Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

চিকিৎসকৰ ডায়েৰী Dairy Of An Assamese Doctor | Assamese Article

assamese article, assamese story, assamese post
Dairy Of An Assamese Doctor | Assamese Article

চিকিৎসকৰ ডায়েৰী Dairy Of An Assamese Doctor | Assamese Article

আমি সকলোৱে ভগৱান বিশ্বাস কৰো, আৰু কৰিবই লাগিব কাৰন ই আমাক আধ‍্যাত্মিকতা প্ৰদান কৰি মন সংযত কৰি ৰখাত সহায় কৰে। "বিশ্বাসে মিলায়ঃ হৰি" শৈশৱৰ পৰাই শুনি অহা উক্ত বিখ্যাত প্ৰবাদ ফাকি ইয়াৰ অৰ্থ এইটোৱে যে যিহেতু বাস্তৱত হৰিৰ চাক্ষুষ সাক্ষ‍্যৰ অস্তিত্ব অকল বিশ্বাসতেই পোৱা যায় গতিকে আমি মানৱে হৰিৰ স্তিতিৰ উমান বিশ্বাসেৰেই পাই আহিছোঁ। বুদ্ধিৰ আলোকৰ দ্ধাৰা সত‍্যৰ অনুসন্ধানত এটা কথা ওলাই পৰিল যে কিছুমান বিষয় অনুমানৰ ওপৰত ভিত্তি কৰিয়েই চলি আহিছে।'অনুমিতি কাৰনম অনুমানম মানে ভবিষ্যতে এনেকুৱা বা তেনেকুৱা হব পাৰে কিন্তু একো নহবওটো পাৰে এইবোৰ কিছুমান উপমাহে । 'উপমিতি কাৰনম উপমানম' অৰ্থাৎ গোৱয় নামৰ জন্তক দেখি গৰুৰ জ্ঞান বা শিঙিক দেখি মাগুৰৰ জ্ঞান,জকা দেখি ভূতৰ জ্ঞান ইত্যাদি। আমাৰ আদ্দাৰ সেই যে ফুচুৰিটো আপুনি মই জাঁনো পহৰিব পাৰো!কণমানি জনিয়ে কুঁহিপাঠ পঢ়ি থাকোতেই 'সত‍্য আৰু বিশ্বাস একেই যেন লাগি দৌৰি আহিয়েই দেউতাকক শুধিবলৈ ধৰিলে দেউতা কোৱাচোন এই সত্য আৰু বিশ্বাসৰ মাজত কি পাৰ্থক‍্য?দেউতাকৰো জীৱন যুজঁত মুৰতো গৰম হৈ আছিল আৰু উত্তৰত নকবলগীয়া কথাটো কণমানিটোকে কৈ পেলালে যে মাজনি তুমি যে মাৰ ছোৱালী হয় ই সত্য আৰু মোৰ যে হয় এইটো এক বিশ্বাস । হয়তো যদি আমাৰ সমাজত বহুগামী যৌনতাৰ অপব‍্যৱহাৰ হয় তেন্তে উক্ত ফুচুৰিটোৰও বাস্তৱ ভিত্তি নুই কৰিব নোৱাৰি।কাৰন দুইৰ লগত এক যোগ কৰিলে ভূল নহলে তিনি হোৱাটো খাটাং!তেতিয়া বাৰু কি হব আমাৰ সমাজৰ কেইজনে মানসিক ভাৰসাম্যতা ৰক্ষা কৰি চলিব পাৰিব ?সকলো হিংসাই একফাল কিন্তু মৰমৰ হিংসাৰ চোক নিশ্চয় বহুত বেছি সেয়ে নিশ্চিত গৃহকন্দলে সামাজত বিশৃংখল সৃষ্টি কৰি অৰাজকতাৰ সৃষ্টি কৰিব ! কিন্তু ব‍্যক্তিগত স্বাধীনতা নিয়মেৰে বান্ধি কাকো জীৱনত কষ্ট দি ৰিপু সমুহ দমন কৰি ৰখাটোও আমাৰ সমাজৰ উচিত নহয়। আপুনি মই পঢ়ি লিখি ভাল পাও তেওঁ চিনেমা চাই ভাল পাই কাৰোবাৰ খোৱা ৰ জুটিত মনোনিবেশ বা আন কাৰোবাৰ হয়তো অত্যন্ত জৰুৰী তেওঁৰ দৈহিক ইচ্ছাৰ প্ৰয়োজনীয়তা খিনি লোৱাৰ অদম্য হেপাঁহ!