰ পৰাই এই নামবোৰ সৃষ্টি হয়। লোকজনক দেখি অনুই কলে, - এওঁ আকাশ। যাৰ কথা তোমাক আগতে বহুবাৰ কৈছিলো । তাৰপিছত অনুই তাইৰ স্বামীৰ পিনে চাই কলে, “ ‘সমৰ ’ মোৰ হাচবেন্ড ।” সমৰৰ কোলাৰ পৰা লৰাটোক নিজৰ কোলালৈ আনি অনুই কলে ,“আমাৰ ধুনু ।”মই লৰাজনক গালখনত মৰম দি কলো, “নাম ধুনু ?”অনুই কলে , “না!আমি ধুনু বুলি মাতো । “নাম অভ্ৰনীল।”.হঠাৎ উকি মাৰি ট্ৰেইনখন আহিল। সমৰে অনুৰ কোলাৰ পৰা অভ্ৰক লৈ ট্ৰেইনত উঠিছে। অনুই খিৰিকীৰে অদ্ভুত দৃষ্টিত মোৰ পিনে চাই আছে । তাইৰ চকুত কেইটামান বিন্দু বিন্দু পানী টলমল কৰিছে । মানুহৰ চকুৰ ভাষা আছে। সেই ভাষাত বহুত কিছু কথা থাকে!আৰু জানেনে শব্দবোৰ মিছা হলেওঁ এই চকুই লেখা কথাবোৰ মিচা নহয়। অনুৰ চকুৰ ভাষা হয়তো মই মিচ কৰিছো। হয়তো এই মুহূৰ্ততো।
পুউুুউউউউউহহহোহহহহহহহ..... ঝক-----ঝক---ঝক ঝক.. ধিচ..... ঝক ঝক ঝক ঝক ঝক ঝক .... ট্ৰেইনখন আতৰি যাবলৈ ধৰিছে। আৰু অনুও। মই ট্ৰেইনখন গুচি যোৱালৈ চোৱা নাই। মুখখন বিপৰীত কৰি গুচি আহিলো। হয়তো মোৰ চকুয়ে আজি ভাষা লিখিছে। হয়তো আজিও মই গুৰুত্ব নিদিও।.. অভ্ৰনীল মানেইতো আকাশ আৰু আকাশ মোৰ নাম... এতিয়াও পছিম আকাশত জোনটো সম্পূৰ্ণ ৰূপে অস্পষ্ট হোৱা নাই। অথচ অতি সোনকালে হব। নিশাৰ সময়খিনিয়েই তো জোনৰ সময়। সেইসময়ত সি উজলিব নোৱাৰিলে যেতিয়া এতিয়া তাৰো সময় শেষ....
নিজৰে কবলৈ মন গল.
"অনু মোক মাফ কৰি দিয়া। যি সময়ত তুমি জোনাক বিচাৰি আহিছিলা মোৰ জোনত চন্দ্ৰগ্ৰহণ হৈছিল"
-ভাবানুবাদ
-স্বপ্ননীল আকাশ
2 comments