-->

পেৰানৰ্মেল কনফেশ্বন বক্স - assamese haunted experience

পেৰানৰ্মেল কনফেশ্বন বক্স - assamese haunted experience 

(1) 

গুৱাহাটীৰ পৰা গাডী ড্রাইভ কৰি অকলে আহি আছিলো। নগাওঁৰ বাইপাছ পোৱাৰ আগত মোৰ আগে আগে এজন মানুহ চাইকেল লৈ যাবলৈ ধৰিলে। মোৰ তেতিয়া গাড়ীৰ স্পীড ৯০ তাৰ পিছতো মানুহজনে মোতকৈ আগত হে আছিল। কি হৈছে বুজি নাপাই মই মানুহজনক খুন্দিয়াই দিলো তেওঁ গৈ অলপ আগত নোহোৱা হৈ গল। মোৰ লাইটো ভাঙি গৈছিল। অলপ আগত পুলিচ দেখা পাই মই গাড়ী ৰখাই সকলো কথা কলো। আৰু গাড়ীখন চালো। গাডীখনৰ একো হোৱা নাই আৰু লাইটো ভঙা নাই। 
মই জীৱনত পোৱা এইটো এটা ভয়ানক উপলব্ধি। 

-parag গাৰ্গ


(2) 

যোৱা দুইবছৰে বি.চাৰিআলিৰ পৰা তেজপুৰলৈ অকলে অহা যোৱা কৰিছিলো। সোমবাৰৰ পৰা শনিবাৰলৈ চাকৰি থাকে আৰু শনিবাৰে সন্ধিয়া তেজপুৰলৈ আহো। কেতিয়াবা হাজবেণ্ডে আনিবলৈ যায় কিন্তু সিদিনাৰ শনিবাৰটো জীৱনত নাপাহৰো। লৰালৰিকৈ কাম শেষ হোৱাৰ পিছত কাৰখন ষ্টাৰ্ট কৰিলো তেজপুৰ যাম বুলি।জামুগুৰিৰ পৰা সৰু চৰ্ট কাট এটা আছিল। ভাবিলো ইয়াৰে যাওঁ। গৈ আছো। আন্ধাৰ হৈ গৈছিল। অলপ পিছত অনুভৱ কৰিলো মই বাৰেপতি একেটা ৰাস্তাতে ঘুৰি আছো মেইন ৰোড পোৱাই নাই। প্ৰথম বাৰ ভয় নালাগিল। কাৰৰ গানটো অফ কৰি আকৌ ষ্টাৰ্ট কৰিলো। নাই এইবাৰ ভয় খালো বহুত বেছিকৈ ভয় খালো। অলপ সাহস কৰি এঘৰ মানুহৰ ওচৰত গাড়ীখন ৰখাই যেনেতেনে সোমাই গৈ কলিংবেল বজালো। এগৰাকী মহিলা ওলাই আহিল। মোৰ অৱস্থাটো দেখি ভন্টি কি হৈছে বুলি সুধিলে। অলপ পানী খালো। মহিলাগৰাকীয়ে নাজানো কি বুজিলে মোক কলে ৰবা তুমি যাব নালাগে তাৰ পিছত গাটো বহুত বেয়া লাগি আহিল। একো গম নাপাও। পিছদিনা ৰাতিপুৱা টাইম হস্পিটেলত সাৰ পালো। মোৰ কাষত আছিল মোৰ হাজবেণ্ড আৰু মোৰ ফেমিলি। তেওঁলোকে মোক নানানটা প্ৰশ্ন কৰিলে। মই একো কব পৰা নাছিলো। কি হৈছিল সিদিনা আচলতে মই
একো নাজানো |

ইমান সহজ নহয় কিছুমান ঘটনাৰ বৰ্ণনা দিয়াটো। সেই সময়ত মই যিটো ফিল কৰিছিলো মই নিজকে বুজাব পৰা নাছিলো। মোৰ কাৰণে এয়া বহুত বেছি আচৰিত। কিয়নো এইবোৰত মই কেতিয়াও বিশ্বাস কৰা নাছিলো। 

হস্পিটেললৰ পৰা আহি ঘৰতো মোক বহুত কথা সুধিছিল। সকলোৱে। মোৰ মানুহজনেও মোক বাৰে বাৰে সুধি আছিল। কিন্তু কেনেকৈ explain কৰিম ।যদি হাহে মানুহে। যদি কয় মোৰ ভ্ৰম হৈছিল। তথাপিও তেওঁক সকলো কৈছিলো । তেও কলে আমি গৈ সেই মানুহজনীক ধন্যবাদ দি অহা উচিত। কিন্তু মই কোনোপধ্যেই মান্তি নহলো। মোৰ সেই ৰাস্তাটোৰে যাবলৈ কোনোপধ্যেই সাহস নহল। মোৰ অৱস্থাটোৰ কথা লৰা এজনে ফোন কৰি মোৰ মাক কৈছিল। সেইটোৱেই আছিল মোৰ ফোনৰ শেষ কল। যোৱা সোমবাৰে মোৰ হাজবেণ্ড আৰু মোৰ দাদা তালৈ গল। মানুহ গৰাকীৰ ঘৰত। গধুলি 4.30 মানত তেঁওলোক উভতি আহিল। মোৰ মানুহজনৰ প্ৰথম প্ৰশ্ন আছিল তুমি কি কৈছিলা মোক। তাত কোনো তেনেকুৱা মহিলা নাছিল। তোমাক হেনো গাওঁৰ লৰা কেইটামানে গাডীখনৰ পৰা অলপ আঁতৰত বাহনি এজোপাৰ কাষত হে পৰি থকা দেখিছিল। সেইবোৰ শুনি মোৰ আৰু আচৰিত লাগিল। চকুৰ পলকত হোৱা ঘটনা কিদৰে সলনি হব পাৰে। মই নিজে বাহৰ গেটখন খুলি দৰ্জাখনলৈ গৈ কলিং বেল বজাইছিলো মহিলা গৰাকীকো দেখিছিলো। সকলো ভ্ৰম কেনেকৈ হব পাৰে। ইয়াৰ কমেন্টত বহুতে বহুত কিবা কব পাৰে কিন্তু মই যি অনুভৱ কৰিছো সেয়া মিছা যে নহয় মই জানো। এই ঘটনাটো ২ সপ্তাহ আগৰ। এতিয়াও মই টোপনি গলে সপোনত সেইবোৰ দেখো। ..যদিও ঘৰৰ সকলোৰে বাবে মই কামৰ টেনছনত ভ্ৰম বকা বুলি ভাবে। মই জানো সেয়া ভ্ৰম নহয়। জীৱনত আৰু কেতিয়াও মইসেই ৰাস্তাটোৰে নাযাওঁ।

লিখা : নাম প্ৰকাশত অনিশ্চুুক


Also Read

Post a Comment