কিন্তু ইয়াৰ বাবে লাগিব উপযুক্ত শিক্ষা ,উদাৰতা, সহনশীলতা, এৰা ধৰা বা যৌন শিক্ষাৰ বহুল প্ৰয়োগ নহলে হয়তো সমাজত কিছুমান ৰোগে মহামাৰিৰ ৰূপ লোৱাৰ শংকা নথকা নহয়। উচ্চতম ন‍্যায়ালয়ৰ উক্ত আইনৰ বাতিলৰ সিদ্ধান্তত আমি চিন্তিত হোৱাৰ কাৰন ও অবস্যে নাই কিয়নো ইয়াৰ অৰ্থ এনেকুৱা যে 'ইফ ইউ ওৱান্ত টু ডু চামথিং দেন ডু ইত' অৰ্থাৎ আপোনাৰ ব‍্যক্তি স্বাধীনতা কোনোৱে খৰ্ব কৰিব নোৱাৰে বা ইয়াৰ বাবে কোনো আইনী বাধা পুৰুষ বা মহিলা উভয়ৰে ওপৰতে নাই,যত আগতে পুৰুষ জনক জগৰীয়া কৰি একপক্ষীয় অপৰাধী হিচাবে সাব‍্যস্ত কৰা হৈছিল! এজন পুৰুষে যদি অসামাজিক যৌনতাত লিপ্ত হয় তেন্তে এই বিষয়ত তেও এগৰাকী মহিলাৰ সহযোগিতা অবিহনে কৰিব নোৱাৰে যেহেতু তেন্তে ই কেনেকৈ অকল পুৰুষ গৰকী অপৰাধী বা মহিলাৰ অধিকাৰ ক'ত কেনেকৈ খৰ্ব হল আমি বুজি পোৱাত অসুবিধা নোহোৱা নহয়। তাহানিতে ভূপেনদাৰ গানেৰে শুনিছিলো মৰমত জানো নিয়ম থাকে,ধুমুহাৰ জানো পৰিধি থাকে! বিশ্বাস অবিহনে মৰমৰ শিকলি তেনেই ঠুনুকা !বিবাহৰ দৰে পবিত্ৰ সম্বন্ধক যদি সন্দেহৰ কীটানুৱে দংশন কৰি অপবিত্ৰ কৰে তেন্তে কোনো সামাজিক নিতি বা আইনী নিয়মৰ দ্ধাৰা এই বিশ্বাস পুনৰ ঘুৰাই আনিব পৰা নেযায় । জুইত হাত দিলে আমি সকলোৱে জানো পুৰাৰ কথা তথাপি যদি আমি জুইত হাত ভৰাই দিও তেন্তে কি নিয়ম বা আইনী নিতিয়েই আপোনাক ৰক্ষা কৰিব পাৰিব। গতিকে অনৈতিক নিতি বহিৰ্ভূত কাম কাজৰ কাৰনে কোনো আইনী বাধা কোনো লিংগ ভেদে হব নোৱাৰে। আধুনিক যুগৰ উন্নত যান্ত্ৰিক যুগত কিছুমান পৌৰাণিক নিতি নিয়ম সলনি হৈ প্ৰাচ‍্যত‍্যৰ লগত সমাৰোপিত হোৱাৰ শংকাত আমাৰ ভাৰতীয় সমাজ ব‍্যৱস্থাৰ লগত পাৰিপাৰ্শ্বিক ভাৱে প্ৰতিফলন হোৱাত কিছু সময়ৰ প্ৰয়োজন হবই দিয়কচোন। কিন্তু তাৰ বাবে কিছুমান ব‍্যক্তিত্বত একপক্ষীয় ভাবেই আইনী বাধাৰ বাধ্যতামূলকৰ শিথিলতাৰ আমি ধনাত্মক ভাবেই জূকিয়াই চোৱাৰ প্ৰয়োজনীয়তা নুই কৰিব পৰা নেযায়। জীৱ মাত্ৰেই বংশ বৃদ্ধি বা যৌন ক্ষুধা বিৰাজমান। কিন্তু জীৱ শ্ৰেষ্ঠ মানৱৰ লজ্জিত কাৰন হেতু এই ক্ষুধাৰ পৰিবেশিক প্ৰয়োগ নিয়ন্ত্ৰনেৰে অবধাৰিত! সকলো ভাল বেয়া কাম ,নিতি নিয়ম আইন কানুন এই মানবৰে সৃষ্টি মাথোঁ ভগৱানে আবেগ,অনুভূতি, ৰিপু সমূহক আমাক বৰদান হিচাবে দিছে।যেহেতু আমি সামাজিক প্ৰানী আমি নিয়মানুবৰ্তীতাত থাকিবই লাগিব অন‍্যহাতে গৰু ছাগলীৰ ক্ষেত্ৰত প্ৰয়োগ হোৱাৰ দৰেই উক্ত নিয়ম আইন কানুন সমূহৰ ব‍্যঙ্গাত্মক বিষয়ৰ দৰেই হব । জীৱ শ্ৰেষ্ঠ মানৱে সকলো কৰিব লাগিব যদিও লগতে কৌশলগত অভিনয়ো নহলে সমাজৰ বিচিলিত হৈ প্ৰদূষণ হোৱাৰ শংকা থাকি যাব!সেয়ে ইয়াৰ আধুনিকতাৰ প্ৰাশ্যাত‍্যৰে হাত মিলাবলৈ গৈ দৌৰাত্মত ব‍্যৱহাৰিক প্ৰয়োগত কিছুমান ব‍্যক্তিৰ মনঃস্তাত্বিক ইতিবাচক প্ৰভাব যে ছাটোৰ দৰে হলেও আমাৰ গাত লাগি থাকিব ই ধূৰূপ।

ডাঃ প্ৰণৱ শৰ্মা।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment